লোক-নৃত্য
১১১ প্ৰবন্ধ
-
চাকাৰেৰা
চাকাৰেৰা (Chacarera) আৰ্জেণ্টিনাৰ ছাণ্টিয়াগো ডেল এষ্টেৰোত উৎপত্তি হোৱা এক পৰম্পৰাগত নৃত্য আৰু সংগীত। ই লোকসংগীতৰ এক ধাৰা, যিয়ে বহু আৰ্জেণ্টিনাৰ বাবে টেংগোৰ কচমোপলিটান চিত্ৰকল্পৰ গ্ৰাম্য সমকক্ষ হিচাপে কাম কৰে।
-
চাপ নৃত্য
চাপ (বেলুচী: چاپ) হৈছে বেলুচ জনগোষ্ঠীৰ এটা পৰম্পৰাগত লোকনৃত্য, যি বেলুচিস্তান অঞ্চলত প্ৰচলিত। চাপ নৃত্য সাধাৰণতে গোট বান্ধি বৃত্তাকাৰে কৰা হয় আৰু তাত তাল-মিলোৱা হাততালি গুৰুত্বপূৰ্ণ ভূমিকা লয়।
-
চামান নৃত্য
চামান নৃত্য ( Saman Dance) বা হাজাৰ হাতৰ নৃত্য ইণ্ডোনেছিয়াৰ অন্যতম জনপ্ৰিয় নৃত্য। ইয়াৰ উৎপত্তি ইণ্ডোনেছিয়াৰ আচেহ্ প্ৰদেশৰ গায়ো লুইছৰ বাসিন্দা গায়ো জনগোষ্ঠীৰ পৰা হৈছে আৰু ইয়াক সাধাৰণতে গুৰুত্বপূৰ্ণ অনুষ্ঠান উদযাপনৰ অংশ হিচাপে পৰিৱেশন কৰা হয়।
-
চোৰাঠী নৃত্য
চোৰাঠী নৃত্য (ইংৰাজী: Sorathi Nritya) হ’ল নেপাল আৰু ছিকিমৰ মগৰ সম্প্ৰদায়ৰ এক পৰম্পৰাগত নৃত্য। ই চোৰাঠী লোকসংস্কৃতিৰ এক অংশ হিচাপে পৰিৱেশন কৰা হয়, য’ত গীত, সংগীত আৰু কাহিনী কথনৰ সংমিশ্ৰণ ঘটে। এই নৃত্য প্ৰাক-ঐতিহাসিক বুলি বিশ্বাস কৰা হয় আৰু ই মগৰ সাংস্কৃতিক পৰম্পৰাৰ সৈতে গভীৰভাৱে জড়িত।
-
ছানাম (নৃত্য)
ছানাম (ইংৰাজী: Sanam) বা চেনেম (senem), যাক চীনা ভাষাত চাইনাইমু (赛乃姆) বুলিও লিখা হয়, হৈছে চীনৰ শিনচিয়াং (Xinjiang) স্বায়ত্তশাসিত অঞ্চলৰ উইঘুৰসকলৰ মাজত বহুলভাৱে প্ৰচলিত এক পৰম্পৰাগত সংগীত আৰু নৃত্যশৈলী। ই সাধাৰণতে বিবাহ, উৎসৱ-পাৰ্বণ আৰু সামাজিক অনুষ্ঠান-পাৰ্টিবোৰত পৰিৱেশন কৰা হয়।
-
ছায়া (শিল্প ৰূপ)
ছায়া (ইংৰাজী: Saya) হ’ল বলিভিয়াৰ য়ুংগাছ অঞ্চলত সৃষ্টি হোৱা এক আফ্ৰো-বলিভিয়ান সংগীত আৰু নৃত্য। ইয়াক বলিভিয়াৰ সংগীতৰ এক অন্যতম প্ৰধান প্ৰভাৱ হিচাপে গণ্য কৰা হয়। 'ছায়া' শব্দটোৰ উৎপত্তি এতিয়াও অজ্ঞাত, যদিও কিছুমানে ই লেটিন বা কিগোংগো ভাষাৰপৰা অহা বুলি ধাৰণা কৰে।
