অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লুইছ ব্ৰাউন

লুইজ জয় ব্ৰাউন (Louise Joy Brown; জন্ম: ২৫ জুলাই ১৯৭৮) হৈছে ইন ভিট্ৰ' ফাৰ্টিলাইজেচন (IVF)ৰ জৰিয়তে জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা। তেওঁৰ জন্মক "কুৰি শতিকাৰ সবাতোকৈ উল্লেখযোগ্য চিকিৎসা অগ্ৰগতি"সমূহৰ ভিতৰত অন্যতম হিচাপে বিবেচনা কৰা হয়, যিটো পদ্ধতিৰ বিকাশ যুক্তৰাজ্যত হৈছিল।

হালনাগাদ: ২৬ নৱেম্বৰ ২০২৪ ২৮১ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

লুইজ জয় ব্ৰাউন (Louise Joy Brown; জন্ম: ২৫ জুলাই ১৯৭৮) হৈছে ইন ভিট্ৰ' ফাৰ্টিলাইজেচন (IVF)ৰ জৰিয়তে জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা। তেওঁৰ জন্মক "কুৰি শতিকাৰ সবাতোকৈ উল্লেখযোগ্য চিকিৎসা অগ্ৰগতি"সমূহৰ ভিতৰত অন্যতম হিচাপে বিবেচনা কৰা হয়, যিটো পদ্ধতিৰ বিকাশ যুক্তৰাজ্যত হৈছিল।১২৩৪

জন্ম আৰু প্ৰাথমিক জীৱন

লেংকাশ্বায়াৰৰ অ'ল্ডাম জেনেৰেল হাস্পতালত পঞ্জীয়কজন ৱেবষ্টাৰে পৰিকল্পনা কৰা চিজাৰিয়ান অস্ত্ৰোপচাৰৰ দ্বাৰা লুইজ জয় ব্ৰাউনৰ জন্ম হৈছিল। ৫ জন্মৰ সময়ত তেওঁৰ ওজন আছিল ৫ পাউণ্ড আৰু ১২ আউন্স (২.৬০৮ কিলোগ্ৰাম)।[6] তেওঁৰ পিতৃ-মাতৃ লেচলি আৰুজন ব্ৰাউনে ৯ বছৰ ধৰি স্বাভাৱিকভাৱে গৰ্ভধাৰণ কৰিবলৈ চেষ্টা কৰিছিল যদিও লেছলীয়ে ফেল'পিয়ান টিউব বন্ধ হোৱাৰ জটিলতাৰ সন্মুখীন হৈছিল।৬

১৯৭৭ চনৰ ১০ নৱেম্বৰত লেচলি ব্ৰাউনে পেট্ৰিক ষ্টেপট’, ৰবাৰ্ট এডৱাৰ্ডছ আৰু জিন পাৰ্ডিয়ে বিকশিত কৰা এটা পদ্ধতি গ্ৰহণ কৰে, যাক পিছলৈ ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন (IVF) বুলি জনা যায়। পাৰ্ডিয়ে প্ৰথমে ব্ৰাউনৰ ভ্ৰূণৰ কোষবোৰ বিভাজিত হোৱা দেখিছিল।৭এই কামৰ বাবে এডৱাৰ্ডছক ২০১০ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়।৮ ২০২২ চনৰ মাৰ্চ মাহত ৰয়েল অলধাম হাস্পতালত ভগ্নী মুৰিয়েল হেৰিছ আৰু জিন পাৰ্ডিৰ কামৰ গুৰুত্ব অনুধাৱন কৰাবলৈ এখন ফলক স্থাপন কৰা হয়।৯ সংবাদ মাধ্যমে ব্ৰাউনক "টেষ্ট টিউব বেবী" বুলি উল্লেখ কৰিছিল যদিও১০ তেওঁৰ গৰ্ভধাৰণ আচলতে পেট্ৰি ডিচত হৈছিল। তেওঁৰ সৰু ভগ্নী নাটালি ব্ৰাউনেও চাৰি বছৰৰ পিছত আইভিএফৰ জৰিয়তে গৰ্ভধাৰণ কৰে, আৰু আইভিএফৰ দ্বাৰা গৰ্ভধাৰণৰ পিছত জন্ম হোৱা বিশ্বৰ ৪০ সংখ্যক সন্তান হিচাপে পৰিগণিত হয়।৬

কৰ্ম আৰু পাৰিবাৰিক জীৱন

২০০৪ চনত ব্ৰাউনে নাইটক্লাবৰ দাৰোৱান ৱেছলী মুলিণ্ডাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ৰবাৰ্ট এডৱাৰ্ডছেও তেওঁলোকৰ বিয়াত অংশ লৈছিল।৬ ২০০৬ চনৰ ২০ ডিচেম্বৰত প্ৰাকৃতিকভাৱে গৰ্ভধাৰণৰ জৰিয়তে তেওঁলোকৰ প্ৰথম পুত্ৰ১০ৰ জন্ম হয়।১১১২

