ছেইলাম নৃত্য ( Chailam Dance) মিজো জনগোষ্ঠীৰ পাৰম্পৰিক লোক নৃত্য৷ এই নৃত্যই মনৰ আনন্দ আৰু উল্লাস প্ৰদৰ্শন কৰে৷ বাঁহৰ চুঙাৰ পেঁপা আৰু ঢোলৰ ছেঁৱত এই নাচ পৰিৱেশন কৰা হয়৷ এই নৃত্য “চাপচাৰ কুট’’ উৎসৱৰ সময়ত পৰিৱেশন কৰা হয়। এই নৃত্যত পুৰুষ আৰু মহিলাই বৃত্তাকাৰে থিয় হৈ পৰিৱেশন কৰে। নাৰী আৰু পুৰুষ ইজনে সিজনৰ পিছত থিয় হৈ একেলগে এটা বৃত্ত গঠন কৰে। ইজনে সিজনক কান্ধ আৰু কঁকালত ধৰি সমবেত সংগীত গায় আৰু তাৰ ছন্দত দোল খাই খাই নাচে। বাদ্যযন্ত্ৰ হিচাপে ঢোল আৰু গং(পেঁপা) ব্যৱহাৰ কৰা হয়।১
ছেইলাম’ৰ উৎপত্তি ১৯০০ চনৰ পিছত ‘Puma Zai’ নামেৰে জনাজাত গীতৰ লগত নচা হৈছিল যি ‘Tlanglam’ নামেৰে জনাজাত হৈছিল। আনন্দ আৰু উল্লাসৰ মনোভাৱক মূৰ্ত কৰি তোলা নৃত্য। “Chheih hla’’ নামৰ গীত এটাৰ সংগীতত পৰিৱেশন কৰা হয় বাবে ইয়াৰ নাম ছেইহ্ লাম।২
ছেইলাম যিহেতু মিজো জনগোষ্ঠীৰ লোকনৃত্য, ই ত্ৰিপুৰাত বাস কৰা মিজো লোকসকলেও পাৰম্পৰিক ৰীতিৰে পৰিৱেশন কৰে৷ এই নৃত্য “চাপচাৰকূট’’ নামে উৎসৱৰ লগত নচা হয়৷২ ’ছেই’ এক মনৰ আনন্দ প্ৰকাশক ধ্বনি৷ লাম মানে নৃত্য৷ মুখেৰে ছেই ছেই বুলি নৃত্য কৰাই ছেইলাম নৃত্য৷ আগতে ইয়াক ৰজাৰ আগত পৰিৱেশন কৰা হৈছিল; আজিকালি যিকোনো আনন্দমুখৰ অনুষ্ঠানতে নচা হয়৷৩
শৈলী
যুৱক-যুৱতীসকলে নৃত্যস্থলীত প্ৰৱেশ কৰি বৃত্তাকাৰে ঘূৰি ঘূৰি হাততালি দি গান গাই থাকে৷ তাৰ মাজৰ পৰা হঠাৎ এজন যুৱক বৃত্তৰ মাজত সোমাই আঁঠু ভাঙি বহি দুহাত প্ৰসাৰিত কৰি মুখেৰে ছেই ছেই শব্দ কৰি নাচিবলৈ ধৰে৷ কেতিয়াবা এখন হাত, কেতিয়াবা দুখন হাত আন্দোলিত কৰি শৰীৰটো বিভিন্ন ধৰণে ভাঙি ভাঙি মাজে মাজে সামান্য জঁপিয়াই নাচি থাকে৷ ইয়াৰ পিছত আন এটি দিশৰ পৰা আন এজন যুৱক একেই ধৰণে সোমাই আহি নাচিবলৈ ধৰে৷ নাচ চলি থকা অৱস্থাতেই বহাৰ পৰাই এজনী যুৱতীক টানি কাষলৈ নিয়ে৷ তায়ো চৰাইয়ে পাখি মেলাৰ দৰে দুহাত মেলি নাচে৷ এইদৰে কিছুসময় নচাৰ পাছত প্ৰথম যুৱকজন বহি যায় আৰু আন এজন যুৱকে আন এজনী ছোৱালী আনি একেই ধৰণে নৃত্য কৰে৷ এইদৰে এজন এজনকৈ সকলোৱে একোজনী ছোৱালী আনি বৃত্তৰ মাজত আধা বহি নৃত্য কৰাৰ সময়ত বাকীসকলে বৃত্তাকাৰে থাকি হাতচাপৰি বজাই উৎসহ দি থাকে৷৩
এই নৃত্যত আনন্দোচ্ছাস প্ৰকাশেই মূল লক্ষ্য৷ ইয়াৰ আন এক বৈশিষ্ট্য হ’ল, যুৱকসকলৰ মনোৰম দেহভংগীমা প্ৰদৰ্শন৷৩
তথ্যসূত্ৰ
- ↑ folk dances of Mizoram
- ↑ About Mizoram
- ↑ চক্ৰৱৰ্তী, ড° পদ্মিণী. (১৯৯২). ত্ৰিপুৰাৰ উপজাতি নৃত্য একটি সমীক্ষা. Directorate of Research, govt of Tripura. পৃ. ১০৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেইলাম নৃত্য” প্ৰবন্ধৰ সংশোধন ৬০২২৫২ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।