অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দিলৰুবা ইয়াছমিন ৰুহী

দিলৰুবা ইয়াছমিন ৰুহী (ইংৰাজী: Dilruba Yasmeen Ruhee; জন্ম: ২৫ মে’ ১৯৮৮) এগৰাকী বাংলাদেশী মডেল আৰু অভিনেত্ৰী।

হালনাগাদ: ২৪ এপ্ৰিল ২০২৬ ২৯৬ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

দিলৰুবা ইয়াছমিন ৰুহী (ইংৰাজী ভাষা: Dilruba Yasmeen Ruhee; জন্ম: ২৫ মে’ ১৯৮৮) এগৰাকী বাংলাদেশী মডেল আৰু অভিনেত্ৰী।

প্ৰাৰম্ভিক জীৱন

ৰুহীৰ জন্ম বাংলাদেশৰ ঢাকাত হৈছিল। তেওঁ অগ্ৰণী স্কুল এণ্ড কলেজত বিজ্ঞান শাখাত অধ্যয়ন কৰিছিল যদিও পিছলৈ অৰ্থনীতি বিষয়লৈ সলনি কৰে। ইয়াৰ মাজতে তেওঁ ফেশ্বন ডিজাইনিঙৰ চুটি পাঠ্যক্ৰম গ্ৰহণ কৰে। ষষ্ঠ বা সপ্তম শ্ৰেণীত পঢ়ি থকাৰপৰাই তেওঁ চুবুৰীয়াৰ বাবে কাপোৰ ডিজাইন কৰিছিল আৰু ১৬ বছৰ বয়সৰপৰা নিজৰ কাপোৰ নিজেই ডিজাইন কৰিবলৈ লৈছিল।১ ২০০৯ চনত তেওঁ নৰ্থ চাউথ ইউনিভাৰ্চিটিৰপৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।

মডেলিং কেৰিয়াৰ

ৰুহীয়ে মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ফটোগ্ৰাফাৰ ফাৰুক হেলাল আৰু ফেশ্বন ডিজাইনাৰ এমদাদ হকে ২০০৬ চনত ৰুহীৰ সম্ভাৱনা পোনপ্ৰথমে চিনাক্ত কৰিছিল আৰু তেওঁক ৰেম্প, প্ৰিণ্ট মিডিয়া আৰু টিভি বিজ্ঞাপনৰ বাবে মডেলিং জগতত প্ৰৱেশ কৰাইছিল।২ ২০০৬ চনৰ মাৰ্চ মাহত তেওঁ মডেলিং আৰম্ভ কৰে আৰু 'বঙলাৰ মেলা' আছিল তেওঁৰ প্ৰথম কাম।১ ২০০৭ চনত অমিতাভ ৰেজাৰ নিৰ্দেশনাত পেৰাছুট হেয়াৰ অইলৰ বিজ্ঞাপনৰ বাবে মডেল হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁ প্ৰথমবাৰৰ বাবে চৰ্চালৈ আহে। তেওঁ গ্ৰামীণফোন এক্সপ্ল’ৰ আৰু ডায়মণ্ড ৱৰ্ল্ড জুৱেলাৰীৰ বিজ্ঞাপনতো কাম কৰিছে।১ ৰুহীয়ে বঙলাৰ মেলা, মায়াচিৰ, কে ক্ৰাফ্ট, অৰং আদিৰ দৰে আগশাৰীৰ ফেশ্বন হাউচৰ বাবে মডেল হিচাপে কাম কৰিছে। ইয়াৰ উপৰি তেওঁ পশ্চিমবংগতো মডেল হিচাপে কাম কৰিছে।

অভিনয় কেৰিয়াৰ

২০০৭ চনত ৰুহীয়ে টেলিভিছন নাটকত অভিনয় আৰম্ভ কৰে। তেওঁৰ প্ৰথম টেলিভিছন নাটক (বঙালী নাটক) আছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্পৰ আধাৰত নিৰ্মিত আৰু আহমেদ সুষময়ৰদ্বাৰা পৰিচালিত 'অপৰিচিতা'।৩ ইয়াৰ পিছত তেওঁ ঢালিউডৰ চলচ্চিত্ৰলৈ মনোযোগ দিয়ে। তেওঁ 'বৃত্তেৰ ভিতৰে একা', 'স্বপ্নমুখ', 'অচেনা মানুষ', 'অৱগুণ্ঠন' আৰু 'লাভ' ছবিত অভিনয় কৰে। তেওঁ 'সন্ধ্যা' নামৰ টেলিভিছন নিৰ্মাণত এগৰাকী এনজিঅ' কৰ্মীৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ পৰিচালক আবু ছৈয়দৰ সৈতে বাংলাদেশৰ মুক্তি যুদ্ধৰদ্বাৰা অনুপ্ৰাণিত 'জন্ম আমাৰ' নাটকত কাম কৰিছে।১

ৰুহীয়ে প্ৰথম চুক্তিবদ্ধ হোৱা ছবিখন আছিল এখন কলকাতা ভিত্তিক ছবি। পৰমব্ৰত চেটাৰ্জীৰ সৈতে তেওঁ 'স্পৰ্শ' আৰু 'গ্লেমাৰ' নামৰ দুখন টলিউডৰ ছবিত কাম কৰিছিল।১ মহুৱা চক্ৰৱৰ্তীৰ 'গ্লেমাৰ' ছবিত ৰুহীয়ে এগৰাকী ফেশ্বন মডেলৰ চৰিত্ৰত অভিনয় কৰিছিল, যিখন ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত তেওঁৰ প্ৰথমখন ছবি আছিল।৪

