অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পাৰ্চি ইভান্স

পাৰ্চি ইভান্স (Percy Evans; ২ ডিচেম্বৰ ১৮৯২ – ১৪ ডিচেম্বৰ ১৯৭৪) এগৰাকী ব্ৰিটিছ ভূতত্ত্ববিদ আছিল। তেওঁ ভাৰতৰ তৈলক্ষেত্ৰত ব্যাপকভাৱে কাম কৰিছিল আৰু পিছলৈ বাৰ্মা অইল কোম্পানীৰ মুখ্য ভূতত্ত্ববিদ হৈছিল। ১৯৪৭ চনত তেওঁক লণ্ডনৰ জিঅ'লজিকেল ছ'চাইটিৰ মাৰ্চিছন পদক প্ৰদান কৰা হয়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২৭৩ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

পাৰ্চি ইভান্স (Percy Evans; ২ ডিচেম্বৰ ১৮৯২ – ১৪ ডিচেম্বৰ ১৯৭৪) এগৰাকী ব্ৰিটিছ ভূতত্ত্ববিদ আছিল। তেওঁ ভাৰতৰ তৈলক্ষেত্ৰত ব্যাপকভাৱে কাম কৰিছিল আৰু পিছলৈ বাৰ্মা অইল কোম্পানীৰ মুখ্য ভূতত্ত্ববিদ হৈছিল। ১৯৪৭ চনত তেওঁক লণ্ডনৰ জিঅ'লজিকেল ছ'চাইটিৰ মাৰ্চিছন পদক প্ৰদান কৰা হয়।১

শিক্ষা আৰু কেৰিয়াৰ

১৮৯২ চনৰ ২ ডিচেম্বৰ তাৰিখে পাৰ্চি ইভান্সৰ জন্ম হৈছিল। ইভান্সে কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজত ভূতত্ত্ব বিজ্ঞান অধ্যয়ন কৰি ১৯১৫ চনত বাৰ্মা অইল কোম্পানীত ভূতত্ত্ববিদ হিচাপে যোগদান কৰে। তেওঁ বহু সময় ধৰি অসমৰ তৈলক্ষেত্ৰৰ ভূতত্ত্ব আৰু গঠনৰ অন্বেষণৰ লগত জড়িত আছিল। ইয়াৰ লগতে তেওঁ বাৰ্মা অইল কোম্পানীত ভূতত্ত্ববিদসকলক প্ৰশিক্ষণ প্ৰদান কৰিছিল। ১৯৩৮ চনত তেওঁক বাৰ্মা অইলৰ মুখ্য ভূতত্ত্ববিদ হিচাপে নিযুক্তি দিয়া হয় আৰু ১৯৫৫ চনত অৱসৰ লোৱালৈকে তেওঁ এই পদত অধিষ্ঠিত আছিল। অৱসৰৰ পিছত তেওঁ উপদেষ্টা ইয়াৰ হিচাপে কৰ্ম অব্যাহত ৰাখে।১

পেছাদাৰী সেৱা

ইভান্স ১৯৩২ চনত ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সংস্থাৰ ভূতাত্ত্বিক বিভাগৰ সভাপতি আছিল। ১৯৬৪ চনত ৭২ বছৰ বয়সত তেওঁ আন্তঃৰাষ্ট্ৰীয় ভূতাত্ত্বিক কংগ্ৰেছৰ বাবে অসমলৈ দুটা ক্ষেত্ৰ ভ্ৰমণৰ নেতৃত্ব দিছিল।

১৯১৪ চনৰ পৰা তেওঁ ভূতত্ত্ববিদ সংস্থাৰ সদস্য আৰু ১৯৫৫ চনৰ পৰা ১৯৬৪ চনলৈকে ট্ৰাষ্টী আছিল। ১৯৫৬ চনৰ পৰা ১৯৫৮ চনলৈকে তেওঁ হাৰ্টফোইৰ্ডশ্বাইৰ নেচাৰেল হিষ্ট্ৰী ছ'চাইটিৰ সভাপতি আছিল। বৰ্তমান তেওঁৰ সন্মানত হাৰ্টফোইৰ্ডশ্বাইৰ নেচাৰেল হিষ্ট্ৰী ছ'চাইটিয়ে বাৰ্ষিক 'পাৰ্চি ইভান্স বক্তৃতা' ছ'চাইটিয়ে অনুষ্ঠিত কৰে।২ অইল ইণ্ডিয়া লিমিটেডেও পাৰ্চি ইভান্স সোঁৱৰণি বক্তৃতা অনুষ্ঠিত কৰে।৩