-
ছুচিয়া
ছুচিয়া (ইংৰাজী: Suscia; বা চুছা, চুচা, চুচিয়া) হ’ল ব্ৰাজিলৰ টোকানটিনছ ৰাজ্যৰ এক লোক-নৃত্য। ই বিশেষকৈ পিক্স, নাটিভিদাদে আৰু আৰাইছৰ দৰে চহৰত প্ৰচলিত। এই নৃত্যৰ প্ৰকৃত নামটো অজ্ঞাত, কাৰণ প্ৰতিটো সম্প্ৰদায়ৰ মাজত এই শব্দটোৰ একোটা সামান্য পৰিৱৰ্তিত ৰূপ পোৱা যায়।
-
ছেইলাম নৃত্য
ছেইলাম নৃত্য ( Chailam Dance) মিজো জনগোষ্ঠীৰ পাৰম্পৰিক লোক নৃত্য৷ এই নৃত্যই মনৰ আনন্দ আৰু উল্লাস প্ৰদৰ্শন কৰে৷ বাঁহৰ চুঙাৰ পেঁপা আৰু ঢোলৰ ছেঁৱত এই নাচ পৰিৱেশন কৰা হয়৷ এই নৃত্য “চাপচাৰ কুট’’ উৎসৱৰ সময়ত পৰিৱেশন কৰা হয়। এই নৃত্যত পুৰুষ আৰু মহিলাই বৃত্তাকাৰে থিয় হৈ পৰিৱেশন কৰে।
-
জাট-জটিন নৃত্য
জাট-জটিন নৃত্য (ইংৰাজী: Jatjatin Dance) হ’ল মিথিলা (বৰ্তমানৰ দক্ষিণ নেপাল আৰু উত্তৰ বিহাৰ) অঞ্চলৰ এক পৰম্পৰাগত নৃত্য। জাট-জটিন এহাল পুৰুষ আৰু মহিলাৰ দ্বাৰা পৰিৱেশন কৰা এক যুটীয়া নৃত্য, যিটো সাধাৰণতে বৰ্ষা ঋতুত পৰিৱেশন কৰা হয়।
-
জাম্বা
জাম্বা (Zamba) আৰ্জেণ্টিনাৰ এক পৰম্পৰাগত নৃত্য। ই আৰ্জেণ্টিনাৰ সংগীত আৰু আৰ্জেণ্টিনাৰ লোকনৃত্যৰ এক শৈলী। জাম্বা ইয়াৰ হোমোফোন আৰু চাম্বাতকৈ সংগীতৰ ফালৰ পৰা, ছন্দগতভাৱে, স্বভাৱগতভাৱে, নৃত্যৰ ভংগিমাত আৰু ইয়াৰ সাজ-পোছাকত বহুত বহুত পৃথক।
-
টপেং নৃত্য
টপেং নৃত্য ইণ্ডোনেছিয়াৰ নৃত্যধাৰাৰ এক নাটকীয় ধৰণ, য'ত এজন বা ততোধিক মুখা পিন্ধা আৰু জাকজমকীয়া সাজ-পোছাক পৰিহিত অভিনেতাই গমেলান বা অন্যান্য পৰম্পৰাগত সংগীত বাদ্যযন্ত্ৰৰ সৈতে কাহিনীৰ ৰজা, নায়ক আৰু মিথৰ সম্পৰ্কীয় পৰম্পৰাগত আখ্যানসমূহৰ ব্যাখ্যা কৰে।
-
টামেনা ইবুগা
টামেনা ইবুগা (ইংৰাজী: Tamena Ibuga) যাক বাছোগা লোকসকলৰ শস্য চপোৱা উদযাপনৰ নৃত্য বুলিও জনা যায়, হ’ল পূব উগাণ্ডাৰ বুছোগা ৰাজ্যৰ এক পৰম্পৰাগত নৃত্য। এই নৃত্যৰ বিশেষ গুৰুত্ব আছে কাৰণ ই বাছোগা সম্প্ৰদায়ৰ মাজত বন্ধুত্ব আৰু একতাৰ ভাৱক প্ৰতিনিধিত্ব কৰে।
-
ডাচ লোকনৃত্য
