অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

মস্তিষ্ক আৱৰণী

মস্তিষ্ক আৱৰণী বা meninges (, একক:'meninx ( বা ), μῆνιγξ, বিশেষণ:'meningeal ) বুলিলে মস্তিষ্ক আৰু স্নায়ুৰজ্জুক আবৃত কৰি ৰখা সংযোজী কলাৰ আৱৰণীসমূহক বুজায়। স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত এই আৱৰণীৰ তিনিটা স্তৰ থাকে: ডুৰা মেটাৰ, এৰেক্‌নয়ড্‌ মেটাৰ আৰু পায়া মেটাৰ।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৮২ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মস্তিষ্ক আৱৰণী বা meninges (,১২ একক:'meninx ( বা ৩), μῆνιγξ,৪ বিশেষণ:'meningeal ) বুলিলে মস্তিষ্ক আৰু স্নায়ুৰজ্জুক আবৃত কৰি ৰখা সংযোজী কলাৰ আৱৰণীসমূহক বুজায়। স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত এই আৱৰণীৰ তিনিটা স্তৰ থাকে: ডুৰা মেটাৰ, এৰেক্‌নয়ড্‌ মেটাৰ আৰু পায়া মেটাৰ। এই মস্তিষ্ক আৱৰণী আৰু চেৰিব্ৰ'স্পাইনেল ৰসৰ মুখ্য কাম হৈছে কেন্দ্ৰীয় স্নায়ু তন্ত্ৰক সুৰক্ষা প্ৰদান কৰা।

গঠন

ডুৰা মেটাৰ

মূল প্ৰবন্ধ: ডুৰা মেটাৰ

ডুৰা মেটাৰ (dura mater) (tough mother) (মেনিংক্স ফাইব্ৰ'ছা বা পেকীমেনিংক্স) কৰোটিৰ হাড়ৰ কাষতে থকা এখন ডাঠ আৱৰণী। ইয়াৰ একেবাৰে বাহিৰৰ অংশ ইটোৰে-সিটোৰে লাগি থকা ফাইব্ৰ'ইলাষ্টিক কোষৰ সমষ্টি। কোষৰ বাহিৰত ক'লাজেন নাথাকে আৰু যথেষ্ট খালী ঠাই থাকে। বাকী অংশক দুটা স্তৰত ভগাব পাৰি: অধো অস্থীয় স্তৰ (endosteal layer) আৰু আৱৰণীস্তৰ (meningeal layer)। অধো-অস্থীয় স্তৰটোৱে কৰোটিৰ ভিতৰফালৰ তলখনত লাগি তাক আৱৰি ৰাখে। কৰোটইৰ অধোদেশত থকা মহাৰন্ধ্ৰইদি ই পাৰ নহয়। কিন্তু কৰোটিৰ আন আটাইবোৰ ছিদ্ৰইদি ই কৰোটিৰ বাহিৰলৈ ওলাই গৈ কৰোটিৰ বহিঃপৃষ্ঠাকো আৱৰি ৰাখে। আনহাতে আৱৰণী স্তৰটো ঘন আঁহেৰে গঠিত। ই সম্পূৰ্ণ মস্তিষ্কটো আৱৰি ৰাখে আৰু মহাৰন্ধ্ৰইদি সৰকি স্নয়ুৰজ্জুৰ ডুৰা মেটাৰ আৱৰণীৰো সৃষ্টি কৰে।৫

ডুৰাৰ চাৰিটা ভিতৰলৈ সুমোৱা ভাঁজ থাকে:

  • ফাক্স চেৰিব্ৰাই, যি চেৰিব্ৰেল অৰ্ধগোলক দুটাক পৃথক কৰে।
  • টেণ্ট'ৰিয়াম চেৰিবেলাই, যি নিম্ন পৃষ্ঠীয় পিণ্ড (occipital lobe)-ক চেৰিবেলামৰ (cerebellum) পৰা পৃথক কৰে।
  • ফাক্স চেৰিবেলাই, যি চেৰিবেলাৰ অৰ্ধগোলক দুটাক পৃথক কৰে।
  • ডায়েফ্ৰাগ্‌মা ছেলি, যি পিটুইটেৰী গ্ৰন্থি আৰু চেলা টাৰ্চিকাক ঢাকি ৰাখে।

