ভাৰতৰ কিছুমান ইছলামিক গোটৰ মহিলাৰ যৌনাঙ্গ বিকৃতকৰণৰ (Female genital mutilation বা চমুকৈ FGM) প্ৰথা আছে। এইটো সাধাৰণতে ছোৱালী এজনীৰ সাত বছৰ বয়সত কৰা হয় আৰু ভগাঙ্কুৰৰ আৱৰণ (clitoral hood) সম্পূৰ্ণ বা আংশিকভাবে আঁতৰাই পেলোৱা হয়। এই বিকৃতিৰ ফলত নাৰীগৰাকী অস্বস্তিত ভুগাৰ পৰা বীজাণুৰ সংক্ৰমণলৈকে হ'ব পাৰে।
প্ৰথা
অনুশীলন
ভাৰতত চিয়া মুছলমানৰ দাউদী বোহৰা সম্প্ৰদায়ে FGM প্ৰথা অনুসৰণ কৰে, যিটো সম্প্ৰদায়ৰ সদস্য সংখ্যা প্ৰায় ১০ লাখ।১ খৎনা, খাফজ আৰু খাফদ নামেৰে জনাজাত এই অনুশীলন ছয়- সাত বছৰীয়া ছোৱালীৰ ওপৰত প্ৰয়োগ কৰা হয় আৰু ইয়াৰ ফলত ভগাঙ্কুৰৰ আৱৰণ সম্পূৰ্ণ বা আংশিকভাৱে আঁতৰাই পেলোৱা হয়।২১ দাউদী বোহৰাৰ আধ্যাত্মিক নেতা মুফাদ্দাল চৈফুদ্দিনে স্পষ্টকৈ কৈছে যে যদিও হাজাৰ হাজাৰ বছৰ আগতে লিখা ধৰ্মীয় কিতাপবোৰে পুৰুষ আৰু মহিলা উভয়ৰে বাবে ধৰ্মীয় পৱিত্ৰতাৰ প্ৰয়োজনীয়তা নিৰ্দিষ্ট কৰিছে, বোহৰাসকলে দেশক আৰু দেশৰ আইনক সন্মান কৰিব লাগিব। যিবোৰ দেশত মুছলমান মহিলাৰ খৎনা নিষিদ্ধ, সেই দেশবোৰত মুছলমান মহিলাক খৎনা কৰাৰ পৰা বিৰত থাকিব লাগিব।৩ বোহৰা সম্প্ৰদায়ৰ অন্য ঠাল, যেনে চুলেমানী বোহৰা আৰু আলাৱি বোহৰাকে৪ ধৰি অন্যান্য বোহৰা ঠাল আৰু কেৰালাৰ কিছুমান চুন্নী সম্প্ৰদায়ৰ লোকে মহিলাৰ যৌনাংগ বিকৃতকৰণৰ অনুশীলন কৰে বুলি কোৱা হয়।৫
পৰিণতি
ডাঃ মেঘনা ৰেড্ডী জে নামৰ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞই ২০১৮ চনত প্ৰতিবেদন দিছিল যে খৎনাৰ ফলত পৰৱৰ্তী জীৱনত জটিলতাৰ সৃষ্টি হ'ব পাৰে। যাৰ ভিতৰত আছে সন্তান জন্মৰ জটিলতা আৰু মূত্ৰনলীৰ সংক্ৰমণ। এটা ক্ষেত্ৰত এজনী ছোৱালীক খৎনা কৰাৰ পাছত বীজাণুৰ সংক্ৰমণ হৈছিল আৰু তাইক আৰোগ্য কৰিবলৈ যথেষ্ট প্ৰচেষ্টাৰ প্ৰয়োজন হৈছিল।৬
এটা সৰু অধ্যয়নত প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ সুজাত ভালিয়ে বিছজনী বোহৰা পৰীক্ষা কৰিছিল। এনে ধৰণৰ অধ্যয়ন ভাৰতত প্ৰথম আছিল। সুজাত ভালিয়ে প্ৰতিবেদন দিছিল যে কেৱল এজন বিশেষজ্ঞইহে ভগাঙ্কুৰ কটা নোযোৱাকৈ ইয়াৰ আৱৰণখন কাটিব আৰু পৃথক কৰিবলৈ সক্ষম। বেছিভাগ পৰীক্ষাতে সেইসকল মহিলাৰ ভগাঙ্কুৰ কটা যোৱা পৰিলক্ষিত হৈছিল।৭১ ভালিৰ মতে, আধাতকৈ বেছি সংখ্যকে এক প্ৰকাৰৰ জ্বলা-পোৰা অনুভৱ কৰে, ৩০ শতাংশই খোজ কাঢ়োতে আৰু প্ৰস্ৰাৱ কৰোঁতে অস্বস্তি অনুভৱ কৰে বা অঞ্চলটোত সংবেদনশীলতা হেৰুৱাই পেলায়। জৰীপটোত পাঁচখন ভাৰতীয় ৰাজ্যৰ ৮৩ গৰাকী মহিলা আৰু ১১জন পুৰুষক সামৰি লোৱা হৈছিল আৰু দেখা গৈছিল যে সঁহাৰি জনোৱাসকলৰ ৭৫ শতাংশৰ জীয়ৰী, যিসকলৰ বয়স অন্ততঃ সাত বছৰ আছিল, সাত বছৰ বয়সৰ ছোৱালী আছিল, যৌনাঙ্গ বিকৃতকৰণৰ ভুক্তভোগী আছিল।১
