মালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰী
৬৯ প্ৰবন্ধ
-
লক্ষ্মী প্ৰিয়া চন্দ্ৰমৌলী
লক্ষ্মী প্ৰিয়া চন্দ্ৰমৌলী (Zaira Wasim) এগৰাকী ৰাষ্ট্ৰীয় বঁটা বিজয়ী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ তামিল ছবিত কাম কৰে। মাদ্ৰাচ স্কুল অৱ ছ’চিয়েল ৱৰ্কৰ পৰা মানৱ সম্পদ ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা চন্দ্ৰমৌলীয়ে ইংৰাজী থিয়েটাৰ কোম্পানী ইভামত পূৰ্ণকালীন কৰ্মচাৰী হিচাপে যোগদান কৰে।
-
শোভনা
শোভনা চন্দ্ৰকুমাৰ পিল্লাই (Shobana Chandrakumar Pillai; জন্ম: ২১ মাৰ্চ ১৯৭০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ভাৰতনাট্যম শিল্পী। তেওঁ প্ৰধানকৈ মালয়ালম ছবিৰ লগতে তেলুগু আৰু তামিল ছবিত অভিনয় কৰিছে। তাৰোপৰি কেইখনমান হিন্দী, কানাড়া আৰু ইংৰাজী ছবিতো অভিনয় কৰিছে।
-
সংযুক্তা (অভিনেত্ৰী)
সংযুক্তা (Samyuktha; জন্ম: ১১ ছেপ্টেম্বৰ ১৯৯৫; পূৰ্বতে সংযুক্তা মেনন) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ মালয়ালম আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ কেৰালা ফিল্ম ক্ৰিটিকছ এছ’চিয়েচন বঁটা আৰু সন্তোষম ফিল্ম বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
-
সুকুমাৰী
সুকুমাৰী আম্মা ( Sukumari Amma; ৬ অক্টোবৰ ১৯৪০- ২৬ মাৰ্চ ২০১৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁক মালয়ালম আৰু তামিল চলচ্চিত্ৰত কৰা কামৰ বাবে জনা যায়। পাঁচ দশকতকৈও অধিক সময়ৰ কৰ্মজীৱনত তেওঁ প্ৰধানকৈ মালয়ালম, তামিল, তেলেগু ভাষাৰ ২৫০০ খনতকৈও অধিক ছবিত অভিনয় কৰাৰ লগতে কম পৰিমাণে হিন্দী আৰু লগতে…
-
হেমা চৌধুৰী
হেমা চৌধুৰী ( Hema choudhuri)এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁক “দূৰ্গা প্ৰভা’’ নামেৰেও জনা যায়৷ তেওঁ প্ৰধানকৈ কানাড়া, তেলেগু, মালয়ালম আৰু তামিল কথাছবিত অভিনয় কৰিছে।
-
ৰাজশ্ৰী পন্নপ্পা
ৰাজশ্ৰী পন্নপ্পা (ইংৰাজী: Rajshri Ponnappa) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ মূলতঃ কন্নড় ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। ২০১৩ চনত তেওঁ মালয়ালম চলচ্চিত্ৰ একুৱেৰিয়ামৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।
-
অনাইতা নায়াৰ
অনাইতা নায়াৰ (জন্ম ১৯ জুলাই ১৯৮৪) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু নাট্যমঞ্চ অভিনেত্ৰী তথা গায়িকা। তেওঁ বিশেষকৈ ক্ৰীড়া বিষয়ক চলচ্চিত্ৰ চক দে ইণ্ডিয়া (২০০৭)ত ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় হকী দলৰ সদস্য আলিয়া ব’ছৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনাজাত।
-
অনু ইমানুৱেল
অনু ইমানুৱেল (ইংৰাজী: Anu Emmanuel; জন্ম: ২৮ মাৰ্চ ১৯৯৭) এগৰাকী আমেৰিকান মূলৰ ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰৰ লগতে তামিল আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে। ইমানুৱেল এগৰাকী প্ৰযোজক গিল্ড ফিল্ম বঁটা বিজয়ী।
-
অভিলাষা (অভিনেত্ৰী)
অভিলাষা কৰ্ণাটকৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি আশীৰ দশকৰ শেষৰফালে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতত, বিশেষকৈ মালয়ালম চলচ্চিত্ৰত সক্ৰিয় হৈ আছিল। কামোদ্দীপক চৰিত্ৰৰ বাবে পৰিচিত অভিলাষা সেই সময়ৰ মালয়ালম চফ্টকোৰ চলচ্চিত্ৰৰ মূল অভিনেত্ৰী আছিল।
-
আন্না ৰাজন