ডাচ লোকনৃত্য (ইংৰাজী: Dutch folk dance) বুলিলে সেইসমূহ পৰম্পৰাগত নৃত্যক বুজায় যিবোৰ সাধাৰণ লোকৰদ্বাৰা পৰিৱেশন কৰা হৈছিল। যদিও বিদেশীসকল আৰু ডাচসকলে প্ৰায়ে ডাচ লোকনৃত্যক 'ক্লমপেনডেন্সেন' বা ক্লগ নৃত্যৰ সৈতে জড়িত কৰে, আচলতে ক্লগ বা কাঠৰ জোতাই নৃত্যৰ খোজৰ পৰিসৰ সীমিত কৰি পেলায়।
-
ডিংগি ডিংগি
ডিংগি ডিংগি নৃত্য, যাক আচোলি শিশু নৃত্য বুলিও কোৱা হয়, উত্তৰ উগাণ্ডাৰ আচোলি জনগোষ্ঠীৰ লোকসকলৰ পৰা উৎপত্তি হোৱা এটা পৰম্পৰাগত নৃত্য যিয়ে উত্তৰ উগাণ্ডাৰ গুলু, কিটগুম, লামৱো, পাডাৰ আৰু ন'য়া আদি জিলা আৱৰি ৰাখিছে। এই সাংস্কৃতিক নৃত্য আচোলিসকলে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আগবঢ়াই আহিছে।
-
ডেনিছ লোকনৃত্য
ডেনিছ লোকনৃত্য (ইংৰাজী: Danish folk dance) ইয়াৰ সহজ-সৰল, মৃদু আৰু তুলনামূলকভাৱে শিকাটো সহজ হোৱা বৈশিষ্ট্যৰ বাবে পৰিচিত। ডেনিছ লোকনৃত্য মূলতঃ এক সামাজিক নৃত্য য'ত নৃত্যশিল্পীৰ গোট বা দম্পতীৰ গোট জড়িত থাকে আৰু ইয়াক প্ৰায়ে বৃহৎ সমাৱেশৰ বাবে প্ৰস্তুত কৰা হয়।
-
তামজাৰা
তামজাৰা(Tamzara) আৰ্মেনিয়াৰ উচ্চভূমি অঞ্চলৰ এক স্থানীয় লোকনৃত্য। আৰ্মেনিয়াত এই নৃত্য প্ৰথম অৱস্থাত এক লোকাচাৰ হিচাপে প্ৰচলিত আছিল; ই আছিল বিবাহ অনুষ্ঠানত পৰিৱেশন কৰা গীত আৰু নৃত্য।
-
তিৰুৱথিৰকালী
তিৰুৱথিৰকালী কেৰালাৰ মহিলাৰ এক অনন্য গোট নৃত্য। ধৰ্মীয় অনুষ্ঠানৰ অংশ হিচাপে আৰু ইয়াৰ বাহিৰেও মহিলাসকলে সৰু সৰু গোটত এই নৃত্য পৰিৱেশন কৰে। সাধাৰণতে ধনুমা মাহৰ ওনাম আৰু তিৰুৱতীৰদিনা মহিলাসকলে শিৱ মন্দিৰ আদিত শিৱ পাৰ্বতীৰ প্ৰশংসা গীত গাই এই শিল্পৰূপ প্ৰদৰ্শন কৰে।
-
ত্ৰিপুৰাৰ লোক-নৃত্য
ত্ৰিপুৰাৰ লোক-নৃত্য বা ত্ৰিপুৰী নৃত্য বুলিলে উত্তৰ-পূব ভাৰতৰ ত্ৰিপুৰা ৰাজ্যত প্ৰদৰ্শিত কেইবাবিধো লোক-নৃত্যক বুজোৱা হয়। এই নৃত্যবোৰ ত্ৰিপুৰাৰ বিভিন্ন স্থানীয় বাৰ্ষিক উদযাপন, যেনে বীজ সিঁচা আৰু শস্য চপোৱা উৎসৱৰ সময়ত ত্ৰিপুৰী (বৃহত্তম আঞ্চলিক জনগোষ্ঠী) আৰু মগ (বা মাৰমা) জনগোষ্ঠীৰ লোকসকলে পৰিবেশন…
