অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কেইৰা নাইটলি

কেইৰা ক্ৰীষ্টিনা নাইটলি (Keira Christina Knightley; জন্ম: ২৬ মাৰ্চ ১৯৮৫) এগৰাকী ইংৰাজী অভিনেত্ৰী। স্বতন্ত্ৰ ছবি আৰু পিৰিয়ড ড্ৰামাত কৰা কামৰ বাবে পৰিচিত নাইটলিয়ে দুটা একাডেমী বঁটা, দুটা ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা, চাৰিটা গোল্ডেন গ্ল’ব আৰু এটা লৰেন্স অলিভিয়াৰ বঁটাৰ বাবে মনোনয়নকে ধৰি বহুতো…

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

কেইৰা ক্ৰীষ্টিনা নাইটলি (Keira Christina Knightley; জন্ম: ২৬ মাৰ্চ ১৯৮৫) এগৰাকী ইংৰাজী অভিনেত্ৰী। স্বতন্ত্ৰ ছবি আৰু পিৰিয়ড ড্ৰামাত কৰা কামৰ বাবে পৰিচিত নাইটলিয়ে দুটা একাডেমী বঁটা, দুটা ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা, চাৰিটা গোল্ডেন গ্ল’ব আৰু এটা লৰেন্স অলিভিয়াৰ বঁটাৰ বাবে মনোনয়নকে ধৰি বহুতো স্বীকৃতি লাভ কৰিছে। ২০১৮ চনত তেওঁক অভিনয়-শিল্প আৰু দাতব্য সেৱাৰ বাবে বাকিংহাম পেলেচত অ'বিই নিযুক্তি দিয়া হয়।

অভিনেতা উইল নাইটলি আৰু নাট্যকাৰ ছৰমান মেকড’নাল্ডৰ ঘৰত লণ্ডনত১ জন্মগ্ৰহণ কৰা নাইটলিয়ে ছয় বছৰ২ বয়সত এজেণ্ট লাভ কৰিছিল আৰু প্ৰথমতে বিজ্ঞাপন আৰু টেলিভিছন ছবিত কাম কৰিছিল। ষ্টাৰ ৱাৰ্ছ: এপিচ'ড I – দ্য ফেণ্টম মেনেচ (১৯৯৯)ত ছাবেৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত বেণ্ড ইট লাইক বেকহাম (২০০২)ত এগৰাকী টমবয় ফুটবলাৰৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল-যি আছিল তেওঁৰ প্ৰথমটো স্বীকতি৷ পৰৱৰ্তী সময়ত তেওঁ লাভ এক্চুৱেলি (২০০৩)ত সহ অভিনয় কৰিছিল। পাইৰেটছ অৱ দ্য কেৰিবিয়ান চলচ্চিত্ৰ ছিৰিজত এলিজাবেথ শ্বোৱানৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বিশ্বব্যাপী স্বীকৃতি লাভ কৰে (২০০৩–২০০৭; ২০১৭)।

প্ৰাইড এণ্ড প্ৰিজুডিচ (২০০৫)ত এলিজাবেথ বেনেটৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে নাইটলিয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ একাডেমী বঁটাৰ বাবে মনোনীত হয়। পৰৱৰ্তী কেইবছৰমানৰ ভিতৰত তেওঁ আৰু কেইবাখনো পিৰিয়ড ছবিত অভিনয় কৰে, য'ত আছিল এটনমেণ্ট (২০০৭), দ্য ডাচেছ (২০০৮), এ ডেঞ্জাৰছ মেথড (২০১১), আৰু আন্না কাৰেনিনা (২০১২)। তেওঁ বিগিন এগেইন (২০১৩) আৰু জেক ৰিয়ান: শ্বেড' ৰিক্ৰুইট (২০১৪)ত অভিনয় কৰে আৰু দ্য ইমিটেচন গেম (২০১৪)ত জোয়ান ক্লাৰ্কৰ চৰিত্ৰত অভিনয় কৰে৷ ইয়াৰ জৰিয়তে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ একাডেমী বঁটাৰ মনোনয়ন লাভ কৰে। ইয়াৰ পিছত তেওঁ কলেট (২০১৮)ৰ শিৰোনাম চৰিত্ৰ, বষ্টন ষ্ট্ৰেংলাৰ (২০২৩)ৰ সাংবাদিক লৰেটা মেকলাফলিন আৰু থ্ৰিলাৰ ধাৰাবাহিক ব্লেক ড’ভছ (২০২৪)ৰ চোৰাংচোৱা হিচাপে অভিনয় কৰে। মঞ্চত নাইটলিয়ে ৱেষ্ট এণ্ডৰ দুটা প্ৰডাকচনত অভিনয় কৰিছে: ২০০৯ চনত দ্য মিছানথ্ৰপ, যিয়ে তেওঁক অলিভিয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল, আৰু ২০১১ চনত দ্য চিলড্ৰেনছ আৱাৰ।

নাইটলিয়ে সামাজিক বিষয়ত স্পষ্টবাদী স্থিতিৰ বাবে পৰিচিত আৰু এম্নেষ্টী ইণ্টাৰনেশ্যনেল, অক্সফেম, কমিক ৰিলিফৰ সৈতে ব্যাপকভাৱে কাম কৰিছে। সংগীতজ্ঞ জেমছ ৰাইটনৰ সৈতে তেওঁৰ বিবাহ হয় আৰু তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে।

তথ্যসূত্ৰ

  1. ↑ (2007). Keria Knightley –. Biography Today. পৃ. 82 - (2014). Keira Knightley. Voguepedia. Condé Nast - (29 March 2013). Monitor. Entertainment Weekly. পৃ. 30
  2. ↑ Macnab, Geoffrey. (7 January 2012). Keira Knightley: 'Sometimes I just sit on the bathroom floor and burst into tears'. Independent

সম্পৰ্কিত শ্ৰেণী

যুক্তৰাজ্যৰ ব্যক্তিএকাডেমী বঁটা বিজয়ীহলিউড অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেইৰা নাইটলি” প্ৰবন্ধৰ সংশোধন ৬২৪৩৪৪ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।