অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

আঙুৰ

আঙুৰ হৈছে ভিটিচ্ গণৰ অন্তৰ্গত এবিধ লতাজাতীয় উদ্ভিদ বা তাৰ ফল। উদ্ভিদগতভাৱে ই এক প্ৰকাৰৰ বেৰী। আঙুৰ বোৰ ফল হিচাপে সতেজকৈ খাব পাৰি। ইয়াৰ পৰা সুৰা, জাম, ৰস, জেলী, আঙুৰৰ বীজ, ভিনেগাৰ, আৰু আঙুৰৰ বীজৰ তেল আদি প্ৰস্তুত কৰা হয়। আঙুৰ শুকুৱাই কিচমিচ, কুৰাণ্ট আৰু চুলতানা প্ৰস্তুত কৰিব পাৰি।

হালনাগাদ: ২০ মে’ ২০২৫ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ
"বগা" সতেজ আঙুৰ
"বগা" সতেজ আঙুৰছবি: fir0002 flagstaffotos [at] gmail.com Canon 20D + Sigma 150mm f/2.8 · GFDL 1.2

আঙুৰ হৈছে ভিটিচ্ গণৰ অন্তৰ্গত এবিধ লতাজাতীয় উদ্ভিদ বা তাৰ ফল। উদ্ভিদগতভাৱে ই এক প্ৰকাৰৰ বেৰী।

আঙুৰ বোৰ ফল হিচাপে সতেজকৈ খাব পাৰি। ইয়াৰ পৰা সুৰা, জাম, ৰস, জেলী, আঙুৰৰ বীজ, ভিনেগাৰ, আৰু আঙুৰৰ বীজৰ তেল আদি প্ৰস্তুত কৰা হয়। আঙুৰ শুকুৱাই কিচমিচ, কুৰাণ্ট আৰু চুলতানা প্ৰস্তুত কৰিব পাৰি। আঙুৰৰ ফল সাধাৰণতে থোপাথোপে লাগে। ই এবিধ অতি সুস্বাদু, ৰসযুক্ত ফল।

ইতিহাস

মধ্য প্ৰাচ্যক সাধাৰণতে আঙুৰৰ জন্মস্থান আৰু এই ৬,০০০-৮,০০০ বছৰ আগতেই তাত আঙুৰৰ খেতি আৰম্ভ হৈছিল বুলি কোৱা হয়।১২ প্ৰাচীনতম ঘৰুৱা জীৱাণুবোৰৰ ভিতৰত ইষ্ট প্ৰাকৃতিকভাৱে আঙুৰৰ ছালত থাকে, যাৰ ফলত সুৰাৰ দৰে নিচাযুক্ত পানীয় আৱিষ্কাৰ হয়। মানৱ সংস্কৃতিত সুৰা নিৰ্মাণৰ এক প্ৰভাৱশালী স্থিতিৰ প্ৰাচীনতম পুৰাতাত্ত্বিক প্ৰমাণ ৮,০০০ বছৰ আগৰ জৰ্জিয়াত পোৱা গৈছিল।৩৪৫

প্ৰকাৰ

বিশ্বৰ আঙুৰ উৎপাদনৰ বেছিভাগ আঙুৰ ভূমধ্যসাগৰীয় আৰু মধ্য এছিয়াৰ স্থানীয় আঙুৰলতাৰ প্ৰজাতি ভিটিছ্ ভিনিফেৰা (Vitis vinifera) পৰা আহৰণ কৰা হয়। সামান্য পৰিমাণৰ ফল আৰু ৰস অন্য কেইটামান আমেৰিকান আৰু এছিয়ান প্ৰজাতিৰ পৰা আহৰণ কৰা হয়। সেই প্ৰজাতি কেইটা হৈছে:

  • ভিটিছ্ এমুৰেনছিছ (Vitis amurensis),
  • ভিটিছ্ লেব্ৰুস্কা (Vitis labrusca),
  • ভিটিছ্ মুষ্টানজেনছিছ (Vitis mustangensis),
  • ভিটিছ্ ৰিপাৰিয়া (Vitis riparia) আৰু
  • ভিটিছ্ ৰটুণ্ডিফলিয়া (Vitis rotundifolia)।

তথ্যসূত্ৰ

  1. ↑ ANGŪR – Encyclopaedia Iranica. iranicaonline.org
  2. ↑ This, Patrice; Lacombe, Thierry; Thomash, Mark R. (2006). Historical Origins and Genetic Diversity of Wine Grapes. Trends in Genetics. পৃ. 511–519
  3. ↑ McGovern, Patrick E. (2003). Ancient Wine: The Search for the Origins of Viniculture. Princeton University Press
  4. ↑ McGovern, P. E. Georgia: Homeland of Winemaking and Viticulture
  5. ↑ Keys, David (2003-12-28) Now that's what you call a real vintage: professor unearths 8,000-year-old wine . archaeology.ws

সম্পৰ্কিত শ্ৰেণী

ফললতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আঙুৰ” প্ৰবন্ধৰ সংশোধন ৫১০৫০৮ (২০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।