অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়াশ্ৰী ৰাইজী

জয়াশ্ৰী নৈষধ ৰায়জী (Jayashri Raiji, ১৮৯৫–১৯৮৫) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী, সংস্কাৰবাদী আৰু ৰাজনীতিবিদ। তেওঁ বম্বে ছাবাৰবান আসনৰ পৰা ১নং লোকসভাৰ সদস্য নিৰ্বাচিত হৈছিল।

হালনাগাদ: ৬ নৱেম্বৰ ২০২৪ ১৩৬ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

জয়াশ্ৰী নৈষধ ৰায়জী (Jayashri Raiji, ১৮৯৫–১৯৮৫) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী, সংস্কাৰবাদী আৰু ৰাজনীতিবিদ। তেওঁ বম্বে ছাবাৰবান আসনৰ পৰা ১নং লোকসভাৰ সদস্য নিৰ্বাচিত হৈছিল।

প্ৰাথমিক জীৱন

১৮৯৫ চনৰ ২৬ অক্টোবৰত চুৰাটত ছাৰ মনুভাই মেহতাৰ ঘৰত জন্মগ্ৰহণ কৰা জয়াশ্ৰীয়ে উচ্চ শিক্ষাৰ বাবে বৰোদা মহাবিদ্যালয়ত পঢ়িছিল।১

কৰ্মজীৱন

সামাজিক কামৰ বাবে পৰিচিত ৰায়জীয়ে ১৯১৯ চনত বম্বে প্ৰেচিডেন্সি মহিলা পৰিষদৰ অধ্যক্ষ হয়। অসহযোগ আন্দোলনৰ সময়ত (১৯৩০) বিদেশী সামগ্ৰী বিক্ৰী কৰা দোকানৰ পিকেটিঙত অংশগ্ৰহণ কৰিছিল আৰু ভাৰত ত্যাগ আন্দোলনৰ (১৯৪২) সময়ত ব্ৰিটিছ কৰ্তৃপক্ষই ছমাহ কাৰাগাৰত বন্দী কৰিছিল। স্বদেশী সামগ্ৰী গ্ৰহণৰ বাবে উৎসাহিত কৰিবলৈ তেওঁ প্ৰদৰ্শনীৰ আয়োজন আৰু মহিলা সমবায় দোকান স্থাপন কৰাত সহায় কৰে।১

ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত বম্বে উপনগৰ সমষ্টিৰ পৰা প্ৰথম সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে আৰু প্ৰথম লোকসভাৰ সদস্য হয়।২ তেওঁ ভাৰতীয় শিশু কল্যাণ পৰিষদৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল।৩ ১৯৮০ চনত তেওঁক মহিলা আৰু শিশুৰ উন্নয়ন আৰু কল্যাণৰ বাবে জামনালাল বাজাজ বঁটাৰে সন্মানিত কৰা হয়।৪

ব্যক্তিগত জীৱন

১৯১৮ চনত এন এম ৰাইজীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁলোকৰ চাৰিটা সন্তান জন্ম হয়।১ ১৯৮৫ চনত তেওঁৰ মৃত্যু হয়।৫

তথ্যসূত্ৰ

  1. ↑ Members Bioprofile: Raiji, Shrimati Jayashri. লোকসভা
  2. ↑ Statistical Report on General Elections, 1951 to the First Lok Sabha. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 95
  3. ↑ They dared to dream... Indian Council for Child Welfare
  4. ↑ Smt. Jayashri Raiji. Jamnalal Bajaj Foundation
  5. ↑ Mankekar, Kamla. (2002). Women Pioneers in India's Renaissance, as I Remember her: Contributions from Eminent women of present-day India. National Book Trust, India. পৃ. ix. ISBN 978-81-237-3766-9

সম্পৰ্কিত শ্ৰেণী

লোকসভাৰ সাংসদসমাজকৰ্মীস্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়াশ্ৰী ৰাইজী” প্ৰবন্ধৰ সংশোধন ৪৪২৯২৯ (৬ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।