গৌৰী লংকেশ (ಗೌರಿ ಲಂಕೇಶ್; ২৯ জানুৱাৰী ১৯৬২ – ৫ ছেপ্টেম্বৰ ২০১৭) আছিল ভাৰতৰ এগৰাকী সাংবাদিক আৰু সক্ৰিয় সমাজকৰ্মী। কৰ্ণাটকৰ বেংগালুৰুত জন্মলাভ কৰা গৌৰী লংকেশে 'লংকেশ পত্ৰিকে' নামৰ কন্নড় ভাষাৰ সাপ্তাহিক সংবাদপত্ৰখনত সম্পাদক হিচাপে কাম কৰিছিল। এইখন সংবাদপত্ৰ আৰম্ভ কৰিছিল তেখেতৰ পিতৃ পি.লংকেশে। নিজাববীয়াকৈ গৌৰী লংকেশে 'গৌৰী লংকেশ পত্ৰিকে' নামৰ সাপ্তাহিক এখন প্ৰকাশ কৰিছিল। ২০১৭ চনৰ ৫ ছেপ্টেম্বৰত বাংগালোৰৰ ৰাজাৰাজেশ্বৰী নগৰত থকা বাসগৃহৰ সমীপত গৌৰী লংকেশৰ হত্যাকাণ্ড সংঘটিত হয়। গৌৰী লংকেশ সোঁপন্থী হিন্দু উগ্ৰবাদৰ সমালোচক আছিল। সোঁপন্থী উগ্ৰ হিন্দুত্ববাদৰ বিৰুদ্ধে সবলভাৱে বক্তব্য উত্থাপন কৰা, নাৰীৰ অধিকাৰৰ সমৰ্থনত মাত মতা আৰু জাতিবাদৰ বৈষম্যৰ বিৰুদ্ধে সৰৱ হোৱাৰ বাবে গৌৰী লংকেশে 'আন্না পলিটক'ভাছকায়া বঁটা' (Anna Politkovskaya Award) লাভ কৰিছিল।১
প্ৰাৰম্ভিক জীৱন
গৌৰী লংকেশে এটি কন্নড় (লিংগায়ত) পৰিয়ালত ১৯৬২ চনৰ ২৯ জানুৱাৰীত জন্মলাভ কৰিছিল।২ তেখেতৰ পিতৃ আছিল কবি-সাংবাদিক পি.লংকেশ। পি.লংকেশে কন্নড় ভাষাৰ সাপ্তাহিক পত্ৰিকা 'লংকেশ পত্ৰিকে'ৰ আৰম্ভ কৰিছিল।৩ কবিতা আৰু ইন্দ্ৰজিৎ হৈছে গৌৰীৰ ভ্ৰাতৃ-ভগ্নী।৪
বাংগালোৰতে 'দ্য টাইমছ্ অৱ ইণ্ডিয়া'ৰ সৈতে জড়িত হৈ গৌৰীয়ে সাংবাদিকতাৰ জীৱনৰ পাতনি মেলিছিল। পৰৱৰ্তী সময়ত স্বামী চিদানন্দ ৰাজঘট্টৰ সৈতে তেখেত দিল্লীলৈ আহে। কিছু দিনৰ পাছতে তেখেত পুনৰ বাংগালোৰলৈ উভতে আৰু 'ছানডে' নামৰ আলোচনীখনত এজন সংবাদদাতা (কৰেছপনডেণ্ট) হিচাপে কাম কৰে। ছানডেৰ লগত তেখেত নটা বছৰ জড়িত হৈ থাকে। ২০০০ চনত তেখেতৰ পিতৃৰ মৃত্যু হয়। সেইসময়ত তেখেতে তেলুগু ভাষাৰ দিল্লীস্থ টেলিভিছন চেনেল "ইন্নাড়ু"ত কৰ্মৰত হৈ আছিল। ইতিমধ্যে তেখেতে সাংবাদিক হিচাপে ১৬টা বছৰ অতিবাহিত কৰিছিল।৫
'লংকেশ পত্ৰিকে'
পি.লংকেশৰ মৃত্যুৰ পিছত গৌৰী আৰু ভ্ৰাতৃ ইন্দ্ৰজিতে লংকেশ পত্ৰিকেৰ প্ৰকাশক মণিক সাক্ষাৎ কৰে। মণিক তেওঁলোকে প্ৰকাশন গোষ্ঠীটো ত্যাগ কৰাৰ ইচ্ছা ব্যক্ত কৰে। অৱশ্যে মণিয়ে তেওঁলোকৰ মত সমৰ্থন নকৰে। গৌৰী 'লংকেশ পত্ৰিকে'ৰ সম্পাদকৰ আসনত বহে। আনহাতে ভায়েক ইন্দ্ৰজিতে প্ৰকাশনৰ লগত জড়িত ব্যৱসায়িক দিশসমূহৰ চোৱা-চিতা কৰে।৫
