কেথেৰিন ইউনিচ শ্ব'ৱাৰ্জেনেগাৰ প্ৰাট (শ্ব’ৱাৰ্জেনেগাৰ; জন্ম: ১৩ ডিচেম্বৰ, ১৯৮৯)১ এগৰাকী আমেৰিকান লেখিকা।২
প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল
কেথেৰিন ইউনিচ শ্ব’ৱাৰ্জেনেগাৰ হৈছে অষ্ট্ৰিয়াত জন্মগ্ৰহণ কৰা আমেৰিকান দেহগঠনকাৰী-অভিনেতা-ৰাজনীতিবিদ আৰ্নল্ড শ্ব’ৱাৰ্জেনেগাৰ আৰু আমেৰিকান সাংবাদিক তথা লেখিকা মাৰিয়া শ্ৰীভাৰৰ জ্যেষ্ঠ সন্তান।৩
তেওঁ ১৯৮৯ চনৰ ১৩ ডিচেম্বৰত লছ এঞ্জেলছ, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰত জন্মগ্ৰহণ কৰে।১
মাতৃৰফালৰপৰা তেওঁৰ আইতাক-দেউতাক আছিল ইউনিচ কেনেডি শ্ৰীভাৰ আৰু চাৰ্জেণ্ট শ্ৰীভাৰ।৪
তেওঁৰ এজন কনিষ্ঠ ভনী ক্ৰিষ্টিনা, দুজন কনিষ্ঠ ভাতৃ পেট্ৰিক আৰু ক্ৰিষ্ট’ফাৰ আছে,৫ আৰু পিতৃৰফালৰপৰা তেওঁৰ এজন সতীয়া ভাতৃ জোচেফ বায়েনা আছে।৬
তেওঁ ২০১২ চনত দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।৭
কেৰিয়াৰ
২০১০ চনত কেথেৰিন শ্ব’ৱাৰ্জেনেগাৰে ৰক হোৱাট ইউ’ভ গট: ছিক্ৰেটছ টু লাভিং ইউৰ ইনৰ এণ্ড আউটাৰ বিউটি ফ্ৰম সামৱান হু’জ বিন দেৰ এণ্ড বেক শীৰ্ষক এখন গ্ৰন্থ ৰচনা কৰে।৮
২০১৪ চনত তেওঁ আই জাষ্ট গ্ৰেজুৱেটেড ... নাও হোৱাট? শীৰ্ষক দ্বিতীয় গ্ৰন্থ প্ৰকাশ কৰে।৯
২০১৭ চনত তেওঁ শিশু-পাঠ্য গ্ৰন্থ মেভেৰিক এণ্ড মি ৰচনা কৰে।১০
তেওঁৰ আন এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হৈছে দ্য গিফ্ট অৱ ফৰ্গিভনেছ: ইনস্পাইৰিং ষ্টৰিজ ফ্ৰম দোজ হু হেভ অ’ভাৰকাম দ্য আনফৰ্গিভেবল।২
ব্যক্তিগত জীৱন
শ্ব’ৱাৰ্জেনেগাৰে ২০১৮ চনত অভিনেতা ক্ৰিছ প্ৰেটৰ সৈতে সম্পৰ্ক আৰম্ভ কৰে। ২০১৯ চনৰ জানুৱাৰী মাহত তেওঁলোকে বাগদানৰ ঘোষণা কৰে আৰু একে বছৰৰ জুন মাহত বিবাহ সম্পন্ন কৰে।১১১২
তেওঁলোকৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ আছে।১৩১৪১৫
শ্ব’ৱাৰ্জেনেগাৰ আমেৰিকান ছ’চাইটি ফৰ দ্য প্ৰিভেনচন অৱ ক্ৰুয়েলটি টু এনিমেলছৰ এজন এম্বেছাডৰ।১০ তেওঁ বেষ্ট ফ্ৰেণ্ডছ এনিমেল ছ’চাইটিকো সমৰ্থন কৰে।১৬ তেওঁ আৰু তেওঁৰ স্বামী স্পেচিয়েল অলিম্পিক্সৰ গ্ল’বেল এম্বেছাডৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে।১৭
গ্ৰন্থপঞ্জী
- কেথেৰিন শ্ব’ৱাৰ্জেনেগাৰ. (২০১০-০৯-১৪). ৰক হোৱাট ইউ’ভ গট: ছিক্ৰেটছ টু লাভিং ইউৰ ইনৰ এণ্ড আউটাৰ বিউটি ফ্ৰম সামৱান হু’জ বিন দেৰ এণ্ড বেক. হেচেট বুকছ. ISBN ৯৭৮-১-৪০১৩-৪১৪৩-৫
- কেথেৰিন শ্ব’ৱাৰ্জেনেগাৰ. (২০১৪-০৪-০১). আই জাষ্ট গ্ৰেজুৱেটেড .. নাও হোৱাট?: অনেষ্ট আন্সাৰ্ছ ফ্ৰম দোজ হু হেভ বিন দেৰ. ক্ৰাউন পাব্লিছিং. ISBN ৯৭৮-০৩৮৫৩৪৭২০৪
