লোক-নৃত্য
১১১ প্ৰবন্ধ
-
আৰ্দা
আৰ্দা উপসাগৰীয় সহযোগিতা পৰিষদৰ বেছিভাগ দেশতে অৱস্থিত আৰব উপদ্বীপৰ এক প্ৰকাৰৰ লোককথাৰ দলীয় নৃত্য। এই নৃত্যত শিল্পীসকলে ইটোৱে সিটোৰ বিপৰীতে দুটা শাৰীত মুখামুখীকৈ থিয় হৈ পৰিবেশন কৰা হয়; আৰু শিল্পীসকলে প্ৰত্যেকেই তৰোৱাল বা বেত ব্যৱহাৰ কৰিব পাৰে বা নকৰিবও পাৰে আৰু ইয়াৰ লগত ঢোল আৰু মৌখিক কবিতাও…
-
ইনটোৰে
ইনটোৰে (ইংৰাজী: Intore), যাক কেতিয়াবা বীৰসকলৰ নৃত্য বুলিও কোৱা হয়, হ’ল ৰুৱাণ্ডা আৰু বুৰুণ্ডিত কেৱল পুৰুষৰ দ্বাৰা পৰিৱেশন কৰা এক পৰম্পৰাগত নৃত্য; মহিলাসকলক এই নৃত্য কৰিবলৈ অনুমতি দিয়া নহয়।
-
ইয়াৰখুষ্টা
ইয়াৰখুষ্টা (Yarkhushta) হৈছে আৰ্মেনিয়াৰ লোক নৃত্য আৰু সমৰকলা নৃত্য, এই নৃত্য ছাছুন অঞ্চলৰ ঐতিহাসিক উচ্চভূমি অঞ্চলত বেছিকৈ দেখা যায়৷ ইয়াৰখুষ্টা নৃত্য আৰ্মেনিয়াৰ বহল পৰিসৰত দেখা পোৱা "ক্লেপ ডান্স" শ্ৰেণীৰ অন্তৰ্গত।
-
ইয়োলাহ্ (নৃত্য)
ইয়োলাহ্(আৰবী ভাষাত: اليولة, al-yawlah, বা العيالة, al-ʿayyalah বা al-ʿiyyalah), সংযুক্ত আৰব আমিৰশ্বাহীৰ এবিধ পৰম্পৰাগত অস্ত্ৰ নৃত্য৷ ইয়াক বিয়া, উৎসৱ আৰু অন্যান্য অনুষ্ঠানৰ সময়ত পৰিৱেশন কৰা হয়।
-
ইষ্ট’নিয়ান লোকনৃত্য
ইষ্ট’নিয়ান লোকনৃত্য (ইংৰাজী: Estonian folk dance) হ’ল এক পৰম্পৰাগত আৰু সাংস্কৃতিকভাৱে স্বকীয় নৃত্যশৈলী যি ইষ্ট’নিয়াৰ উত্তৰ ইউৰোপীয় ঐতিহ্যক প্ৰতিফলিত কৰে।
-
ইৰুলা নৃত্যম
ইৰুলা নৃত্যম (Irula Nritham), যাক ইৰুলাৰ নৃত্যম বুলিও কোৱা হয়। এই নৃত্য দক্ষিণ ভাৰতৰ ইৰুলা জনগোষ্ঠীৰ এক পৰম্পৰাগত জনজাতীয় নৃত্য। এই নৃত্য বিশেষকৈ কেৰালাৰ পালাক্কাড জিলাৰ আট্টাপ্পাডি অঞ্চলত ইৰুলা সম্প্ৰদায়ৰ লোকসকলে পৰিৱেশন কৰে।
-
উজুণ্ডাৰা
উজুণ্ডাৰা বা অউজৌণ্ডাৰা (Uzundara) পৰম্পৰাগতভাৱে আৰ্মেনিয়ান আৰু আজাৰবাইজানী মহিলাসকলে পৰিৱেশন কৰা এটা সংগীত-প্ৰধান নৃত্য। আজি সমগ্ৰ দক্ষিণ ককেছাছ অঞ্চলতে এই নৃত্য বিখ্যাত; বিশেষকৈ আৰ্মেনিয়া, আজাৰবাইজান আৰু জৰ্জিয়া আদিত।
-
একিকিবি
একিকিবি (ইংৰাজী: Ekikibi) হৈছে বাকোঞ্জো জনগোষ্ঠীৰ এটা পৰম্পৰাগত প্ৰেমমূলক নৃত্য। এই জনগোষ্ঠী পশ্চিম উগাণ্ডা আৰু পূৰ্ব গণতান্ত্ৰিক কংগো প্ৰজাতন্ত্ৰত অৱস্থিত ৰুৱেনজোৰি পৰ্বতমালা অঞ্চলত বসবাস কৰে।
-
একিজিনো
