ভাৰতৰ মহিলা ন্যায়াধীশ
৩৯ প্ৰবন্ধ
-
ৰঞ্জনা দেশাই
ৰঞ্জনা প্ৰকাশ দেশাই (Ranjana Prakash Desai,জন্ম-৩০ অক্টোবৰ ১৯৪৯) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আৰু ভাৰতীয় সীমা আয়োগৰ মুৰব্বী। ইয়াৰ পূৰ্বে তেওঁ মহাৰাষ্ট্ৰ ৰাজ্যৰ পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিছিল৷ উচ্চতম ন্যায়ালয়ত নিযুক্তি পোৱাৰ পূৰ্বে তেওঁ বম্বে উচ্চ ন্যায়ালয়ত ন্যায়াধীশ…
-
ৰুমা পাল
ন্যায়াধীশ ৰুমা পাল (Ruma Pal) (জন্ম-৩ জুন ১৯৪১) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ। ২০০৬ চনৰ ৩ জুনত তেওঁ অৱসৰ গ্ৰহণ কৰে৷
-
ফাটিমা বিবি
এম. ফাটিমা বিবি (Fathima Beevi; ৩০ এপ্ৰিল ১৯২৭ - ২৩ নৱেম্বৰ ২০২৩) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ন্যায়াধীশ। তেওঁ ১৯৮৯ চনৰ ৬ অক্টোবৰ তাৰিখে তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। উচ্চতম ন্যায়ালয়লৈ নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী মহিলা।
-
হিমা কোহলী
হিমা কোহলী (Hima Kohliজন্ম ২ ছেপ্টেম্বৰ ১৯৫৯) ২০২১ চনৰ পৰা ২০২৪ চনলৈকে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ। ইয়াৰ পূৰ্বে তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পিছত তেলেংগানা উচ্চ ন্যায়ালয়ৰ দ্বিতীয় মুখ্য ন্যায়াধীশ আছিল।
-
অনুজা প্ৰভুদেশাই
অনুজা প্ৰভুদেশাই (জন্ম ৮ ফেব্ৰুৱাৰী ১৯৬২) বম্বে উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ। ভাৰতৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাম কৰা তেওঁ গোৱাৰ প্ৰথম মহিলা।
-
আশা মেনন
আশা মেনন (Asha Menon, ১৭ ছেপ্টেম্বৰ ১৯৬০) এগৰাকী ভাৰতীয় ন্যায়াধীশ৷ তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন বিচাৰক৷.
-
আৰ বানুমাথি
আৰ বানুমাথি (R. Banumathi; জন্ম: ২০ জুলাই ১৯৫৫) হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশ।[ তেওঁ তামিলনাডুৰ আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা ষষ্ঠগৰাকী মহিলা।
-
কান্তা কুমাৰী ভাটনাগৰ
কান্তা কুমাৰী ভাটনাগৰ (कान्ता भटनागर ,প্ৰায় ১৯৩০ – ১৩ আগষ্ট ২০১১) ভাৰতৰ এগৰাকী ন্যায়াধীশ আৰু মানৱ অধিকাৰ কৰ্মী আছিল। তেওঁ মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমগৰাকী মহিলাৰ লগতে ৰাজস্থান ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল ভটনগৰ।তেওঁ ৰাজস্থানৰ এগৰাকী বিশিষ্ট মহিলা…
-
কে কে ঊষা
কে কে ঊষা (K. K. Usha; ৩ জুলাই ১৯৩৯ – ৫ অক্টোবৰ ২০২০) এগৰাকী ভাৰতীয় ন্যায়াধীশ আছিল৷ তেওঁ কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ আছিল। তেওঁ মহিলাৰ অধিকাৰ আৰু সকলো ধৰণৰ বৈষম্য দূৰ কৰাৰ পোষকতা কৰিছিল।
-
গীতা মিট্টাল
ন্যায়াধীশ গীতা মিট্টাল (Gita Mittal,জন্ম ৯ ডিচেম্বৰ ১৯৫৮) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় ন্যায়াধীশ। তেওঁ জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু সেই পদত কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা ন্যায়াধীশ।
-
ছ'নিয়া গোকানী
ছ'নিয়া গিৰিধৰ গোকানী (জন্ম-২৬ ফেব্ৰুৱাৰী ১৯৬১) এগৰাকী ভাৰতীয় ন্যায়াধীশ। তেওঁ গুজৰাট উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ। ইয়াৰ পূৰ্বে গুজৰাট উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ লগতে ন্যায়াধীশ হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
