চিমিন দানেশ্বৰ (ফাৰ্চী ভাষা: سیمین دانشور; জন্ম: ২৮ এপ্ৰিল ১৯২১ – মৃত্যু: ৮ মাৰ্চ ২০১২) এগৰাকী ইৰানী শিক্ষাবিদ, ঔপন্যাসিক, কল্পকাহিনী লেখিকা আৰু অনুবাদক আছিল।
তেওঁক ইৰানৰ প্ৰথমগৰাকী প্ৰধান মহিলা ঔপন্যাসিক হিচাপে গণ্য কৰা হয়। তেওঁৰ কিতাপসমূহত সাধাৰণ ইৰানী লোকৰ, বিশেষকei মহিলাসকলৰ জীৱন আৰু সেই সময়ৰ ইৰানৰ শেহতীয়া ৰাজনৈতিক তথা সামাজিক ঘটনাসমূহৰ ওপৰত আলোকপাত কৰা হৈছিল।১ দানেশ্বৰৰ নামত কেইবাটাও প্ৰথম স্থানৰ কৃতিত্ব আছে; ১৯৪৮ চনত প্ৰকাশিত তেওঁৰ পাৰ্চী চুটি গল্পৰ সংকলনখন আছিল কোনো ইৰানী মহিলাই প্ৰকাশ কৰা প্ৰথম চুটি গল্পৰ সংকলন। ইৰানী মহিলাৰদ্বাৰা ৰচিত প্ৰথম উপন্যাসখন আছিল তেওঁৰ চাবুশুন ("চিয়াভাশ্বৰ শোক পালনকাৰীসকল", যিখন এ পাৰ্চিয়ান ৰেকুইম নামেৰেও জনাজাত, ১৯৬৬), যিখন পৰৱৰ্তী সময়ত বেষ্টচেলাৰ বা সৰ্বাধিক বিক্ৰী হোৱা কিতাপ হিচাপে পৰিগণিত হৈছিল।২ পাঁচটা গল্প আৰু দুটা আত্মজীৱনীমূলক ৰচনাৰ সংকলন দানেশ্বৰচ প্লেহাউচ হৈছে এগৰাকী ইৰানী মহিলা লেখিকাৰ অনূদিত গল্পৰ প্ৰথম খণ্ড। বিখ্যাত ইৰানী লেখক জালাল আল-আহমদৰ পত্নী হোৱাৰ বাবে তেওঁৰ স্বামীৰ লিখনিত দানেশ্বৰৰ গভীৰ প্ৰভাৱ আছিল আৰু তেওঁ স্বামীৰ স্মৃতিত দ্য ডন অৱ জালাল নামৰ কিতাপখন লিখিছিল। দানেশ্বৰ এগৰাকী প্ৰখ্যাত অনুবাদকো আছিল, তেওঁৰ কেইটামান উল্লেখযোগ্য অনুবাদ আছিল এণ্টন চেখভৰ দ্য চেৰী অৰ্চাৰ্ড আৰু নাথানিয়েল হথৰ্নৰ দ্য স্কাৰলেট লেটাৰ। তেওঁৰ অন্তিমখন কিতাপ বৰ্তমান নিখোজ হৈ আছে, যিখন দ্য লষ্ট আইলেণ্ড-ৰপৰা আৰম্ভ হোৱা তেওঁৰ ত্ৰিলজী বা তিনিখনীয়া কিতাপৰ শৃংখলাৰ শেষ কিতাপ হোৱাৰ কথা আছিল। আল-আহমদ আৰু দানেশ্বৰৰ কোনো সন্তান নাছিল।৩
প্ৰাৰম্ভিক জীৱন
চিমিন দানেশ্বৰৰ জন্ম ১৯২১ চনৰ ২৮ এপ্ৰিলত ইৰানৰ চিৰাজত হৈছিল। তেওঁৰ পিতৃ মহম্মদ আলী দানেশ্বৰ এজন চিকিৎসক আছিল আৰু মাতৃ এগৰাকী চিত্ৰশিল্পী আছিল। দানেশ্বৰে মেহৰ আইন নামৰ ইংৰাজী দ্বিভাষিক বিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু অষ্টম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে স্থানীয় এখন বাতৰি কাকতত তেওঁৰ প্ৰথম প্ৰবন্ধ 'উইণ্টাৰ ইজ নট আনলাইক আৱাৰ লাইফ' (শীতকাল আমাৰ জীৱনৰপৰা পৃথক নহয়) প্ৰকাশ কৰিছিল।৪ ইয়াৰ পিছত দানেশ্বৰে ১৯৩৮ চনৰ শৰৎকালত তেহৰান বিশ্ববিদ্যালয়ৰ পাৰ্চী সাহিত্য বিভাগত নামভৰ্তি কৰে। ১৯৪১ চনত, তেওঁৰ বিশ্ববিদ্যালয়ৰ তৃতীয় বৰ্ষত পিতৃৰ মৃত্যু হয় আৰু নিজৰ খৰচ উলিয়াবলৈ তেওঁ "নেমলেচ চিৰাজী" (নামহীন চিৰাজী) ছদ্মনামেৰে ৰেডিঅ’ তেহৰানৰ বাবে লিখিবলৈ আৰম্ভ কৰে। তেওঁ ৰন্ধন-প্ৰকৰণ আৰু খাদ্যৰ লগতে অন্যান্য বিষয়ৰ ওপৰত লিখিছিল। ইংৰাজী ভাষাৰপৰা অনুবাদ কৰিব পৰা দক্ষতা থকাৰ বাবে তেওঁ তেহৰানৰ এখন বাতৰি কাকতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ বাবেও লিখিবলৈ আৰম্ভ কৰিছিল।