আন্না ৰেশ্মা ৰাজন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, যিয়ে ঘাইকৈ মালয়ালম চলচ্চিত্ৰত অভিনয় কৰে। ২০১৭ চনত মুক্তিপ্ৰাপ্ত অংগামালী ডায়েৰীজ ছবিৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে।
-
ইশা তলৱাৰ
ইশা তলৱাৰ (জন্ম: ২২ ডিচেম্বৰ ১৯৮৭) এজনী ভাৰতীয় অভিনেত্ৰী যিয়ে মুখ্যতঃ মালয়ালম আৰু হিন্দী চলচ্চিত্ৰত কাম কৰে। তলৱাৰে মডেল হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু ২০১২ চনত মালয়ালম চলচ্চিত্ৰ থাট্টাথিন মৰায়াথুৰ জৰিয়তে চলচ্চিত্ৰ জগতত অভিষেক কৰে।
-
ঐশ্বৰিয়া ভাস্কৰণ
ঐশ্বৰিয়া ভাস্কৰণ (Aishwariyaa Bhaskaran, প্ৰকৃত নাম: শান্তা মীনা) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তামিল, মালয়ালম, কন্নড়, তেলুগু আৰু হিন্দী চিনেমাৰ লগতে কেইবাখনো মালয়ালম আৰু তামিল টেলিভিছন ছ’প অপেৰাত অভিনয় কৰিছে। তেওঁ অভিনেত্ৰী লক্ষ্মী আৰু ভাস্কৰণৰ জ্যেষ্ঠ কন্যা।
-
কৌশল্যা (অভিনেত্ৰী)
কবিতা শিৱশংকৰ (জন্ম: ৩০ ডিচেম্বৰ ১৯৭৯), যি সাধাৰণতে কৌশল্যা (তামিল, তেলুগু আৰু কন্নড় চলচ্চিত্ৰ জগতত) বা নন্দিনী (মালয়ালম চলচ্চিত্ৰ জগতত) নামেৰে জনাজাত, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যিয়ে মূলতঃ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত অভিনয় কৰিছে।
-
কৰিশ্মা কোটক
কৰিশ্মা কোটক (ইংৰাজী: Karishma Kotak) এগৰাকী ইংৰাজ মডেল, অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপিকা।
-
গ্ৰেচী সিং
গ্ৰেচী সিং (ইংৰাজী: Gracy Singh; জন্ম: ২০ জুলাই ১৯৮০) সিং এজন প্ৰশিক্ষিত ভাৰতনট্যম আৰু ওডিছি নৃত্যশিল্পীও।
-
চি এছ ৰাধাদেৱী
চি এছ ৰাধাদেৱী (মালয়ালম: സി.എസ്. രാധാദേവി; ১৯৩১ ৭ জুলাই ২০২৫) আছিল ভাৰতৰ কেৰালাৰ এগৰাকী নেপথ্য কণ্ঠশিল্পী, ডাবিং শিল্পী, ৰেডিঅ' শিল্পী আৰু অভিনেত্ৰী। ৰাধাদেৱী সাতটা দশক ধৰি মালয়ালম ৰেডিঅ' সম্প্ৰচাৰৰ ক্ষেত্ৰখনৰ সৈতে জড়িত আছিল। ৩০বছৰীয়া কেৰিয়াৰত তেওঁ ত্ৰিছখনতকৈও অধিক চলচ্চিত্ৰত কণ্ঠদান কৰিছিল।
-
চিপ্পি ৰঞ্জিত
দিব্যা চাজি (ইংৰাজী: Divya Shaji), যি মালয়ালম আৰু কন্নড় চলচ্চিত্ৰত ক্ৰমে চিপ্পি আৰু শিল্পা নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতত কাম কৰে, বিশেষকৈ মালয়ালম আৰু কন্নড় ছবিত।
-
পাৰ্ল মানে
পাৰ্ল মানে (ইংৰাজী: Pearle Maaney; জন্ম: ২৮ মে' ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গীতিকাৰ, ইউটিউবাৰ আৰু টেলিভিছন উপস্থাপিকা। তেওঁ মূলতঃ মালয়ালম অনুষ্ঠানসমূহত কাৰ্যনিৰ্বাহ কৰে। মালয়ালম নৃত্যভিত্তিক ৰিয়েলিটি শ্ব’ ডি ৪ ডান্সৰ তিনিটা ছিজনৰ সহ-উপস্থাপনা কৰাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
প্ৰীতি ঝাংগিয়ানী
প্ৰীতি ঝাংগিয়ানী (ইংৰাজী: Preeti Jhangiani; জন্ম: ১৮ আগষ্ট ১৯৮০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ মালয়ালম চলচ্চিত্ৰ মাঝাভিল্লু (১৯৯৯)ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে আৰু বহুঅভিনেতা অভিনীত ৰোমাণ্টিক হিন্দী চলচ্চিত্ৰ মহব্বতে’ন (২০০০)ৰ জৰিয়তে…
-
বসুন্ধৰা দাস
বসুন্ধৰা দাস (জন্ম ২৭ অক্টোবৰ ১৯৭৭) এগৰাকী ভাৰতীয় প্লেবেক গায়িকা আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁৰ অভিনয় জীৱনত হে ৰাম (তামিল/হিন্দী), মনচুন ৱেডিং (ইংৰাজী), চিটিজেন (তামিল), ৰাৱনা প্ৰভু (মালয়ালম), লংকেশ পাত্ৰিকে (কন্নড়) আদি চলচ্চিত্ৰ অন্তৰ্ভুক্ত।