কাকতখনক কেন্দ্ৰ কৰি গৌৰী আৰু ইন্দ্ৰজিতৰ মাজত ২০০১ চনতে সূচনা হোৱা আদৰ্শগত পাৰ্থক্য পৰৱৰ্তী সময়ত ক্ৰমাৎ বৃদ্ধি হয়। ২০০৫ চনৰ ফেব্ৰুৱাৰি মাহত এই পাৰ্থক্য ৰাজহুৱাভাৱে দৃশ্যমান হৈ উঠে, যেতিয়া আৰক্ষীৰ ওপৰত নক্সালবাদী আক্ৰমণৰ এটা বিশেষ প্ৰতিবেদন গৌৰীয়ে কাকতত প্ৰকাশ কৰোৱায়। ১৩ ফেব্ৰুৱাৰিত প্ৰকাশন গোষ্ঠীটোৰ স্বত্বাধিকাৰী আৰু প্ৰকাশক ইন্দ্ৰজিতে সেই প্ৰতিবেদনটো উঠাই লয় আৰু উক্ত প্ৰতিবেদনটোৱে নক্সালবাদীক সমৰ্থন কৰিছে বুলি মন্তব্য আগবঢ়ায়। ১৪ ফেব্ৰুৱাৰিত ইন্দ্ৰজিতে গৌৰীৰ বিৰুদ্ধে এটা অভিযোগ আৰক্ষীৰ সমুখত দাখিল কৰে। এই অভিযোগৰ মতে, গৌৰীয়ে এটা কম্পিউটাৰ, প্ৰিণ্টাৰ, আৰু এটা স্কেনাৰ প্ৰকাশন গোষ্ঠীৰ পৰা চোৰ কৰা বুলি কোৱা হয়। গৌৰীয়ে ইয়াৰ প্ৰত্যুত্তৰত অইন এটা অভিযোগ দাখিল কৰে, য'ত ইন্দ্ৰজিতে তেওঁক ৰিভলভাৰেৰে ভয় দেখুওৱা বুলি মন্তব্য কৰা হয়। ১৫ ফেব্ৰুৱাৰিত ইন্দ্ৰজিতে এখন সংবাদ মেল সম্বোধন কৰে আৰু গৌৰীয়ে কাকতৰ জৰিয়তে নক্সালবাদীৰ কাৰ্যকলাপ প্ৰসাৰ কৰিছে বুলি দাবী কৰে। গৌৰীয়েও অইন এখন সংবাদ মেল সম্বোধন কৰে আৰু ইন্দ্ৰজিতৰ উক্ত অভিযোগ নাকচ কৰি ভায়েকে তেওঁৰ সামাজিক কৰ্ম বিৰোধিতা কৰাৰ মত উত্থাপন কৰে।৬ পৰৱৰ্তী সময়ত গৌৰীয়ে কন্নড় ভাষাত নিজৰ সাপ্তাহিক পত্ৰিকা 'গৌৰী লংকেশ পত্ৰিকে' আৰম্ভ কৰে।৭
ৰাজনৈতিক বিচাৰধাৰা আৰু দৰ্শন
গৌৰী সোঁপন্থা উগ্ৰ হিন্দুত্ববাদী ৰাজনীতিৰ এগৰাকী চোকা সমালোচক আছিল।৪৮ ২০০৩ চনত বাবা বুদান গিৰিত থকা গুৰু দাতাত্ৰেয় বাবা বুদানৰ ছুফী মঠটোক সংঘ পৰিয়ালে হিন্দুত্বৰ প্ৰলেপ সানিবলৈ চেষ্টা কৰা বুলি গৌৰীয়ে অভিযোগ তুলিছিল আৰু এই কৰ্মৰ বিৰোধিতা কৰিছিল।৯ ২০১২ চনত তেখেতে মাংগালোৰত থকা সাম্প্ৰদায়িক গোটৰ নিষিদ্ধকৰণৰ এটা প্ৰতিবাদত ভাগ লয়। প্ৰতিবাদত অংশ লৈ তেখেতে কয় যে, “হিন্দুত্ববাদ এটা ধৰ্ম নহয়। বৰঞ্চ ই এটা সামাজিক শৃংখলাৰ প্ৰণালীহে ("system of hierarchy in society") য'ত নাৰীসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে ("women are treated as second-class creatures") ব্যৱহাৰ কৰা হয়।”১০ লিংগায়ত সম্প্ৰদায়ৰ বাবে সংখ্যালঘু স্বীকৃতিৰ তেখেত সমৰ্থক আছিল। তেখেতে কমু সৌহাদ্ৰ ৱেদিকা নামৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ মঞ্চখনক নেতৃত্ব দিছিল। তেখেতে দাৰ্শনিক বাসাৱানাৰ অনুগামীসকল হিন্দু নহয় বুলি মত দিছিল।৭
