ভাৰতী হৰিশ ডাংৰে (জন্ম ১০ মে' ১৯৬৮) ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বে উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ। মহাৰাষ্ট্ৰত মাৰাঠা জাতিৰ সংৰক্ষণৰ দিশত সঁহাৰিমূলক ব্যৱস্থাৰ বৈধতা, ভাৰতত শিশু যৌন নিৰ্যাতনৰ আইন ব্যাখ্যা, ভাৰতত সামগ্ৰী আৰু সেৱা কৰ কাৰ্যকৰী কৰাকে ধৰি সাংবিধানিক আইন সম্পৰ্কীয় কেইবাটাও উল্লেখযোগ্য গোচৰত ডাংৰেয়ে বিচাৰ প্ৰদান কৰিছে।
জীৱন
ডাংৰেয়ে মহাৰাষ্ট্ৰৰ নাগপুৰত আইন বিষয়ত শিক্ষা আৰু প্ৰশিক্ষণ লাভ কৰিছিল। প্ৰথমতে তেওঁ নাগপুৰত আইন চৰ্চা কৰিছিল, আৰু পিছলৈ বম্বে উচ্চ ন্যায়ালয়ত আইনী চৰ্চা কৰে।১নাগপুৰত চৰকাৰী অধিবক্তা হিচাপে তেওঁ নিযুক্তি লাভ কৰে আৰু মহাৰাষ্ট্ৰ ৰাজ্যিক পথ উন্নয়ন নিগম আৰু নাগপুৰ উন্নয়ন ন্যাসক প্ৰতিনিধিত্ব কৰে।১
ন্যায়িক কেৰিয়াৰ
২০১৭ চনৰ ৫ জুনত ডাংৰেক বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়।১
২০১৯ চনৰ জুন মাহত ডাংৰে আৰু আন এজন ন্যায়াধীশ ৰঞ্জিত মৰেয়ে মহাৰাষ্ট্ৰৰ মাৰাঠা জাতিক সঁহাৰিমূলক ব্যৱস্থা গ্ৰহণৰ অনুমতি প্ৰদান কৰা ৰাজনৈতিকভাৱে বিতৰ্কিত আইনখনৰ সাংবিধানিকতাক সমৰ্থন কৰে। ডাংৰে আৰু ম'ৰে মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰক মাৰাঠা জাতিক প্ৰদান কৰা সংৰক্ষণৰ শতকৰা হাৰ ১৬%ৰ পৰা ১২%লৈ হ্ৰাস কৰিবলৈ নিৰ্দেশ দিয়ে।২এএই ৰায়দানক মাৰাঠা জাতিৰ বাবে সঁহাৰিমূলক ব্যৱস্থাৰ প্ৰয়োজন আছিল নে নাই আদি কেইবাটাও ভিত্তিত সমালোচনা কৰা হৈছিল।৩৪৫এই ৰায়দানৰ বিৰুদ্ধে ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৯ ছেপ্টেম্বৰ, ২০২০ত প্ৰাথমিক মতামত জাৰি কৰি কয় যে বোম্বাই উচ্চ ন্যায়ালয়ে এই আইনখন বৰ্তাই ৰখাত ভুল কৰিছিল আৰু সেই সময়ত মহাৰাষ্ট্ৰ চৰকাৰে কাৰ্যকৰী কৰাত বাধা দিছিল। এই গোচৰৰ শুনানি এতিয়াও চলি আছে।৬৭৮
শিশুৰ যৌন নিৰ্যাতন আৰু যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন (POCOSO)ৰ সৈতে জড়িত কেইবাটাও গোচৰত ডাংৰেয়ে ৰায়দান কৰিছে৷ ২০২০ চনৰ জুলাই মাহত ডাংৰেয়ে ৰায় দিছিল যে শিশুৰ যৌন নিৰ্যাতনৰ লগতে জাতি-সম্পৰ্কীয় অপৰাধৰ সৈতে জড়িত গোচৰত প'ক'ছয়ে অগ্ৰাধিকাৰ লাভ কৰিব, যাৰ ফলত এনে গোচৰৰ বিচাৰ বিশেষ প'ক'চ' আদালতত কৰিব পৰা যাব।৯এই ৰায়দানে প্ৰতিষ্ঠা কৰিছিল যে POCSO ৰ অন্যান্য আইনসমূহৰ ওপৰত অতিশয় প্ৰভাৱ পৰে।১০২০২০ চনৰ ছেপ্টেম্বৰ মাহত ডাংৰেয়ে ৰায় দিছিল যে ভাৰতত যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা আইন প্ৰযোজ্য নহয় য'ত এনে নিৰ্যাতন গঠন কৰা কাৰ্য্য "যৌন উদ্দেশ্য" অবিহনে সংঘটিত কৰা হয়। এই গোচৰটো শাৰীৰিক কাজিয়াৰ সময়ত শিশুৰ কাপোৰ আঁতৰোৱাৰ সৈতে জড়িত আছিল।১১ ২০২০ চনৰ ডিচেম্বৰ মাহত ডাংৰেয়ে ৰায় দিছিল যে ১৭ বছৰীয়া ছোৱালী এজনীক বাহুত ধৰি সংযত কৰি ৰখা, আৰু ব্যক্তিগতভাৱে আৰু অনলাইন মেছেজিঙকে ধৰি আপত্তি থকাৰ পিছতো বাৰে বাৰে ৰোমাণ্টিক আতিশয্য কৰা এজন পুৰুষে প'ক'চ'ক আইনৰ অধীনত অপৰাধ সংঘটিত কৰা নাই। ডাংগ্ৰেৰ মতে মানুহজনে "নিজৰ প্ৰেম প্ৰকাশ কৰিছে," যিটো তেওঁৰ মতে আইনখনৰ উলংঘা নহয়।১২
