মাচুদা খাতুন (বঙালী ভাষা: মাসুদা খাতুন; ১৮৮৫–১৯২৬) এগৰাকী অগ্ৰণী বঙালী নাৰীবাদী আৰু ধৰ্মনিৰপেক্ষ চিন্তাবিদ আছিল। তেওঁ এগৰাকী সমাজ সংস্কাৰকো আছিল। তেওঁৰ কলমী নাম আছিল Mrs M Rahman।১২
প্ৰাথমিক জীৱন
মাচুদা খাতুনৰ জন্ম ১৮৮৫ চনত এক জমিদাৰ পৰিয়ালত হৈছিল। তেওঁৰ পিতৃ এগৰাকী অধিবক্তা আছিল আৰু তেওঁ হুগলী জিলা, বংগ প্ৰেছিডেন্সী, ব্ৰিটিছ ৰাজত কৰ্মৰত আছিল। ১১ বছৰ বয়সতে তেওঁৰ বিয়া হয়। তেওঁৰ স্বামী মাহমুদূৰ ৰহমান কলিকতাত এগৰাকী ৰেজিষ্ট্ৰাৰ হিচাপে কৰ্মৰত আছিল। সেই সময়ৰ এগৰাকী উল্লেখযোগ্য নাৰীবাদী আৰু তেওঁৰ নিয়মীয়া চিঠি-পত্ৰ বন্ধুত্বৰ সঙ্গী আছিল বেগম ৰোকেয়া সাখাৱাত হুছেইন।৩
কেৰিয়াৰ
মাচুদা খাতুনে নাৰী অধিকাৰ আৰু নাৰীবাদ বিষয়ত লেখালেখি কৰিছিল। তেওঁ ৰক্ষণশীল মুছলমান সমাজৰ কঠোৰ সমালোচনা কৰিছিল। তেওঁৰ লেখাত ব্যঙ্গ আৰু ৰসিকতাৰ ব্যৱহাৰেৰে ইছলামবাদী ধাৰণাৰ বিৰুদ্ধে মত প্ৰকাশ কৰিছিল। প্ৰগতিশীল মুছলমান সমাজত তেওঁৰ ৰচনাৰ যথেষ্ট প্ৰশংসা হৈছিল।
তেওঁ কাজী নজৰুল ইছলাম সম্পাদিত আলোচনী ধূমকেতুৰ নিয়মীয়া লেখিকা আছিল। ভৱিষ্যতৰ বাংলাদেশৰ ৰাষ্ট্ৰীয় কবি কাজী নজৰুল ইছলামে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই বিশেৰ বাঁশী কবিতাখন উৎসৰ্গা কৰিছিল আৰু তেওঁক “মা” বুলি সম্বোধন কৰিছিল। তেওঁ ধৰ্মনিৰপেক্ষ চিন্তাধাৰাৰ দৃঢ় সমৰ্থক আছিল আৰু মুছলমান আৰু হিন্দু সমাজৰ মাজত ঐক্যৰ আহ্বান জনাইছিল।
মাচুদা খাতুনে সেই সময়ত বুৰ্খা নিপিন্ধাকৈ চিনেমা আৰু কীৰ্তন-ঘোষা অনুষ্ঠানলৈ গৈছিল, যি তেতিয়াৰ সমাজত অতি ব্যতিক্ৰমী আছিল। তেওঁ বেশ্যাবৃত্তিৰপৰা মুক্তিৰ বাবে এক পুনৰ্বাসন কেন্দ্ৰ স্থাপন কৰাতো সহায় কৰিছিল।৩ তেওঁ Purdah versus Deprivation নামৰ ৰচনা লিখিছিল, য’ত পৰ্দা প্ৰথাৰ জৰিয়তে ইছলামত নাৰীসকলক কিদৰে প্ৰান্তীয় কৰা হৈছে তাৰ সমালোচনা কৰা হৈছে।৪
মৃত্যু
১৯২৬ চনত মাচুদা খাতুনৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পাছত কাজী নজৰুল ইছলামে তেওঁক উৎসৰ্গা কৰি এখন গ্ৰন্থ প্ৰকাশ কৰে, য’ত তেওঁক “অগ্নি নাগিনী” উপাধি দিয়া হয়। ১৯২৭ চনত তেওঁৰ স্বামীয়ে চানাচুৰ নামৰ গ্ৰন্থ হিচাপে তেওঁৰ সংগৃহীত ৰচনা প্ৰকাশ কৰে।৩
তথ্যসূত্ৰ
- ↑ Sarkar, Mahua. (2010). Visible Histories, Disappearing Women: Producing Muslim Womanhood in Late Colonial Bengal. Duke University Press. পৃ. 261. ISBN 978-0822389033
- ↑ Hossain, Anowar. (2003). Muslim women's struggle for freedom in colonial Bengal: (1873–1940). Progressive Publishers. পৃ. 158. ISBN 9788180640308
- ↑ Amin, Sonia. Khatun, Masuda. Banglapedia
- ↑ Amin, S. N. (1996). The World of Muslim Women in Colonial Bengal, 1876–1939. BRILL. পৃ. 200. ISBN 9004106421
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাচুদা খাতুন” প্ৰবন্ধৰ সংশোধন ৫৭৫০৫৬ (৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।