আশা মেনন (Asha Menon, ১৭ ছেপ্টেম্বৰ ১৯৬০১) এগৰাকী ভাৰতীয় ন্যায়াধীশ৷ তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন বিচাৰক৷.২
কৰ্মজীৱন
আশা মেননে দিল্লীৰ লেডী শ্ৰী ৰাম কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে৷ তাৰ পিছত তেওঁ ১৯৮২ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এল এল বি পৰীক্ষাত উত্তীৰ্ণ হৈ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা এল এল এম সম্পূৰ্ণ কৰে। ১৯৮৫ চনত তেওঁ দিল্লী ন্যায়িক সেৱাৰ লগত জড়িত হয়৷
১৯৮৬ চনত তেওঁ বিচাৰকৰ মৰ্যাদা লাভ কৰে। ২০০৮ চনৰ পৰা ২০১২ চনলৈকে তেওঁ দিল্লী ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ সদস্য সচিব পদত কৰ্মৰত হৈ থাকে।২০১৯ চনৰ ২৭ মে'ত মেননক দিল্লী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ পদলৈ উন্নীত কৰা হয়। ৩২০২২ চনৰ ১৬ ছেপ্টেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল।
তথ্যসূত্ৰ
- ↑ CJ And Sitting Judges. www.delhihighcourt.nic.in
- ↑ Four new judges take oath at Delhi High Court. The New Indian Express
- ↑ CJ And Sitting Judges. delhihighcourt.nic.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আশা মেনন” প্ৰবন্ধৰ সংশোধন ৪৭৩৭৩৫ (৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।