লোক-নৃত্য
১১১ প্ৰবন্ধ
-
বুমবাল
বুমবাল (ইংৰাজী: Boombal) হ’ল বেলজিয়ামত শেহতীয়াকৈ জনপ্ৰিয় হোৱা এক লোক-নৃত্যৰ অনুষ্ঠান, যাৰ উৎপত্তি ফৰাচী 'বাল ফ’ক' (bal folk)ৰপৰা হৈছে। এই অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে ফৰাচী লোক-নৃত্যৰ শৈলীৰে পৰিৱেশন কৰা বিভিন্ন যুটীয়া নৃত্য, বৃত্তাকাৰ নৃত্য, শাৰীবদ্ধ নৃত্য আদি যেনে— ৱাল্টজ (waltz), পোলকা (polka),…
-
বেদাৰা ভেছা
বেদাৰ ভেছা কৰ্ণাটকৰ ছিৰচি চহৰত হোলী উদযাপনৰ কিছুদিন আগেয়ে পৰিৱেশন কৰা এক পৰম্পৰাগত লোকনৃত্য৷। ইয়াক ‘হাণ্টাৰ ডান্স’ বুলিও কোৱা হয়। ছিৰচি চহৰৰ মানুহে প্ৰতি এবছৰৰ অন্তৰে অন্তৰে এই অনন্য লোকনৃত্যৰে হোলী উদযাপন কৰে। ইয়ে হোলীৰ পাঁচোটা দিনতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ জনসমাগমক আকৰ্ষণ কৰে।
-
বৈৰাতী নৃত্য
বৈৰাতী নৃত্য ( Bairati dance) পশ্চিমবংগৰ ঠাইবিশেষে প্ৰচলিত এক লোকনৃত্য৷ সাধাৰণতে বিয়াৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি এই নৃত্য নচা হয়৷ পশ্চিম বংগৰ কোচবিহাৰ জিলা এলেকাৰ গ্ৰামীণ জনজীৱনত এই নৃত্যৰ প্ৰভাৱ বেছি৷ আগৰ দিনত বিয়াৰ দিন ঠিক হোৱাৰ পৰা কইনা বিদায়লৈকে বিভিন্ন পৰ্বত এই নৃত্য চলি থাকে৷ এই নৃত্যত…
-
বো’লা নৃত্য
বো’লা নৃত্য,(Bwola) যাক আচোলি বো’লা বুলিও কোৱা হয়, উত্তৰ উগাণ্ডাৰ আচোলি জনগোষ্ঠীৰ মাজত উৎপত্তি হোৱা এটা পৰম্পৰাগত নৃত্য। ইয়াক বিশেষ উপলক্ষ্যত আৰু ৰজা আৰু মুখিলয়ালকে ধৰি নেতৃস্থানীয়লোকৰ সন্মুখত প্ৰদৰ্শনৰ বাবে ৰখা হয়।
-
ভূমি নাচ
ভূমি নাচ (বাল পূজা, নামকা পৰ্ব, লোকবাংগে, জ্যামক্ৰি ৰ বাল্কা আৰু বুল্কু বুলিও জনা যায়) নেপালৰ লুম্বিনি প্ৰদেশৰ খাম মগৰ লোকসকলে পালন কৰা অন্যতম উৎসৱ। ভূমি শব্দ নেপালী ভাষাত “ভূমে’’ যাৰ অৰ্থ ‘পৃথিৱী’ আৰু নাচৰ অৰ্থ ‘নৃত্য’।
-
ভৈৰৱ নাচ
ভৈৰৱৰ নৃত্য বা ভৈৰৱ প্যানখান নেপালৰ পোখাৰা উপত্যকাৰ নেৱাৰ সম্প্ৰদায়ৰ লোকে ভৈৰৱ যাত্ৰা উৎসৱৰ অংশ হিচাপে পৰিৱেশন কৰা আৰু শিৱৰ আন এটা নাম ভৈৰৱৰ নামেৰে নামকৰণ কৰা মুখা পিন্ধি কৰা এক প্ৰাচীন নৃত্য।
-
মহাণ্ডে নৃত্য
মহাণ্ডে (ইংৰাজী: Mhande) হ’ল শোনা লোকসকলৰ মাজত প্ৰচলিত এক পৰম্পৰাগত প্ৰদৰ্শনী, য’ত সংগীত আৰু নৃত্য অন্তৰ্ভুক্ত থাকে। ই কাৰাঙ্গা লোকসকলৰ এক বাৰ্ষিক বৰ্ষা অনুষ্ঠান 'মুতুৰো' উৎসৱৰ এক গুৰুত্বপূৰ্ণ উপাদান।
