অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গীতা মিট্টাল

ন্যায়াধীশ গীতা মিট্টাল (Gita Mittal,জন্ম ৯ ডিচেম্বৰ ১৯৫৮) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় ন্যায়াধীশ। তেওঁ জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু সেই পদত কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা ন্যায়াধীশ।

হালনাগাদ: ১৩ ফেব্ৰুৱাৰী ২০২৫ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ন্যায়াধীশ গীতা মিট্টাল (Gita Mittal,জন্ম ৯ ডিচেম্বৰ ১৯৫৮) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় ন্যায়াধীশ। তেওঁ জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু সেই পদত কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা ন্যায়াধীশ।১ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।

প্ৰাথমিক জীৱন আৰু শিক্ষা

মিট্টালে দিল্লীৰ লেডী ইৰউইন স্কুলত শিক্ষা গ্ৰহণ কৰিছিল আৰু ১৯৭৫ চনত বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল।২ স্কুলৰ ছাত্ৰী হিচাপে তেওঁ ভাৰতৰ গাৰ্ল গাইডৰ সদস্য আছিল, আৰু কেইবাটাও অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংস্থাটোক প্ৰতিনিধিত্ব কৰিছিল।৩ ১৯৭৮ চনত দিল্লীৰ লেডী শ্ৰীৰাম কলেজ ফৰ ৱমেনৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে আৰু এথলেটিকছতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে৷ তেওঁ লেডী শ্ৰী ৰাম কলেজৰ ক্ৰীড়া সভানেত্ৰী হিচাপে কাম কৰে (১৯৭৭–১৯৭৮)।২মিট্টালে দিল্লীৰ কেম্পাছ ল চেণ্টাৰত আইন অধ্যয়ন কৰে আৰু ১৯৮১ চনত এল এল বি ডিগ্ৰী লাভ কৰে।২

প্ৰাৰম্ভিক কৰ্মজীৱন

দিল্লী উচ্চ ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে ১৯৮১ চনৰ পৰা ২০০৪ চনলৈকে তেওঁ দিল্লীত আইন চৰ্চা কৰিছিল মিট্টলে।২ তেওঁ দিল্লী উন্নয়ন কৰ্তৃপক্ষৰ অধিবক্তা হিচাপেও কাম কৰিছিল৷৪

অন্যান্য কাৰ্যসূচী আৰু বঁটা

মিট্টালে কেইবাখনো শিক্ষানুষ্ঠানৰ গভৰ্নিং ব’ৰ্ডত কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ ২০০৮ চনৰ পৰা দিল্লীৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ গভৰ্নিং কাউন্সিল আৰু ২০১৩ চনৰ পৰা নতুন দিল্লীৰ ভাৰতীয় আইন প্ৰতিষ্ঠানৰ গভৰ্নিং কাউন্সিলৰ সদস্য।২৫ ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈকে দিল্লী বিশ্ববিদ্যালয় আদালতৰ সদস্য আছিল আৰু ১৯৯৭ চনৰ পৰা ১৯৯৯ চনলৈকে দিল্লীৰ ৰাম লাল আনন্দ কলেজৰ শাসকীয় সংস্থালৈ মনোনীত হৈছিল।২

ন্যায়াধীশ মিট্টালে নেচনেল ল ইউনিভাৰ্চিটি দিল্লীৰ জাৰ্নেল অৱ লিগেল ষ্টাডিজৰ সম্পাদকীয় উপদেষ্টা মণ্ডলীতো কাৰ্যনিৰ্বাহ কৰে।৬

২০০৮ চনত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি মহম্মদ হামিদ আনছাৰীয়ে মিট্টালক লেডী শ্ৰীৰাম কলেজৰ 'বিশিষ্ট প্ৰাক্তন ছাত্ৰ বঁটা' প্ৰদান কৰি ন্যায়বিজ্ঞানৰ ক্ষেত্ৰত তেওঁৰ অৱদানক স্বীকৃতি দিয়ে।২ ২০১৯ চনত তেওঁ ন্যায়ৰ সুবিধা উন্নত কৰাৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে আৰু দিল্লী উচ্চ ন্যায়ালয়ত দুৰ্বল ভুক্তভোগীসকলৰ বাবে বিশেষ আদালতৰ ডিজাইন আৰু প্ৰৱৰ্তনৰ কামৰ বাবে ন্যায়াধীশ পি এন ভাগৱতী বঁটা লাভ কৰে।৭

তথ্যসূত্ৰ

  1. ↑ CJ And Sitting Judges. Delhihighcourt.nic.in
  2. ↑ Delhi High Court. Biography - Justice Gita Mittal. Delhi High Court
  3. ↑ High Court of Jammu and Kashmir. Biography - Chief Justice Mittal. Jammu and Kashmir High Court
  4. ↑ (2003-11-28). Prepare demolition plan within two weeks: Delhi HC. Zee News
  5. ↑ National Law University Delhi. nludelhi.ac.in
  6. ↑ National Law University, Delhi. Journal of Legal Studies: Advisory Board
  7. ↑ Bench, Bar &. Justice PN Bhagwati Award conferred upon Justice Gita Mittal. Bar and Bench - Indian Legal news

সম্পৰ্কিত শ্ৰেণী

ন্যায়াধীশভাৰতৰ মহিলা ন্যায়াধীশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতা মিট্টাল” প্ৰবন্ধৰ সংশোধন ৪৭৬৫২১ (১৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।