সংবাদ মাধ্যমৰ স্বাধীনতাৰ পক্ষত গৌৰীয়ে যুক্তি দৰ্শাইছিল।৪ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সহযোগী কংগ্ৰেছী নেতা ডি.কে. শিৱকুমাৰৰ অশুদ্ধ কাৰ্যৰ বিৰোধিতা কৰি গৌৰীয়ে লেখা লিখিছিল।১১৫ ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত যেতিয়া গৌৰী লংকেশৰ বন্ধু প্ৰকাশ বেলাৱাড়ী বিজেপি দলৰ প্ৰেছ উপদেষ্টা হৈছিল, তেতিয়া গৌৰীয়ে প্ৰকাশৰ লগত থকা ৩৫ বছৰীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বিচ্ছেদ ঘটাইছিল।১২ ২০১৪ চনৰ নৱেম্বৰত মাহত কংগ্ৰেছ-নেতৃত্বাধীন কৰ্ণাটকৰ চৰকাৰে গৌৰীক নক্সালবাদীক হত্যা-হিংসা ত্যাগ দিবলৈ আহ্বান জনোৱা এখন সমিতিৰ সদস্য হিচাপে নিয়োগ কৰিছিল। অৱশ্যে বিজেপি নেতাসকলে গৌৰীক নক্সালবাদীৰ প্ৰতি সহানুভূতিশীল হোৱা বুলি মত পোষণ কৰিছিল আৰু তেখেতক সমিতিৰ পৰা আঁতৰাব লাগে বুলি দাবী তুলিছিল। মুখ্যমন্ত্ৰী ছিদাৰামায়াই উক্ত দাবী নাকচ কৰিছিল।১৩
গৌৰীয়ে জাতিবাদৰ মুকলিকৈ বিৰোধিতা কৰিছিল।৪ ২০১৫ চনত, ৮১তম কন্নড় সাহিত্য সন্মিলনীৰ সময়ত ঔপন্যাসিক এছ.এল. ভায়াৰাপ্পা আৰু ব্ৰাহ্মণ্যবাদক গৌৰীয়ে সমালোচনা কৰিছে বুলি একাংশ ব্ৰাহ্মণে মত দিছিল।১৪
মৃত্যু
২০১৭ চনৰ ৫ ছেপ্টেম্বৰত কেইটামান অচিনাক্ত মানুহে গৌৰী লংকেশক ৰাজাৰাজেশ্বৰী নগৰৰ নিজা বাসগৃহত হত্যা কৰে। নিশা আঠ বজাৰ সময়ত বন্দুকধাৰীয়ে কমেও সাতটা বুলেট গৌৰীলৈ লক্ষ্য কৰি এৰিছিল। সেইসময়ত গৌৰীয়ে কাৰ্যালয়ৰ পৰা ঘৰৰ প্ৰধান দ্বাৰখন খোলাৰ চেষ্টা কৰি আছিল।১৫ হত্যাকাৰীৰ এজন গৌৰীৰ ঘৰৰ কাষত লুকাই আছিল আৰু তেখেতলৈ লক্ষ্য কৰি সৰ্বপ্ৰথমতে গুলী চলাইছিল। বাকী দুজন বন্দুকধাৰীয়ে (যিকেইজনে গৌৰীক কাৰ্যালয়ৰ পৰা অনুসৰণ কৰা বুলি ভবা হৈছিল) অলপ পাছতে উক্ত গুলীচালনাৰ লগত জড়িত হৈছিল। তিনিওজন বন্দুকধাৰীয়ে হেলমেট পৰিধান কৰি আছিল আৰু হত্যাকাণ্ড সংঘটিত কৰি হোণ্ডা ডিঅ' নামৰ দুচকীয়া বাহনত উঠি সেই ঠাই পৰিত্যাগ কৰিছিল।১৬ তিনিটা বুলেটে গৌৰী মূৰ, ডিঙি আৰু বুকুত আঘাত কৰিছিল আৰু তেখেতেৰ থিতাতে মৃত্যু হৈছিল।১৫১৭
অনুসন্ধান