এৰেক্‌নয়ড্‌ মেটাৰ

মূল প্ৰবন্ধ: এৰেক্‌নয়ড্‌ মেটাৰ

মস্তিষ্ক আৱৰণীৰ মধ্যস্তৰটো এৰেক্‌নয়ড্‌ মেটাৰ (arachnoid mater)। দেখাত মকৰা জালৰ দৰে হোৱা বাবে ইয়াক এই নাম দিয়া হৈছে। ই এখন কোমল, সোপোকা আৰু ভেদ্য আৱৰণ। এই আৱৰণো আঁহেৰে গঠিত আৰু পায়া মেটাৰৰ দৰে চেপেটা কোষেৰে আবৃত। এৰেক্‌নয়ড্‌ মেটাৰ আৰু ডুৰা মেটাৰৰ মাজত কিছু ব্যৱধান থাকে। এই ঠাইখিনি পূৰ্ণ কৰি ৰখা তৰল দ্ৰব্যবিধক চেৰিব্ৰ'স্পাইনেল ৰস (cerebrospinal fluid) বোলে।৫

পায়া মেটাৰ

মূল প্ৰবন্ধ: পায়া মেটাৰ

পায়া মেটাৰ (pia mater) (tender mother) এখন অতি পাতল আৱৰণ। ই স্তৰটো মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ গাত লিপিট খাই লাগি থাকে আৰু মস্তিষ্কৰ সকলো উঠা-নমা (যাইৰাছ আৰু ছাল্‌কাছ) অনুসৰণ কৰে। আঁহযুক্ত কলাই গঠন কৰা এই স্তৰটোক বাহিৰৰ অংশত চেপেটা কোষৰ সমষ্টিয়ে ঢাকি ৰাখে। মস্তিষৰ ৰক্তবাহী নলীকাবোৰ পায়া মেটাৰৰ মাজেদি পাৰ হৈ যায় আৰু কেপিলাৰীবোৰে মস্তিষ্কক পুষ্টি যোগান ধৰে।

লেপ্ট'মেনিঞ্জেজ

এৰেক্‌নয়ড্‌ মেটাৰ আৰু পায়া মেটাৰক কেতিয়াবা একেলগে লেপ্ট'মেনিঞ্জেজ (leptomeninges) বোলা হয় যাৰ অৰ্থ পাতল আৱৰণী। এৰেক্‌নয়ড আৰু পায়া মকৰা জালৰ দৰে প্ৰৱৰ্ধৰে সংযুক্ত হৈ থাকে বাবে নামটো পায়া-এৰেক্‌নয়ড্‌ বা লেপ্ট'মেনিঞ্জেজ।

ব্যৱধান

মূল প্ৰবন্ধ: Subarachnoid space

ছাব্‌এৰেক্‌নয়ড্‌ ব্যৱধান বুলিলে এৰেক্‌নয়ড্‌ মেটাৰ আৰু পায়া মেটাৰৰ মাজত থকা খালি ঠাইক বুজায়। এই ঠাই চেৰিব্ৰ'স্পাইনেল ৰস নামৰ তৰল দ্ৰব্যই পূৰ্ণ কৰি ৰাখে।

সাধাৰণতে ডুৰা মেটাৰ মানুহৰ কৰোটিৰ (Human skull) লগত লাগি থাকে। স্নায়ুৰজ্জুত ডুৰা মেটাৰক ৰাজহাড়ৰ পৰা এপিডুৰেল ব্যৱধানে পৃথক কৰি ৰাখে। এৰেক্‌নয়ড্‌ ডুৰাৰ লগত লাগি থাকে আৰু পায়া মেটাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ কলাৰ লগত লাগি থাকে। আঘাট বা ৰোগত ডুৰা আৰু এৰেক্‌নয়ড্‌ পৃথক হৈ পৰিলে ছাব্‌ডুৰেল ব্যৱধানৰ সৃষ্টি হয়। পায়া মেটাৰৰ তলতো ছাব্‌পায়েল ব্যৱধান থাকে যি ইয়াক গ্লায়া লিমিটেন্সৰ পৰা পৃথক কৰে।