-
জানকী আম্মা
ন্যায়াধীশ পি জনাকী আম্মা (Justice P. Janaki Amma(১৯২০–২০০৫)), কেৰেলা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আছিল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদত অধিষ্ঠিত হোৱা তেওঁ ভাৰতৰ দ্বিতীয়গৰাকী মহিলা। ১৯৮২ চনৰ ২২ এপ্ৰিললৈকে ন্যায়াধীশ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
-
জাৱলাকাৰ উমা দেৱী
জাৱলাকাৰ উমা দেৱী (Javalakar Uma Devi, জন্ম ২৬ ছেপ্টেম্বৰ ১৯৫৯) ভাৰতৰ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক সমালোচনা কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ তদন্তৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক নিৰ্দেশ দিয়াৰ পিছত ২০২০ চনত তেওঁ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
-
জাৱেপলু চাই
জাৱেপলু চাই Jaweplu Chai) হৈছে ভাৰতৰ উত্তৰ-পূব অংশৰ অৰুণাচল প্ৰদেশৰ এগৰাকী মহিলা ন্যায়াধীশ। ২০১৩ চনত চায়ে নিজৰ ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হিচাপে পৰিগণিত হয়। তেওঁক অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ বাছাৰত অতিৰিক্ত জিলা আৰু অধিবেশনৰ বিচাৰক হিচাপে নিযুক্তি দিয়া হৈছিল।
-
জ্যোৎস্না য়াগনিক
জ্যোৎস্না য়াগনিক (Jyotsna Yagnik) ভাৰতৰ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় ন্যায়াধীশ আৰু শিক্ষাবিদ।
-
টি মীনা কুমাৰী
টি মীনা কুমাৰী (T. Meena Kumariজন্ম ১৯৫১) ভাৰতৰ এগৰাকী অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। তেওঁ মেঘালয় উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ আছিল।[1] ইয়াৰ পূৰ্বে তেওঁ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয় আৰু পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ডি শ্ৰীদেৱী
ডি শ্ৰীদেৱী (২৮ এপ্ৰিল ১৯৩৯ – ৫ মাৰ্চ ২০১৮)এগৰাকী ভাৰতীয় অধিবক্তা, ন্যায়াধীশ আৰু সমাজ কৰ্মী। তেওঁ দুবাৰকৈ কেৰালা মহিলা আয়োগৰ অধ্যক্ষ আছিল।
-
পুষ্পা বীৰেন্দ্ৰ গণেদিৱালা
পুষ্পা বীৰেন্দ্ৰ গণেদিৱালা (Pushpa Virendra Ganediwala, জন্ম ১১ মাৰ্চ ১৯৬৯) এগৰাকী ভাৰতীয় অধিবক্তা। তেওঁ পূৰ্বে বম্বে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ আছিল যদিও মহিলা আৰু শিশুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ সন্দৰ্ভত কেইবাটাও বিতৰ্কিত ৰায়দান কৰাৰ পিছত ভাৰতৰ উচ্চতম ন্যায়ালয়ে তেওঁক স্থায়ী…
-
প্ৰতিভা মনিন্দৰ সিং
প্ৰতিভা মণিন্দৰ সিং (Prathiba Maninder Singh, জন্ম ২০ জুলাই ১৯৬৮) ভাৰতৰ দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ। ভাৰতীয় বৌদ্ধিক সম্পত্তি আইন, শৈক্ষিক সাহিত্য আৰু আইনী বিকাশ, এগৰাকী অনুশীলনৰত অধিবক্তা হিচাপে, আৰু আনুষংগিক আইন প্ৰণয়নৰ সৈতে জড়িত কেইবাখনো বিধানসভা সমিতিৰ উপদেষ্টা হিচাপে তেওঁৰ…
-
বীণা বীৰবল
বীণা বীৰবল ((Veena Birbalজন্ম: ১ জুলাই ১৯৫২) ভাৰতৰ দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ, আৰু দিল্লী ৰাজ্যিক গ্ৰাহক বিবাদ নিষ্পত্তি আয়োগৰ প্ৰাক্তন সভানেত্ৰী।তেওঁ স্ক’ৰপেন চুক্তি কেলেংকাৰী, ২জি স্পেকট্ৰম গোচৰ, নীতিশ কাটাৰা হত্যাকাণ্ডৰ গোচৰ, উপহাৰ চিনেমা অগ্নিকাণ্ডৰ গোচৰকে ধৰি অপৰাধমূলক…
