অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিদ্যা বাল

বিদ্যা বাল (১২ জানুৱাৰী ১৯৩৭ – ৩০ জানুৱাৰী ২০২০) ভাৰতৰ মহাৰাষ্ট্ৰৰ এগৰাকী মাৰাঠী নাৰীবাদী লেখিকা/সম্পাদিকা আছিল। তেওঁ আছিল এগৰাকী সমাজ কৰ্মী, বিশেষকৈ ভাৰতৰ পুৰুষৰ বিপৰীতে মহিলাৰ সামাজিক মৰ্যাদা সমতা স্থাপনৰ ক্ষেত্ৰত তেওঁৰ অৱদান উল্লেখযোগ্য।

হালনাগাদ: ১৩ আগষ্ট ২০২৫ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বিদ্যা বাল (১২ জানুৱাৰী ১৯৩৭ – ৩০ জানুৱাৰী ২০২০) ভাৰতৰ মহাৰাষ্ট্ৰৰ এগৰাকী মাৰাঠী নাৰীবাদী লেখিকা/সম্পাদিকা আছিল। তেওঁ আছিল এগৰাকী সমাজ কৰ্মী, বিশেষকৈ ভাৰতৰ পুৰুষৰ বিপৰীতে মহিলাৰ সামাজিক মৰ্যাদা সমতা স্থাপনৰ ক্ষেত্ৰত তেওঁৰ অৱদান উল্লেখযোগ্য।১২৩

জীৱনী

১৯৬৪ চনত স্ত্ৰী নামৰ মাহেকীয়া আলোচনীত সম্পাদিকা হিচাপে যোগদান কৰে, আৰু তাৰ পিছত ১৯৮৩ চনৰ পৰা ১৯৮৬ চনলৈকে ইয়াৰ পূৰ্ণকালীন সম্পাদিকা হিচাপে কাম কৰে। তেওঁ ১৯৮৯ চনত স্ত্ৰী আলোচনীৰ সম্পাদিকাৰ ফল এৰি মাহেকীয়া মিলূন সাৰ্যাজণী (মিळून सार्‍याजणी) প্ৰতিষ্ঠা কৰে।৪ ৱেব পেজ www.miloonsaryajani.in/ ত তেওঁৰ সম্পাদকীয় সন্নিবিষ্ট কৰা হৈছে য'ত মিলূন সাৰ্যাজণী প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰ বিষয়ে বৰ্ণনা কৰা হৈছে।তেওঁৰ জীৱনী কাম্লাকি আৰু উপন্যাস ভালভান্তাটিল ভাট বিখ্যাত।

মহিলাসকলে বিভিন্ন পূজাস্থলীত প্ৰৱেশৰ অধিকাৰ লাভ কৰাৰ বাবে বিদ্যা বালে মহাৰাষ্ট্ৰৰ উচ্চ ন্যায়ালয়ত আইনী যুঁজ দিছিল।৫ ১৮৯৯ চনৰ ১ এপ্ৰিলত উচ্চ ন্যায়ালয়ে তেওঁৰ পেটিপাৰ সপক্ষে সিদ্ধান্ত লয়।

সাহিত্য ‌কৰ্ম

  • সংবাদ (संवाद)
  • কথা গৌৰীচী (कथा गौरीची)
  • তুমচ্যা মাঝ্যাসাঠী (तुमच्या माझ्यासाठी)
  • অপৰাজিতাচে নিঃশ্বাস (अपराजितांचे नि:श्वास)
  • শোধ স্বতঃচা (शोध स्वत:चा)
  • কমলাকী (कमलाकी) (আত্মজীৱনী)

বঁটা

  • আগৰকাৰ সাংবাদিকতা বঁটা
  • কমল প্ৰভাকৰ পধ্য ট্ৰাষ্ট বঁটা
  • শংকৰৰাও কিৰ্লোস্কাৰ বঁটা
  • সামাজিক কৃতজ্ঞতা পুঁজিৰ দ্বাৰা প্ৰদান কৰা ‘সামাজিক কৃতজ্ঞতা জীৱনজোৰা সাফল্য বঁটা’
  • মহিলা বিষয় আৰু সাংবাদিকতাৰ ওপৰত কাম কৰাৰ বাবে ফাই ফাউণ্ডেশ্যন বঁটা৷

তথ্যসূত্ৰ

  1. ↑ (January 30, 2020). Veteran social activist and feminist writer Vidya Bal no more. Hindustan Times
  2. ↑ (2020-01-30). https://www.thehindu.com/news/national/other-states/veteran-social-activist-and-feminist-writer-vidya-bal-passes-away/article30691306.ece
  3. ↑ Arora, Sumit. (2020-02-01). Veteran social activist and feminist writer Vidya Bal passes away. adda247
  4. ↑ (January 30, 2020). Veteran social activist Vidya Bal passes away. Sakal Times
  5. ↑ (2016-04-02). Woman can enter any place of worship: Bombay High Court. Deccan Chronicle

সম্পৰ্কিত শ্ৰেণী

আদিবাসী মহিলালেখিকানাস্তিকতাবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদ্যা বাল” প্ৰবন্ধৰ সংশোধন ৫৩২১১২ (১৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।