সক্ৰিয়তা
বিৰোধিতা
২০১১ চনৰ নৱেম্বৰ মাহত এগৰাকী বোহৰা মহিলাই দাউদী বোহৰাৰ ধৰ্মীয় নেতা মহম্মদ বুৰহানুদ্দিন FGM নিষিদ্ধ কৰিবলৈ" অনুৰোধ কৰি এখন অনলাইন আবেদন দিয়ে। এজন মুখপাত্ৰই কোনো পৰিৱৰ্তন অস্বীকাৰ কৰি কয়, "বোহৰা মহিলাসকলে বুজিপোৱা উচিত যে আমাৰ ধৰ্মই এই প্ৰথাৰ সমৰ্থন কৰে আৰু তেওঁলোকে কোনো যুক্তি অবিহনে ইয়াক অনুসৰণ কৰা উচিত।৮
মুম্বাই স্থিত দুটা সংগঠন- "চাহিয়ো" আৰু "উই স্পিক আউট"-এ ফেব্ৰুৱাৰী ২০১৬ত "Each One Reach One" নামৰ এটা অভিযান আৰম্ভ কৰিছিল; ২০১৭ চনত ৰমজানৰ সময়ত এই অভিযানৰ পুনৰাবৃত্তি কৰা হৈছিল।৯১০ প্ৰচাৰটোৱে মহিলাৰ যৌনাঙ্গ বিকৃত কৰণৰ বিষয়ে মতামত প্ৰচাৰ কৰিছিল। বোহৰা মহিলাৰ ওপৰত কৰা এক অনলাইন জৰীপত চাহিয়োৱে জানিব পাৰিলে যে ৮০ শতাংশ অংশগ্ৰহণকাৰীৰ ছয় বা সাত বছৰ বয়সত চুন্নত কৰা হৈছিল; ৮১ শতাংশই বিচাৰিছিল যে প্ৰথাটো বন্ধ হওক।১১
সমৰ্থন
২০১৭ চনৰ মে মাহত ছয়গৰাকী বোহৰা মহিলাই তেওঁলোকৰ "বিশ্বাস, ৰীতি-নীতি, সংস্কৃতি আৰু ধৰ্মীয় অধিকাৰ" সমৰ্থন কৰিবলৈ দাউদী বোহৰা ৱমেন ফৰ ৰিলিজিয়াছ ফ্ৰীডম (DBWRF) নামৰ সংগঠন এটা প্ৰতিষ্ঠা কৰে। ই মুফাদ্দাল চৈফুদ্দিনক অনুসৰণ কৰা প্ৰায় ৭৫,০০০ মহিলাৰ মতামতক প্ৰতিনিধিত্ব কৰে বুলি দাবী কৰা হৈছে। DBWRF-এ কৈছে যে দাউদী বোহৰাৰ দ্বাৰা অনুশীলন কৰা MGM এটা নিৰ্দোষ পদ্ধতি আৰু ই অঙ্গচ্ছেদ নহয়।১২১৩ DBWRF-ৰ লক্ষ্য হৈছে "ভাৰতত দাউদী বোহৰা মহিলাৰ অধিকাৰৰ বাবে থিয় দিয়া",১৪১৫ বিশেষকৈ যিসকল মহিলাই ধৰ্মীয় বিশ্বাস, প্ৰথা, ৰীতি-নীতি আৰু সংস্কৃতি অনুসৰণ কৰাত বাধাগ্ৰস্থ হৈছে, সেই সকলক সুৰক্ষা দিয়া।১৬১৭ ২০১৮ চনৰ জুলাই মাহত জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে উচ্চতম ন্যায়ালয়ত DBWRF-ক প্ৰতিনিধিত্ব কৰি কয় যে "দাউদী বোহৰা সম্প্ৰদায়ৰ মাজত প্ৰচলিত খৎনা ধৰ্মৰ এক অপৰিহাৰ্য অংশ আৰু ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ২৫ আৰু ২৬ ৰ অধীনত তেওঁলোকৰ ধৰ্ম পালন আৰু প্ৰচাৰৰ অধিকাৰ সুৰক্ষিত।"২
তথ্যসূত্ৰ
