অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মালেকা খান

মালেকা খান (Maleka Khan; জন্ম: ১৯৪৩) এগৰাকী বাংলাদেশী সমাজকৰ্মী আৰু বীৰাংগনাৰ অধিকাৰ কৰ্মী। ১৯৭১ চনত বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত ধৰ্ষণৰ সন্মুখীন হোৱা মহিলাসকলক বীৰাংগনা বোলা হৈছিল।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ৩৮৮ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মালেকা খান (Maleka Khan; জন্ম: ১৯৪৩) এগৰাকী বাংলাদেশী সমাজকৰ্মী আৰু বীৰাংগনাৰ অধিকাৰ কৰ্মী। ১৯৭১ চনত বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত ধৰ্ষণৰ সন্মুখীন হোৱা মহিলাসকলক বীৰাংগনা বোলা হৈছিল।

প্ৰাৰম্ভিক জীৱন

মালেকা খানে সমাজকৰ্মী হিচাপে প্ৰশিক্ষণ লয়, আৰু পিছলৈ বাংলাদেশৰ স্বাধীনতাৰ পিছত পাকিস্তান গাৰ্ল গাইড এছ'চিয়েচনৰ ইষ্ট পাকিস্তান শাখাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। পৰৱৰ্তী সময়ত; বাংলাদেশৰ স্বাধীনতাৰ পিছত বাংলাদেশ গাৰ্ল গাইড এছ'চিয়েচনৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে।১২৩৪৫৬

সক্ৰিয়তা

বাংলাদেশৰ মুক্তিযুদ্ধ (১৯৭১)

১৯৭১ চনত পূব পাকিস্তানত বঙালী জাতীয়তাবাদৰ উত্থান আৰু তাৰ পিছত আত্মনিয়ন্ত্ৰণৰ আন্দোলনৰ ফলত এক বিপ্লৱ আৰু সশস্ত্ৰ সংঘাতৰ সৃষ্টি হয়। পশ্চিম পাকিস্তানৰ পাকিস্তানী সামৰিক বাহিনীয়ে জাতীয়তাবাদী আন্দোলনক দমন কৰিবলৈ সামৰিক আক্ৰমণ চলোৱাৰ পিছত মুক্তি বাহিনীয়ে পাকিস্তান সশস্ত্ৰ বাহিনীৰ বিৰুদ্ধে গেৰিলা যুদ্ধ আৰম্ভ কৰে।৭৮

শত্ৰুতা আৰম্ভ হোৱাৰ সময়ত খান ঢাকাত বাংলাদেশ গাৰ্লছ গাইড এছ’চিয়েশ্যনত কৰ্মৰত আছিল। স্বামীৰ সৈতে নাৰ্চিংডিত পৰিয়ালৰ সৈতে থাকিবলৈ তেওঁ পলায়ন কৰে যদিও সাপ্তাহিকভাৱে ঢাকা ভ্ৰমণ কৰি থাকিল, য'ত তেওঁ যুদ্ধৰ প্ৰচেষ্টাৰ অংশ হিচাপে ব্যৱহাৰ কৰিব পৰা দক্ষতাৰে গাৰ্ল গাইডক প্ৰশিক্ষণ দিছিল। তেওঁৰ শহুৰেকৰ ঘৰখনেও যুদ্ধৰ সময়ত স্বাধীনতা সংগ্ৰামীসকলৰ বাবে গোপন সমৰ্থন ঘাটি হিচাপে কাম কৰিছিল।৬৯

খানৰ ভাতৃ আতিকুৰ ৰহমানক কমিলা জিলাৰ মাইনামাটিৰ কমিলা চাউনীত নিয়োজিত হৈ থকা অৱস্থাত পাকিস্তান সেনাৰ সদস্যই হত্যা কৰে। ১৯৭২ চনত তেওঁৰ মৃতদেহ এটা গণকবৰত উদ্ধাৰ কৰা হয়।১০১১

বাংলাদেশ কেন্দ্ৰীয় মহিলা পুনৰ্বাসন কেন্দ্ৰ (১৯৭২–১৯৭৫)

১৯৭১ চনৰ মুক্তিযুদ্ধৰ অন্ত পৰে।১২ ইয়াৰ পিছত খান স্থায়ীভাৱে ঢাকালৈ উভতি যায়, য'ত তেওঁক যুদ্ধ উদ্ধাৰৰ প্ৰচেষ্টাত সহায় কৰিবলৈ মহিলা স্বেচ্ছাসেৱকক সংগঠিত কৰিবলৈ কোৱা হয়।২