- কেথেৰিন শ্ব’ৱাৰ্জেনেগাৰ. (২০১৭-০৯-০৫). মেভেৰিক এণ্ড মি. ৱৰ্থি পাব্লিছিং. ISBN ৯৭৮-০৮২৪৯৫৬৮৭৫
- কেথেৰিন শ্ব’ৱাৰ্জেনেগাৰ প্ৰাট. (২০২০-০৩-১০). দ্য গিফ্ট অৱ ফৰ্গিভনেছ: ইনস্পাইৰিং ষ্টৰিজ ফ্ৰম দোজ হু হেভ অ’ভাৰকাম দ্য আনফৰ্গিভেবল. পামেলা ডৰ্মান বুকছ. ISBN ৯৭৮-১৯৮৪৮৭৮২৫০
- কেথেৰিন শ্ব’ৱাৰ্জেনেগাৰ প্ৰাট. (২০২৩-০২-০৭). গুড নাইট, চিষ্টাৰ. পেংগুইন ৱৰ্কশ্বপ. ISBN ৯৭৮-০৫৯৩৩৮৫৮১৪
তথ্যসূত্ৰ
- ↑ Lorre, Rose Maura. (2021-04-21). Actor, Governator, Dad! Meet All 5 of Arnold Schwarzenegger's Kids. Parade
- ↑ (March 11, 2020). Katherine Schwarzenegger Pratt's book tackles forgiveness. ABC News
- ↑ (June 7, 2008). Governor Arnold Schwarzenegger's Brentwood High School Commencement Speech. gov.ca.gov
- ↑ (June 7, 2008). Governor Arnold Schwarzenegger's Brentwood High School Commencement Speech. gov.ca.gov
- ↑ Pace, Eric. (July 24, 1991). Chronicle. The New York Times
- ↑ (May 20, 2011). Arnie 'Bought Home For Love Child And Mum'. Sky News
- ↑ McKenzie, Lesley. I Just Graduated..Now What? Katherine Schwarzenegger Shares the Best Advice from Her New Book. Teen Vogue
- ↑ (September 16, 2010). Read Katherine Schwarzenegger's 'Rock What You've Got'. Good Morning America
- ↑ Wong, Stephanie. (May 2014). You Should Fail to Succeed—Katherine Schwarzenegger Tells Us Why. POPSUGAR
- ↑ Schwarzenegger daughter puts heart into book about adopting dog. ajc
- ↑ (January 14, 2019). Chris Pratt and Katherine Schwarzenegger Are Engaged. People
- ↑ Chris Pratt and Katherine Schwarzenegger's Wedding — All the Details. People
- ↑ (2020-08-10). Chris Pratt and Katherine Schwarzenegger welcome first child together. The Independent
- ↑ Dicker, Ron. (May 23, 2022). Katherine Schwarzenegger And Chris Pratt Welcome Second Daughter. HuffPost
- ↑ Sacks, Hannah. (November 11, 2024). Chris Pratt and Katherine Schwarzenegger Welcome Baby No. 3. People
- ↑ Best Friends Animal Society
- ↑ Katherine Schwarzenegger and Chris Pratt
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেথেৰিন শ্ব’ৱাৰ্জেনেগাৰ” প্ৰবন্ধৰ সংশোধন ৫৮৩৮৭৩ (২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।