অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জুলিয়া ফুৰ্ডিয়া

জুলিয়া ফুৰ্ডিয়া (ইংৰাজী: Julia Furdea; জন্ম: ১৯ জুলাই ১৯৯৪) এগৰাকী ৰোমানিয়ান-অষ্ট্ৰিয়ান মডেল, টেলিভিছন ঘোষিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৪ চনৰ মিছ অষ্ট্ৰিয়া খিতাপ অৰ্জন কৰিছিল আৰু লণ্ডনত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০১৪ আৰু ফ্লৰিডাৰ ডৰালত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১৪ প্ৰতিযোগিতাত নিজৰ…

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ২৯৯ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

জুলিয়া ফুৰ্ডিয়া (ইংৰাজী ভাষা: Julia Furdea; জন্ম: ১৯ জুলাই ১৯৯৪) এগৰাকী ৰোমানিয়ান-অষ্ট্ৰিয়ান মডেল, টেলিভিছন ঘোষিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৪ চনৰ মিছ অষ্ট্ৰিয়া খিতাপ অৰ্জন কৰিছিল আৰু লণ্ডনত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০১৪ আৰু ফ্লৰিডাৰ ডৰালত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১৪ প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল। সৌন্দৰ্য প্ৰতিযোগিতাৰ উপৰি ফুৰ্ডিয়াই বৰ্তমান অষ্ট্ৰিয়াৰ সংবাদ মাধ্যমত এগৰাকী সফল ঘোষিকা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।

প্ৰাৰম্ভিক জীৱন

জুলিয়া ফুৰ্ডিয়াৰ জন্ম ৰোমানিয়াৰ তিমিছোৱাৰাত হৈছিল। পৰৱৰ্তী সময়ত তেওঁ পৰিয়ালৰ সৈতে অষ্ট্ৰিয়ালৈ গুচি আহে। তেওঁ ভিয়েনা বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ পৰিয়ালৰ খেল জগতৰ সৈতে এক সম্পৰ্ক আছে; তেওঁ ৰোমানিয়াৰ প্ৰাক্তন ৰাগবী খেলুৱৈ এড্ৰিয়ান প্লটস্কিৰ ভতিজী।১ মডেলিং কেৰিয়াৰৰ উপৰি ফুৰ্ডিয়াই অষ্ট্ৰিয়াৰ সৰ্ববৃহৎ ব্যক্তিগত অনাতাঁৰ কেন্দ্ৰ 'ক্ৰোনহিট'ত ৰেডিঅ' ঘোষিকা হিচাপে কাম কৰিছিল। ইয়াৰ উপৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় জুডো ফেডাৰেচন গালাৰ দৰে গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহো পৰিচালনা কৰি আহিছে।

সৌন্দৰ্য প্ৰতিযোগিতা

মিছ আপাৰ অষ্ট্ৰিয়া ২০১৪

ফুৰ্ডিয়াই এষ্টেনৰপৰা মিছ আপাৰ অষ্ট্ৰিয়া (মিছ ওবেৰঅষ্টেৰাইক) ২০১৪ প্ৰতিযোগিতাত অংশ লৈ খিতাপ দখল কৰিছিল। প্ৰদেশখনৰ পূৰ্বৰ বিজয়ী ডৰিছ হফমেনে তেওঁক এই মুকুট পিন্ধাইছিল। এই জয়েই তেওঁৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুৱাৰ মুকলি কৰি দিছিল।

মিছ অষ্ট্ৰিয়া ২০১৪

২০১৪ চনৰ ৩ জুলাইত ভিয়েনাৰ ওচৰৰ কেচিনো বাডেনত অনুষ্ঠিত মিছ অষ্ট্ৰিয়া ২০১৪ প্ৰতিযোগিতাত ফুৰ্ডিয়াই আপাৰ অষ্ট্ৰিয়াক প্ৰতিনিধিত্ব কৰি বিজয়ীৰ মুকুট পিন্ধে। এই প্ৰতিযোগিতাত বিচাৰক হিচাপে মিছ ইউনিভাৰ্ছ ২০১৩ গেব্ৰিয়েলা ইছলাৰ আৰু মিছ ৱৰ্ল্ড ২০০৯ কায়ানে এলডোৰিনো উপস্থিত আছিল।২

ৰাষ্ট্ৰীয় খিতাপ জয় কৰাৰ পাছত জুলিয়াই লণ্ডনত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০১৪ আৰু আমেৰিকাৰ ফ্লৰিডাত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১৪ ত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰে যদিও কোনো এখন প্ৰতিযোগিতাতে তেওঁ স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।

কেৰিয়াৰ

সৌন্দৰ্য প্ৰতিযোগিতাৰপৰা অৱসৰ লোৱাৰ পাছত ফুৰ্ডিয়াই টেলিভিছন জগতত মনোনিৱেশ কৰে। ২০১৮ চনৰ ছেপ্টেম্বৰ মাহৰপৰা তেওঁ অষ্ট্ৰিয়াৰ প্ৰথমটো ব্ৰেকফাষ্ট টেলিভিছন শ্ব' 'কেফে পালছ'ৰ সৈতে জড়িত হয়। পালছ ৪ (Puls 4) নামৰ চেনেলটোৰ এই অনুষ্ঠানত তেওঁ বতৰৰ সংবাদ পৰিৱেশন কৰিবলৈ লয়।৩ ইয়াৰ উপৰি তেওঁ সেই একেটা চেনেলৰে শিশুৰ ৰন্ধন সম্পৰ্কীয় অনুষ্ঠান 'দাস জুংষ্টে গেৰিক্ট' (Das jüngste Gericht) পৰিচালনা কৰি আহিছে।৪ মডেলিং আৰু মিডিয়া কেৰিয়াৰৰ বাবে তেওঁ বৰ্তমান অষ্ট্ৰিয়াৰ এগৰাকী পৰিচিত মুখ।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2014-07-17). Iulia Furdea va participa la Miss World 2014: Nepoata antrenorului de rugby Adrian Pllotschi a devenit Miss Austria (galerie foto). ZIUA de Constanta
  2. ↑ Oberösterreicherin Julia Furdea ist Miss Austria 2014
  3. ↑ derStandard.at. www.derstandard.at
  4. ↑ krone.at. (2018-10-03). Julia Furdea: "Die Kids leisten hier Großartiges". Kronen Zeitung

সম্পৰ্কিত শ্ৰেণী

অষ্ট্ৰিয়াৰ ব্যক্তিমডেলসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুলিয়া ফুৰ্ডিয়া” প্ৰবন্ধৰ সংশোধন ৫৯৪৯২০ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।