ছানাম (ইংৰাজী ভাষা: Sanam) বা চেনেম (senem), যাক চীনা ভাষা ভাষাত চাইনাইমু (赛乃姆) বুলিও লিখা হয়, হৈছে চীনৰ শিনচিয়াং (Xinjiang) স্বায়ত্তশাসিত অঞ্চলৰ উইঘুৰসকলৰ মাজত বহুলভাৱে প্ৰচলিত এক পৰম্পৰাগত সংগীত আৰু নৃত্যশৈলী। ই সাধাৰণতে বিবাহ, উৎসৱ-পাৰ্বণ আৰু সামাজিক অনুষ্ঠান-পাৰ্টিবোৰত পৰিৱেশন কৰা হয়।১২ ইয়াৰ সংগীত প্ৰথমতে লাহে লাহে আৰম্ভ হয় আৰু ক্ৰমান্বয়ে দ্ৰুত হৈ পৰে, যাৰ ফলত বিশেষকৈ প্ৰদৰ্শনৰ শেষৰফালে নৃত্যসমূহ অধিক সজীৱ আৰু আকৰ্ষণীয় হৈ উঠে।
ছানাম সংগীত
ছানাম সংগীত হৈছে সাধাৰণতে নৃত্যৰ বাবে পৰিৱেশন কৰা ছয়ৰপৰা তেৰটা গীতৰ এক সংকলন বা ক্ৰম। অৱশ্যে, নাঘ্ৰা আৰু ছুনায় বাদ্যৰ দলসমূহে ইয়াক কেৱল বাদ্যযন্ত্ৰৰ সহায়ত কোনো কণ্ঠ সংগীত অবিহনেও পৰিৱেশন কৰিব পাৰে। গীতসমূহ এক মধ্যমীয়া চাৰি-তালৰ নৃত্যৰ লয়ত আৰম্ভ হয় আৰু ক্ৰমান্বয়ে দ্ৰুত চাৰি-তালৰ দিশলৈ গতি কৰে।৩
ছানাম সংগীতৰ বিভিন্ন প্ৰকাৰ আছে আৰু শিনচিয়াং অঞ্চলৰ প্ৰধান মৰূদ্যান চহৰবোৰৰ নিজা স্বকীয় কণ্ঠশৈলী আৰু গীতৰ সংকলন আছে। স্থানীয় ভিন্নতা অনুসাৰে প্ৰায়ে ঠাইখনৰ নামটো 'ছানাম' শব্দটোৰ আগত উল্লেখ কৰা হয় (যেনে: কাশগৰ ছানাম, ইলি ছানাম আদি)।
ছানাম নৃত্য
ছানাম নৃত্যশিল্পীসকলৰ অংগ সঞ্চালনত ডিঙিৰ বিশেষ লৰচৰ, আৰু কিলাকুটি, চকু তথা আঙুলিৰ সঞ্চালন অন্তৰ্ভুক্ত হৈ থাকে।১ নৃত্যশিল্পীসকলে সংগীতৰ গতি বা লয় অনুসৰি বাদ্যৰ তালে তালে নিজাকৈ তাৎক্ষণিকভাৱেও নৃত্যৰ ভংগিমা সজাব পাৰে। প্ৰতিটো অঞ্চলৰে নিজা স্বকীয় নৃত্যশৈলী থাকিব পাৰে।২
এই প্ৰদৰ্শনৰ এক বিশেষ বৈশিষ্ট্য হৈছে যে ইয়াত নৃত্যশিল্পী আৰু গায়কসকল সুকীয়াকৈ বহে।
তথ্যসূত্ৰ
- ↑ Mehmud Abliz. Uyghur Music
- ↑ Brief Introduction of Uyghur Dances work - Uyghur Music Dance and Songs Online
- ↑ Music of the Uyghurs. London Uyghur Ensemble
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছানাম (নৃত্য)” প্ৰবন্ধৰ সংশোধন ৬৩৪৩২৯ (৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।