একিজিনো (ইংৰাজী: Ekizino), যাক কিজিনো বুলিও কোৱা হয়, হৈছে উগাণ্ডাৰ দক্ষিণ-পশ্চিমাঞ্চলৰ কিগেজি অঞ্চলত বসবাস কৰা বাকিগা জনগোষ্ঠীৰ এটা পৰম্পৰাগত সামাজিক নৃত্য।
-
একিটাগুৰিৰো
একিটাগুৰিৰো (ইংৰাজী: Ekitaguriro), যাক গৰু নৃত্য বুলিও জনা যায়, হ’ল দক্ষিণ-পশ্চিম উগাণ্ডাত অৱস্থিত এনকোৰে বা আনকোলে অঞ্চলৰ এক পৰম্পৰাগত নৃত্য। ই এক আনন্দ উদ্যাপনৰ নৃত্য যিটো পুৰুষ আৰু মহিলা উভয়ে পৰিৱেশন কৰে।
-
এডোংগা নৃত্য
এডোংগা নৃত্য (ইংৰাজী: Edonga Dance, সংক্ষিপ্তভাৱে এডোংগা) হৈছে উগাণ্ডাৰ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত কাৰামোজং জনগোষ্ঠীৰ এটা পৰম্পৰাগত সাংস্কৃতিক নৃত্য। এই জনগোষ্ঠী নিলোটিক জনগোষ্ঠীৰ অন্তৰ্গত আৰু বিশেষকৈ কোটিডো জিলা আৰু মোৰোটো জিলাত বসবাস কৰে।
-
এৰুথুকালি
এৰুথুকালি (ইংৰাজী: Erutukali, কেতিয়াবা এৰুথু কালি বুলিও লিখা হয়) হৈছে ভাৰতৰ কেৰেলা ৰাজ্যৰ উত্তৰ মালাবাৰ অঞ্চলত প্ৰচলিত এটা লোকশিল্প। এই লোকনৃত্য আৰু লোকানুষ্ঠানটো মূলতঃ মাভিলাৰ জনগোষ্ঠীৰ দ্বাৰা পালন কৰা হয়।
-
ওচমান টাকাৰ নৃত্য
ওচমান টাকাৰ নৃত্য(Dance of Osman Taka) (Οσμαντάκας or Σαμαντάκας)আলবেনিয়া আৰু গ্ৰীচত প্ৰচলিত এক পৰম্পৰাগত নৃত্য। আলবেনিয়াত ইয়াক মূলতঃ চাম আলবেনিয়ানসকলে পৰিৱেশন কৰে।
-
কণী নৃত্য
কণী নৃত্য ( Egg dance) খৃষ্টান ধৰ্মাৱলম্বীসকলৰ ইষ্টাৰৰ সময়ৰ এক পৰম্পৰাগত খেল, য'ত কিছুমান কণী মাটি বা মজিয়াত থৈ দিয়া হয় আৰু ইয়াৰ মাজত নৃত্য কৰা হয় আৰু লক্ষ্য কৰা হয় যাতে নৃত্যৰ ফলত কণীৰ যিমান পাৰি কম ক্ষতি হয়।
-
কাংগিলু
কাংগিলু বা কাংগীলু ( Kangilu) দক্ষিণ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ উড়ুপি আৰু দক্ষিণ কানাড়া অঞ্চলৰ এক পৰম্পৰাগত লোকনৃত্য। তুলু পঞ্জিকাৰ মে’ মাহৰ পূৰ্ণিমাৰ দিনা পৰিৱেশন কৰা ই এক আধ্যাত্মিক নৃত্য।
-
কাছাক্ নৃত্য
কাছাক্, ইণ্ডোনেছিয়ান ভাষাত Tari kecak নামেৰে জনাজাত, বালিৰ হিন্দু নৃত্য আৰু সংগীত নাটকৰ এটা প্ৰকাৰ, যি ১৯৩০ চনত ইণ্ডোনেছিয়াৰ বালিত বিকশিত হৈছিল। সৃষ্টিৰ পিছৰে পৰা ইয়াক প্ৰধানকৈ পুৰুষে পৰিবেশন কৰি আহিছিল, ২০০৬ চনত প্ৰথম মহিলা কাছাক্ গোট আৰম্ভ হয়।
-
কাদোদি নৃত্য
