শৰ্বাণী মুখাৰ্জী (ইংৰাজী ভাষা: Sharbani Mukherjee) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু কেইখনমান মালয়ালম ভাষাৰ ছবিত কাম কৰিছে।১ তেওঁ জনপ্ৰিয় হিন্দী ছবি বৰ্ডাৰৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল।
জীৱনী
তেওঁ ৰনো মুখাৰ্জীৰ কন্যা আৰু সেইসূত্ৰে তেওঁ বিখ্যাত মুখাৰ্জী-চমৰ্থ পৰিয়ালৰ এগৰাকী সদস্য।২ দেব মুখাৰ্জী, জয় মুখাৰ্জী আৰু সমু মুখাৰ্জী আছিল তেওঁৰ খুৰাক। তেওঁৰ ককাক শশধৰ মুখাৰ্জী এজন চলচ্চিত্ৰ নিৰ্মাতা আছিল। শশধৰ মুখাৰ্জীৰ পত্নী সতিৰাণী দেৱী আছিল অশোক কুমাৰ, অনুপ কুমাৰ আৰু কিশোৰ কুমাৰৰ ভগ্নী। অভিনেত্ৰী ৰাণী মুখাৰ্জী, কাজল আৰু তনীষা মুখাৰ্জী, পৰিচালক অয়ন মুখাৰ্জী আৰু প্ৰখ্যাত গণিতজ্ঞ দেবেশ মৌলিক তেওঁৰ দেইতাকৰ ফালৰ সম্পৰ্কীয় ভাই-ভনী। তেওঁৰ ভাতৃ সম্ৰাট মুখাৰ্জীও এজন বলিউড আৰু বঙালী ভাষা ছবিৰ অভিনেতা।৩
কৰ্মজীৱন
শৰ্বাণীয়ে জনপ্ৰিয় ছবি বৰ্ডাৰৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। চাজিয়া মনচুৰে গোৱা "ঘৰ আজা চোনিয়া" গীতটোত তেওঁক সমীৰ চনীৰ বিপৰীতে দেখা গৈছিল। ইয়াৰ উপৰি তেওঁ বিভিন্ন বিজ্ঞাপনতো অভিনয় কৰিছে।৪ ২০০৮ চনৰ ভিতৰত তেওঁ মালয়ালম ছবি জগতলৈ মনোযোগ স্থানান্তৰ কৰে। তেওঁৰ প্ৰথম মালয়ালম ছবি আছিল প্ৰিয়দৰ্শনৰ পৰিচালনাত নিৰ্মিত ৰহস্যধৰ্মী থ্ৰিলাৰ ৰাকিলিপাট্টু, য’ত জ্যোতিষ্মতী, তাবু আৰু ইশিতা অৰুণেও অভিনয় কৰিছিল। তেওঁ চুফী পৰঞ্জ কথা নামৰ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।৫ এই ছবিখনক মালয়ালম চলচ্চিত্ৰৰ 'নিউ ৱেভ' বা নতুন ঢৌৰ অন্যতম সংজ্ঞায়িত ছবি হিচাপে গণ্য কৰা হয়।৬
তথ্যসূত্ৰ
- ↑ Karthikeyan, Shruti. (13 February 2015). To play a 60-year-old was not that difficult - Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ "Cousins Rani Mukherjee and Kajol to be neighbours"
- ↑ കാര്ത്തിയ്ക്ക് ശര്ബാനിയുടെ അഴക്, Interview - Mathrubhumi Movies
- ↑ ശര്ബാനി പറഞ്ഞത്, Interview - Mathrubhumi Movies
- ↑ Lekshmy Rajeev (25 February 2010). "Voice for Religious Unity". The Hindu. Retrieved 14 August 2015
- ↑ Nagarajan, Saraswathy. (2019-12-19). The 25 best Malayalam films of the decade: 'Premam', 'Maheshinte Prathikaram', 'Kumbalangi Nights' and more. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰ্বানী মুখাৰ্জী” প্ৰবন্ধৰ সংশোধন ৬০০২০১ (১০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।