হত্যাকাণ্ডত জড়িত থকা সন্দেহত, ২০১৮ চনত বিশেষ অনুসন্ধান দল (SIT)-এ দুজন মানুহক আটক কৰিছিল।১৮ জুন মাহত পৰশুৰাম ৱাঘমাৰে নামৰ মানুহজনে SITৰ সমুখত গৌৰী লংকেশৰ হত্যাকাৰী বুলি স্বীকাৰ কৰিছিল। নিজৰ ধৰ্ম বচাবলৈ মানুহজনে সেই হত্যাকাণ্ড সংঘটিত কৰিছে বুলি মত দিছিল।১৯ ছেপ্টেম্বৰ মাহত, মহাৰাষ্ট্ৰৰ ATS-এ হত্যাকাণ্ডৰ লগত সম্পৰ্ক থকা দুজন সন্দেহযুক্তক গ্ৰেপ্তাৰ কৰে আৰু সিহঁতৰ পৰা গুপ্ত হাথিয়াৰো উদ্ধাৰ কৰে।২০
ব্যক্তিগত জীৱন
বিবাহৰ পাঁচ বছৰৰ পাছতেই গৌৰী আৰু স্বামী চিদানন্দ ৰাজঘট্টৰ বিচ্ছেদ ঘটে।২১ বিচ্ছেদৰ পাছত তেখেত এককভাৱে থাকে।২২২৩ তেখেতৰ২৪ কোনো সন্তান নাছিল; যদিও সমাজকৰ্মী জিগণেশ মেৱানী, কানহাইয়া কুমাৰ, ওমৰ খালিদ আৰু শেহলা ৰছিদ শোৰাক তেখেতে ৰূপকাত্মকভাৱে "তুলনীয়া সন্তান" বুলি গণ্য কৰিছিল।২৫২৬২৭
তথ্যসূত্ৰ
- ↑ (5 October 2017). Gauri Lankesh honoured with Anna Politkovskaya Award. The Hindu
- ↑ (6 September 2017). Thousands bid tearful farewell to journalist Gauri Lankesh in Bengaluru. The Free Press Journal
- ↑ (5 September 2017). Gauri Lankesh, a journalist known for anti-establishment, pro-Dalit stand. Hindustan Times
- ↑ (5 September 2017). Who is Gauri Lankesh?. The Indian Express
- ↑ (3 May 2000). Being a woman is my security right now. Rediff.com
- ↑ (15 February 2005). 'Lankesh Patrike' family splits. The Times of India
- ↑ (5 September 2017). Activist Gauri Lankesh shot dead at her Bengaluru home. The Economic Times
- ↑ Rollo Romig, "Railing against right-wing Nationalism was a calling, it was also a death sentence. How the journalist Gauri Lankesh became a casualty of India's increasingly intolerant politics", in 'The New York Times', 14 March 2019. Retrieved 15 March 2019
- ↑ Parvathi Menon. (6 December 2003). A communal campaign. Frontline
- ↑ (4 August 2012). Mangalore: Speakers at Komu Souharda Vedike Protest Urge Ban on Communal Outfits. Daijiworld
- ↑ Jayanthi Madhukar. (20 April 2014). Gauri and Kavitha Lankesh—Tale of two sisters. The Times of India
- ↑ (16 May 2014). A friendship of 35 years broke. Bangalore Mirror
