অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চামান নৃত্য

চামান নৃত্য ( Saman Dance) বা হাজাৰ হাতৰ নৃত্য ইণ্ডোনেছিয়াৰ অন্যতম জনপ্ৰিয় নৃত্য। ইয়াৰ উৎপত্তি ইণ্ডোনেছিয়াৰ আচেহ্ প্ৰদেশৰ গায়ো লুইছৰ বাসিন্দা গায়ো জনগোষ্ঠীৰ পৰা হৈছে আৰু ইয়াক সাধাৰণতে গুৰুত্বপূৰ্ণ অনুষ্ঠান উদযাপনৰ অংশ হিচাপে পৰিৱেশন কৰা হয়।

হালনাগাদ: ২১ ছেপ্তেম্বৰ ২০২৫ ৪১০ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

চামান নৃত্য ( Saman Dance) বা হাজাৰ হাতৰ নৃত্য ইণ্ডোনেছিয়াৰ অন্যতম জনপ্ৰিয় নৃত্য। ইয়াৰ উৎপত্তি ইণ্ডোনেছিয়াৰ আচেহ্ প্ৰদেশৰ গায়ো লুইছৰ বাসিন্দা গায়ো জনগোষ্ঠীৰ পৰা হৈছে আৰু ইয়াক সাধাৰণতে গুৰুত্বপূৰ্ণ অনুষ্ঠান উদযাপনৰ অংশ হিচাপে পৰিৱেশন কৰা হয়।১ ইণ্ডোনেছিয়াৰ বিভিন্ন নৃত্যই দেশখনৰ জাতি-জনগোষ্ঠী আৰু ইয়াৰ সংস্কৃতিৰ বৈচিত্ৰ্যক প্ৰতিফলিত কৰে। ইণ্ডোনেছিয়াত ১৩০০ৰো অধিক জনগোষ্ঠী আছে।২ তাৰ ভিতৰৰ গায়ো জনগোষ্ঠীৰ এই চামান নৃত্যৰ বিশেষ বৈশিষ্ট্য হ’ল, ইয়াৰ দ্ৰুত গতিৰ ছন্দ আৰু নৃত্যশিল্পীৰ মাজত সাধাৰণ তাল-মিলৰ সমন্বয় সাধন। এই দুটা উপাদান চামান নৃত্যৰ মূল বৈশিষ্ট্য আৰু ইণ্ডোনেছিয়াত চামান নৃত্য বহুলভাৱে পৰিচিত আৰু প্ৰচলিত হোৱাৰ কাৰণসমূহৰ ভিতৰত ই অন্যতম; তদুপৰি ই তুলনামূলকভাৱে শিকিবলৈয়ো সহজ।

২০১১ চনৰ ২৪ নৱেম্বৰত ইউনেস্কোৱে আচেহৰ পৰম্পৰাগত চামান নৃত্যক জৰুৰী সুৰক্ষাৰ প্ৰয়োজনীয়তা থকা লুপ্তপ্ৰায় সাংস্কৃতিক ঐতিহ্য হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে।৩৪৫

এছিয়ান পৰ্যটন সংস্থা(এছিয়ান্তা)ই ২০১২ চনৰ ২৫ সংখ্যক এছিয়ানা এৱাৰ্ডছ ফৰ এক্সিলেন্সত চামান নৃত্যক এছিয়ান সাংস্কৃতিক সংৰক্ষণৰ শ্ৰেষ্ঠ প্ৰচেষ্টা হিচাপে নিৰ্বাচিত কৰে৷৬

ব্যুৎপত্তিবিজ্ঞান

চামান শব্দটো আচেহৰ গায়ো অঞ্চলৰ এজন ইছলাম ধৰ্মী মৌলবী শ্বেখ চামানৰ পৰা আহিছে। কোৱা হয় যে, ইণ্ডোনেছিয়াৰ আচেহ্ প্ৰদেশৰ গায়ো অঞ্চলত ইছলাম ধৰ্ম প্ৰচাৰৰ বাবে শ্বেখ চামানে এটা নৃত্য পৰম্পৰা গঢ়ি তুলিছিল আৰু তাকেই বৰ্তমান চামান নৃত্য বুলি কোৱা হয়।৭

পৰিভাষা

পৰ্তুগীজ ঔপনিৱেশিক যুগত চামান নৃত্য
পৰ্তুগীজ ঔপনিৱেশিক যুগত চামান নৃত্যছবি: Unknown author · CC BY-SA 3.0
চামান নৃত্য প্ৰদৰ্শন।
চামান নৃত্য প্ৰদৰ্শন।ছবি: Adearmanda · CC BY-SA 4.0