ৰুহীৰ মুক্তিপ্ৰাপ্ত প্ৰথমখন চলচ্চিত্ৰ আছিল মুনছুৰ আলীৰ 'সংগ্ৰাম'।১৫ ১৯৭১ চনৰ স্বাধীনতা যুদ্ধৰ পটভূমিত নিৰ্মিত এই ছবিখনত তেওঁ এগৰাকী ধৰ্ষিতা হিন্দু মহিলাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।২ এই চিনেমাখনৰ জৰিয়তে দেখুওৱা হৈছিল যে মানুহ কিমান নিৰ্দয় হ’ব পাৰে আৰু যিকোনো সংঘাতৰ সময়ত মহিলাসকল কেনেকৈ বলি হয়।৪ তেওঁৰ আন এখন ছবি হ’ল শান্তি চৌধুৰীৰ পৰিচালনাত নিৰ্মিত 'মায়ানগৰ', য’ত তেওঁৰ বিপৰীতে আছিল মডেল নিপুণ। এই ছবিখন এগৰাকী মহিলাৰ সম্পৰ্ক আৰু তেওঁৰ কেৰিয়াৰৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ওপৰত আধাৰিত। ইয়াত তেওঁ এগৰাকী আন্তঃৰাষ্ট্ৰীয় ছুপাৰমডেলৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ তৃতীয়খন চিনেমা আছিল অনিমেষ আইচৰ পৰিচালনাত নিৰ্মিত মনস্তাত্ত্বিক থ্ৰীলাৰ 'জিৰো ডিগ্ৰী'।৬ ইয়াত তেওঁ মাহফুজ আহমেদ৭ আৰু জয়া আহছানৰ সৈতে অভিনয় কৰিছিল।১ ছবিখনত তেওঁ এগৰাকী দুৰ্ভাগ্যৱতী মাতৃৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল যিয়ে এক দুৰ্ঘটনাত নিজৰ সন্তানক হেৰুৱায়। ইয়াৰ উপৰি তেওঁ ব্ৰিটিছ-বাংলাদেশী পৰিচালক আমিনুল ইছলাম বাপ্পীৰ 'থ্ৰী ইলিগেল' নামৰ এখন ছবিত অভিনয় কৰিছিল, যিখন চিনেমা অবৈধ উপায়েৰে বিদেশলৈ যোৱা লোকৰ কাহিনীৰ ওপৰত আধাৰিত। ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত 'গ্লেমাৰ' আৰু 'জিৰো ডিগ্ৰী' দুয়োখনেই মুক্তি লাভ কৰে।৮৯

২০১৪ চনৰ জুন মাহত ৰুহীৰ বিবিচি এছিয়ান নেটৱৰ্কত নাদিয়া আলীয়ে সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল।১০ ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ লণ্ডন বেংগলী ফিল্ম ফেষ্টিভেলৰ (LBFF) আঁত ধৰিছিল।১১

ব্যক্তিগত জীৱন

২০১১ চনৰ ডিচেম্বৰ মাহত 'সংগ্ৰাম' চলচ্চিত্ৰখনত কাম কৰি থকাৰ সময়তে ৰুহীয়ে ব্ৰিটিছ চলচ্চিত্ৰ পৰিচালক মুনছুৰ আলীক লগ পায় আৰু তেওঁলোকৰ মাজত বন্ধুত্ব গঢ়ি উঠে। ২০১৪ চনৰ ৩ ছেপ্টেম্বৰত বাংলাদেশৰ ঢাকাত ৰুহীয়ে মুনছুৰ আলীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১২ ইয়াৰ পিছত ৪ ছেপ্টেম্বৰত তেওঁলোকৰ গা-ধন দিয়া অনুষ্ঠান আৰু ৫ ছেপ্টেম্বৰত বিবাহৰ অভ্যৰ্থনা অনুষ্ঠিত হয়।১২ ৰুহীয়ে বৰ্তমান ঢাকা আৰু লণ্ডন— দুয়োখন চহৰতে বসবাস কৰে।৮

তথ্যসূত্ৰ

  1. ↑ Islam, Zia Nazmul; Ahmed, Adnan. (4 January 2014). Ruhee Bursting into Celluloid. The Daily Star
  2. ↑ (24 March 2014). Ruhee going strong. Dhaka Herald
  3. ↑ (4 March 2015). Five Bangladeshi actresses rocking Tollywood. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ (20 February 2015). Bangladeshi actor 'Dilruba Yasmeen Ruhee' debuts in Bengali film. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  5. ↑ Chatak, Hasan Mansoor. (27 March 2014). Shongram all set to hit 50 cinemas. Dhaka Tribune
  6. ↑ Hossain, Rafi; Kabir, Mehnaj; Haider, M. H. (8 May 2015). Zeroing in on ZERO DEGREE. The Daily Star
  7. ↑ Chaity, Afrose Jahan. (6 January 2014). Ruhee all set to sizzle on the silver screen. Dhaka Tribune
  8. ↑ Hossain, Rafi; Haider, M. H. (28 March 2015). Ruhee Glamour Girl. The Daily Star
  9. ↑ (27 January 2015). Ruhee set to sizzle with same-day double bill. Dhaka Tribune
  10. ↑ (23 June 2014). Nadia Ali, 23/06/2013. BBC Asian Network
  11. ↑ (22 February 2014). London Bengali Film Festival in September. Dhaka Tribune
  12. ↑ Mansoor Chatak, Hasan. (2 September 2014). Ruhee's new journey. Dhaka Tribune

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ অভিনেত্ৰীমডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিলৰুবা ইয়াছমিন ৰুহী” প্ৰবন্ধৰ সংশোধন ৬০২৩৭২ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।