অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মাধৱী লতা

মাধৱীলতা হৈছে Malpighiaceae পৰিয়ালৰ অন্তৰ্গত এবিধ লতা জাতীয় উদ্ভিদ। ইয়াৰ অনেক নাম আছে, যেনে মণ্ডপ, কামী, পুষ্পেন্দ্ৰ, অভীষ্টগন্ধক, অতিমুক্ত, বিমুক্ত, কামুক আৰু ভ্ৰমৰোৎসব। এসময়ত পুণ্ড্ৰক দেশ অৰ্থাৎ মৈমনসিংহত মাধৱী প্ৰচুৰভাৱে পোৱা গৈছিল। সেই বাবে ইয়াৰ অন্য এটা নাম পুণ্ড্ৰক।

হালনাগাদ: ২৮ এপ্ৰিল ২০১৯ ২১৬ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

মাধৱীলতা হৈছে Malpighiaceae পৰিয়ালৰ অন্তৰ্গত এবিধ লতা জাতীয় উদ্ভিদ। ইয়াৰ অনেক নাম আছে, যেনে মণ্ডপ, কামী, পুষ্পেন্দ্ৰ, অভীষ্টগন্ধক, অতিমুক্ত, বিমুক্ত, কামুক আৰু ভ্ৰমৰোৎসব। এসময়ত পুণ্ড্ৰক দেশ অৰ্থাৎ মৈমনসিংহত মাধৱী প্ৰচুৰভাৱে পোৱা গৈছিল। সেই বাবে ইয়াৰ অন্য এটা নাম পুণ্ড্ৰক। মাধৱী বৃক্ষাৰোহী লতা আৰু দীৰ্ঘজীৱী। ডাল সৰু সৰু আৰু জোপোহা হৈ যায়। এনেকা বহুবৰ্ষী হলে লাহে লাহে মূল লতাডাল বেছি শকত হৈ যায়। ডাল দুই তিন বছৰৰ মূৰে মূৰে কাটি থাকিব লাহে, তেতিয়া লতা যিমানে বাঢ়ি যায় তাতেই নতুন নতুন ডাল-পাত গজি ফুল বেছি ফুলে। ইয়াৰ শকত শকত ডালৰ ছাল মটিয়া ৰঙৰ। পাত বিপৰীতমুখী, আয়তাকাৰ, আগলৈ ক্ৰমশ সৰু, সাধাৰণত ৪ৰ পৰা ৬ ইঞ্চি দীঘল হয়। বাগিচাৰ শোভাৰ বাবে যত্ন কৰি মাধৱী লতা লগোৱা হয়। এই লতা গছ বৰ্তমান প্ৰায় দুষ্প্ৰাপ্য।

মাধৱীৰ ফুল গুচ্ছবদ্ধ আৰু বিন্যাস সুসংবদ্ধ। মুকুলবোৰো সূক্ষ্ম নোমেৰে ভৰা। ফুল বগা ৰঙৰ, পাঁচটি পাহি আৰু তাৰ মাজত পঞ্চম পাহিটোৰ গুৰিৰ ফালে কিছু হালধীয়া। ফুল দেখিবলৈ তিল ফুলৰ দৰে আৰু খুব সুগন্ধী। বসন্ত আৰু গ্ৰীষ্ম এই ফুলৰ ঋতু হলেও কেতিয়াবা কেতিয়াবা বৰ্ষা পৰ্যন্ত ফুলে। ফুলৰ পৰা ফল হয়, বীজ থাকে ২/৩টা।

মাধবী অযত্নেও বাঢ়ে, বীজৰ পৰা পুলি হয়, ডাল মাটিত পুঁতি থলেও পুলি পোৱা যায়। মাধৱীৰ পাত গৰু-ছাগলিয়ে খায়।১

গুনাগুণ

  • পুৰণা বিষৰ বাবে মাধৱীলতাৰ পাতৰ ৰস উপকাৰী।
  • হাঁপানিৰ শ্বাসকষ্টৰ বাবে পাত আৰু ডালৰ ৰস উপকাৰী।
  • মাধৱীলতাৰ শুকান ছালৰ গুঁড়িয়ে বিষাক্ত ঘা ভাল কৰি তোলে।২
মাধৱীলতা ফুল
মাধৱীলতা ফুলছবি: Mokaram Hossain · CC BY-SA 4.0
''Hiptage benghalensis''
Hiptage benghalensisছবি: Roger Culos · CC BY-SA 3.0

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ "গছপালা তৰুলতা",বিপ্ৰদাশ বড়ুয়া, বাংলা একাডেমী, ঢাকা।
  2. ↑ আঃ খালেক মোল্লা সম্পাদিত;লোকমান হেকিমেৰ কবিৰাজী চিকিৎসা; আক্টোবৰ ২০০৯; পৃষ্ঠা- ১৪৩

সম্পৰ্কিত শ্ৰেণী

লতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাধৱী লতা” প্ৰবন্ধৰ সংশোধন ১৯৪৪৪০ (২৮ এপ্ৰিল ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।