অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ঘিলা

ঘিলা(Bean ) এবিধ বৃহৎ কলেবৰৰ আৰু মটৰমাহৰ দৰে চেউ ধৰা এবিধ গছ। ই ভাৰতৰ আটাইতকৈ ডাঙৰ চেউ লগা গছ হিচাবে জনাজাত। ইয়াৰ গুটিবোৰ প্ৰায় আঁঠুৰ ঘিলাটোৰ সমান ডাঙৰ হয়। ভাৰত, আফ্ৰিকা, অষ্ট্ৰেলিয়া, দক্ষিণ-পূৱ এচিয়া আদিত ইয়াৰ বিস্তৃতি পোৱা যায়। সৰু ল’ৰা-ছোৱালীয়ে ইয়াৰ গুটিৰে "ঘিলা খেল" খেলে।

হালনাগাদ: ৩ জুন ২০২০ ৩১৯ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ঘিলা(Bean ) এবিধ বৃহৎ কলেবৰৰ আৰু মটৰমাহৰ দৰে চেউ ধৰা এবিধ গছ। ই ভাৰতৰ আটাইতকৈ ডাঙৰ চেউ লগা গছ হিচাবে জনাজাত। ইয়াৰ গুটিবোৰ প্ৰায় আঁঠুৰ ঘিলাটোৰ সমান ডাঙৰ হয়। ভাৰত, আফ্ৰিকা, অষ্ট্ৰেলিয়া, দক্ষিণ-পূৱ এচিয়া আদিত ইয়াৰ বিস্তৃতি পোৱা যায়। সৰু ল’ৰা-ছোৱালীয়ে ইয়াৰ গুটিৰে "ঘিলা খেল" খেলে।১

প্ৰকাৰ

ঘিলা তিনি প্ৰকাৰৰ। বৰঘিলা,মাকৰি ঘিলা বা ৰামজখলা আৰু ভাতঘিলা।

বৰঘিলা

বৈজ্ঞানিক নাম - Entada scandens,প্ৰতিনাম - E: phaseoloides,গোত্ৰ - Leguminosae শকত লতা গছ,বহুত ওপৰলৈ বগাই উঠে,বহুত দিন থাকে।

ঔষধিগুণ - ঘিলাৰ ভিতৰৰ বীজ গুৰি কৰি চুলি ধোৱা হয়। ইয়াক পানীৰ সৈতে মিহলাই প্ৰসূতি মাতৃক খাবলৈ দিয়া হয়,বিষ উপশম হয়। ভিতৰৰ কোমল বীজ খাব পাৰি। ছালৰ ৰস খজুৱতিৰ ঔষধ,বাকলিৰপৰা এবিধ আঁহ আহৰণ কৰি সূতা কৰা হয়। ইয়াৰে ৰছী,জাল,নাৱৰ পাল কাপোৰ বোৱা হয়,বহুত দিন যায়। উজনি অসমত পোৱা যায়। সাঁচিপাত প্ৰস্তুত কৰিবলৈ ঘিলাটো ব্যৱহাৰ কৰা হয়। বীজৰ (ঘিলা) বাকলি বৰ টান আৰু চকলেট ৰঙৰ,গ্লাছৰ দৰে নিমজ। সাঁচিপাতবিলাক এই ঘিলাৰে ঘঁহি ঘঁহি লিখিবৰ বাবে নিমজ কৰি লোৱা হয়। ঘিলা খেল খেলা হয়।

মাকৰিঘিলা

Bauhinia macrostachya গোত্ৰ - Leguminosae। পাত সৰাল পাত। গছ পাকি খাই খাই ওপৰলৈ উঠি যোৱা শকত আৰোহী লতা গছ। ফলৰ বীজ খৰ-খজুৱতি আদিত ব্যৱহাৰ কৰা হয়।

ভাতঘিলা

Oxoxylum indicum প্ৰতিনাম - Calosanthes indica,গোত্ৰ - Bignoniaceae সৰাল পাতৰ মজলীয়া আকাৰৰ থিয় গছ। ৬-৮ মিটাৰ ওখ হয়। পাত যৌগিক ৯০ -১৫০ ছেণ্টিমিটাৰ দীঘল,মূল পক্ষল ৫ - ৭ যোৰ, মাখিপাত অসংখ্য,পুষ্প দুৰ্গন্ধযুক্ত,পাতল হালধীয়া,দলমণ্ডল নলাকাৰ ৫ - ৭ ছেণ্টিমিটাৰ দীঘল,গৰ্ভমুণ্ড থালাকাৰ,ফল ৬০ - ৮০ ছেণ্টিমিটাৰ দীঘল,৭ - ৯ ছেণ্টিমিটাৰ বহল,চেপেটা,আৰু ৩ -৫ ছেণ্টিমিটাৰ ডাঠ,খণ্ডাকাৰ,বীজ অসংখ্য,চেপেটা আৰু চাৰিওফালে পাখিৰ দৰে পাতল বস্তুৰে ঘেৰি থকা। ইয়াৰ সহায়ত বীজ বতাহত বহুত দূৰলৈ যায়।

ঔষধি গুণ - কোমল ফল সংকোচক,বায়ু নি:সাৰক,ক্ষুধাকাৰক,শিপাৰ ছালৰ ৰস গ্ৰহণী,পেটচলা ৰোগৰ ঔষধ। গছৰ ছালৰ ক্কাথ ঘৰ্মকাৰক আৰু বাতবিষ উপশমকাৰক। ছালৰপৰা ৰং প্ৰস্তুত কৰা হয়।

লোকবিশ্বাস

অসমীয়া মানুহৰ এটা জনবিশ্বাস আছে যে ভাতে বুকুত ধৰা লোকৰ ভাত খোৱা ঠাইৰ ওপৰত ভাতঘিলা ফল এটা আঁৰি থ'লে বা ঘৰৰ চালত খুচি থ'লে ভাতে বুকুত নধৰা হয়।

তথ্য সংগ্ৰহ

"ভাতঘিলা প্ৰসংগ" আনন্দ তত্ত্ব "প্ৰান্তিক" ২০১৩ (১৬ - ৩০ নৱেম্বৰ) ৩২ শ বছৰ (২৪ শ সংখ্যা) পৃষ্ঠা ২২

তথ্যসূত্ৰ

  1. ↑ xobdo.org/

সম্পৰ্কিত শ্ৰেণী

লতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘিলা” প্ৰবন্ধৰ সংশোধন ২৩৪৭৪৭ (৩ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।