-
মাচ
মাচ (ইংৰাজী: Maach) হৈছে ভাৰতৰ মধ্য প্ৰদেশ ৰাজ্যৰ মালৱা অঞ্চলৰ এক প্ৰকাৰৰ লোকনাট্য অনুষ্ঠান।
-
মাপালে
মাপালে (ইংৰাজী: Mapalé) হ’ল এক আফ্ৰো-কলম্বিয়ান নৃত্যশৈলী যিটো ক্ৰীতদাসসকলৰদ্বাৰা আমদানি কৰা হৈছিল। ই এক দীঘলীয়া দিনৰ পৰিশ্ৰমৰ পিছৰ মাছমৰীয়াসকলক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ নামটো পানীৰ বাহিৰলৈ ওলাই অহা কেথোৰপছ মাপালে নামৰ মাছবিধৰপৰা আহিছে।
-
মালৱাই গিদ্ধা
মালৱাই গিদ্ধা (ਮਲਵਈ ਗਿੱਧਾ) হৈছে পঞ্জাৱৰ মালৱা অঞ্চলৰ পুৰুষৰ লোকনৃত্য। এই নৃত্যটো প্ৰথমে বাবেই (বয়সিয়াল)-ৰ দ্বাৰা পৰিবেশন কৰা হৈছিল আৰু সেয়েহে ইয়াক বাবেয়ান দা গিদ্ধা বুলিও কোৱা হয় যদিও বৰ্তমান এই নৃত্যটো কম বয়সৰ পুৰুষেও পৰিবেশন কৰে।
-
মেৰেংগে নৃত্য
মেৰেংগে (ইংৰাজী: Merengue) হ’ল ডমিনিকান সংগীত আৰু নৃত্যৰ এক শৈলী। মেৰেংগে ডমিনিকান প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰীয় নৃত্য আৰু দেশখনৰ ৰাষ্ট্ৰীয় পৰিচয়ৰ ক্ষেত্ৰতো ই অতি গুৰুত্বপূৰ্ণ। ই একপ্ৰকাৰৰ খোজ কাঢ়ি কৰা নৃত্য আৰু নৃত্যৰ অভিজ্ঞতা থকা বা নথকা সকলো ধৰণৰ লোকৰ বাবে ই সহজসাধ্য।
-
মৰিচ নৃত্য
মৰিচ নৃত্য ইংৰাজ লোকগাথাৰ পৰা উদ্ভৱ হোৱা এটা জনপ্ৰিয় লোকনৃত্যৰ ৰূপ। সুন্দৰভাৱে সজ্জিত নৃত্যশিল্পীৰ দলৰ ছন্দোবদ্ধ পদক্ষেপৰ জৰিয়তে এই নৃত্য প্ৰদৰ্শিত হয়। তেওঁলোকৰ সৈতে সঙ্গীত দিবলৈ থাকে এক দল বাদ্যযন্ত্ৰবাদক বা কোনো একক সঙ্গীতশিল্পী।
-
লুংগী পাঞ্চি নৃত্য
লুংগী পাঞ্চি নৃত্য হৈছে পশ্চিম বংগৰ চাঁওতাল জনগোষ্ঠীৰ এক পৰম্পৰাগত নৃত্য শৈলী। পুৰুষ-মহিলা উভয়ে পৰিৱেশন কৰা এই নৃত্যৰ লগত পৰম্পৰাগত লোক সংগীত পৰিৱেশন কৰা হয়। চাঁওতালসকল ভাৰত আৰু বাংলাদেশত অতি বৃহৎ জনবসতি থকা মুণ্ডা জনগোষ্ঠীৰ অন্তৰ্গত লোক।
-
লেজিম
লেজিম (Lezim) বা লেজিয়াম হৈছে ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এটা লোকনৃত্য। ইয়াক কেতিয়াবা "লেজিয়াম" বুলিও লিখা হয়। লেজিম নৃত্যশিল্পীসকলে ঝনঝন শব্দ কৰা অৱতল ধাতুৰ প্লেটৰ সৰু বাদ্যযন্ত্ৰ এটি কঢ়িয়াই লৈ ফুৰে যাক লেজিম বা লেজিয়াম বুলি কোৱা হয়। ইয়াৰ নামেৰেই নৃত্যৰূপটোৰ নামকৰণ কৰা হৈছে।