সাহিত্যিক জীৱন
দানেশ্বৰে অষ্টম শ্ৰেণীত পঢ়ি থকা সময়তে ১৯৩৫ চনত নিজৰ সাহিত্যিক জীৱন আৰম্ভ কৰিছিল।৫ ১৯৪৮ চনত, যেতিয়া তেওঁৰ বয়স ২৭ বছৰ আছিল, তেওঁ আতাশ-ই খামোশ (নুমুৱা জুই) প্ৰকাশ কৰে। এইখন আছিল ইৰানৰ এগৰাকী মহিলাৰদ্বাৰা প্ৰকাশিত প্ৰথম চুটি গল্পৰ সংকলন, আৰু ই তেওঁক যথেষ্ট খ্যাতি আনি দিছিল। অৱশ্যে পৰৱৰ্তী সময়ত দানেশ্বৰে এই কিতাপখন পুনৰ প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে, কাৰণ ইয়াৰ অপৰিপক্ব লিখনশৈলীক লৈ তেওঁ নিজেই কিছু সংকোচবোধ কৰিছিল।৬ দানেশ্বৰে বিশ্ববিদ্যালয়ত অধ্যয়ন অব্যাহত ৰাখিছিল। ১৯৪৯ চনত অধ্যাপক বদিউজ্জামান ফৰুজানফৰৰ তত্ত্বাৱধানত তেওঁৰ ডক্টৰেট ডিগ্ৰীৰ গৱেষণা পত্ৰ "বিউটি এজ ট্ৰিটেড ইন পাৰ্চিয়ান লিটাৰেচাৰ" (পাৰ্চী সাহিত্যত সৌন্দৰ্যৰ চৰ্চা) গৃহীত হয়।৭ ১৯৫০ চনত দানেশ্বৰে ইৰানৰ সুপৰিচিত লেখক জালাল আল-ই আহমদৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৮ চিমিনৰ ভগ্নী ভিক্টোৰিয়া দানেশ্বৰে কৈছিল: আমি ইচফাহানলৈ ফুৰিবলৈ গৈছিলোঁ আৰু যেতিয়া তেহৰানলৈ ঘূৰি অহাৰ সিদ্ধান্ত ল’লোঁ, তেতিয়া গাড়ীখনত এজন মানুহে মোৰ ভগ্নীক তেওঁৰ কাষৰ আসনত বহিবলৈ অনুৰোধ কৰিলে। গতিকে মিছ চিমিন তেওঁৰ কাষতে বহিল। পাছদিনা ৰাতিপুৱা মই দেখিলো মোৰ ভগ্নী বাহিৰলৈ ওলাই যাবলৈ সাজু হৈছে। ময়ো ওলাই যোৱাৰ সিদ্ধান্ত ল’লোঁ। মই দুৱাৰখন খোলাৰ লগে লগে মিষ্টাৰ আল-আহমদক দেখা পালোঁ। তেওঁলোকৰ চিনাকি হোৱাৰ নৱম দিনটোতে তেওঁলোকে বিয়াত বহে। বিয়াৰ বাবে তেওঁলোকে সকলো লেখকক নিমন্ত্ৰণ কৰিছিল, আনকি চাদেক হেদায়তকো। তেওঁলোকে এটা ঘৰ ভাড়া কৰি একেলগে থাকিবলৈ ল’লে। ১৯৫২ চনত তেওঁ ফুলব্ৰাইট ফেল’শ্বিপ লাভ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত ৱালেচ ষ্টেগ্নাৰৰ সৈতে সৃজনমূলক লিখনীৰ কাম কৰে। তাত থকাৰ সময়তে তেওঁ ইংৰাজীত দুটা চুটি গল্প লিখে আৰু প্ৰকাশ কৰে। ইৰানলৈ ঘূৰি অহাৰ পাছত তেওঁ তেহৰান বিশ্ববিদ্যালয়ৰ অনুষদত যোগদান কৰে।৫
সংসাৰ চলোৱাৰ বাবে তেওঁ বহুতো কিতাপ অনুবাদ কৰিবলগীয়া হৈছিল আৰু প্ৰায়েই জালালতকৈ অধিক উপাৰ্জন কৰিছিল। ১৯৬১ চনত, তেওঁৰ প্ৰথম চুটি গল্প সংকলন প্ৰকাশ পোৱাৰ বাৰ বছৰৰ পাছত, তেওঁ শাহৰি চুন বেহেস্ত (স্বৰ্গৰ দৰে এখন চহৰ) প্ৰকাশ কৰে। ১৯৬৩ চনত তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰীষ্মকালীন অধিৱেশনত অংশগ্ৰহণ কৰে, যিটো আছিল বিশ্বৰ বিভিন্ন প্ৰান্তৰপৰা অহা ৪০ গৰাকী সদস্যৰ এটা আলোচনা-চক্ৰ। ১৯৬৮ চনত তেওঁ ইৰানী লেখক সংঘৰ অধ্যক্ষা হিচাপে নিৰ্বাচিত হয়।৯ ১৯৬৯ চনত তেওঁৰ বিখ্যাত উপন্যাস চাবুশুন প্ৰকাশ পায়। সেই একে বছৰতে কাস্পিয়ান সাগৰৰ পাৰত থকা তেওঁলোকৰ গ্ৰীষ্মকালীন বাসভৱনত তেওঁৰ স্বামীৰ মৃত্যু হয়।
