অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জাৱেপলু চাই

জাৱেপলু চাই Jaweplu Chai) হৈছে ভাৰতৰ উত্তৰ-পূব অংশৰ অৰুণাচল প্ৰদেশৰ এগৰাকী মহিলা ন্যায়াধীশ। ২০১৩ চনত চায়ে নিজৰ ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হিচাপে পৰিগণিত হয়। তেওঁক অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ বাছাৰত অতিৰিক্ত জিলা আৰু অধিবেশনৰ বিচাৰক হিচাপে নিযুক্তি দিয়া হৈছিল।

হালনাগাদ: ১৩ ফেব্ৰুৱাৰী ২০২৫ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

জাৱেপলু চাই Jaweplu Chai) হৈছে ভাৰতৰ উত্তৰ-পূব অংশৰ অৰুণাচল প্ৰদেশৰ এগৰাকী মহিলা ন্যায়াধীশ। ২০১৩ চনত চায়ে নিজৰ ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হিচাপে পৰিগণিত হয়।১ তেওঁক অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ বাছাৰত অতিৰিক্ত জিলা আৰু অধিবেশনৰ বিচাৰক হিচাপে নিযুক্তি দিয়া হৈছিল।২

এই প্ৰক্ৰিয়াত চাইয়ে চীনৰ সীমান্তৱৰ্তী পাহাৰীয়া ৰাজ্যখনত প্ৰায় ৩০ হাজাৰ জনসংখ্যা থকা মিছিমি নামৰ তেওঁৰ সম্প্ৰদায়ৰ প্ৰথমগৰাকী অধিবক্তা হিচাপে পৰিগণিত হয়৷ ২০১৩ চনৰ এপ্ৰিল মাহত অৰুণাচল প্ৰদেশৰ ন্যায়িক সেৱাত তেওঁ শীৰ্ষস্থান দখল কৰে।৩

চায়ে টিচিএম চৰকাৰী উচ্চ প্ৰাথমিক বিদ্যালয় আৰু চৰকাৰী এইচ এছ স্কুল, তেজুত অধ্যয়ন কৰিছিল৷ পৰৱৰ্তী পৰ্যায়ত তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰে মেঘালয় ৰাজ্যৰ শ্বিলংত ডিগ্ৰীৰ পাঠ্যক্ৰম পঢ়িবলৈ যায়৷ তেওঁ শ্বিলঙত আইন পাঠ্যক্ৰম অধ্যয়ন কৰি স্নাতক ডিগ্ৰী লাভ কৰিছিল।৩

তথ্যসূত্ৰ

  1. ↑ (2013-07-29). Arunachal Pradesh gets its first woman judge in Jaweplu Chai. Hindustan Times
  2. ↑ India: Arunachal's first woman judge is in court. OWSA
  3. ↑ Mishimi girl tops Arunachal Judicial Service exam. The Times of India

সম্পৰ্কিত শ্ৰেণী

ন্যায়াধীশভাৰতৰ মহিলা ন্যায়াধীশঅৰুণাচল প্ৰদেশৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাৱেপলু চাই” প্ৰবন্ধৰ সংশোধন ৪৭৬৫৫৫ (১৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।