২০০৬ চনত ব্ৰাউনৰ পিতৃৰ মৃত্যু হয়।১৩২০১২ চনৰ ৬ জুনত ব্ৰিষ্টল ৰয়েল ইনফৰ্মাৰীত ৬৪ বছৰ বয়সত১৪পিত্তথলীৰ সংক্ৰমণৰ ফলত হোৱা জটিলতাৰ বাবে তেওঁৰ মাতৃৰ মৃত্যু হয়।১৩

নৈতিক আৰু ধৰ্মীয় বিষয়

যদিও ব্ৰাউন পৰিয়ালে এই পদ্ধতি পৰীক্ষামূলক বুলি জানিছিল, তথাপিও চিকিৎসকে তেওঁলোকক কোৱা নাছিল যে এতিয়ালৈকে এই পদ্ধতিৰ ফলত কাৰোৰে কেঁচুৱা হোৱা নাই। ইয়াৰ ফলত অৱগত সন্মতিৰ প্ৰশ্ন উত্থাপন হৈছে।১৫

১৯৭৮ চনত ব্ৰাউনৰ জন্মৰ প্ৰতি তেওঁৰ প্ৰতিক্ৰিয়াৰ বিষয়ে সোধাত ভেনিচৰ পিতৃপুৰুষ কাৰ্ডিনেল এলবিনো লুচিয়ানী (পৰৱৰ্তী সময়ত পোপজন পল প্ৰথম)য়ে এই সম্ভাৱনাক লৈ উদ্বেগ প্ৰকাশ কৰে যে কৃত্ৰিম প্ৰজননৰ ফলত মহিলাক "শিশুৰ কাৰখানা" হিচাপে ব্যৱহাৰ কৰা হ'ব পাৰে। অৱশ্যে তেওঁ শিশুটিৰ পিতৃ-মাতৃক নিন্দা কৰিবলৈ অস্বীকাৰ কৰিছিল।১৬ ইয়াৰ পৰিৱৰ্তে তেওঁলোকে কেৱল সন্তান জন্ম দিব বিচৰা বুলিহে মন্তব্য কৰিছিল।১৭

তথ্যসূত্ৰ

  1. ↑ Walsh, Fergus. (14 July 2008). 30th birthday for first IVF baby. BBC News
  2. ↑ Louise Brown and Her Parents · Encyclopedia.com. encyclopedia.com
  3. ↑ (24 July 2018). Louise Brown: World's first IVF baby's family archive unveiled. BBC News
  4. ↑ (25 July 2018). 'I was the world's first IVF baby, and this is my story'. The Independent
  5. ↑ Hutchinson, Martin. (24 July 2003). I helped deliver Louise. BBC News
  6. ↑ "World's first IVF baby marks 30th birthday", Agence France-Presse, 23 July 2008. Retrieved 24 July 2008
  7. ↑ Weule, Genelle. (25 July 2018). The first IVF baby was born 40 years ago today. ABC News
  8. ↑ Wade, Nicholas. (4 October 2010). Pioneer of in Vitro Fertilisation Wins Nobel Prize. The New York Times
  9. ↑ (8 March 2022). Unsung heroine who saved refugees from Nazis honoured in Leeds. The Guardian
  10. ↑ Hall, Sarah. (11 July 2006). Louise Brown, first test tube baby, is pregnant. The Guardian
  11. ↑ (14 January 2007). Baby son joy for test-tube mother. BBC News
  12. ↑ (14 January 2007). The first IVF baby, Louise Brown, was born in 1978 in the United Kingdom. KrishnaIVF News
  13. ↑ Grady, Denise (23 June 2012). "Lesley Brown, Mother of World's First 'Test-Tube Baby,' Dies at 64", The New York Times. Retrieved 8 August 2020
  14. ↑ (20 June 2012). First test tube baby mother Lesley Brown dies. BBC News
  15. ↑ Marantz Henig, Robin. Pandora's Baby, Houghton Mifflin, 2004, p 134
  16. ↑ Prospettive nel Mondo,1 August 1978; Luciani, Opera Omnia, vol. 8, pp. 571–72
  17. ↑ Eley, Adam. (23 July 2015). How has IVF developed since the first 'test-tube baby'?. BBC News

সম্পৰ্কিত শ্ৰেণী

চিকিৎসা পদ্ধতিচিকিৎসা বিজ্ঞানযুক্তৰাজ্যৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুইছ ব্ৰাউন” প্ৰবন্ধৰ সংশোধন ৪৪৮৭১১ (২৬ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।