ভাৰতৰ নাৰী
৬৭ প্ৰবন্ধ
-
কৃতি খৰবন্দা
কৃতি খৰবন্দা ( Kriti Kharbanda; জন্ম: ২৯ অক্টোবৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী, কানাড়া আৰু তেলেগু ভাষাৰ ছবিত কাম কৰে। খৰবন্দাই এছ আই আই এম এ বঁটাকে ধৰি কেইবাটাও প্ৰশংসা লাভ কৰিছে, আৰু দুটা ফিল্মফেয়াৰ এৱাৰ্ড চাউথৰ বাবে মনোনয়ন লাভ কৰিছে।
-
কৃষ্ণা ভৰদ্বাজ (অৰ্থনীতিবিদ)
কৃষ্ণা ভৰদ্বাজ ( Krishna Bharadwaj; ২১ আগষ্ট ১৯৩৫ – ৮ মাৰ্চ ১৯৯২)আছিল এগৰাকী ভাৰতীয় নব্য ৰিকাৰ্ডিয়ান অৰ্থনীতিবিদ যি মূলতঃ অৰ্থনৈতিক উন্নয়ন তত্ত্ব আৰু ধ্ৰুপদী অৰ্থনীতিৰ ধাৰণাসমূহৰ পুনৰুজ্জীৱনৰ বাবে অৱদানৰ বাবে পৰিচিত।
-
কোমাৰৰাজু আটচামম্বা
ড° কোমাৰাজু আটচামাম্বা (৬ ছেপ্টেম্বৰ ১৯০৬ – ২০ অক্টোবৰ ১৯৬৪) আছিল এজন ভাৰতীয় উকীল, প্ৰসূতি বিশেষজ্ঞ, স্ত্ৰীৰোগ বিশেষজ্ঞ, ৰাজনীতিবিদ আৰু এজন প্ৰাক্তন সংসদ সদস্য।
-
জাহিদা খাতুন শ্বেৰৱানী
জে খে শ্বীন (Zahida Khatun Sherwani, জন্ম-জাহিদা খাতুন শ্বেৰৱানী; ১৮ ডিচেম্বৰ ১৮৯৪ – ২ ফেব্ৰুৱাৰী ১৯২২; কেতিয়াবা জে খায় শ্বীন হিচাপেও লিখা হয়) এগৰাকী ভাৰতীয় কবি আৰু সাহিত্যিক৷ তেওঁ উৰ্দু ভাষাত লিখিছিল৷ তেওঁ এগৰাকী মহিলাৰ অধিকাৰ কৰ্মী আছিল।
-
টাইম ফ'ৰ টি:ৱমেন, লেবাৰ এণ্ড প'ষ্ট-ক'ল'নিয়েল পলিটিক্স অন এন ইণ্ডিয়ান প্লেণ্টেচন
টাইম ফ'ৰ টি:ৱমেন, লেবাৰ এণ্ড প'ষ্ট-ক'ল'নিয়েল পলিটিক্স অন এন ইণ্ডিয়ান প্লেণ্টেচন (২০১১) হৈছে ভাৰতীয় চাহ খেতিৰ শ্ৰমিক প্ৰথাৰ এক ঔপনিৱেশিক-পৰৱৰ্তী নাৰীবাদী নৃতাত্ত্বিক সমালোচনা।
-
টি.এছ. কনক
টি.এছ. কনক ( T. S. Kanaka or Thanjavur Santhanakrishna Kanaka; জন্ম: ৩১ মাৰ্চ ১৯৩২ – মৃত্যু: ১৪ নৱেম্বৰ ২০১৮) বা থাঞ্জাভুৰ সন্থানাকৃষ্ণ কনক, যাক থাঞ্জাভুৰ সন্থানা কৃষ্ণ কনক বুস্নায়ুচাৰ্জন। এছিয়াৰ প্ৰথম মহিলা স্নায়ুচাৰ্জন, আৰু বিশ্বৰ প্ৰথম কেইগৰাকীমান মহিলা স্নায়ুচাৰ্জনৰ ভিতৰত অন্যতম।
-
ডগ্গুবতী পুৰন্দেশ্বৰী
ডগ্গুবাটি পুৰন্দেশ্বৰী (Daggubati Purandeswari,জন্ম ২২ এপ্ৰিল ১৯৫৯) অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ অন্ধ্ৰ প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ সভানেত্ৰী।সম্প্ৰতি ৰাজহমুন্দ্ৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি লোকসভাৰ সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
দীপান্বিতা ৰায়
দীপান্বিতা ৰায় (Dipanwita Roy) এগৰাকী বঙালী লেখিকা আৰু সাংবাদিক। তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তুলনামূলক সাহিত্যৰ অধ্যয়ন সমাপ্ত কৰে। শিশু সাহিত্যৰ প্ৰতি তেওঁ সদায় অধিক আগ্ৰহী।