বঁটা আৰু সন্মান

ইভান্সৰ অৱদানৰ কেইবাটাও বঁটা আৰু সন্মান লাভ কৰিছে। তেওঁ ভাৰতৰ খনি, ধাতু আৰু ভূতাত্ত্বিক প্ৰতিষ্ঠানৰ স্বৰ্ণ পদক লাভ কৰে আৰু ১৯৬৪ চনত সন্মানীয় ফেলো নিৰ্বাচিত হয়।১ ১৯৪৬ চনত ভাৰত আৰু বাৰ্মাৰ তৈলক্ষেত্ৰৰ ওপৰত লিখা গৱেষণা পত্ৰৰ বাবে ৰয়েল ছ'চাইটি অৱ দ্য আৰ্টছে তেওঁক ৰূপৰ পদক প্ৰদান কৰে।৪৫ ১৯৪৭ চনত বাৰ্মা আৰু অসমৰ তৈলক্ষেত্ৰৰ ওপৰত আৰু মহাকৰ্ষণীয় জৰীপৰ ভূতাত্ত্বিক ব্যাখ্যাৰ ওপৰত কৰা কামৰ স্বীকৃতি স্বৰূপে লণ্ডনৰ জিঅ'লজিকেল ছ'চাইটিৰ মাৰ্চিচন পদক প্ৰদান কৰা হয়।৬ ১৯৬৮ চনত তেওঁ ভূতত্ত্ববিদ সংস্থাৰ সন্মানীয় সদস্য নিৰ্বাচিত হয়।

অসমৰ দুলীয়াজানত অৱস্থিত অইল ইণ্ডিয়া লিমিটেডৰ ক্ষেত্ৰ মুখ্য কাৰ্যালয় পাৰ্চি ইভান্স পথৰ নাম তেওঁৰ সন্মানত ৰখা হৈছে।৭ দুলীয়াজানত তেওঁৰ নামেৰে অইলৰ এটা অতিথিগৃহও আছে।

ব্যক্তিগত জীৱন

১৯২৭ চনত পাৰ্চি ইভান্সে কলকাতা কেথেড্ৰেলত কেথলিন নিউমেনক বিয়া কৰাইছিল। কিন্তু তাৰ কিছু সময়ৰ পিছতে যক্ষ্মাত আক্ৰান্ত হৈ তেওঁৰ পত্নীৰ মৃত্যু হয়।৭ ১৯৪৯ চনত ইভান্সে প্ৰাণীবিজ্ঞানী আৰু ভূতত্ত্ববিদ এনিড মেৰী স্মেডলীক বিয়া কৰায়। স্মেডলীয়ে মেনিটোবা বিশ্ববিদ্যালয়ৰ পৰা বি এছ চি (১৯৩১) আৰু এম এছ চি (১৯৩২) ডিগ্ৰী লাভ কৰিছিল আৰু পশ্চিম অণ্টাৰিঅ' বিশ্ববিদ্যালয়ত কাম কৰিছিল।৮ অৱসৰৰ সময়ত দুয়োজনে হাৰ্টফোৰ্ডশ্বাইৰৰ ভূতত্ত্বৰ ওপৰত এটা প্ৰকল্পত কাম কৰিছিল। পিছলৈ এই প্ৰকল্পজন কেটৰ এখন কিতাপলৈ বিকশিত কৰা হৈছিল।৯

১৯৭৪ চনৰ ১৪ ডিচেম্বৰত ইভান্সৰ মৃত্যু হয়। ২০০৯ চনৰ অক্টোবৰ মাহত তেওঁৰ পত্নী এনিডৰ ৯৮ বছৰ বয়সত মৃত্যু হয়।১০

তথ্যসূত্ৰ

  1. ↑ H.R.T. (1975). Obituary Notice. Proceedings of the Geologists' Association. পৃ. 121–122
  2. ↑ (November 19, 2022). Percy Evans Lecture: The Norber Erratics – Hertfordshire Geological Society
  3. ↑ (February 20, 2020). Second Percy Evans Memorial Lecture held at Zaloni Club. Sentinel Assam
  4. ↑ Evans, Percy. (1946). The Oilfields of India and Burma. Journal of the Royal Society of Arts. পৃ. 369–379
  5. ↑ Bennett, Viscount. (1946). Opening of the 193rd Session. Journal of the Royal Society of Arts. পৃ. 7–16
  6. ↑ (1947). Geological Society Awards. Nature. পৃ. 123
  7. ↑ Das Gupta, A.B. Percy Evans (1892–1974) Foundation Fellow. Biographical Memoirs, Indian National Science Academy. পৃ. 96–105
  8. ↑ 1933–34 Academic Calendar Officers of Instruction
  9. ↑ The Geological Society of London – Hertfordshire Geology and Landscape: the background. www.geolsoc.org.uk
  10. ↑ Enid Evans dies aged 98. Hertfordshire Natural History Society

সম্পৰ্কিত শ্ৰেণী

যুক্তৰাজ্যৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰ্চি ইভান্স” প্ৰবন্ধৰ সংশোধন ৬২৪৫৩৮ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।