ইয়াৰ কিছুদিন পিছতে খানে পাকিস্তান সেনাই মহিলাক ধৰ্ষণ কৰি চহৰৰ আশে-পাশে অৱস্থিত মাটিৰ তলৰ বাংকাৰত বন্দী কৰি ৰখাৰ উৰাবাতৰি শুনিবলৈ পায়। খানে জাহাংগীৰ গেটৰ ওচৰৰ নাখাল পাৰা এম পি হোষ্টেলত তেনে এটা বাংকাৰ বিচাৰি উলিয়াই মহিলাসকলক উদ্ধাৰ কৰি কাপোৰৰ ব্যৱস্থা কৰি চৰকাৰী নিৰাপদ ঘৰলৈ লৈ যায়।১২৩৪ অনুমান কৰা হৈছিল যে যুদ্ধৰ সময়ত পাকিস্তান সেনা আৰু ইয়াৰ সহযোগীসকলে ২ লাখৰ পৰা ৪ লাখ মহিলাক ধৰ্ষণ কৰিছিল।১৩ ১৯৭১ চনৰ ২২ ডিচেম্বৰত বাংলাদেশ চৰকাৰে মহিলাসকলক বীৰাংগনা (শব্দ অৰ্থত 'যুদ্ধ-নায়িকা') ঘোষণা কৰে আৰু দেশৰ ৰাষ্ট্ৰপতি শ্বেখ মুজিবুৰ ৰহমানে তেওঁলোকক নিজৰ "কন্যা" বুলি অভিহিত কৰে আৰু বাংলাদেশীসকলক তেওঁলোকক "সন্মান আৰু মৰ্যাদাৰে" ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।১৪ খানে যুদ্ধৰ সময়ত ধৰ্ষণ আৰু নিৰ্যাতনৰ পৰা ৰক্ষা পোৱা মহিলাসকলক সহায় কৰিবলৈ কেন্দ্ৰীয় মহিলা পুনৰ্বাসন সংস্থাৰ (CWRC) প্ৰতিষ্ঠাপক আৰু এগৰাকী কবি হিচাপে পৰিচিত ছুফিয়া কমলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল। ১৯৭২ চনত খান ঢাকাৰ ২০ নিউ এস্কাটন ৰোডত স্থাপিত বাংলাদেশ কেন্দ্ৰীয় মহিলা পুনৰ্বাসন কেন্দ্ৰৰ (CWRC) কাৰ্যবাহী সঞ্চালক হয়।২৪৫১৫১৬১৭১৮

চি ডব্লিউ আৰ চিয়ে বীৰাংগনাসকলক আশ্ৰয়, পৰামৰ্শ আৰু প্ৰশিক্ষণ প্ৰদান কৰিছিল, যাৰ বহুতকেই সামাজিকভাৱে প্ৰত্যাখ্যান কৰা হৈছিল।২১৯ খানে ৰাজহুৱাভাৱে বাংলাদেশ চৰকাৰক আহ্বান জনায় যে ধৰ্ষণৰ ফলত গৰ্ভৱতী বীৰাংগানসকলৰ গৰ্ভপাতৰ অনুমতি দিব লাগে, আৰু লগতে জন্ম হোৱা শিশুক দত্তক লোৱাটো বৈধতা প্ৰদান কৰিব লাগে। বিশেষকৈ শ্বেখ মুজিবুৰ ৰহমানে বীৰাংগানসকলক দিয়া সমৰ্থনৰ অভাৱৰ তেওঁ সমালোচনা কৰে। যেতিয়া ৰহমানে পাকিস্তানী সৈন্যই জন্ম দিয়া কেঁচুৱাৰ কথা উল্লেখ কৰি "আমি পাকিস্তানী তেজ নিবিচাৰো" বুলি ৰাজহুৱাভাৱে কয়, তেতিয়া ইয়াৰ এটা প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল।১১১৬ খানে বিশেষকৈ বীৰাংগনাসকলে তেওঁলোকৰ আঘাত প্ৰক্ৰিয়াকৰণৰ উপায় হিচাপে ক্ৰাফ্টিঙৰ ব্যৱহাৰক প্ৰচাৰ আৰু ব্যৱহাৰ কৰিছিল আৰু ইয়াক চি ডব্লিউ আৰ চিত ব্যৱহাৰ কৰিছিল।১

১৯৭৫ চনলৈকে খান চি ডব্লিউ আৰ চিৰ পৰিচালক আছিল আৰু শ্বেখ মুজিবুৰ ৰহমানক হত্যা কৰাৰ পিছত চি ডব্লিউ আৰ চি বন্ধ কৰি দিয়া হয়।৫১৮১৯

পৰৱৰ্তী সক্ৰিয়তা (১৯৭৬–বৰ্তমান)

