অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৈলাস সত্যাৰ্থী

কৈলাস সত্যাৰ্থী (Kailash Satyarthi; জন্ম: ১১ জানুৱাৰী ১৯৫৪) ভাৰতৰ এজন শান্তিৰ ন'বেল বঁটা বিজয়ী সক্ৰিয় শিশু অধিকাৰ কৰ্মী। ২০১৪ চনত তেওঁক পাকিস্তানী সমাজকৰ্মী মালালা ইউছুফজাইৰ সৈতে যুটীয়াভাৱে “শিশু অৱদমনৰ বিৰুদ্ধে আৰু সকলো শিশুৰ শিক্ষাৰ অধিকাৰৰ হকে কৰি অহা সংগ্ৰামৰ বাবে” শান্তিৰ ন'বেল বঁটাৰে…

হালনাগাদ: ২৬ জুলাই ২০২৬ ৫৩৯ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কৈলাস সত্যাৰ্থী (Kailash Satyarthi; জন্ম: ১১ জানুৱাৰী ১৯৫৪) ভাৰতৰ এজন শান্তিৰ ন'বেল বঁটা বিজয়ী সক্ৰিয় শিশু অধিকাৰ কৰ্মী। ১৯৮০ চনত তেওঁ ‘বচপন বচাও আন্দোলন’ আৰম্ভ কৰি প্ৰায় ৮০,০০০ শিশুৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ কাম কৰি আহিছে।১২

২০১৪ চনত তেওঁক পাকিস্তানী সমাজকৰ্মী মালালা ইউছুফজাইৰ সৈতে যুটীয়াভাৱে “শিশু অৱদমনৰ বিৰুদ্ধে আৰু সকলো শিশুৰ শিক্ষাৰ অধিকাৰৰ হকে কৰি অহা সংগ্ৰামৰ বাবে” শান্তিৰ ন'বেল বঁটাৰে সন্মানিত কৰা হয়।৩৪

প্ৰাৰম্ভিক জীৱন

১৯৫৪ চনৰ ১১ জানুৱাৰী তাৰিখে মধ্য প্ৰদেশৰ বিদিশা জিলাত কৈলাস সত্যাৰ্থীৰ জন্ম হয়। তেওঁ বিদিশাৰ 'সম্ৰাট অশোক অভিযান্ত্ৰিক প্ৰতিষ্ঠান'ত (Samrat Ashok Technological Institute, SATI) বৈদ্যুতিক অভিযান্ত্ৰিকী বিভাগত৫ অধ্যয়ন কৰি high-voltage engineering বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পাছত কিছু বছৰলৈ তেওঁ ভূপালৰ এখন মহাবিদ্যালয়ত প্ৰৱক্তা হিচাপে শিক্ষাদান কৰে।৬

কৰ্মজীৱন

১৯৮০ চনত তেওঁ শিক্ষকতা জীৱন সামৰি Bonded Labor Liberation Front নামৰ সংগঠনটোৰ সচিব প্ৰধান পদত অধিষ্ঠিত হয় আৰু একেবছৰতে 'বচপন বচাও আন্দোলন' আৰম্ভ কৰে।৭৮ তেওঁ International Center on Child Labor and Education (ICCLE) নামৰ আন্তৰ্জাতিক সংস্থাটো৯ আৰু ই পোষকতা কৰা Global March Against Child Labor (শিশু শ্ৰমৰ বিৰুদ্ধে গোলকীয় অভিযান)-ৰ লগতো জড়িত।১০১১১২ তেওঁ ActionAid, Oxfam আৰু Education International নামৰ সংস্থাকেইটাৰ লগত মিলি প্ৰতিষ্ঠা কৰা Global Campaign for Education-ৰ সভাপতি হিচাপে ১৯৯৯ চনৰপৰা ২০১১ চনলৈকে কাৰ্যনিৰ্বাহ কৰে।১৩