-
ভাৰতী হৰিশ ডাংৰে
ভাৰতী হৰিশ ডাংৰে (জন্ম ১০ মে' ১৯৬৮) ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বে উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ। মহাৰাষ্ট্ৰত মাৰাঠা জাতিৰ সংৰক্ষণৰ দিশত সঁহাৰিমূলক ব্যৱস্থাৰ বৈধতা, ভাৰতত শিশু যৌন নিৰ্যাতনৰ আইন ব্যাখ্যা, ভাৰতত সামগ্ৰী আৰু সেৱা কৰ কাৰ্যকৰী কৰাকে ধৰি সাংবিধানিক আইন সম্পৰ্কীয় কেইবাটাও উল্লেখযোগ্য গোচৰত…
-
ভিক্টোৰিয়া গৌৰী
লেক্ষ্মনা চন্দ্ৰ ভিক্টোৰিয়া গৌৰী (Lekshmana Chandra Victoria Gowri) মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ। নিযুক্তিৰ পূৰ্বে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ আছিল।
-
মঞ্জু গোৱেল
ন্যায়াধীশ মঞ্জু গোৱেল (Manju Goel, জন্ম ১৯৪৫) দিল্লীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ। ১৯৭০ চনৰ এপ্ৰিল মাহত তেওঁ পশ্চিম বংগৰ অসামৰিক সেৱা (ন্যায়িক)ত যোগদান কৰা প্ৰথম মহিলা হিচাপে পৰিগণিত হয়।
-
মঞ্জু ৰাণী চৌহান
মঞ্জু ৰাণী চৌহান (Manju Rani Chauhan, জন্ম ২৯ আগষ্ট ১৯৬৬) এলাহাবাদ উচ্চ ন্যায়ালয়, উত্তৰ প্ৰদেশ, ভাৰতৰ অতিৰিক্ত ন্যায়াধীশ। ২০১৯ চনত তেওঁ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছিল, কিয়নো তেওঁ কেইবাটাও বহুলভাৱে প্ৰচাৰিত গোচৰৰ ন্যায়াধীশ আছিল, য'ত তেওঁ বিজেপি ৰাজনীতিবিদ চিন্ময়ানন্দৰ বিৰুদ্ধে ধৰ্ষণ, আৰু…
-
মঞ্জুলা চেল্লুৰ
মঞ্জুলা চেল্লুৰ (Manjula Chellur, জন্ম ৫ ডিচেম্বৰ ১৯৫৫) বম্বে উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশ। তেওঁ কলিকতা উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ, কেৰেলা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ আছিল।
-
মধুমতী মিত্ৰ
মধুমতী মিত্ৰ ( Madhumati Mitra; জন্ম: ৩১ মে' ১৯৫৮) কলকাতা উচ্চ ন্যায়ালয়, পশ্চিম বংগ, ভাৰতৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ। তেওঁ ৰাষ্ট্ৰীয় ন্যায়িক বিজ্ঞান বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
-
মিনাক্ষী অৰোৰা
মিনাক্ষী অৰোৰা (Meenakshi Arora) হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ত অনুশীলন কৰা জ্যেষ্ঠ অধিবক্তা হিচাপে নিযুক্তিপ্ৰাপ্ত অধিবক্তা৷
-
মৃদুলা ভাটকাৰ
মৃদুলা ভাটকাৰ (Mridula Bhatkar; জন্ম ২৮ মে' ১৯৫৭) ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ। তেওঁ ২০০৯ চনৰ পৰা ২০১৯ চনলৈকে ন্যায়ালয়ত কাৰ্যনিৰ্বাহ কৰিছিল।
-
শুভ্ৰা ঘোষ
শুভ্ৰা ঘোষ (Suvra Ghosh; জন্ম: ২৩ এপ্ৰিল ১৯৬৮)পশ্চিমবংগৰ কলিকতা উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ এগৰাকী ন্যায়াধীশ। ভাৰতত মৃত্যুদণ্ড আৰোপ কৰা গোচৰকে ধৰি কেইবাটাও উল্লেখযোগ্য গোচৰত তেওঁ ৰায়দান কৰিছে৷ তাৰে ভিতৰত কলিকতা উচ্চ ন্যায়ালয়কে জৰিমনা বিহাটো উল্লেখযোগ্য৷ ন্যায়াধীশৰ মতে, অসৎ আচৰণত অভিযুক্ত এজন…
-
সমাপ্তি চেটাৰ্জী
সমাপ্তি চেটাৰ্জী (Samapti Chatterjee, জন্ম ১৩ ডিচেম্বৰ ১৯৫৮) পশ্চিম বংগ, ভাৰতৰ কলকাতা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ। বিধাননগৰ, পশ্চিম বংগৰ মেয়ৰৰ বিৰুদ্ধে গৃহীত হোৱা শুনানিৰ সময়ত তেওঁ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে, যাৰ ফলত তেওঁ চৰকাৰী অধিবক্তাৰ দ্বাৰা অস্থায়ী বৰ্জনৰ সন্মুখীন হয়।