দানেশ্বৰ আৰু আল-ই-আহমদৰ কোনো সন্তান হোৱা নাছিল, যিটো বিষয় লৈ জালাল আল-ই-আহমদে তেওঁৰ কেইবাটাও ৰচনাত লিখিছিল। দানেশ্বৰে বিশ্ববিদ্যালয়ত সহযোগী অধ্যাপিকা হিচাপে অধ্যাপনা অব্যাহত ৰাখে আৰু পৰৱৰ্তী সময়ত ১৯৭০-ৰ দশকৰপৰা ১৯৮১ চনত অৱসৰ গ্ৰহণ কৰালৈকে কলা ইতিহাস আৰু পুৰাতত্ত্ব বিভাগৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰে।৯৫
মৃত্যু
২০০৫ চনত তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে দানেশ্বৰক তেহৰানৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। এমাহৰ পিছত ২০০৫ চনৰ আগষ্ট মাহত তেওঁক হাস্পতালৰপৰা এৰি দিয়া হয়। ইনফ্লুৱেঞ্জাত আক্ৰান্ত হোৱাৰ পিছত ২০১২ চনৰ ৮ মাৰ্চত তেহৰানৰ নিজা বাসভৱনত তেওঁ শেষ-নিশ্বাস ত্যাগ কৰে।১০ ১১ মাৰ্চত তেওঁৰ নশ্বৰ দেহ বেহেষ্ট-ই জহৰা কবৰস্থানত সমাধিস্থ কৰা হয়।
প্ৰথম অৱস্থাত তেওঁৰ নশ্বৰ দেহ ৰায় চহৰৰ ফিৰুজাবাদী মছজিদত তেওঁৰ স্বামী জালাল আল-ই-আহমদৰ কাষতে সমাধিস্থ কৰা হ’ব বুলি ঘোষণা কৰা হৈছিল, কিন্তু পৰৱৰ্তী সময়ত এই সিদ্ধান্ত নাকচ কৰা হয়।
বাহ্যিক সংযোগ
- The iconic Persian writer Simin Daneshvar Passes Away in Tehran (Payvand News/PDN)
- Simin Daneshvar on Iran Chamber Society
- Suvashun at Encyclopedia Iranica
- Mage Publishers' biography
- Simin Daneshvar- Tehran Times
তথ্যসূত্ৰ
- ↑ Simin Daneshvar. The Times
- ↑ (8 March 2021). Simin Daneshvar, first Iranian female novelist who created masterpieces. Islamic Republic News Agency
- ↑ Daneshvar's Playhouse: A Collection of Stories - Fiction Books Translated from Persian From Iran
- ↑ Simin Daneshvar - Biography. IMDb
- ↑ Persian Language & Literature: Simin Daneshvar. www.iranchamber.com
- ↑ Simin Daneshvar: Death of the storyteller. ALJAZEERA
- ↑ Rezakhanlou, Guita. (22 March 2012). Simin Daneshvar obituary. The Guardian
- ↑ Jalal Al-e Ahmad: The last Muslim intellectual. Middle East Eye
- ↑ Lerch, Wolfgang Günter. (March 10, 2012). Die Erste: Zum Tod der Dichterin Simin Daneschwar. Frankfurter Allgemeine Zeitung. পৃ. 33
- ↑ Kinzer, Stephen. (2012-03-17). Simin Daneshvar, Eminent Iranian Author, Dies at 90. The New York Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিমিন দানেশ্বৰ” প্ৰবন্ধৰ সংশোধন ৬৩৪৩২১ (৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।