অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পেৰাগুৱেৰ বটল নৃত্য

পেৰাগুৱেৰ বটল নৃত্য (ইংৰাজী: Paraguayan bottle dance) হ’ল পেৰাগুৱেৰ এক পৰম্পৰাগত লোকনৃত্য, য’ত নৃত্যশিল্পীসকলে মূৰৰ ওপৰত কাঁচৰ বটলৰ ভাৰসাম্য ৰাখি নৃত্য পৰিৱেশন কৰে।

হালনাগাদ: ১ এপ্ৰিল ২০২৬ ২৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

পেৰাগুৱেৰ বটল নৃত্য (ইংৰাজী ভাষা: Paraguayan bottle dance) হ’ল পেৰাগুৱেৰ এক পৰম্পৰাগত লোকনৃত্য, য’ত নৃত্যশিল্পীসকলে মূৰৰ ওপৰত কাঁচৰ বটলৰ ভাৰসাম্য ৰাখি নৃত্য পৰিৱেশন কৰে।১

ইতিহাস

বটল নৃত্যৰ উৎপত্তি এতিয়াও অস্পষ্ট হৈ আছে। এটা তত্ত্ব অনুসৰি এই নৃত্যটো গালোপা নামৰ লোকনৃত্যৰ পৰা উদ্ভৱ হৈছে, য’ত নৃত্যশিল্পীসকলে মূৰৰ ওপৰত জগ লৈ নৃত্য কৰিছিল আৰু পৰৱৰ্তী সময়ত জগৰ ঠাইত কাঁচৰ বটল ব্যৱহাৰ কৰিবলৈ লয়।২

প্ৰদৰ্শন

বটল নৃত্যত মহিলা নৃত্যশিল্পীসকলে উনবিংশ শতিকাৰ গ্ৰাম্য পোছাক পিন্ধে য’ত ভৰিৰ গাঁঠি পৰ্যন্ত দীঘল স্কাৰ্ট অন্তৰ্ভুক্ত থাকে।৩ এই প্ৰদৰ্শনত সাধাৰণতে পাৰাগুৱেৰ পোলকা ধাৰাৰ সংগীত সংগত কৰা হয়।৪ বটল নৃত্যৰ প্ৰদৰ্শনসমূহ বহু পৰিমাণে স্বতঃস্ফূৰ্ত হয় আৰু ইয়াৰ মৌলিক অংগী-ভংগীসমূহৰ ভিতৰত হাত মেলি স্কাৰ্টটো ধৰি ৰখা অন্তৰ্ভুক্ত, যাতে মূৰত কোনো বটল নাই তেনে এক ধাৰণাৰ সৃষ্টি হয়।৪৫ এই নৃত্য একক, যুটীয়া বা দলীয়ভাৱে পৰিৱেশন কৰিব পাৰি য’ত প্ৰতিজন নৃত্যশিল্পীয়ে এটা বা দুটা বটলৰ ভাৰসাম্য ৰাখে, কিন্তু অধিক দক্ষ নৃত্যশিল্পীসকলে মূৰত দহ বা ততোধিক বটলৰ ভাৰসাম্য ৰাখিবলৈ সক্ষম।৬৭ নৃত্যশিল্পীসকলে ব্যৱহাৰ কৰা বটলসমূহ সাধাৰণতে পাৰাগুৱেৰ পতাকাৰ দৰে ত্ৰিৰংগী ফিতা বা ফুলৰ দ্বাৰা সজোৱা হয়।৮ লগতে, যেতিয়া এগৰাকী নৃত্যশিল্পীয়ে এটাৰ ওপৰত আনটো বটল থৈ নৃত্য কৰে, তেতিয়া তেওঁ এনেধৰণে তৈয়াৰ কৰা বটল ব্যৱহাৰ কৰে যিবোৰ এটাৰ সৈতে আনটো লাগি ধৰে যদিও মূৰৰ সৈতে লাগি নাথাকে।৯

জনপ্ৰিয় সংস্কৃতিত

আমেৰিকান ৰিয়েলিটি শ্ব’ দা আমেজিং ৰেচ-ৰ বিংশ আৰু ত্ৰিংশতম ছিজনত এটা কাৰ্য অন্তৰ্ভুক্ত কৰা হৈছিল য’ত প্ৰতিযোগীসকলে আচুনচিয়নত বটল নৃত্য পৰিৱেশন কৰিব লগা হৈছিল।১০১১

গট টেলেণ্ট এছ্পানিয়াৰ দ্বিতীয় ছিজনৰ সময়ত এগৰাকী প্ৰতিযোগী বেলেন টৰেছে বটল নৃত্যৰ সৈতে অডিচন দিছিল য’ত তেওঁ পাঁচটা বটলৰ এটা স্তুপৰ সৈতে নৃত্য কৰি প্ৰদৰ্শন সমাপ্ত কৰিছিল।১২ তিনি বছৰৰ পিছত আন এগৰাকী প্ৰতিযোগী এৰিকা ভেগাই শ্ব’টোৰ পঞ্চম ছিজনত বটল নৃত্যৰে অডিচন দিছিল যিটো দহটা বটলৰ স্তুপৰ সৈতে কৰা নৃত্যৰে সমাপ্ত হৈছিল।১৩

তথ্যসূত্ৰ

  1. ↑ Carpenter, Allan. (1970). Paraguay. Children's Press. পৃ. 59
  2. ↑ Marshall, Euan. (November 15, 2017). A Guide to South America’s Most Iconic Dances. Culture Trip
  3. ↑ Jermyn, Leslie; Jui Lin, Yong. (2010). Cultures of the World Paraguay. Benchmark Books. পৃ. 107
  4. ↑ Nettl, Bruno; Porter, James; Stone, Ruth. (1999). Garland Encyclopedia of World Music. Routledge. পৃ. 461
  5. ↑ El Baile de la Botella (danza del Paraguay). Artigoo
  6. ↑ (August 23, 2011). DANZA PARAGUAYA. ABC Color
  7. ↑ Culture. Embassy of the Republic of Paraguay to the Republic of Korea
  8. ↑ (April 23, 2012). La danza paraguaya. ABC Color
  9. ↑ Morrison, Marion. (1987). Paraguay. Chelsea House Publishers. পৃ. 57
  10. ↑ Lynch, Joseph. (March 5, 2012). The Amazing Race recap: Pyramid Scheming and Dancing on Broken Glass. Entertainment Weekly
  11. ↑ Caruso, Nick. (November 4, 2020). Amazing Race Recap: Lost and Found. TVLine
  12. ↑ (March 26, 2016). Paraguaya sorprende con baile en programa español. HOY
  13. ↑ (November 9, 2019). Joven paraguaya arrasa en España con la "Danza de la Botella". HOY

সম্পৰ্কিত শ্ৰেণী

লোক-নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেৰাগুৱেৰ বটল নৃত্য” প্ৰবন্ধৰ সংশোধন ৫৯৯৪১০ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।