-
দ্বীপান্বিতা কলিতা
দ্বীপান্বিতা কলিতা (Dwipannita Kalita, জন্ম: প্ৰায় ১৯৮৯) হৈছে ভাৰতীয় সেনাৰ এগৰাকী চিকিৎসা বিষয়া তথা অসম ৰাজ্যৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ। তেওঁ আগ্ৰাত থকা ভাৰতীয় সেনাৰ ক্ষেত্ৰস্থলীত উৰণ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি ২০২৩ চনত ৩৪ বছৰ বয়সত পেৰাট্ৰুপাৰ বেজ আৰু মেৰুণ বেৰেট লাভ কৰে।
-
নাজনীন ফাৰুক
নাজনিন ফাৰুক (Naznin Faruque, (১ আগষ্ট ১৯৫৪–১৭ ছেপ্টেম্বৰ ২০২০) ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সমাজকৰ্মী, ৰাজনীতিবিদ আৰু ৰাজ্যসভাৰ প্ৰাক্তন সংসদ সদস্য৷ তেওঁ অসমৰ পৰা ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হৈছিল।
-
পুষ্পা ভাৰতী
পুষ্পা ভাৰতী (Pushpa Bharati) (জন্ম ১৯৩৫) হিন্দী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় লেখিকা। তেওঁ হিন্দী ভাষাত ১৭খন কিতাপ লিখিছে৷
-
প্ৰতিমা মণ্ডল
প্ৰতিমা মণ্ডল (১৬ ফেব্ৰুৱাৰী ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০১৪ চনৰ পৰা লোকসভাত পশ্চিম বংগৰ জয়নগৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে৷ তেওঁ তৃণমূল কংগ্ৰেছৰ সদস্যা৷ ৰাজনীতিলৈ অহাৰ আগেয়ে তেওঁৰ পশ্চিম বংগৰ এগৰাকী অসামৰিক বিষয়া আছিল৷ তেওঁৰ পিতৃ গোবিন্দ চন্দ্ৰ নাছকাৰেও তৃণমূল কংগ্ৰেছক প্ৰতিনিধিত্ব…
-
বাণী যাদৱ
ড° বাণী যাদৱ (Dr. Bani Yadav; জন্ম: ৭ ছেপ্টেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় ৰেলী চালক, মটৰস্পৰ্টছ প্ৰমোটাৰ আৰু সামাজিক অধিকাৰ সমৰ্থক। ৰাষ্ট্ৰীয় মহিলা শাখাত সৰ্বাধিক বৃহৎ ক্ৰছ কাণ্ট্ৰী ৰেলী খিতাপ দখল কৰা ভাৰতৰ একমাত্ৰ মহিলা হিচাপে যাদৱ পৰিগণিত হৈছিল।
-
ভাৰতত নাৰীৰ যৌনাংগ বিকৃতকৰণ
ভাৰতৰ কিছুমান ইছলামিক গোটৰ মহিলাৰ যৌনাঙ্গ বিকৃতকৰণৰ (Female genital mutilation বা চমুকৈ FGM) প্ৰথা আছে। এইটো সাধাৰণতে ছোৱালী এজনীৰ সাত বছৰ বয়সত কৰা হয় আৰু ভগাঙ্কুৰৰ আৱৰণ (clitoral hood) সম্পূৰ্ণ বা আংশিকভাবে আঁতৰাই পেলোৱা হয়।
-
ভাৰতত মহিলা শিক্ষা
ভাৰতত নাৰী শিক্ষা (female education in India)-ৰ শিপাডাল প্ৰাচীন কালৰে পৰা আছে। ভাৰতত বৈদিক যুগৰ পৰা আৰম্ভ হোৱা আনুষ্ঠানিক শিক্ষাৰ সময়ত পুৰুষৰ লগতে মহিলা সকলকো শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সুবিধা দিয়া হৈছিল।
-
ভাৰতীয় সশস্ত্ৰ বাহিনীত মহিলা
ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সকলো শাখাতে যুদ্ধৰ ভূমিকাত মহিলাৰ অংশগ্ৰহণ আছে। মহিলাসকলক যুদ্ধ সেৱা আৰু তত্ত্বাৱধায়ক ভূমিকাত (অফিচাৰ হিচাপে) অনুমতি দিয়া হৈছে। ভাৰতীয় বায়ুসেনাত ১৩.০৯% (২০১৮) আৰু ৮.৫০% (২০১৪) মহিলা আছিল; ভাৰতীয় নৌসেনা ৬% (২০১৮) আৰু ৩% (২০১৪); ভাৰতীয় সেনা ৩.৮০% (২০১৮) আৰু ৩% (২০১৪)।
-
ভাৰতৰ কৃষিক্ষেত্ৰত মহিলা
ভাৰতৰ এক বৃহৎ অংশৰ জনসংখ্যাই কৃষিৰ দ্বাৰা জীবিকা অৰ্জন কৰে।উত্তৰত, সিন্ধু উপত্যকা, ব্ৰহ্মপুত্ৰ অঞ্চল আৰু গঙ্গা, আৰু লগতে বাৰিষা ঋতু, এই সকলোখিনি মিলি এক গুৰুত্বপূৰ্ণ কৃষিক্ষেত্ৰৰ সৃষ্টি কৰিছে। ২০১১ চনৰ বিশ্ব বেঙ্কৰ তথ্যৰ মতে, ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) মাত্ৰ ১৭.৫% কৃষি উৎপাদনৰ দ্বাৰা হয়।
-
মঞ্জু বাঞ্চাল
মঞ্জু বাঞ্চাল (জন্ম: ১ ডিচেম্বৰ ১৯৫০) আণৱিক জৈৱপদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত বিশেষজ্ঞ। বৰ্তমান তেওঁ বাংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ আণৱিক জৈৱপদাৰ্থ বিজ্ঞান ইউনিটৰ তাত্ত্বিক জৈৱপদাৰ্থ বিজ্ঞান গোটৰ অধ্যাপিকা।
-
মণিবেন পেটেল
মণিবেন পেটেল (Maniben Patel, ২৪ এপ্ৰিল ১৯০৪ — ২৬ মাৰ্চ ১৯৯০) ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী কৰ্মী আৰু ভাৰতীয় সংসদৰ সদস্য আছিল।তেওঁ স্বাধীনতা সংগ্ৰামী তথা স্বাধীনোত্তৰ ভাৰতীয় নেতা চৰ্দাৰ বল্লভভাই পেটেলৰ কন্যা।
-
মহুৱা মৈত্ৰ
মহুৱা মৈত্ৰ (Mahua Moi̯tra; জন্ম ১২ অক্টোবৰ ১৯৭৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ প্ৰাক্তন বিনিয়োগ বেংকাৰ।২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত কৃষ্ণনগৰৰ পৰা তেওঁ তৃণমূল কংগ্ৰেছ (টিএমচি) দলৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰি ২০১৯ চনৰ পৰা ২০২৩ চনত বহিষ্কাৰ নোহোৱালৈকে লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মাৰিয়া অৰোৰা কৌটো
মাৰিয়া অৰোৰা কৌটো (Maria Aurora Couto; ২২ আগষ্ট ১৯৩৭ – ১৪ জানুৱাৰী ২০২২) এগৰাকী ভাৰতীয় লেখিকা আৰু শিক্ষাবিদ আছিল, তেওঁৰ গ্ৰন্থ গোৱা: এ ড'টাৰছ ষ্ট'ৰী ৰ বাবে আৰু গোৱা আৰু ইয়াৰ বাহিৰত সাহিত্য আৰু ধাৰণাসমূহৰ প্ৰচাৰৰ বাবে বেছিকৈ পৰিচিত।
-
মিনাক্ষী লেখী
মীনাক্ষী লেখী (Menakshi Lekhi; জন্ম: ৩০ এপ্ৰিল ১৯৬৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০২১ চনৰ ৭ জুলাইৰ পৰা ২০২৪ চনৰ ১০ জুনলৈকে ভাৰতৰ বৈদেশিক পৰিক্ৰমা আৰু সংস্কৃতিৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাও।
-
মীনাক্ষী বেনাৰ্জী
