অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কোৱাভাতুৰি

কোৱাভাতুৰি (বৈজ্ঞানিক নাম: Momordica monadelpha, Citrullus colocynthis, Trichosanthes tricuspidata, Mukia maderaspatana, Trichosanthes wallichiana ইত্যাদি কেইবাটাও প্ৰজাতিৰ উদ্ভিদ)। অসমৰ হাবিয়ে-বননিয়ে উৎপন্ন হোৱা লতা জাতীয় উদ্ভিদ।

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২১ ১৩৮ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ
Mukia maderaspatana বা Cucumis maderaspatanus
Mukia maderaspatana বা Cucumis maderaspatanusছবি: Jeevan Jose, Kerala, India · CC BY-SA 4.0

কোৱাভাতুৰি (বৈজ্ঞানিক নাম: Momordica monadelpha,১ Citrullus colocynthis, Trichosanthes tricuspidata, Mukia maderaspatana, Trichosanthes wallichiana ইত্যাদি কেইবাটাও প্ৰজাতিৰ উদ্ভিদ)। অসমৰ হাবিয়ে-বননিয়ে উৎপন্ন হোৱা লতা জাতীয় উদ্ভিদ। এই উদ্ভিদৰ পৰাই অসমীয়া জতুৱা ঠাঁচ ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰি’ উদ্ভৱ হৈছে।

বিৱৰণ

কোৱাভাতুৰি
কোৱাভাতুৰিছবি: দিব্য দত্ত · CC BY-SA 4.0

কোৱাভাতুৰি হাবিত উৎপন্ন হয়। ইয়াৰ লতাডালে ঠাল-ঠেঙুলি মেলি ওপৰলৈ বগুৱা বাই যায়।১

কোৱাভাতুৰিৰ ফুলবোৰ ৰঙচুৱা আৰু মজলীয়া আকাৰৰ হয়। ফুলবোৰ পুৰঠ হ’লে ৰংচঙীয়া ফলৰ উৎপত্তি হয়। এই ফলৰ ভিতৰ অংশ ক’লা-চানেকীয়া হয়। ফলবোৰ গছৰ ওপৰলৈ বগুৱা বাই যোৱা লতাডালৰ পৰা ওলমি ওলমি থাকে। পকা ফলবোৰ ৰঙা হয় আৰু পকা কেৰালাৰ দৰে মেল খাই যায়। তাৰ ভিতৰত থকা গুটিবোৰ মাটিত সৰু পৰিলে পুলি গজি সময়ত নতুন লতাৰ আৱিৰ্ভাৱ হয়।১

লোক সংস্কৃতিত

কোৱাভাতুৰিৰ ফলবোৰ বাহিৰফালে ৰংচঙীয়া আৰু ভিতৰভাগ ক’লা চানেকীয়া হয়। ইয়াৰ ফল খোৱাৰ উপযুক্ত নহয়। সেয়ে অসমীয়া সমাজত কোনো ধুনীয়া বস্তুত গুণৰ অভাৱ বুজাবলৈ ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰি’ বুলি জতুৱা ঠাঁচ ব্যৱহাৰ কৰে।১

তথ্যসূত্ৰ

  1. ↑ অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭

সম্পৰ্কিত শ্ৰেণী

লতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোৱাভাতুৰি” প্ৰবন্ধৰ সংশোধন ২৯৯১৫৮ (২০ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।