অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ভিক্টোৰিয়া গৌৰী

লেক্ষ্মনা চন্দ্ৰ ভিক্টোৰিয়া গৌৰী (Lekshmana Chandra Victoria Gowri) মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ। নিযুক্তিৰ পূৰ্বে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ আছিল।

হালনাগাদ: ৭ ফেব্ৰুৱাৰী ২০২৫ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

লেক্ষ্মনা চন্দ্ৰ ভিক্টোৰিয়া গৌৰী (Lekshmana Chandra Victoria Gowri) মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ। নিযুক্তিৰ পূৰ্বে তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনীতিবিদ আছিল। ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ দিয়াৰ অভিযোগ উত্থাপন কৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ত নিযুক্তি প্ৰত্যাহাৰ কৰিবলৈ অধিবক্তাসকলে অসফল আবেদন জনোৱাৰ পিছত সম্পন্ন হোৱা তেওঁৰ নিৰ্বাচনে বিতৰ্কৰ সৃষ্টি কৰিছিল।১২

শিক্ষা

গৌৰীয়ে মাদুৰাইৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনত স্নাতক ডিগ্ৰী লাভ কৰে আৰু মাদাৰ টেৰেছা মহিলা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২

কৰ্মজীৱন

ৰাজনীতি

গৌৰীৰ পৰিয়ালটো ভাৰতীয় জনতা পাৰ্টিৰ সৈতে বহু দশক ধৰি জড়িত হৈ আছে।২ কলেজীয়া দিনৰ পৰাই তেওঁ সেৱা ভাৰতীৰ সৈতে জড়িত হৈ আছে, যি সংঘ পৰিয়ালৰ সংযুক্ত প্ৰতিষ্ঠান। ২০১০ চনৰ অক্টোবৰ মাহত গৌৰীক কেৰালাত দলটোৰ মহিলা শাখাৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়।৩২ ২০১৬ চনত তেওঁক মহিলা শাখাৰ ৰাষ্ট্ৰীয় সম্পাদিকা হিচাপে নিযুক্তি দিয়া হয়।২ প্ৰিণ্টৰ বাতৰি অনুসৰি গৌৰীৰ ছ’চিয়েল মিডিয়া প্ৰফাইলত নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ অন্যান্য জ্যেষ্ঠ নেতাৰ হাতত ৰাখী বান্ধি থকা ফটো আছে৷ ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ সময়ত তেওঁ মেইন ভি চৌকিদাৰ প্ৰচাৰত অংশগ্ৰহণ কৰিছিল।২

আইন

১৯৯৫ চনত গৌৰীয়ে অনুশীলন আৰম্ভ কৰে আৰু দুবছৰৰ পিছত নিজাকৈ এটা প্ৰতিষ্ঠান খোলে।২ ২০১৫ চনত কেন্দ্ৰীয় চৰকাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ত তেওঁলোকৰ জ্যেষ্ঠ স্থায়ী অধিবক্তা হিচাপে নিযুক্তি দিয়ে৷ পাঁচ বছৰৰ পিছত তেওঁক কেন্দ্ৰীয় চৰকাৰৰ সহকাৰী উকীল জেনেৰেল হিচাপে নিযুক্তি দিয়া হয়।[3]

উচ্চ ন্যায়ালয়লৈ উন্নীতকৰণ

২০২৩ চনৰ ১৭ জানুৱাৰীত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে তেওঁক মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত কৰাত সন্মতি দিয়ে।১ প্ৰায় পষেক পিছত অভিযোগ উঠিল যে তেওঁ ধৰ্মীয় সংখ্যালঘু — খ্ৰীষ্টান আৰু মুছলমানৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ দিছিল৷ গৌৰীয়ে ইছলামোফ'বিক ষড়যন্ত্ৰমূলক তত্ত্ব লাভ জেহাদৰ প্ৰচাৰ কৰা আৰু খ্ৰীষ্টানসকলক "শ্বেত সন্ত্ৰাসবাদী" বুলি অভিহিত কৰা বুলি উল্লেখ কৰা হৈছিল।৪২ ১ ফেব্ৰুৱাৰীত কিছুসংখ্যক অধিবক্তাই ভাৰতৰ ৰাষ্ট্ৰপতিক তেওঁৰ নিযুক্তি প্ৰত্যাহাৰ কৰিবলৈ আবেদন জনায় আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ত গোচৰ তঁৰে।৫

