শৰীৰৰ প্ৰতিচ্ছবি (ইংৰাজী ভাষা: Body image) হৈছে এজন ব্যক্তিৰ নিজৰ শৰীৰৰ সৌন্দৰ্য বা যৌন আকৰ্ষণৰ সন্দৰ্ভত থকা চিন্তা, অনুভৱ আৰু ধাৰণা।১২ শৰীৰৰ প্ৰতিচ্ছবিৰ ধাৰণাটো স্নায়ুবিজ্ঞান, মনোবিজ্ঞান, চিকিৎসা-বিজ্ঞান, মনোচিকিৎসা বিজ্ঞান, মনোবিশ্লেষণ, দৰ্শন, সাংস্কৃতিক আৰু নাৰীবাদী অধ্যয়নকে ধৰি কেইবাটাও শাখাত ব্যৱহাৰ কৰা হয়; সংবাদ মাধ্যমেও প্ৰায়ে এই শব্দটো ব্যৱহাৰ কৰে। এই সকলোবোৰ শাখাৰ মাজত ইয়াৰ কোনো একমাত্ৰ সৰ্বসন্মত সংজ্ঞা নাই, কিন্তু বহলভাৱে ক’বলৈ গ’লে শৰীৰৰ প্ৰতিচ্ছবি মানে মানুহে নিজক যিধৰণে দেখে; তেওঁলোকৰ স্মৃতি, অভিজ্ঞতা, ধাৰণা আৰু চেহেৰাৰ তুলনাসমূহ; আৰু নিজৰ চেহেৰাৰ প্ৰতি থকা সামগ্ৰিক দৃষ্টিভংগী (যাৰ ভিতৰত ছালৰ ৰং, উচ্চতা আৰু ওজন অন্তৰ্ভুক্ত কিন্তু ইয়াতেই সীমাবদ্ধ নহয়)৩ যিবোৰ প্ৰচলিত সামাজিক আৰু সাংস্কৃতিক আদৰ্শৰদ্বাৰা গঢ়ি উঠে।৪
শৰীৰৰ প্ৰতিচ্ছবি নেতিবাচক আৰু অৱনতিমূলক ("শৰীৰৰ নেতিবাচকতা"), ধনাত্মক ("শৰীৰৰ ধনাত্মকতা") বা নিৰপেক্ষ চৰিত্ৰৰ হ’ব পাৰে। নেতিবাচক শৰীৰৰ প্ৰতিচ্ছবি থকা এজন ব্যক্তিয়ে আত্মসচেতনতা বা লাজ অনুভৱ কৰিব পাৰে আৰু আনক অধিক আকৰ্ষণীয় বুলি ভাবিব পাৰে।৩ ছ’চিয়েল মিডিয়াৰ ব্যাপক ব্যৱহাৰৰ সময়ত বিভিন্ন বয়সৰ মানুহে তেওঁলোকে বাস কৰা সমাজখনে নিৰ্ধাৰণ কৰি দিয়া চেহেৰাৰ আদৰ্শৰদ্বাৰা আৱেগিক আৰু মানসিকভাৱে প্ৰভাবিত হয়। এই মানদণ্ডসমূহে আংশিকভাৱে ‘বডী শ্বেমিং’ বা শৰীৰক লৈ কৰা তুচ্ছ-তাচ্ছিল্যত অৰিহণা যোগাব পাৰে—যিটো হৈছে এজন ব্যক্তিৰ শাৰীৰিক চেহেৰাক লৈ উপহাস কৰি বা সমালোচনা কৰি অপমানিত কৰা কাৰ্য।
প্ৰায়ে যিসকল লোকৰ নিজৰ শৰীৰৰ প্ৰতি নিম্ন ধাৰণা থাকে, তেওঁলোকে কোনোবা নহয় কোনোবা প্ৰকাৰে নিজৰ শৰীৰৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰে, যেনে ডায়েটিং কৰি বা কছমেটিক চাৰ্জাৰী কৰি। এনে আচৰণে শৰীৰৰ প্ৰতি অসন্তুষ্টিৰ সৃষ্টি কৰে আৰু দীৰ্ঘদিন ধৰি খোৱা-বোৱাৰ বিকাৰ, অকলশৰীয়া অনুভৱ আৰু মানসিক ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।৩ খোৱা-বোৱাৰ বিকাৰৰ ক্ষেত্ৰত নেতিবাচক শৰীৰৰ প্ৰতিচ্ছবিয়ে শৰীৰৰ প্ৰতিচ্ছবিৰ বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে, যিয়ে নিজৰ সম্পূৰ্ণ শৰীৰটোৰ প্ৰতি এটা বিকৃত ধাৰণাৰ জন্ম দিয়ে। শৰীৰৰ অসন্তুষ্টিয়ে ‘বডী ডিচমৰ্ফিক ডিছঅৰ্ডাৰ’কো সূচায়, যিটো শৰীৰৰ কোনো এক নিৰ্দিষ্ট অংশৰ (সাধাৰণতে মুখমণ্ডল, ছাল বা চুলি) ত্ৰুটিৰ চিন্তাক লৈ থকা এক অবচেছিভ-কম্পালচিভ বিকাৰ। আনহাতে, ইতিবাচক শৰীৰৰ প্ৰতিচ্ছবি মানে নিজৰ চেহেৰাক নিৰপেক্ষ বা ইতিবাচকভাৱে গ্ৰহণ কৰা, নিজৰ শৰীৰটোক উদ্যাপন আৰু প্ৰশংসা কৰা আৰু ইয়াৰ কাৰ্যক্ষমতাক গুৰুত্ব দিয়া।৩