-
বেদিকা
বেদিকা কুমাৰ, যাক কেৱল বেদিকা বুলিও জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তামিল, তেলুগু, কন্নড় আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে। বেদীকা এটা এছিয়াভিজন বঁটা আৰু দুটা এডিচন বঁটাৰ প্ৰাপক। ইয়াৰ উপৰি তেওঁ দুটাকৈ ফিল্মফেয়াৰ বঁটা (দক্ষিণ)-ৰ মনোনয়ন লাভ কৰিছে।
-
মালৱিকা নায়াৰ
মালৱিকা নায়াৰ (Malvika Nair) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তেলুগু আৰু মালয়ালম চলচ্চিত্ৰত অভিনয় কৰে। নায়াৰৰ উল্লেখযোগ্য কামসমূহৰ ভিতৰত আছে ব্লেক বাটাৰফ্লাই (২০১৩), কাকু (২০১৪), য়েভাডে সুব্ৰমণ্যম (২০১৫), টেক্সিৱালা (২০১৮), মডাৰ্ণ লাভ হায়দৰাবাদ (২০২২) আৰু কৃষ্ণম প্ৰণয় সখী (২০২৪)।
-
মুমতাজ
নাগমা খান (ইংৰাজী: Nagma Khan; জন্ম: ৫ জুলাই ১৯৮০), যিগৰাকী কেৱল মুমতাজ নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তামিল, তেলুগু, হিন্দী, কন্নড় আৰু মালয়ালম ভাষাৰ চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত।
-
মেনকা (অভিনেত্ৰী)
মেনকা সুৰেশ (জন্ম পদ্মাৱতী য়েংগাৰ), মেনকা নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ প্ৰযোজক। ১৯৮০ চনত তামিল চলচ্চিত্ৰ ৰামায়ী ৱায়াসুক্কু বণ্টুটাৰ সৈতে তেওঁ কেৰিয়াৰ আৰম্ভ কৰে। ১৯৮০–১৯৮৭ সময়ছোৱাৰ ভিতৰত মেনকাই প্ৰায় ১২৫খন চলচ্চিত্ৰত নায়িকা হিচাপে অভিনয় কৰিছে, যাৰ প্ৰধানভাৱে মালয়ালম।
-
শান্তি বালাচন্দ্ৰন
শান্তি বালাচন্দ্ৰন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী যিয়ে মূলতঃ মালয়ালম চলচ্চিত্ৰত কাম কৰে। তেওঁ ২০১৭ চনৰ মালয়ালম কমেডী থ্ৰিলাৰ ছবি তৰংগমত টোভিনো থমাছৰ বিপৰীতে নায়িকা হিচাপে অভিনয় কৰি চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।
-
শালিনী
শালিনী (পূৰ্বে বেবী শালিনী নামে জনাজাত; জন্ম ২০ নৱেম্বৰ ১৯৭৯) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী আৰু শিশু শিল্পী, যিয়ে মালয়ালম আৰু তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল। ১৯৮০ দশকত শালিনী মালয়ালম আৰু তামিল চলচ্চিত্ৰত এগৰাকী জনপ্ৰিয় শিশু শিল্পী আছিল।
-
শ্ৰদ্ধা দাস
শ্ৰদ্ধা দাস এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যিয়ে প্ৰধানকৈ তেলেগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০০৮ চনত তেলেগু চলচ্চিত্ৰ সিদ্ধু ফ্ৰ'ম ছিকাকুলামৰ জৰিয়তে অভিনয় জীৱনৰ অভিষেক ঘটে। ইয়াৰ পিছৰ পৰাই তেওঁ ছটা ভিন্ন ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত কাম কৰিছে।
-
শ্ৰীথা শিৱদাস
শ্ৰীথা শিৱদাস (ইংৰাজী: Shritha Sivadas) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু দূৰদৰ্শনৰ আঁতধৰোঁতা। তেওঁ মূলতঃ মালয়ালম আৰু তামিল ভাষাৰ ছবিত অভিনয় কৰে। সুগীতৰ পৰিচালনাত মুক্তিপ্ৰাপ্ত ২০১২ চনৰ চলচ্চিত্ৰ অৰ্ডিনাৰী যোগে তেওঁ অভিনয় জগতত আত্মপ্ৰকাশ কৰে।
-
শৰ্বানী মুখাৰ্জী
শৰ্বাণী মুখাৰ্জী (ইংৰাজী: Sharbani Mukherjee) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু কেইখনমান মালয়ালম ভাষাৰ ছবিত কাম কৰিছে। তেওঁ জনপ্ৰিয় হিন্দী ছবি বৰ্ডাৰৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল।
-
সংগীতা মাধৱন নায়াৰ
সংগীতা মাধৱন নায়াৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, মালয়ালম আৰু কন্নড় চলচ্চিত্ৰত অভিনয় কৰিছে।