- ↑ Cantera, Angel L Martínez. (6 March 2018). 'I was crying with unbearable pain': study reveals extent of FGM in India. The Guardian
- ↑ Neeraj, Vartika. (23 July 2018). Genital Mutilation Plagues Thousands of Bohra Women in India. The Wire
- ↑ Das, Mohua. (7 June 2016). Clarifying his stand - Circumcision a religious rite, but abide by law of country: Syedna. The Times of India
- ↑ (21 May 2017). Female Genital Mutilation: Guide to Eliminating the FGM practice in India. Lawyers Collective
- ↑ Punwani, Jyoti. (21 October 2017). It was a memory I had blocked out, says activist Masooma Ranalvi. The Hindu
- ↑ Ravishanker, Reshma. (8 February 2018). Curbing women's sexual desire through genital mutilation: Reality of 'khatna' in India
- ↑ Anantnarayan, Lakshmi. (31 January 2018). The Clitoral Hood A Contested Site, Khafd or Female Genital Mutilation/Cutting (FGM/C) in India
- ↑ (23 April 2012). Female circumcision anger aired in India. Dawn
- ↑ (30 May 2017). Female genital mutilation in India: Campaign aims to initiate dialogue with Bohras on issue during Ramadan
- ↑ Sahiyo. (30 May 2017). Announcing Each One Reach One 2: Let's discuss Khatna this Ramzan
- ↑ STP Team. (18 February 2017). Sahiyo is India's first collective against type of FGM called Khatna in the Dawoodi Bohra community
- ↑ Das, Mohua. (2 June 2017). 2 women doctors promote female genital mutilation, may face action
- ↑ Julios, Christina. (2018). Female Genital Mutilation and Social Media. Routledge. পৃ. 66–67. ISBN 9781351717618
- ↑ Dawoodi Bohra Women for Religious Freedom
- ↑ Update: 7-judge Constitution Bench to Hear PIL of Sunita Tiwari vs Union of India. www.dbwrf.org
- ↑ WHO's stance and the criminalization of female circumcision: The protection of or violation of human rights?. www.dbwrf.org
- ↑ Shelar, Jyoti. (2019-02-06). Khafz: circumcision or FGM?. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতত নাৰীৰ যৌনাংগ বিকৃতকৰণ” প্ৰবন্ধৰ সংশোধন ৪৬৯৭০৫ (৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।