- ↑ B.S. Satish Kumar. (15 November 2004). BJP wants Gauri Lankesh out of naxal panel. The Hindu
- ↑ (20 February 2015). Action sought against Gauri Lankesh. The Hindu
- ↑ Rajiv Kalkod. (5 September 2017). Senior journalist Gauri Lankesh shot dead at her house. The Times of India
- ↑ Shyam Prasad S. (6 September 2017). Gauri Lankesh murder: Post mortem continues, arrangements for funeral underway
- ↑ (5 September 2017). Senior journalist Gauri Lankesh shot dead at her Bengaluru home, kin demands CBI probe. India Today
- ↑ (11 May 2018). Eight months after Gauri Lankesh's murder, 2nd man detained. The Times of India
- ↑ Rajiv Kalkod. (16 June 2018). I killed Gauri Lankesh to save my religion: Waghmore to SIT. The Times of India
- ↑ Mengle, Gautam S. (13 September 2018). Gauri Lankesh murder: Maharashtra ATS takes custody of two accused. The Hindu
- ↑ Roy, Nilanjana. (8 September 2017). Gauri Lankesh, journalist and activist, 1962–2017
- ↑ Prakash Upadhyaya. (6 September 2017). Who is Gauri Lankesh? Complete profile of the fearless firebrand journalist. International Business Times
- ↑ Chennabasaveshwar. (6 September 2017). 'Gauri never preached violence,' recalls family friend. OneIndia
- ↑ Sharma, Maya. (6 September 2017). State Funeral, Candlelight Vigils For Journalist Gauri Lankesh Amid Outrage Over Her Murder. NDTV
- ↑ (6 September 2017). Gauri Lankesh murder: Journalist’s ‘adopted’ children mourn her death. The Indian Express
- ↑ (6 September 2017). Gauri Lankesh's 'Adopted Children' Jignesh Mevani, Kanhaiya, Shehla Rashid, Umar Khalid Express Shock On Social Media. Outlook India
- ↑ Patel, Aakar. (6 September 2017). Gauri Lankesh, champion of dissent, was fearless even in death; journalist's killing tests India's values. Firstpost
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌৰী লংকেশ” প্ৰবন্ধৰ সংশোধন ৩০২৮৬৭ (৪ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।