পৰিয়ালৰ পৰিৱেশ, মানসিক ৰোগ, জৈৱিক প্ৰৱণতা আৰু মেদবহুলতা বা পুষ্টিহীনতাৰ পৰিৱেশগত কাৰণ আৰু সাংস্কৃতিক প্ৰত্যাশা (যেনে সংবাদ মাধ্যম আৰু ৰাজনীতি) আদি অনেক কাৰকে এজন ব্যক্তিৰ শৰীৰৰ প্ৰতিচ্ছবিত অৰিহণা যোগায়। ওজন কম বা বেছি হোৱা সকলো লোকৰে শৰীৰৰ প্ৰতিচ্ছবি দুৰ্বল হ’ব পাৰে।৫
আমেৰিকান চাইক’লজিকেল এছ’চিয়েশ্যনৰ ২০০৭ চনৰ এক প্ৰতিৱেদনত দেখা গৈছে যে সমগ্ৰ সংস্কৃতিত ছোৱালী আৰু মহিলাৰ যৌনকৰণে শৰীৰৰ প্ৰতিচ্ছবিৰ সৈতে জড়িত উদ্বেগ বৃদ্ধিত অৰিহণা যোগাইছে।৬ সংবাদ মাধ্যমত শিশুৰ যৌনকৰণৰ বিষয়ে অষ্ট্ৰেলিয়া চৰকাৰৰ চিনেট ষ্টেণ্ডিং কমিটিৰ প্ৰতিৱেদনতো শৰীৰৰ প্ৰতিচ্ছবিৰ সৈতে জড়িত একেধৰণৰ তথ্য পোৱা গৈছে।৭ অৱশ্যে আন একাংশ পণ্ডিতে এই দাবীসমূহ সঠিক তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হোৱা নাই বুলি উদ্বেগ প্ৰকাশ কৰিছে।৮
ইতিহাস


'বডী-ইমেজ' বা ‘শৰীৰৰ প্ৰতিচ্ছবি’ বাক্যাংশটো পোনপ্ৰথমে অষ্ট্ৰিয়ান স্নায়ুৰোগ বিশেষজ্ঞ পাউল ছিল্ডাৰ-এ তেওঁৰ ‘দ্য ইমেজ এণ্ড এপিয়াৰেন্স অৱ দ্য হিউমেন বডী’ (১৯৩৫) নামৰ গ্ৰন্থখনত ব্যৱহাৰ কৰিছিল।৯
চেহেৰাৰ নিৰ্দিষ্ট আদৰ্শ সদায়ে বিদ্যমান আছিল। ধ্ৰুপদী প্ৰাচীন কালৰ মূৰ্তিসমূহে ইয়াক সুন্দৰকৈ প্ৰদৰ্শন কৰে, যিবোৰে ক্ষীণ তথা যুৱতী মহিলাৰ শৰীৰ আৰু এথলেটিক পুৰুষৰ শৰীৰক আদৰ্শ হিচাপে তুলি ধৰিছিল।
সামাজিক-সাংস্কৃতিক মূল্যবোধ অনুসৰি চেহেৰাৰ আদৰ্শসমূহৰো উত্থান-পতন ঘটিছে। বহু সংস্কৃতিত, যিকোনো চেহেৰাই যদি সামাজিক মৰ্যাদা বা ঐশ্বৰ্যৰ ইংগিত দিছিল, তেন্তে সেয়াই আদৰ্শ আছিল। বিশেষকৈ ২০ শতিকাৰ আগলৈকে খাদ্যৰ সৈতে সম্পদৰ ঐতিহাসিক সম্পৰ্ক থকাৰ বাবে শকত-আৱত লোকসকলক চহকী বা শক্তিশালী বুলি গণ্য কৰা হৈছিল।৪ হান ৰাজবংশৰ সময়ত পৰিষ্কাৰ ছাল আৰু ক’লা চুলিক অতিশয় গুৰুত্ব দিয়া হৈছিল, কাৰণ তেতিয়া ভবা হৈছিল যে পূৰ্বপুৰুষে দিয়া ছাল আৰু চুলিৰ ক্ষতি কৰাটো একপ্ৰকাৰৰ অপমান।১০
প্ৰাচীন ইজিপ্তীয়, বৌদ্ধ ধৰ্ম আৰু খ্ৰীষ্টধৰ্ম সন্ন্যাসীসকলেও মুণ্ডিত মুৰক পৱিত্ৰতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সৈতে জড়িত কৰিছিল।১১১২১৩

বৰ্তমান যোগাযোগ প্ৰযুক্তিৰ উন্নতি আৰু ফেশ্বন, সৌন্দৰ্য তথা প্ৰসাধন উদ্যোগৰ সম্প্ৰসাৰণৰ ফলত চেহেৰাৰ চাপ আৰু শৰীৰৰ প্ৰতিচ্ছবিৰ চিন্তা অভূতপূৰ্ব পৰ্যায়ত উপনীত হৈছে।১৪১৪ বিশেষকৈ ছ’চিয়েল মিডিয়াই "নিখুঁত শৰীৰ"ৰ ধাৰণাটোক নতুনকৈ গঢ় দিছে আৰু চুলি, শৰীৰৰ ধৰণ, যৌনাংগৰ চেহেৰা, ছালৰ ৰং আদিৰ দৰে বৈশিষ্ট্যসমূহৰ ক্ষেত্ৰত অসামঞ্জস্যপূৰ্ণ আৰু অবাস্তৱ আদৰ্শ দাঙি ধৰিছে।১৫৪
তথ্যসূত্ৰ