২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত ডাংৰে আৰু আন এজন ন্যায়াধীশ এছ চি ধৰ্মাধিকাৰীয়ে ভাৰতত প্ৰৱৰ্তন কৰা সামগ্ৰী আৰু সেৱা কৰক সমালোচনা কৰি কয় যে, "শাসন ব্যৱস্থা কৰ-বন্ধুত্বপূৰ্ণ নহয়।" তেওঁলোকে মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক কৰ সম্পৰ্কত কৰদাতাৰ অভিযোগ দূৰ কৰাৰ ব্যৱস্থা স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁলোকৰ সমালোচনাৰ বিষয়ে বহুলভাৱে প্ৰকাশ পাইছিল।১৩১৪১৫১৬১৭ ইয়াৰ পিছত ভাৰত চৰকাৰে অভিযোগ নিৰাময় ব্যৱস্থা স্থাপন কৰাৰ উদ্দেশ্য ঘোষণা কৰে।১৮
তথ্যসূত্ৰ
- ↑ JUSTICE SMT. BHARATI DANGRE. Bombay High Court
- ↑ Bombay High Court Confirms Maratha Quota, But Says 16% Not Justifiable. NDTV.com
- ↑ Saigal, Sonam. (2019-06-27). Bombay High Court upholds reservation for Maratha community. The Hindu
- ↑ Why the Bombay HC Judgment on Maratha Reservation Is Inherently Flawed. The Wire
- ↑ (2019-06-27). Bombay high court upholds Maratha quota, caps it at 13%. Hindustan Times
- ↑ Correspondent, Legal. (2020-09-11). Relaxation of 50% cap on reservation for Marathas in Maharashtra unwarranted, rules SC. The Hindu
- ↑ (2020-09-21). Maratha Quota: Maha Govt Files Plea in SC for Review of Stay Order. TheQuint
- ↑ author/lokmat-english-desk. (2020-10-01). Maratha morcha workers issue ultimatum to govt, call for Maharashtra Bandh on Oct 10 · english.lokmat.com. Lokmat English
- ↑ (2020-07-07). If accused charged under POCSO, SC/ST Act, offences can be tried only by special POCSO court: Bombay HC. The Indian Express
- ↑ PTI. (6 July 2020). POCSO Act has overriding effect on any other law: Bombay HC. Outlook India
- ↑ (2020-09-12). Pocso Act applies only when a child is harassed with sexual intent: Bombay HC. Hindustan Times
- ↑ (2020-12-27). Holding hand of minor to express love, inadvertent physical touch without sexual intent not assault under POCSO: HC. The Indian Express
- ↑ (2018-02-12). Bombay High Court says GST not tax-friendly, tells government to put requisite mechanism in place. Firstpost
- ↑ Plumber, Mustafa. (2018-02-10). Bombay High Court tells Centre and Maha government to set up grievance mechanism for easy filing of GST tax. DNA India
- ↑ PTI. (12 February 2018). GST not tax-friendly, put requisite mechanism in place: HC. Outlook India
- ↑ (2018-02-10). GST not a tax-friendly regime: HC. The Hindu
- ↑ Sikarwar, Deepshikha. GST regime not user-friendly, says Bombay High Court. The Economic Times
- ↑ (2018-02-21). Tax department to set up GST grievance redressal system. The Financial Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতী হৰিশ ডাংৰে” প্ৰবন্ধৰ সংশোধন ৬৩৭৬০৩ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।