কাদোদি নৃত্য (ইংৰাজী: Kadodi dance) হৈছে বামাসাবা জনগোষ্ঠীৰ এটা পৰম্পৰাগত নৃত্য। বামাসাবাসকলক বাগিছু বা গিছু বুলিও কোৱা হয়। এই জনগোষ্ঠী মূলতঃ পূব উগাণ্ডা আৰু পশ্চিম কেনিয়া অঞ্চলত বাস কৰে।
-
কালীয়ুট্টু
কালীয়ুট্টু (ইংৰাজী: Kaliyoottu), যাক কালী নাটকম (অৰ্থাৎ কালীৰ খেল) বুলিও জনা যায়, ভাৰতৰ দক্ষিণ কেৰালাৰ তিৰুৱনন্তপুৰম আৰু কোল্লাম জিলাত জনপ্ৰিয় এক ধৰ্মীয় পৰিৱেশ্য কলা। ই ভদ্ৰকালী আৰু অসুৰ দাৰিকাৰ মাজত হোৱা যুদ্ধৰ সৈতে জড়িত এক লোককলা।
-
কাৰা জোৰ্গা
কাৰা জোৰ্গা (ইংৰাজী: Kara Jorga বা Kara Zhorga; কাজাখ: Qara jorğa; অৰ্থ: “লেহেমীয়া গতিত চলা ক’লা ঘোঁৰা”) হৈছে কাজাখ জনগোষ্ঠীৰ এক পৰম্পৰাগত লোকনৃত্য আৰু বাদ্যসংগীত। ই একপ্ৰকাৰৰ বাদ্যসংগীত (küy) আৰু নৃত্য, য’ত ঘোঁৰাৰ লেহেমীয়া গতিত চলাৰ ভংগী (ambling gait) প্ৰতিফলিত হয়।
-
কাৰাকাট্টম
কাৰাকাট্টম (তামিল: கரகாட்டம் “কাৰকাম (கரகம் ‘পানীৰ কলহ’) নৃত্য”), বা কেৰিবিয়ানত কাৰাগাম পূজা, হৈছে বৰষুণ দেৱী মৰিআম্মাৰ বন্দনাৰ বাবে পৰিবেশন কৰা তামিলনাডুৰ এটা প্ৰাচীন লোক-নৃত্য।
-
কুম্পো নৃত্য
কুম্পো নৃত্য( Kumpo) আফ্ৰিকা মহাদেশৰ এক লোকনৃত্য৷ আফ্ৰিকা মহাদেশৰ ’চেনেগাল’ আৰু ’গাম্বিয়া’ প্ৰদেশৰ “কাচামেন্সা’’ নৈৰ উপত্যকা নিবাসী “জোলা জনগোষ্ঠী’’ৰ মানুহৰ পৰম্পৰাগত পৌৰাণিক কাহিনীৰ তিনিটা চৰিত্ৰ কুম্পো, সময় আৰু নিয়াছে৷ এইসকলক কেন্দ্ৰ কৰি বছৰত একাধিকবাৰ অনুষ্ঠিত হোৱা লোকউৎসৱ Journees…
-
কুৰ্দিচ নৃত্য
কুৰ্দিচ নৃত্য (ইংৰাজী: Kurdish dances) হ’ল কুৰ্দিচসকলৰ মাজত প্ৰচলিত এক ধৰণৰ পৰম্পৰাগত লোকনৃত্য। ই এক প্ৰকাৰৰ বৃত্তাকাৰ নৃত্য, য’ত প্ৰায়ে নৃত্যৰ বৃত্তটোৰ জ্যামিতিক কেন্দ্ৰত এজন বা এহাল মুখ্য নৃত্যশিল্পী থাকে।
-
কৰম নাচ
কৰম নাচ বা কৰম নৃত্য হৈছে প্ৰতি বছৰে কৰম উৎসৱৰ সময়ত পৰিবেশন কৰা মধ্য আৰু পূব ভাৰতৰ এক পৰম্পৰাগত নৃত্য। কৰম উৎসৱ হৈছে ভাদ মাহৰ শুক্ল পক্ষৰ একাদশীৰ পৰা আৰম্ভ হোৱা এটা শৰৎকালীন উৎসৱ। ইয়াক ছত্তীসগঢ়, ঝাড়খণ্ড, মধ্য প্ৰদেশ, ওড়িশা আৰু পশ্চিমবংগত উদ্যাপন কৰা হয়। কৰম বা কৰ্মৰ অৰ্থ হৈছে ‘ভাগ্য’।
-
কৰিডিনহো