এই নৃত্যত কোনো বাদ্যযন্ত্ৰ সংগত কৰা নহয়৷ বিনা বাদ্য পৰিৱেশনেৰে এদল লোকে এই নৃত্য পৰিৱেশন কৰে। মূলতঃ এই নৃত্যৰ শিল্পীসকল আছিল একান্তভাৱে পুৰুষ। এই নৃত্য পৰিৱেশনত মূল শিল্পীজনে আৰম্ভণিতে কিছুমান আকৰ্ষণীয় লয়লাস কৰি কিছু গীত গায়। একোটা চুটি গীত, যিবোৰে চুটি চুটি নৃত্যৰ সূচনা কৰে, যিবোৰ প্ৰায় ১৫ৰ পৰা ২০ মিনিটলৈকে চলিব পাৰে। প্ৰত্যেকেই প্ৰকৃতি আৰু উচ্চ মূল্যবোধৰ প্ৰতীক থকা গায়ো মটিফৰ সৈতে এম্ব্ৰয়ডাৰী কৰা ক’লা সাজ-পোছাক পিন্ধে।৮ গীতবোৰ ধৰ্মীয়, ৰোমান্টিক বা হাস্যৰসময়ী হ’ব পাৰে। নৃত্যশিল্পীসকলে হাত চাপৰি বজায়, বুকু, উৰু আৰু মাটিত চৰ মাৰে, আঙুলিৰে টিলিকি মাৰে৷ শৰীৰৰ ভংগীমাবোৰ দৈনন্দিন জীৱন আৰু তেওঁলোকৰ প্ৰাকৃতিক পৰিৱেশৰ প্ৰতীক হিচাপে দেখুওৱা হয়।৮

প্ৰদৰ্শন

সাধাৰণ চামান নৃত্য পৰিৱেশন সাধাৰণতে তলত দিয়া ক্ৰিয়া-কলাপৰ দ্বাৰা গঠিত হয়: প্ৰথমতে, নৃত্যশিল্পীসকলে মঞ্চত প্ৰৱেশ কৰি সাধাৰণতে জাপানীসকলে বহাৰ (চেইজাৰ৯) সমতুল্য ৰূপত বহি তাৰ লগে লগে এটা শাৰী গঠন কৰে। তাৰ পিছত গায়কে গান গাবলৈ আৰম্ভ কৰে৷ আৰম্ভণিৰ গীতৰ কথাবোৰে সাধাৰণতে গায়ো সংস্কৃতিৰ সাধাৰণ বৈশিষ্ট্যসমূহ মধ্যমীয়া গতিৰে প্ৰকাশ কৰিবলৈ ধৰে। তাৰ পিছত নৃত্যশিল্পীসকলে গীতৰ গতিবিধি অনুসৰণ কৰি ছন্দময়ভাৱে হাত লৰচৰ কৰিবলৈ আৰম্ভ কৰে। ক্ৰমে নৃত্যৰ সময় আগবাঢ়ি যোৱাৰ লগে লগে শিল্পীসকলৰ বাহু, মূৰ আৰু শৰীৰৰ ওপৰৰ অংশৰ সৈতেও গতিবিধিসমূহ বিয়পি যায়। নৃত্যৰ গতি লাহে লাহে দ্ৰুত হৈ পৰে আৰু তেনে অৱস্থাত বহা আসনৰ অৱস্থান সলনি হৈ পৰিব পাৰে। নৃত্যৰ মূল উপাদানটো হ’ল, প্ৰতিজন নৃত্য-শিল্পীয়ে একে সময়তে সমন্বয় সাধন কৰিব লাগিব, যাৰ ফলত এক সমজাতীয়, অবিৰত, গতিৰ ৰেখা সৃষ্টি হয় যিটোক প্ৰায়ে চামান নৃত্যৰ সংজ্ঞায়িত বৈশিষ্ট্য হিচাপে বৰ্ণনা কৰা হয়। এই নৃত্যটো বিশেষভাবে উল্লেখযোগ্য কৰি তোলাৰ কথাটো হ’ল, গায়ো লুইছৰ পৰা অহা এই মূল চামান নৃত্যটোৰ লগত কোনো বাদ্যযন্ত্ৰ সংগত কৰা নহয়।

তথ্যসূত্ৰ

  1. ↑ Saman Dance
  2. ↑ (18 November 2015). Mengulik Data Suku di Indonesia. Badan Pusat Statistik
  3. ↑ "Saman dance", Inscribed in 2011 (6.COM) on the List of Intangible Cultural Heritage in Need of Urgent Safeguarding List. UNESCO
  4. ↑ (November 24, 2011). UNESCO officially recognizes Saman Dance as part of intangible cultural heritage, UNESCO
  5. ↑ 9 Properti Tari Saman (Lengkap beserta gambar dan deskripsi)
  6. ↑ (January 13, 2012). Saman dance named best ASEAN cultural preservation effort
  7. ↑ Tari Saman. KEDUBES RI
  8. ↑ চামান নৃত্য
  9. ↑ seiza

সম্পৰ্কিত শ্ৰেণী

ইণ্ডোনেছিয়াৰ সংস্কৃতিলোক-নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চামান নৃত্য” প্ৰবন্ধৰ সংশোধন ৫৩৯৫৮৮ (২১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।