মীনাক্ষী বেনাৰ্জী ভাৰতীয় চাইন’বেক্টেৰিয়া আৰু টেক্সাছৰ হিউষ্টনত থকা ৰাইচ ইউনিভাৰ্চিটি এপ্লাইড এলগাল ৰিচাৰ্চ চেণ্টাৰৰ মুৰব্বী। তেওঁ ভূপালৰ বৰকাতুল্লা বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী আছিল।
-
মৃদুলা ভাটকাৰ
মৃদুলা ভাটকাৰ (Mridula Bhatkar; জন্ম ২৮ মে' ১৯৫৭) ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ। তেওঁ ২০০৯ চনৰ পৰা ২০১৯ চনলৈকে ন্যায়ালয়ত কাৰ্যনিৰ্বাহ কৰিছিল।
-
লতিকা সৰকাৰ
লতিকা সৰকাৰ (Lotika Sarkar, ৪ জানুৱাৰী ১৯২৩ – ২৩ ফেব্ৰুৱাৰী ২০১৩) ভাৰতৰ এগৰাকী উল্লেখনীয় নাৰীবাদী, সমাজকৰ্মী, শিক্ষাবিদ আৰু অধিবক্তা আছিল, যি ভাৰতৰ নাৰী অধ্যয়ন আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল৷ ১৯৮০ চনত স্থাপিত দিল্লীৰ চেণ্টাৰ ফৰ ৱমেনছ ডেভেলপমেণ্ট ষ্টাডিজ (চি ডব্লিউ ডি এছ)…
-
লীলা ৰামকুমাৰ ভাৰ্গৱ
ৰাণী লীলা ৰামকুমাৰ ভাৰ্গৱ এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী, শিক্ষাবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন নেত্ৰী আছিল। তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সহযোগী আছিল। তথা ভাৰতৰ ভাইচৰয় লৰ্ড ৱেভেলৰ পৰা ৰাজা উপাধিধাৰী মুন্সী ৰামকুমাৰ ভাৰ্গৱৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল।
-
শিঞ্জিনী ভটনাগৰ
শিঞ্জিনী ভটনাগৰ এগৰাকী ভাৰতীয় শিশু গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট। তেওঁ নেচনেল একাডেমী অৱ চাইন্সেছৰ ফেলো হিচাপে নিৰ্বাচিত হৈছে। তেওঁৰ গৱেষণাক বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু ২য় বিশ্ব কংগ্ৰেছ অৱ পেডিয়াট্ৰিক গেষ্ট্ৰ’এণ্টেৰ’লজী, হেপাট’লজী এণ্ড নিউট্ৰিচনত স্বীকৃতি দিয়ে।
-
শীলা বালকৃষ্ণন
ডাঃ শীলা বালকৃষ্ণন এগৰাকী প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ৷ তেওঁ প্ৰসূতি আৰু স্ত্ৰীৰোগ সম্পৰ্কীয় তিনিখন গ্ৰন্থ লিখিছে। বৰ্তমান তেওঁ তিৰুৱনন্তপুৰমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ সহযোগী অধ্যাপক। তেওঁ তিৰুৱনন্তপুৰম মেডিকেল কলেজৰ পৰা এম ডি আৰু ডি এন বি কৰিছে।
-
শৰ্মিলা ভট্টাচাৰ্য
শৰ্মিলা ভট্টাচাৰ্য এগৰাকী ভাৰতীয়-আমেৰিকান বিজ্ঞানী যিয়ে এষ্ট্ৰ'বায়'নিক্সৰ মুখ্য বিজ্ঞানী হিচাপে কাম কৰে আৰু নাছাৰ এমেছ ৰিচাৰ্চ চেণ্টাৰৰ বায়'মডেল পাৰফৰমেন্স এণ্ড বিহেভিয়াৰ লেবৰেটৰীৰ মুৰব্বী হিচাপে কাম কৰে।
-
সাধ্বী প্ৰেম বাইছা
সাধ্বী প্ৰেম বাইছা (Sadhvi Prem Baisa; মৃত্যু ২৮ জানুৱাৰী ২০২৬) পশ্চিম ৰাজস্থানৰ এগৰাকী ভাৰতীয় ধৰ্মীয় গল্পকাৰ আৰু সাধ্বী। ভাগৱত কাহিনীৰ অনুষ্ঠান আৰু গ্ৰামাঞ্চলত ভজন গায়ন-বায়নৰ বাবে তেওঁ পৰিচিত আছিল।