- ↑ Grogan, S. (2016). Body image: Understanding body dissatisfaction in men, women and children. Taylor & Francis
- ↑ Kar, Sujita Kumar; Upadhyay, Saumya. (2023). Encyclopedia of Sexual Psychology and Behavior. Springer, Cham. পৃ. 1–4. ISBN 978-3-031-08956-5
- ↑ What is Body Image?. National Eating Disorders Association
- ↑ Bordo, Susan. (2023-12-22). Unbearable Weight: Feminism, Western Culture, and the Body. University of California Press. ISBN 978-0-520-93071-1
- ↑ Derenne, J. L.; Beresin, E. V. (June 1, 2006). Body Image, Media, and Eating Disorders. Academic Psychiatry. পৃ. 257–261
- ↑ (2007). Report of the APA Task Force on the Sexualization of Girls. American Psychological Association
- ↑ (June 26, 2008). Sexualisation of children in the contemporary media. Parliament of Australia
- ↑ Ferguson, Christopher J.; Winegard, Benjamin; Winegard, Bo M. (March 2011). Who is The Fairest One of All? How Evolution Guides Peer and Media Influences on Female Body Dissatisfaction. Review of General Psychology. পৃ. 11–28
- ↑ Schilder, Paul. (1999). The Image and Appearance of the Human Body: Studies in the Constructive Energies of the Psyche. Psychology Press. পৃ. 11. ISBN 978-0-415-21081-2
- ↑ Lullo, Sheri A. (2016-08-07). Making up Status and Authority: Practices of Beautification in Warring States through Han Dynasty China (Fourth Century BCE–Third Century CE). Fashion Theory. পৃ. 415–440
- ↑ Kamal, Samar. (2019-12-01). Baldness Scenes In Ancient Egyptian Private Tombs; As An Indicator Of Social Class, Activity And Physical Ability. International Journal of Tourism and Hospitality Management. পৃ. 127–179
- ↑ Heirman, Ann; Torck, Mathieu. (2012). A pure mind in a clean body: bodily care in the Buddhist monasteries of ancient India and China. Ginkgo Academia Press. ISBN 978-90-382-2014-7
- ↑ Karthikeyan, Kaliaperumal. (2009). Tonsuring: Myths and facts. International Journal of Trichology. পৃ. 33–34
- ↑ Orbach, Susie. (June 2011). Losing Bodies. Social Research: An International Quarterly. পৃ. 387–394
- ↑ How Technology Influences Body Image. Eating Disorder Hope
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰীৰৰ প্ৰতিচ্ছবি” প্ৰবন্ধৰ সংশোধন ৬৩০৯১২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।