দিব্যা চাজি (ইংৰাজী ভাষা: Divya Shaji), যি মালয়ালম ভাষা আৰু কন্নড় ভাষা চলচ্চিত্ৰত ক্ৰমে চিপ্পি আৰু শিল্পা নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতত কাম কৰে, বিশেষকৈ মালয়ালম আৰু কন্নড় ছবিত। ১৯৯৬ চনৰ জনুমাদা জোডি ছবিত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ শ্ৰেষ্ঠ কন্নড় অভিনেত্ৰীৰ বঁটা আৰু কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে।১
তেওঁ কেইবাখনো কন্নড় ছুপাৰহিট ছবি যেনে ভূমি থায়িয়া চোচলা মাগা (১৯৯৮), মুংগাৰিনা মিঞ্চু (১৯৯৭) আৰু ইধু এনথা প্ৰেমাভায়্যা (১৯৯৯) আদিত অভিনয় কৰিছে। শিল্পা আৰু ৰমেশ অৰবিন্দৰ যুটিটোক কন্নড় চিনেমাৰ অন্যতম শ্ৰেষ্ঠ অনস্ক্ৰীণ যুটি হিচাপে গণ্য কৰা হয়।২ মালয়ালম ভাষাৰ ছবিত তেওঁৰ আটাইতকৈ উল্লেখযোগ্য কামবোৰৰ ভিতৰত আছে স্পটিকম ছবিত আডু থোমাৰ (মোহনলাল) ভগ্নী আৰু পাথেয়াম ছবিত চন্দ্ৰদাসৰ (মাম্মুটী) পৰিত্যক্তা কন্যাৰ চৰিত্ৰ।
ইয়াৰ উপৰি তেওঁ কেইবাখনো জনপ্ৰিয় মালয়ালম টেলিভিছন ধাৰাবাহিকত অভিনয় কৰিছে। ইয়াৰ ভিতৰত স্ত্ৰীজনম, স্ত্ৰী অৰু সান্ত্বনম, শ্ৰীগুৰুবায়ুৰাপ্পান, আকাশদুতু আৰু সান্ত্বনম আদি অন্যতম।৩৪
কৰ্মজীৱন
চিপ্পিয়ে ১৯৯৩ চনত মাম্মুটীৰ সহ-অভিনয়েৰে ভৰতনৰদ্বাৰা পৰিচালিত পাথেয়াম ছবিৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। তেওঁ কেইবাখনো মালয়ালম ছবিত পাৰ্শ্ব চৰিত্ৰত আৰু কেইখনমান ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ১৯৯৫ চনত মোহনলাল অভিনীত স্পটিকম ছবিত তেওঁ আইকনিক গুণ্ডা আডু থোমাৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছিল। পিছলৈ ১৯৯৬ চনৰ কন্নড় ছবি জনুমাদা জোডিৰ জৰিয়তে তেওঁ কন্নড় চিনেমাৰ জগতত 'শিল্পা' নামেৰে আত্মপ্ৰকাশ কৰে। এই ছবিখনে কন্নড় চলচ্চিত্ৰ উদ্যোগৰ বহুতো অভিলেখ ভংগ কৰিছিল আৰু পাঁচশ দিন ধৰি চিনেমা হলত চলিছিল। এই ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ কৰ্ণাটক চৰকাৰৰপৰা 'কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা'ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে আৰু কন্নড় চিনেমাৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰে। বিবাহৰ পিছত তেওঁ মালয়ালম টেলিভিছন ধাৰাবাহিকত মনোনিৱেশ কৰে। তেওঁ স্ত্ৰীজনমত মায়াম্মাৰ চৰিত্ৰত অভিনয় কৰিছিল। পিছলৈ তেওঁ নিজৰ স্বামী এম. ৰঞ্জিতৰ চলচ্চিত্ৰ নিৰ্মাণ কোম্পানী 'ৰাজপুত্ৰ ভিজুৱেল মিডিয়া'ৰ এটা সহযোগী প্ৰতিষ্ঠান হিচাপে 'অৱন্তিকা ক্ৰিয়েচনছ' নামৰ নিজা প্ৰডাকচন হাউচ আৰম্ভ কৰে। তেওঁ মালয়ালম ধাৰাবাহিক আকাশদুতু, ৱানাম্বাদী, সান্ত্বনম আৰু তামিল ধাৰাবাহিক মৌন ৰাগম তথা মৌন ৰাগম ২ত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে প্ৰযোজনাও কৰিছে।৫৬
ব্যক্তিগত জীৱন
কেৰালাৰ তিৰুৱনন্তপুৰমত চাজি ধৰ্মপাল আৰু থংকম চাজিৰ ঘৰত দিব্যা হিচাপে চিপ্পিৰ জন্ম হৈছিল। চিপ্পিৰ দৃশ্য নামৰ এগৰাকী ভগ্নী আছে।৭ তেওঁ তিৰুৱনন্তপুৰমৰ নিৰ্মলা ভৱন হায়াৰ চেকেণ্ডাৰী স্কুল আৰু তিৰুৱনন্তপুৰমৰ মাৰ ইভানিঅ' কলেজত শিক্ষা গ্ৰহণ কৰিছিল। চিপ্পি 'ৰাজপুত্ৰ ভিজুৱেল মিডিয়া' চলোৱা চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰযোজক এম. ৰঞ্জিতৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দম্পতীহালৰ এগৰাকী কন্যা সন্তান আছে।
তথ্যসূত্ৰ
- ↑ (5 July 1998). Best actress. Filmfare
- ↑ M, Ahtira. (9 February 2017). I want to do a negative role. The Hindu
- ↑ (25 January 2017). Vanambadi: Actress Chippy back on TV with serial 'Vanambadi'. The Times of India
- ↑ (16 September 2020). Santhwanam Asianet Serial Star Cast, Behind The Scene – Latest Malayalam Series. Kerala TV
- ↑ Chippy says she signed 'Vanambadi' impressed by its story and music. The Times of India
- ↑ ഞാൻ സിനിമ നോക്കും, ചിപ്പി സീരിയലും; ഒരിക്കലും കഥയിൽ ഇടപെടാത്ത ലാലേട്ടൻ ഒറ്റക്കാര്യം പറഞ്ഞു: രഞ്ജിത് അഭിമുഖം. Manorama Online
- ↑ Chippy. Interview with Chippy. Amrita TV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিপ্পি ৰঞ্জিত” প্ৰবন্ধৰ সংশোধন ৬৩৯৬২৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।