-
লেবাং বুমানি নৃত্য
লেবাং বুমানি নৃত্য( Labang Bumani Dance) ত্ৰিপুৰা ৰাজ্যৰ অধিবাসী ত্ৰিপুৰী সম্প্ৰদায়ৰ মাজত প্ৰচলিত এক কৃষিভিত্তিক নৃত্য৷ “লেবাং’’ মানে ত্ৰিপুৰী ভাষাত এবিধ পতংগ যিয়ে ঝুম খেতিৰ উৎপাদিত শস্য নষ্ট কৰে৷ “বুমা’’ মানে কৌশল কৰি ধৰা৷ অৰ্থাৎ কৌশলপূৰ্ণভাবে লেবাং পোক ধৰাই লেবাংবুমানি৷ শস্যৰ লগত জড়িত কাৰণে…
-
লৱাণ্ডা নাচ
লৱাণ্ডা নাচ ( Lavanda Nach ) ভাৰত, নেপাল, মৰিচাছ আৰু কেৰিবিয়ান দ্বীপপুঞ্জত বাস কৰা ভোজপুৰী ভাষী সম্প্ৰদায়ৰ এক লোকনৃত্য। ইয়াক কেৱল মহিলাৰ দৰে সাজ-পোছাক পৰিধান কৰা পুৰুষেহে কৰে যাক "লৱাণ্ডা" বুলি কোৱা হয়।
-
শ্বোটা (নৃত্য)
শ্বোটা (অসমৰ্থিত আলবেনিয়ান ৰূপ: Shotë), ভালজা ই শ্বোটেচ(Vallja e Shotës)বা কিচিনি ই শ্বোটেচ(K'cimi i Shotës) উত্তৰ আলবেনিয়া আৰু ক'ছ'ভ'ৰ পৰা উৎপত্তি হোৱা এটা আলবেনিয়ান নৃত্য। ই আলবেনিয়ান আৱেগ আৰু দেশপ্ৰেমৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক।
-
সংগিনী নৃত্য
সাংগিনী Sangini নেপালী মহিলাসকলে তেওঁলোকৰ ধৰ্মীয় উৎসৱ তিহাৰ আৰু তীজ উপলক্ষে পৰিৱেশন কৰা এক বিশেষ ধৰণৰ গীত আৰু নৃত্য। ইয়াৰ উৎপত্তি নেপালৰ পাহাৰীয়া অঞ্চলত আৰু ইয়াক নেপাল আৰু ভাৰতৰ লগতে ভূটানৰ কিছু অংশত বাস কৰি অহা নেপালী মহিলাসকলে পৰিৱেশন কৰে।
-
হালে নৃত্য
হালে নৃত্য ( Halay) তুৰস্কৰ জাতীয় নৃত্য আৰু দেশখনৰ মধ্য, দক্ষিণ, পূব আৰু দক্ষিণ-পূব অঞ্চলৰ লোকনৃত্য শৈলীৰ এটা আঞ্চলিক ৰূপ। ইয়াক প্ৰধানকৈ তুৰস্ক আৰু কুৰ্দসকলে পৰিবেশন কৰে। হালে আৰু অনুৰূপ নৃত্য সমগ্ৰ মধ্যপ্ৰাচ্য আৰু ওচৰৰ অঞ্চলসমূহৰ একাধিক প্ৰাচীন লোকনৃত্য পৰম্পৰা আৰু সংস্কৃতিৰ এক অংশ।
-
ৰসিয়া
ৰসিয়া হৈছে ভাৰতৰ উত্তৰ প্ৰদেশৰ ব্ৰজ অঞ্চলত প্ৰচলিত ভাৰতীয় লোকসংগীতৰ এক জনপ্ৰিয় ধাৰা। ৰসিয়াৰ শৈলী একাধিক উপ-ধাৰাৰে গঠিত আৰু ইয়াক বিভিন্ন প্ৰসংগত পৰিবেশন কৰা হয়।
-
ৰাছিয়াৰ লোকনৃত্য
ৰাছিয়ান লোকনৃত্য ৰাছিয়ান সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। কিছুমান অনন্য বৈশিষ্ট্যৰ পৰা অনুমান কৰিব পাৰি যে, ইয়াৰ বহুতো উপাদান ৰাছিয়াৰ আদিম জনসাধাৰণে বিকশিত কৰিছিল।