২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীত ভাৰতৰ মুখ্য ন্যায়াধীশে প্ৰায় এসপ্তাহৰ পিছত এই বিষয়ত সিদ্ধান্ত ল'বলৈ দুজনীয়া বিচাৰপীঠ গঠন কৰে।৫ মৌখিক মন্তব্যত তেওঁ গৌৰীৰ ভাষণৰ বিষয়ে অজ্ঞানতা মানি লোৱা যেন দেখা গৈছিল।৪৬ ৭৫ কিন্তু এই সিদ্ধান্তৰ কিছু মিনিট পিছত চৰকাৰে কলেজিয়ামৰ পৰামৰ্শ গ্ৰহণ কৰে আৰু পিছদিনা মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে তেওঁক শপত ল'বলৈ অনুৰোধ কৰে।৪৮শুনানি পুনৰ নিৰ্ধাৰণ কৰি ভূষণ ৰামকৃষ্ণ গাৱৈ আৰু সঞ্জয় কিষাণ কৌলৰ বিচাৰপীঠৰ সন্মুখত ৭ জানুৱাৰীৰ পুৱা অনুষ্ঠিত হয়। তেওঁলোকে মৌখিক শুনানিৰ সময়ত গোচৰটো খাৰিজ কৰে আৰু এজন ন্যায়াধীশৰ "যোগ্যতা"ৰ বিচাৰ কৰি কলেজিয়ামৰ জ্ঞানক প্ৰত্যাহ্বান জনাবলৈ অস্বীকাৰ কৰে।

ব্যক্তিগত জীৱন

গৌৰী বিবাহিত৷ তেওঁৰ দুগৰাকী কন্যা আছে।৯

তথ্যসূত্ৰ

  1. ↑ S, Mohamed Imranullah. (2023-02-07). Advocate Victoria Gowri assumes office as judge of Madras High Court. The Hindu
  2. ↑ Nath, Akshaya. (2023-02-07). From BJP leader & Hindutva activist to Madras HC judge — who is L Victoria Gowri. ThePrint
  3. ↑ Das, Saurav. (30 January 2023). 'Problem of Christian, Love Jihad': A Future Judge's Bias Reveals Supreme Court Collegium's Enduring Opacity — Article 14. article-14.com
  4. ↑ Why SC Dismissing Challenge to Victoria Gowri's Appointment Was the Chronicle of a Failure Foretold. The Wire
  5. ↑ S, Mohamed Imranullah. (2023-02-06). Advocates urge ACJ not to administer oath of office to Victoria Gowri until SC hears case against her elevation as judge of Madras HC. The Hindu
  6. ↑ Rajagopal, Krishnadas. (2023-02-07). Victoria Gowri appointment · Two views emerge from Supreme Court on what Collegium considered. The Hindu
  7. ↑ (7 February 2023). Drama over appointment of LC Victoria Gowri in Madras HC: A fifth judges case in making?. India Today
  8. ↑ (2023-02-07). Supreme Court Dismisses Plea Against Appointment Of Adv Victoria Gowri As Madras High Court Additional Judge. Live Law
  9. ↑ Arvind, Ayesha. (7 February 2023). Will strive to liberate marginalised, nurture fraternity in this diverse, beautiful country: Justice L Victoria Gowri. Bar and Bench - Indian Legal news

সম্পৰ্কিত শ্ৰেণী

ন্যায়াধীশভাৰতৰ মহিলা ন্যায়াধীশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিক্টোৰিয়া গৌৰী” প্ৰবন্ধৰ সংশোধন ৪৭২০৪১ (৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।