ইয়াৰ উপৰিও তেওঁ দক্ষিণ এছিয়াত শিশু শ্ৰমিকৰ অবিহনে উৎপাদিত দলিচাৰ প্ৰথম স্বেচ্ছাসেৱী lebelling, তত্ত্বাৱধানকাৰী আৰু স্বীকৃতি প্ৰদানকাৰী সংস্থা 'ৰাগমাৰ্ক' (বৰ্তমান নাম Goodweave) স্থাপন কৰে।১৪ সামাজিকভাৱে দায়বদ্ধ বাণিজ্য আৰু উপভোক্তাবাদৰ ক্ষেত্ৰত গোলকীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ দায়িত্ব সম্পৰ্কে গ্ৰাহক সজাগতা আনিবৰ উদ্দেশ্যে 'ৰাগমাৰ্ক' নামৰ সংস্থাটোৱে ১৯৮০ৰ দশকৰ শেষৰফালে আৰু ১৯৯০ৰ দশকৰ প্ৰথমছোৱাত ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত এক প্ৰচাৰ অভিযান আৰম্ভ কৰিছিল।১৫ সত্যাৰ্থীয়ে শিশু শ্ৰমিকৰ সমস্যাটোক এক মানৱ অধিকাৰ বিষয় হিচাপে চিহ্নিত কৰিছে। তেওঁৰ মতে ই দৰিদ্ৰতা, নিবনুৱা সমস্যা, নিৰক্ষৰতা, জনসংখ্যা বৃদ্ধি আৰু আন আন সামাজিক সমস্যাসমূহক জীয়াই ৰাখে।১৬ তেওঁৰ এই দাবী বহুতো অধ্যয়নত সত্য প্ৰমাণিত হৈছে।১৭১৮ 'শিশু শ্ৰমৰ বিৰুদ্ধে আন্দোলন' আৰু 'সকলোৰে বাবে শিক্ষাৰ অভিযান'ৰ মাজত সম্পৰ্ক গঢ়াতো তেওঁৰ অৰিহণা আছে।১৯ এইবিলাক পৰ্যবেক্ষণ কৰিবলৈ ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ দ্বাৰা স্থাপিত এক সমিতিৰো তেওঁ সদস্য হৈ থকাৰ লগতে তেওঁ Fast Track Initiative-ৰো (বৰ্তমান Global Partnership for Education নামেৰে জনাজাত) ব’ৰ্ড সদস্য।২০ তেওঁ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থা যেনে Center for Victims of Torture (USA), the International Labor Rights Fund (USA), International Cocoa Foundation আদিৰ বিভিন্ন ব’ৰ্ড আৰু কমিটীৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ আছে। তেওঁ ২০১৫ চনৰ পাছত ৰাষ্ট্ৰসংঘৰ সহস্ৰাব্দ উন্নয়ন লক্ষ্যৰ বিকাশৰ কাৰ্যসূচীত শিশু শ্ৰম আৰু দাসত্ত্ব দূৰীকৰণৰ বিষয়টো অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰি আছে।২১

২০১৪ চনত সত্যাৰ্থীক পাকিস্তানী সমাজকৰ্মী মালালা ইউছুফজাইৰ সৈতে যুটীয়াভাৱে “শিশু অৱদমনৰ বিৰুদ্ধে আৰু সকলো শিশুৰ শিক্ষাৰ অধিকাৰৰ হকে কৰি অহা সংগ্ৰামৰ বাবে” (“for their struggle against the suppression of children and young people and for the right of all children to education”) শান্তিৰ ন'বেল বঁটাৰে সন্মানিত কৰা হয়।২২ সত্যাৰ্থী হৈছে ন’বেল বিজয়ী ভাৰতৰ সপ্তম ব্যক্তি আৰু শান্তিৰ ন’বেল বিজয়ী ভাৰতৰ দ্বিতীয় ব্যক্তি।

ব্যক্তিগত জীৱন

সত্যাৰ্থী ভাৰতৰ নতুন দিল্লীত বাস কৰে। তেওঁৰ পৰিয়ালত তেওঁৰ পত্নী, এজন পুত্ৰ, বোৱাৰী আৰু এগৰাকী কন্যা।২৩ সমাজ হিতৈষী কৰ্মৰ বাহিৰেও তেওঁ ৰন্ধা-বঢ়াতো ভাল। উদ্ধাৰ হোৱা শিশু শ্ৰমিকসকলক তেওঁ ৰান্ধি খুৱাই ভাল পায়ল।২৪

বঁটা আৰু সন্মান

সত্যাৰ্থীৰ কৰ্মৰাজীৰ ওপৰত বহুকেইখন তথ্যচিত্ৰ, দূৰদৰ্শন ধাৰাবাহিক, advocacy and awareness films ইত্যাদি নিৰ্মাণ হৈছে আৰু বহু টক শ্ব'লৈকো তেওঁ আমন্ত্ৰিত হৈছে।২৫ নিম্নোল্লিখিত সন্মানসমূহেৰে সত্যাৰ্থীক বিভূষিত কৰা হৈছে:

  • ২০১৪: শান্তিৰ ন'বেল বঁটা
  • ২০০৯: Defenders of Democracy Award (US)২৬
  • ২০০৮: Alfonso Comin International Award (Spain)২৭
  • ২০০৭: Gold medal of the Italian Senate (2007)২৮
  • ২০০৭: US State Departmentৰ দ্বাৰা "Heroes Acting to End Modern Day Slavery" তালিকাত অন্তৰ্ভুক্তি২৯
  • ২০০৬: Freedom Award (US)৩০
  • ২০০২: Wallenberg Medal, University of Michigan৩১
  • ১৯৯৯: Friedrich Ebert Stiftung Award (Germany)৩২
  • ১৯৯৮: Golden Flag Award (Netherlands)৩৩
  • ১৯৯৫: Robert F. Kennedy Human Rights Award (US)৩৪
  • ১৯৯৫: The Trumpeter Award (US)৩৫
  • ১৯৯৪: The Aachener International Peace Award (Germany)৩৬৩৭
  • ১৯৯৩: Ashoka Fellow (US) হিচাপে নিৰ্বাচিত।৩৮

