অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

মানৱ মস্তিষ্ক

মানৱ মস্তিষ্ক (human brain) মানুহৰ স্নায়ু তন্ত্ৰৰ প্ৰধান অংগ। ই মূৰৰ ভিতৰত অৱস্থিত আৰু ইয়াক কৰোটিয়ে আৱৰি থাকে। ইয়াৰ সাধাৰণ গঠন আন স্তন্যপায়ী প্ৰাণীবোৰৰ মগজুৰ দৰে একে, কিন্তু চেৰিব্ৰেল কৰ্টেক্স অধিক বিকশিত।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫৭৫ শব্দ · ৩ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

মানৱ মস্তিষ্ক (human brain) মানুহৰ স্নায়ু তন্ত্ৰৰ প্ৰধান অংগ। ই মূৰৰ ভিতৰত অৱস্থিত আৰু ইয়াক কৰোটিয়ে আৱৰি থাকে। ইয়াৰ সাধাৰণ গঠন আন স্তন্যপায়ী প্ৰাণীবোৰৰ মগজুৰ দৰে একে, কিন্তু চেৰিব্ৰেল কৰ্টেক্স অধিক বিকশিত। ডাঙৰ প্ৰাণী যেনে তিমি আৰু হাতীৰ মগজুৰ আকাৰ ডাঙৰ, কিন্তু দেহৰ আকাৰৰ জোখক সামৰি আপেক্ষিক মস্তিষ্ক আকাৰ চালে মানুহৰ মগজু ডলফিনতকৈ প্ৰায় দুগুণ আৰু চিম্পাঞ্জীতকৈ প্ৰায় তিনিগুণ ডাঙৰ। চেৰিব্ৰেল কৰ্টেক্স, বিশেষকৈ অগ্ৰ পিণ্ডই (frontal lobe) মস্তিষ্কৰ অধিক অংশ অধিকাৰ কৰে। এই পিণ্ড আত্ম-নিয়ন্ত্ৰণ, পৰিকল্পনা, যুক্তি, বিমূৰ্ত ভাৱ আদি কাৰ্য সমাধা কৰে। দেখা পোৱা কাৰ্যত জড়িত মগজুৰ অংশ মানুহৰ ক্ষেত্ৰত আন প্ৰাণীতকৈ বহু ডাঙৰ।

মস্তিষ্কৰ অধিক অংশ আৱৰি চেৰিব্ৰেল কৰ্টেক্স নামৰ স্নায়ু কলাৰ এটা মোটা স্তৰ থাকে। একে আয়তনতে পৃষ্ঠাভাগৰ কালি বৃদ্ধি কৰিবলৈ এই স্তৰটোত বহু ভাঁজ থাকে। ভাঁজবোৰৰ শৈলী সকলোৰে মহজুতে প্ৰায় একেই, মাত্ৰ সৰু-সুৰা বিভিন্নতা থাকে। কৰ্টেক্সক চাৰিটা পিণ্ডক ভগোৱা হৈছে – অগ্ৰ পিণ্ড (frontal lobe), পাৰ্শ্ব পিণ্ড (parietal lobe), নিম্ন পাৰ্শ্বীয় পিণ্ড (temporal lobe), আৰু নিম্ন পৃষ্ঠীয় পিণ্ড (occipital lobe)। কিছুমান শ্ৰেণীবিভাজনত লিম্বিক পিণ্ড আৰু ইন্‌চুলাৰ কৰ্টেক্সকো অন্তৰ্ভুক্ত কৰা হয়। প্ৰতিটো পিণ্ডতে অসংখ্য কৰ্টিকেল স্থান আছে যিবোৰে দেখা, চলন, ভাষা আদি ভিন্ন কাৰ্য সমাধা কৰে। কৰ্টেক্সৰ বাওঁ আৰু সোঁফালটোৰ অবয়ব প্ৰায় একেই আৰু বেছিভাগ কৰ্টিকেল স্থান দুয়োফালতে থাকে। কিন্তু কিছুমান স্থান যেনে ভাষাৰ লগত জড়িত স্থানসমূহে এটা ফালে অধিক সক্ৰিয়তা দেখুৱায়। প্ৰায়বোৰ মানুহৰে মগজুৰ বাওঁফালটো ভাষাৰ ক্ষেত্ৰত প্ৰভাৱী (dominant) আৰু সোঁফালটোৱে ন্যূনতম সক্ৰিয়তা দেখুৱায়। আনহাতে দৃশ্য-স্থান ক্ষমতাৰ (visual-spatial ability) বাবে সাধাৰণতে সোঁফালটো প্ৰভাৱী।

মগজুক কৰোটিৰ শকত হাড়ে সুৰক্ষা দিয়ে, চেৰিব্ৰ'স্পাইনেল ৰসে ওপঙাই ৰাখে আৰু ৰক্ত-মস্তিষ্ক প্ৰতিবন্ধক-এ (blood–brain barrier) তেজৰ সাধাৰণ প্ৰৱাহৰ পৰা আঁতৰাই ৰাখে। তথাপিও মানুহৰ মস্তিষ্কৰ নানা ক্ষতি আৰু ৰোগ হ'ব পাৰে। যেনে শাৰীৰিকভাৱে মূৰৰ আঘাত, ষ্ট্ৰ'ক বা নিউৰ'টক্সিনৰ দৰে কাম কৰা ৰাসায়নিক পদাৰ্থই মগজুৰ ক্ষতি কৰে। জৈৱিক প্ৰতিবন্ধকে বাধা দিয়া বাবে মগজুৰ সংক্ৰমণ সতকাই নহয়। নিউৰ'ডিজেনেৰেটিভ ৰোগ যেনে পাৰ্কিন্‌ছন্‌ছ ৰোগ আৰু আল্‌ঝেইমাৰ্ছ ৰোগৰ ফলতো মগজুৰ ক্ষতি হয়। মগজুত টিউমাৰ হোৱাও দেখা যায়।

মগজুৰ অধ্যয়নৰ বাবে ব্যৱহাৰ কৰা কৌশল মানুহ আৰু অন্য প্ৰাণীৰ বাবে একে নহ'ব পাৰে। মানুহৰ মগজুৰ অধ্যয়নৰ বাবে চিকিৎসা-বিজ্ঞানত "ফাংচনেল নিউৰ'ইমেজিং" আৰু "ইলেক্‌ট্ৰ'এন্‌চেফাল'গ্ৰাফী" আদি ব্যৱহাৰ হয়। মানৱ মস্তিষ্কৰ সম্পূৰ্ণ কাৰ্যপ্ৰণালী বুজি পোৱাটো আধুনিক স্নায়ুবিজ্ঞানৰ বাবে এক প্ৰত্যাহ্বান।

গ্ৰন্থপঞ্জী

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

শৰীৰস্থানশৰীৰতত্ত্ব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানৱ মস্তিষ্ক” প্ৰবন্ধৰ সংশোধন ৬৩১৭০৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।