পৰম্পৰাগত নৰ্ডিক নৃত্য সংগীত (ইংৰাজী ভাষা: Traditional Nordic dance music) হ’ল এক প্ৰকাৰৰ পৰম্পৰাগত বা লোকসংগীত যি এসময়ত নৰ্ডিক দেশসমূহৰ মূল ভূখণ্ডত—স্কেনিডিনেভিয়া আৰু ফিনলেণ্ডত প্ৰচলিত আছিল। এই ধৰণৰ সংগীত পৰিৱেশন কৰা ব্যক্তিক ছুইডিছ বা নৰৱেজিয়ান ভাষাত স্পেলমেন, ফিনিছ ভাষাত পেলিমেন্নি আৰু ডেনিছ ভাষাত স্পিলেমণ্ড বুলি কোৱা হয়। ফিনিছ পৰম্পৰাগত নৃত্য সংগীতক প্ৰায়ে ইংৰাজী ভাষাত পেলিমেন্নি মিউজিক বুলি কোৱা হয়। দেশসমূহৰ মাজত বিভাজন কৰাতকৈ বিভিন্ন অঞ্চলৰ পৰম্পৰাগত নৃত্য সংগীতৰ মাজত পাৰ্থক্য বিচাৰি উলিওৱাটো অধিক অৰ্থপূৰ্ণ। এই ক্ষেত্ৰৰ বেছিভাগ ধাৰণাই চাৰিওখন দেশতে উমৈহতীয়া অথবা স্থানীয়। এই নৃত্য সংগীত পৰম্পৰাৰ উপৰি সকলো দেশৰ নিজস্ব লোকসংগীতৰ অন্য পৰম্পৰাও আছে।
নৰ্ডিক লোকনৃত্য সংগীত বিভিন্ন নৃত্যৰ ছন্দৰে গঠিত যিবোৰৰ উৎপত্তি নৰ্ডিক দেশত হোৱা নাছিল, বৰঞ্চ এসময়ত ইউৰোপীয় অভিজাত শ্ৰেণীৰ মাজত এইবোৰ ফেশ্বন নৃত্য হিচাপে প্ৰচলিত আছিল। সময়ৰ লগে লগে এই নৃত্যসমূহ সাধাৰণ লোকৰ মাজত বিয়পি পৰে। এইবোৰৰ বহুতো ছন্দ ইউৰোপৰ অন্যান্য প্ৰান্ততো পোৱা যায় আৰু ইয়াৰে কিছুমান ইউৰোপীয় ধ্ৰুপদী সংগীততো ব্যৱহাৰ কৰা হৈছে।
এই সংগীতৰ বেছিভাগ সুৰ ‘মাইনৰ কী’ত থাকে। পৰম্পৰাগতভাৱে বহুতো সুৰ আছিল যিবোৰক মাইনৰ বা মেজৰ হিচাপে শ্ৰেণীভুক্ত কৰিব নোৱাৰি। একৰ্ডিয়ান জনপ্ৰিয় হোৱাৰ পিছত ইয়াৰ বেছিভাগেই হেৰাই গৈছে। এই সংগীতৰ সৈতে জড়িত বেছিভাগ নৃত্যই হ’ল ‘পাৰ্টনাৰ ডান্স’ বা যুটীয়া নৃত্য, যদিও কিছু ব্যতিক্ৰমো আছে। এনে ব্যতিক্ৰমৰ ভিতৰত আছে ফিনলেণ্ডৰ কিছু অংশত প্ৰচলিত ‘মিনুৱেট’, একক নৃত্য ‘হালিং’ —যিটো সাধাৰণতে নৰৱেজিয়ান বুলি গণ্য কৰা হয়, আৰু কেইবাযোৰা দম্পতীয়ে গোট গঠন কৰি নচা ফিনিছ ‘কোৱাড্ৰিল’। আটাইতকৈ সাধাৰণ নৃত্যৰ ছন্দ হ’ল ‘পোলস্কা’। ইয়াৰ উপৰি ‘স্কটিছ’, ‘পোলকা’ আৰু ‘ৱাল্টজ’ আদিও অন্য সাধাৰণ নৃত্যৰ ছন্দ।
এই সংগীতত ব্যৱহাৰ কৰা আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ বাদ্যযন্ত্ৰ হ’ল বেহেলা। বেছিভাগ ক্ষেত্ৰতে স্বাভাৱিক বেহেলা ব্যৱহাৰ কৰা হয়, কিন্তু নৰৱেৰ কিছু অংশত ব্যৱহৃত ‘হাৰ্ডিংফেল’ৰ দৰে ব্যতিক্ৰমো আছে, য’ত স্বাভাৱিক চাৰিডাল তাঁৰৰ উপৰি অতিৰিক্ত তাঁৰ থাকে। আন এক অনন্য বাদ্যযন্ত্ৰ হ’ল ‘নিকেলহাৰ্পা’, যিটো কেৱল ছুইডেনত পোৱা যায়। পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা অন্যান্য বাদ্যযন্ত্ৰবোৰ আছিল সৰল ক্লৰিনেট আৰু পৰৱৰ্তী সময়ৰ একৰ্ডিয়ান। ছুইডিছ ‘চেকপিপা’, পুৰণি ধৰণৰ নিকেলহাৰ্পা আৰু ‘হাৰ্ডি-গাৰ্ডি’ আদি হ’ল ড্ৰোন সংগীতৰ পুৰণি পৰম্পৰাৰ সৈতে এক সংযোগ। সমসাময়িক নৰ্ডিক পৰম্পৰাগত নৃত্য সংগীতজ্ঞসকলে কম পৰম্পৰাগত বাদ্যযন্ত্ৰও ব্যৱহাৰ কৰিব পাৰে আৰু পুৰণি শৈলীত নতুন সুৰ সৃষ্টি কৰিব পাৰে।
তথ্যসূত্ৰ
- Goertzen, Chris. 1997. Fiddling for Norway: Revival and identity. Chicago: University of Chicago Press.
- Hopkins, Pandora. 1986. Aural thinking in Norway: Performance and communication with the hardingfele. NY: Human Sciences Press.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰম্পৰাগত নৰ্ডিক নৃত্য সংগীত” প্ৰবন্ধৰ সংশোধন ৫৯৬৯৫৭ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।