কৰিডিনহো (ইংৰাজী: Corridinho) হ’ল পৰ্তুগীজ লোক-নৃত্যৰ এটা ৰূপ, যাৰ প্ৰচলন বিশেষকৈ আলগাৰ্ভ অঞ্চলত দেখা যায়। এই নৃত্যৰ উৎপত্তিৰ সঠিক সময় স্পষ্ট নহয় যদিও ই অতি প্ৰাচীন বুলি বিশ্বাস কৰা হয়। ১৮০০ চনৰ পৰা ই জনপ্ৰিয়তা লাভ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ নামটো correr শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল 'দৌৰা'।
-
গামবুট নৃত্য
গামবুট নৃত্য বা ইচিকাথুলো দক্ষিণ আফ্ৰিকাৰ এক প্ৰকাৰ নৃত্য, যি ৱেলিংটন বুট পিন্ধা নৃত্যশিল্পীসকলে পৰিৱেশন কৰে। দক্ষিণ আফ্ৰিকাত এইবোৰক বেছিকৈ গামবুট বুলি কোৱা হয়। বুটবোৰ হয়তো ঘণ্টাৰে সজাই থোৱা হ’ব পাৰে, যাতে নৃত্যশিল্পীসকলে মাটিত জাঁপ মাৰিলেই বুটবোৰ বাজি উঠে।
-
গাৰাডি
গাৰাডি হৈছে পুডুচেৰীৰ এক পৰম্পৰাগত লোক-নৃত্য৷ গাৰাডি নৃত্য পৌৰাণিক কাহিনীৰ আধাৰত সৃষ্টি হৈছে৷ এই নৃত্যৰ বাবে পাঁচৰ পৰা আঠ ঘণ্টা সময় লাগে৷ বছৰৰ সকলো উৎসৱ-পাৰ্বনত এই নৃত্য প্ৰদৰ্শন কৰা হয়৷ পুডুচেৰীৰ এই গাৰাডী নৃত্য ৰামায়ণৰ কালৰ পৰাই উৎপত্তি হৈছে বুলি কোৱা হয়৷ ৰাৱণৰ ওপৰত ৰামৰ বিজয় উদযাপনৰ বাবে…
-
গুলেৱামকুলু
গুলেৱামকুলু (ইংৰাজী: Gule Wamkulu) হ’ল মালাৱী, জাম্বিয়া আৰু মোজাম্বিকৰ চেৱা লোকসকলৰ এক ধৰ্মীয় মুখা পৰিধান কৰি কৰা অনুষ্ঠান আৰু নৃত্য। এই নৃত্য ন্যাউ সমাজৰ দীক্ষিত সদস্যসকলৰ দ্বাৰা পৰিৱেশন কৰা হয়। ইয়াৰ নামটোৰ অৰ্থ ব্যাপকভাৱে "মহান নৃত্য" বুলি অনুবাদ কৰা হয়।
-
গুৱাটেমালাৰ মায়ান হৰিণা নৃত্য
গুৱাটেমালাৰ মায়ান ডিয়াৰ (হৰিণাা) নৃত্য (ইংৰাজী: Mayan Deer Dance), যাক স্পেনিছ ভাষাত "বাইল ডি ভেনাডো" (Baile de Venado) বুলিও জনা যায়, হ’ল গুৱাটেমালাৰ খিলঞ্জীয়া মায়ান লোকসকলৰদ্বাৰা পৰিৱেশন কৰা এক পৰম্পৰাগত নৃত্য।
-
গ্ৰিডা নৃত্য
গ্ৰিডা নৃত্য (হিন্দী: ग्रिडा) হৈছে ভাৰতবৰ্ষৰ মধ্য প্ৰদেশৰ কিছুমান গাঁৱত পৰিৱেশন কৰা এক প্ৰকাৰৰ লোক-নৃত্য। ৰবি শস্য চপোৱাৰ সময়ত গাঁৱৰ লোকসকল একত্ৰিত হৈ গ্ৰিডা নৃত্য পৰিৱেশন কৰি উৎসৱ উদযাপন কৰে, এই অনুষ্ঠান পুৱাৰে পৰা গধূলিলৈকে চলি থাকে।
-
গৰীয়া নৃত্য
গৰীয়া নৃত্য বা গৰিয়া নৃত্য ( Goriya Dance) হৈছে ভাৰতৰ পূব প্ৰান্তত থকা ৰাজ্য ত্ৰিপুৰাৰ ত্ৰিপুৰী জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য। এই নৃত্য পৰিৱেশন কৰা হয় গৰীয়া পূজাৰ সময়ত৷ গৰীয়া পূজা নতুন শস্যৰ বীজ সিঁচাৰ আনন্দ উৎসৱ আৰু ব’হাগ মাহত ভাল শস্যৰ বাবে প্ৰাৰ্থনা কৰা উৎসৱ।