-
তৰোৱাল নৃত্য
তৰোৱাল নৃত্য (ইংৰাজী: Sword dance) হৈছে হাতত তৰোৱাললৈ কৰা এক প্ৰকাৰৰ অস্ত্ৰ নৃত্য। তৰোৱাল বা অনুৰূপ অস্ত্ৰ অন্তৰ্ভুক্ত কৰা অস্ত্ৰ নৃত্য সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত দেখা পোৱা যায়। আফ্ৰিকা, এছিয়া আৰু ইউৰোপৰ বিভিন্ন অঞ্চলত তৰোৱাল নৃত্যৰ একক আৰু আখৰা-যুদ্ধ (Pyrrhic)ৰ বিভিন্ন পৰম্পৰা পৰিলক্ষিত হয়।
-
থিড়াম্বু নৃত্যম
থিড়াম্বু নৃত্যম বা থিড়াম্বু নৃত্য হৈছে ভাৰতৰ উত্তৰ মালাবাৰ অঞ্চলৰ মন্দিৰসমূহত পৰিবেশন কৰা হিন্দু পৰম্পৰাগত লোক-নৃত্য। ইয়াক প্ৰধানকৈ নামবুদিৰী সম্প্ৰদায়ে আৰু শিৱল্লী, কৰ্হাদে আৰু হাব্যক আদি কিছু ব্ৰাহ্মণ, থিয়য়াৰ সম্প্ৰদায়ে পৰিৱেশন কৰে।
-
ধীমচা নৃত্য
ধীমচা নৃত্য ( Dhimsa) হৈছে আদিতে অন্ধ্ৰপ্ৰদেশৰ পৰ্জা জনজাতীয় মহিলাসকলে পৰিৱেশন কৰা এক জনজাতীয় নৃত্য৷ পিছলৈ ই আন আন জনগোষ্ঠীয়েও পৰিৱেশন কৰা দেখা যায়৷ এই নৃত্যত ১৫ ৰ পৰা ২০ গৰাকী মহিলাই এটা গোট হৈ ঘৰুৱা জীৱনৰ সুখ-শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু নৃত্য কৰে৷ বিবাহিত জীৱনৰ সুখ-শান্তি…
-
ধেমচা
ধেমচা ( Dhemsa) মধ্য ভাৰত, দক্ষিণ ওড়িশা আৰু ছত্তীশগড় আৰু অন্ধ্ৰপ্ৰদেশৰ কাষৰীয়া অঞ্চলৰ জনজাতীয় লোকসকলৰ এক পৰম্পৰাগত লোকনৃত্য। নৃত্যশিল্পীসকলে ইজনে সিজনক কান্ধ আৰু কঁকালত শিকলিৰ দৰে ধৰি, পৰম্পৰাগত বাদ্যযন্ত্ৰৰ ছন্দত নৃত্য কৰে। ধেমচা দলবদ্ধভাৱে পৰিৱেশন কৰা হয়।
-
নালেও
নালেও (ইংৰাজী: Naleyo) বা নালেও নৃত্য হ’ল উত্তৰ-পূব উগাণ্ডাৰ কাৰিমোজং লোকসকলৰ দ্বাৰা পৰিৱেশন কৰা এক পৰম্পৰাগত নৃত্য। ই এক প্ৰেম-নিৱেদনৰ নৃত্য য’ত এফালে মহিলা আৰু আনফালে পুৰুষসকলে দুটা শাৰীত থিয় হৈ নৃত্য পৰিৱেশন কৰে।
-
নীলমপেৰুৰ পদয়নী
