অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জৰ্জ হাবাৰ্ট

জৰ্জ হাবাৰ্ট (George Herbert) সোতৰ শতিকাৰ ইংলেণ্ডৰ এজন মহান ভক্তিবাদী কবি আছিল।

হালনাগাদ: ২৭ ছেপ্তেম্বৰ ২০২১ ১৮১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

জৰ্জ হাবাৰ্ট (George Herbert) সোতৰ শতিকাৰ ইংলেণ্ডৰ এজন মহান ভক্তিবাদী কবি আছিল।

জন্ম আৰু বংশ পৰিচয়

১৫৯৩ খ্ৰীষ্টাব্দৰ ৩ এপ্ৰিলত জৰ্জ হাবাৰ্টৰ জন্ম হৈছিল।১ তেঁওৰ বয়স তিনিবছৰ হওতে তেওঁৰ পিতাকৰ মৃত্যু হৈছিল। তেওঁ মাতৃৰ নাম আছিল মেগডালিন হাবাৰ্ট।

শিক্ষা

ওৱেষ্টমিনষ্টাৰ স্কুলৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰিছিল আৰু ১৬১৬ চনত ট্ৰিনিটি বিশ্ববিদ্যালয় পৰা উচ্চ শিক্ষা লাভ কৰিছিল।

চাকৰি জীৱন

১৬১৮ চনত তেওঁ ট্ৰিনিটি কলেজত অলংকাৰ শাস্ত্ৰ ৰিজৰ পদত অধিষ্ঠিত হৈছিল। তাৰ পিছত ১৬১৯ চনত লোক বক্তাৰ পদত অধিষ্ঠিত হৈছিল। এই পদত হাবাৰ্টে এজন দক্ষ বক্তাৰ পৰিচয় দিছিল। ১৬২৪ চনত তেওঁ আকৌ মণ্টেগোমাৰি অঞ্চলৰ বাবে সংসদৰ সদস্যত নিৰ্বাচিত হৈছিল।

সাহিত্যৰাজি

হাবাৰ্টে প্ৰায় ১৫০টামান কবিতা ৰচনা কৰিছিল। তেওঁ কবিতাৰ প্ৰধান বিষয় বস্তু আছিল আত্মা আৰু শৰীৰৰ মাজৰ দ্বন্দ্ব। প্ৰায় ১৫০টামান কবিতা ৰচনা কৰাৰ পিছত তেওঁ শৰীৰ অসুস্থ হোৱা বাবে তেওঁ প্ৰিয় বন্ধু নিকোলাচ ফেয়াৰ (Nicholes Ferrar)ক মাতি আনি তেওঁৰ সমস্ত পাণ্ডুলিপি বন্ধুৰ হাতত গতাই দিছিল আৰু প্ৰকাশৰ যোগ্য হয় নে নহয় তাক বিচাৰ কৰাৰ ভাৰ দিছিল। পাণ্ডুলিপিসমূহ গতাই দিয়া কিছুদিন পিছতেই তেখেতৰ দেহাৱসান ঘটিছিল। তেওঁ মৃত্যু পাছত একে বছৰতে বন্ধু নিকোলাছ ফেয়াৰৰ তত্ত্বাৱধানত তেওঁৰ পাণ্ডুলিপিসমূহ 'দ্যা টেম্পল'(The Temple) শিৰোনামেৰে কিতাপ আকাৰত প্ৰকাশ কৰা হৈছিল।

মৃত্যু

১৬৩৩ চনৰ ১ মাৰ্চ তাৰিখে তেখেতৰ মৃত্যু হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Wilcox, Helen. (23 September 2004). Herbert, George

সম্পৰ্কিত শ্ৰেণী

যুক্তৰাজ্যৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জৰ্জ হাবাৰ্ট” প্ৰবন্ধৰ সংশোধন ৩০১২৯৬ (২৭ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।