তথ্যসূত্ৰ

  1. ↑ (2014-10-10). 'Nobel peace prize 'an honour to children in slavery', Kailash Satyarthi says'. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া. Reuters
  2. ↑ Who is Kailash Satyarthi?. Hindustan Times
  3. ↑ (10 October 2014). The Nobel Peace Prize 2014. Nobel Foundation
  4. ↑ « Le prix Nobel de la paix attribué à Malala Yousafzai et Kailash Satyarthi », Ijsberg Magazine, 10 octobre 2014
  5. ↑ Kailash Satyarthi: A profile. Business Standard
  6. ↑ Chonghaile, Clar. (10 October 2014). Kailash Satyarthi: student engineer who saved 80,000 children from slavery. The Guardian
  7. ↑ Angaben auf der Seite des Menschenrechtspreises der Friedrich-Ebert-Stiftung. Friedrich Ebert Stiftung. Friedrich-Ebert-Stiftung e.V
  8. ↑ (10 October 2014). Nobel Peace Prize Is Awarded to Malala Yousafzai and Kailash Satyarthi. New York Times
  9. ↑ About. knowchildlabor.org
  10. ↑ The New Heroes . Meet the New Heroes . Kailash Satyarthi - PBS
  11. ↑ Trust Women - Kailash Satyarthi
  12. ↑ David Crouch. (10 October 2014). Malala and Kailash Satyarthi win Nobel Peace prize. Financial Times
  13. ↑ The Role of Civil Society in the Dakar World Education Forum
  14. ↑ RugMark USA - Entrepreneurs in Depth - Enterprising Ideas. PBS-NOW
  15. ↑ (2007-06-28). Principal Voices: Kailash Satyarthi. CNN
  16. ↑ Satyarthi, Kailash. (26 Sep 2012). Child labour perpetuates illiteracy, poverty and corruption. Deccan Herald
  17. ↑ Nanjunda, D C. (2009). Anthropology and Child Labour. Mittal Publications. পৃ. 91. ISBN 9788183242783
  18. ↑ Shukla, C K; Ali, S. (2006). Child Labour and the Law. Sarup & Sons. পৃ. 116. ISBN 9788176256780
  19. ↑ Talk by human rights defender Kailash Satyarthi. oxotower.co.uk
  20. ↑ (April 2014). Fund the Future: An action plan for funding the Global Partnership for Education
  21. ↑ Why India's Kailash Satyarthi won the 2014 Nobel Peace Prize: All you need to know. Firstpost
  22. ↑ (10 October 2014). "Kailash Satyarthi - Facts". Nobelprize.org. Nobel Media AB
  23. ↑ Kailash Satyarthi - Biography
  24. ↑ Azera Parveen Rahman. (10 October 2014). Kailash Satyarthi loves to cook for rescued child labourers. news.biharprabha.com
  25. ↑ Bachpan Bachao Andolan produced film nominated for New York Film Festival. globalmarch.org
  26. ↑ (20 October 2009). Social Activist Kailash Satyarthi to get 2009 Defender of Democracy Award in U.S
  27. ↑ Kailash Satyarthi. globalmarch.org
  28. ↑ Kailash Satyarthi. Robert F. Kennedy Center for Justice & Human Rights
  29. ↑ Heroes Acting To End Modern-Day Slavery. U.S. Department of State
  30. ↑ Kailash Satyarthi - Architect of Peace. Architects of Peace
  31. ↑ Medal Recipients - Wallenberg Legacy, University of Michigan. University of Michigan
  32. ↑ Human Rights Award of the Friedrich-Ebert-Stiftung. fes.de
  33. ↑ Our Board
  34. ↑ Robert F Kennedy Center Laureates
  35. ↑ Ben Klein. Trumpeter Awards winners. National Consumers League
  36. ↑ Nobel Peace Prize 2014: Pakistani Malala Yousafzay, Indian Kailash Satyarthi Honored For Fighting For Access To Education. Omaha Sun Times
  37. ↑ Aachener Friedenspreis 1994: Kailash Satyarthi (Indien), SACCS (Südasien) und Emmaus-Gemeinschaft (Köln). Aachener Friedenspreis
  38. ↑ Ashoka

সম্পৰ্কিত শ্ৰেণী

শান্তিৰ ন'বেল বঁটা বিজয়ীসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৈলাস সত্যাৰ্থী” প্ৰবন্ধৰ সংশোধন ৬১৯৮৯৫ (২৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।