বীৰাংগানসকলৰ অধিকাৰৰ পোষক হোৱাৰ পিছতো খানে নিজেই এই শব্দটোৰ সমালোচনা কৰিছিল আৰু দীৰ্ঘদিন ধৰি এই শব্দটোৰ ঠাইত আনুষ্ঠানিকভাৱে মুক্তি বাহিনী (শব্দ অৰ্থত 'স্বাধীনতা সংগ্ৰামী') ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল।১৯ ২০১৫ চনত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ৰাজহুৱাভাৱে প্ৰশংসা কৰিছিল যেতিয়া তেওঁৰ চৰকাৰে বীৰাংগনাসকলৰ মৰ্যাদা মুক্তি বাহিনীলৈ উন্নীত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছিল।১১ ২০২১ চনৰ জুন মাহলৈকে ৪১৬ গৰাকী বীৰাংগনাই আনুষ্ঠানিকভাৱে মুক্তি বাহিনী হিচাপে স্বীকৃতি লাভ কৰিছিল, যাৰ ফলত তেওঁলোকে অতিৰিক্ত চৰকাৰী সুবিধাৰ অধিকাৰী হৈছিল।২০ খানে আন্তৰ্জাতিক সমাজকো বাংলাদেশ গণহত্যাৰ দোষীক বিচাৰত হাজিৰ কৰিবলৈ আহ্বান জনাইছে।১১

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Saha, Poulomi. (2019). An Empire of Touch: Women's Political Labour and the Fabrication of East Bengal. Columbia University Press. ISBN 9780231549646
  2. ↑ Begum, Thaslima. (3 April 2023). 'We lay like corpses. Then the raping began': 52 years on, Bangladesh's rape camp survivors speak out. The Guardian
  3. ↑ Lindsay, Rachel. (12 April 2023). 5 Decades of Hidden Horror: The Mass Rape Suffered by Bengali Women and Girls. Women's Voices Now
  4. ↑ Ayon, Khalid Hussain. (17 December 2016). WATCH NOW: Maleka Khan's tale of 1971 (Part-2). The Daily Star
  5. ↑ Hossain. (2016). Of the Nation Born: The Bangladesh Papers. Zubaan Books. ISBN 9789384757793
  6. ↑ Chaney. (2021). Civil Society and Citizenship in India and Bangladesh. Bloomsbury Publishing. ISBN 9789389611373
  7. ↑ Bose, Sarmila. (8 October 2005). Anatomy of Violence: Analysis of Civil War in East Pakistan in 1971. Economic and Political Weekly
  8. ↑ Jamal, Ahmed Abdullah. (October–December 2008). Mukti Bahini and the Liberation War of Bangladesh: A Review of Conflicting Views. Asian Affairs
  9. ↑ Ayon, Khalid Hussain. (14 December 2016). Maleka Khan's tale of 1971 (Part-1). The Daily Star
  10. ↑ Ayon, Khalid Hussain. (25 December 2016). (WATCH) Maleka Khan's tale of 1971 (Part-4). The Daily Star
  11. ↑ (5 April 2019). ১৯৭১-এৰ গণহত্যাৰ আন্তৰ্জাতিক বিচাৰ হওয়া দৰকাৰ: মালেকা খান. Prothom Alo
  12. ↑ The 1971 war. BBC News
  13. ↑ Gazi, Leesa. (31 March 2014). Birangona: Will the World Listen?. HuffPost
  14. ↑ Scholte, Marianne. (March 2011). Liberating the Women of 1971. Forum
  15. ↑ Trumbull, Robert. (12 May 1972). Dacca Raising the Status of Women While Aiding Rape Victims. The New York Times. পৃ. 2
  16. ↑ Sharma, Smita. (24 August 2014). 1971 wounds: Bangladesh needs a healing touch. হিন্দুস্তান টাইমছ
  17. ↑ Riaz. (2016). Routledge Handbook of Contemporary Bangladesh. Routledge. ISBN 9781317308775
  18. ↑ (7 August 2020). বাসস দেশ-১৯: বঙ্গমাতা ছিলেন অসাধাৰণ নীৰব সহযোগী: মালেকা খান. Bangladesh Sangbad Sangstha
  19. ↑ Ayon, Khalid Hussain. (24 December 2016). Maleka Khan's tale of 1971 (Part-3). The Daily Star
  20. ↑ Haque, Nabban T. (12 June 2021). Government recognises 16 more Biranganas as freedom fighters. Dhaka Tribune

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ নাৰী অধিকাৰ কৰ্মীমানৱ অধিকাৰ কৰ্মীসমাজকৰ্মীবাংলাদেশৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালেকা খান” প্ৰবন্ধৰ সংশোধন ৬০২৬০৪ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।