মালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰী
৬৯ প্ৰবন্ধ
-
সুনয়না (অভিনেত্ৰী)
সুনয়না য়েল্লা (Sunaina Yella; জন্ম: ১৭ এপ্ৰিল ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ পেছাগতভাৱে সুনয়না নামেৰে পৰিচিত। তেওঁ প্ৰধানকৈ তামিল আৰু তেলুগু ছবিত কাম কৰে। কুমাৰ বনাম কুমাৰী (২০০৫) ছবিৰে তেলেগু ভাষাত আৰু কাধলিল ভিজুণ্টেন (২০০৮) ছবিত অভিনয়েৰে তামিল ছবিজগতত অভিষেক ঘটায়।
-
স্নেহা (অভিনেত্ৰী)
সুহাসিনী ৰাজাৰাম নাইডু (Suhasini Rajaram Naidu; জন্ম: ১২ অক্টোবৰ ১৯৮১), এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ পেছাগতভাৱে স্নেহা নামেৰে পৰিচিত। তেওঁ প্ৰধানকৈ তামিল, তেলুগু আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে, মুখ্য আৰু সহযোগী চৰিত্ৰ দুয়োটাতে।
-
স্বাতী ৰেড্ডী
স্বাতী ৰেড্ডী (ইংৰাজী: Swathi Reddy; জন্ম: ১৯ এপ্ৰিল ১৯৮৭) এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপিকা, যিয়ে প্ৰধানকৈ তেলুগু ছবিৰ লগতে তামিল আৰু মালয়ালম ছবিত কাম কৰিছিল। তেওঁ ২৯খনতকৈও অধিক ছবিত অভিনয় কৰিছে।
-
হিমাংশী খুৰানা
হিমাংশী খুৰানা (ইংৰাজী: Himanshi Khurana; জন্ম: ২৭ নৱেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় মডেল, অভিনেত্ৰী আৰু গায়িকা, যিয়ে মূলতঃ পঞ্জাবী চলচ্চিত্ৰত কাম কৰে। তেওঁ পঞ্জাবী ছবি সাড্ডা হকত অভিনয় কৰিছিল। ২০১৯ চনত তেওঁ বাস্তৱধৰ্মী অনুষ্ঠান বিগ বছ ১৩ত এগৰাকী প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল।
-
হৰিপ্ৰিয়া
শ্ৰুতি চন্দ্ৰসেনা (ইংৰাজী: Shruthi Chandrasena; জন্ম: ২৯ অক্টোবৰ ১৯৯১, পেছাগতভাৱে হৰিপ্ৰিয়া নামেৰে পৰিচিত) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ কন্নড় ছবিত অভিনয় কৰে আৰু তেলুগু, তামিল, আৰু মালয়ালম ছবিতো অভিনয় কৰিছে।
-
ৰম্ভা (অভিনেত্ৰী)
য়েদী বিজয়লক্ষ্মী (জন্ম: ৫ জুন ১৯৭৬), পেচাগতভাৱে ৰম্ভা (ইংৰাজী: Rambha) নামেৰে পৰিচিত এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী। তেওঁ ১৯৯০ৰ দশক আৰু ২০০০ৰ দশকৰ আৰম্ভণিত ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম প্ৰধান অভিনেত্ৰী আছিল।
-
ৰম্যা নাম্বীচান
ৰম্যা নাম্বীচান (ইংৰাজী: Remya Nambessan) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম আৰু তামিল চলচ্চিত্ৰত কাম কৰে। তেওঁ ৭১খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।
-
ৰায় লক্ষ্মী
লক্ষ্মী ৰায় এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল. যিয়ে প্ৰধানকৈ তামিল, মালয়ালম, তেলেগু, কানাড়া আৰু হিন্দী ভাষাত কাম কৰে। পেছাগতভাৱে তেওঁক ৰায় লক্ষ্মী হিচাপে জনাজাত। ৰায় লক্ষ্মীৰ জন্ম হৈছিল কৰ্ণাটকৰ বাংগালুৰুত ৰাম ৰায় আৰু মঞ্জুলা ৰায়ৰ ঘৰত। তেওঁৰ পৰিয়াল বেলগামলৈ স্থানান্তৰিত হয়।
-
ৱালুছা ডি চুজা
ৱালুছা ডি চুজা (ইংৰাজী: Waluscha De Sousa; জন্ম: ২৮ নৱেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ ২০১৬ চনৰ হিন্দী ছবি ফেনৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল, য’ত তেওঁ শ্বাহৰুখ খানৰ বিপৰীতে অভিনয় কৰিছিল।