গুৰুত্ব

মস্তিষ্ক আৱৰণীত তিনিপ্ৰকাৰৰ ৰক্তস্ৰাৱ (hemorrhage) হ'ব পাৰে:৬

  • ছাব্‌এৰেক্‌নয়ড্‌ ৰক্তস্ৰাৱ এৰেক্‌নয়ডৰ তলত হোৱা ৰক্তস্ৰাৱ। কেতিয়াবা আপোনা-আপুনি বা আঘাটৰ ফলত এনে হ'ব পাৰে।
  • ছাব্‌ডুৰেল হিমাট'মা একপ্ৰকাৰৰ হিমাট'মা (তেজ জমা হোৱা)। এৰেক্‌নয়ড্‌ আৰু ডুৰাৰ মাজত এনে হয়। ডুৰা আৰু এৰেক্‌নয়ড্‌ সংযুক্ত কৰা সৰু সিৰাবোৰ আঘাটৰ ফলত ক্ষতিগ্ৰস্ত হ'লে এই অৱস্থাৰ সৃষ্টি হয়।
  • এপিডুৰেল হিমাট'মা আঘাট বা নিজে নিজে হ'ব পাৰে।

মস্তিষ্কৰ আৱৰণীত প্ৰভাৱ পেলোৱা আন কিছুমান ৰোগ হৈছে মেনিঞ্জাইটিছ (বেক্টেৰিয়া, ভাইৰাছ বা ভেঁকুৰৰ সংক্ৰমণৰ ফলত হোৱা আৱৰণীৰ প্ৰদাহ), আৰু কৰ্কট ৰোগৰ ফলত হোৱা মেনিঞ্জিঅ'মা (meningioma)।

আন প্ৰাণীত

মাছৰ ক্ষেত্ৰত এখনেই আৱৰণ থাকে (আদিম আৱৰণী/primitive meninx)। উভচৰ প্ৰাণী, সৰীসৃপ আৰু চৰাইৰ ক্ষেত্ৰত আৱৰণীৰ বাহিৰফালে এটা ডাঠ স্তৰ ডুৰা মেটাৰ আৰু ভিঅৰফালে পাতল দ্বিতীয় আৱৰণী থাকে (secondary meninx)। স্তন্যপায়ী প্ৰাণীৰ ডুৰা মেটাৰ থাকে, লগতে দ্বিতীয় আৱৰণীখন এৰেক্‌নয়ড্‌ আৰু পায়া মেটাৰত বিভক্ত হৈ পৰে।৭

তথ্যসূত্ৰ

  1. ↑ OED 2nd edition, 1989
  2. ↑ Entry "meninges" in Merriam-Webster Online Dictionary, retrieved 2012-07-28
  3. ↑ Entry "meninx" in Merriam-Webster Online Dictionary, retrieved 2012-07-28
  4. ↑ μήνιγξ, Henry George Liddell, Robert Scott, A Greek-English Lexicon, on Perseus
  5. ↑ যশোদানন্দ ভৰালী, ড° ৰঞ্জিত নাথ ভট্টাচাৰ্য, ড° ৰাতুল চন্দ্ৰ ৰাজখোৱা. (২০০৮). উচ্চতৰ মাধ্যমিক জীৱবিজ্ঞান. অসম বুক ডিপো. পৃ. ২৭৭
  6. ↑ (2004). Overview of Adult Traumatic Brain Injuries. Orlando Regional Healthcare, Education and Development
  7. ↑ Kardong, Kenneth V. (1995). Vertebrates: Comparative Anatomy, Function, Evolution. Wm. C. Brown Publishers. পৃ. 539. ISBN 0-697-21991-7

সম্পৰ্কিত শ্ৰেণী

শৰীৰস্থানশৰীৰতত্ত্বস্নায়ুতন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মস্তিষ্ক আৱৰণী” প্ৰবন্ধৰ সংশোধন ৬৩২১২০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।