নীলমপেৰুৰ পদয়নী (ইংৰাজী: Neelamperoor Padayani) হৈছে ভাৰতৰ কেৰালাৰ আলাপ্পুঝা জিলাৰ নীলমপেৰুৰত অৱস্থিত নীলমপেৰুৰ পল্লী ভগৱতী মন্দিৰত অনুষ্ঠিত হোৱা এক পৰম্পৰাগত পদয়নী উৎসৱ। এই উৎসৱ চিংগম মাহৰ থিৰুভোনাম নক্ষত্ৰৰ পিছৰ পূৰম তিথিত ১৬ দিন ধৰি অনুষ্ঠিত হয়।
-
পিলি য়েছা
পিলি য়েছা (তুলু: ಪಿಲಿ ಏಸ) অৰ্থ “বাঘৰ মুখা” হৈছে ভাৰতৰ উপকূলীয় ৰাজ্য কৰ্ণাটকৰ এক অনন্য লোক-নৃত্য। নৱৰাত্ৰিৰ সময়ত দুৰ্গা দেৱীক সন্মান জনাই পিলি য়েছা নৃত্য কৰা হয়। দুৰ্গা দেৱীৰ প্ৰিয় প্ৰাণী হৈছে বাঘ (যাক মাৰ্ণেমি (mārnemi) বুলি কোৱা হয়)।
-
পেৰাগুৱেৰ বটল নৃত্য
পেৰাগুৱেৰ বটল নৃত্য (ইংৰাজী: Paraguayan bottle dance) হ’ল পেৰাগুৱেৰ এক পৰম্পৰাগত লোকনৃত্য, য’ত নৃত্যশিল্পীসকলে মূৰৰ ওপৰত কাঁচৰ বটলৰ ভাৰসাম্য ৰাখি নৃত্য পৰিৱেশন কৰে।
-
পোত্তান থেয়াম
পোত্তন থেয়াম থেয়ামৰ পৰম্পৰাগত শিল্প ৰূপত অহা এক প্ৰাঞ্জল, সজীৱ আৰু ৰঙীন আচাৰ-ব্যৱহাৰ সম্বলিত নৃত্য, আৰু ই বৰ্তমানৰ কান্নুৰ জিলা আৰু ভাৰতৰ উত্তৰ কেৰেলাৰ কোঝিকোড আৰু কাছাৰাগোড জিলাৰ কিছু অংশ সামৰি লোৱা ভূখণ্ড কোলাথুনাডুৰ সাংস্কৃতিক ঐতিহ্যৰ এক অপৰিহাৰ্য অংশ।
-
পৰম্পৰাগত নৰ্ডিক নৃত্য সংগীত
পৰম্পৰাগত নৰ্ডিক নৃত্য সংগীত (ইংৰাজী: Traditional Nordic dance music) হ’ল এক প্ৰকাৰৰ পৰম্পৰাগত বা লোকসংগীত যি এসময়ত নৰ্ডিক দেশসমূহৰ মূল ভূখণ্ডত—স্কেনিডিনেভিয়া আৰু ফিনলেণ্ডত প্ৰচলিত আছিল।
-
বাকিচিম্বা নৃত্য
বাকিচিম্বা নৃত্য (বাকিচিম্বা) যাক নেকাছা বা মুৱোগোলা বুলিও কোৱা হয়, মধ্য উগাণ্ডাৰ বুগাণ্ডা ৰাজ্যৰ বাগাণ্ডা জনগোষ্ঠীৰ পৰা উৎপত্তি হোৱা এটা পৰম্পৰাগত নৃত্যৰ ধৰণ। বুগাণ্ডা ৰাজ্যৰ এজন মদ্যপান কৰা ৰজা শ্বুনাৰৰ শাৰীৰিক গতিবিধিৰ পৰাই ইয়াৰ উৎপত্তি হোৱা বুলি ধাৰণা কৰা হয়।
-
বাচ্চু বেৰ
বাচ্চু-বেৰ এবিধ তৰোৱালৰে পৰিবেশন কৰা পৰম্পৰাগত লোকনৃত্য। এই নৃত্য ব্ৰায়ানচন চহৰৰ পণ্ট-ডি-চাৰ্ভিয়াৰ জিলাত (হাউটছ-আলপছ, ফ্ৰান্স) অনুষ্ঠিত হয়। ইয়াৰ উৎপত্তি বহু শতিকাৰ আগৰ ( প্ৰথম ১৭৩০ চনত লিখিত নিশ্চিতকৰণ তথ্য পোৱা গৈছে)।