অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ভাৰতীয় সশস্ত্ৰ বাহিনীত মহিলা

ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সকলো শাখাতে যুদ্ধৰ ভূমিকাত মহিলাৰ অংশগ্ৰহণ আছে। মহিলাসকলক যুদ্ধ সেৱা আৰু তত্ত্বাৱধায়ক ভূমিকাত (অফিচাৰ হিচাপে) অনুমতি দিয়া হৈছে। ভাৰতীয় বায়ুসেনাত ১৩.০৯% (২০১৮) আৰু ৮.৫০% (২০১৪) মহিলা আছিল; ভাৰতীয় নৌসেনা ৬% (২০১৮) আৰু ৩% (২০১৪); ভাৰতীয় সেনা ৩.৮০% (২০১৮) আৰু ৩% (২০১৪)।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৮৭৩ শব্দ · ৫ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ
ভাৰতৰ ৰয়েল এয়াৰ ফৰ্চ ষ্টেচনৰ শৃংখলাবদ্ধ কোঠাত কৰ্তব্যৰত এগৰাকী ডব্লিউ এ চি প্ৰাইভেট মহীলা, ১৯৪৩ চনৰ আগষ্ট
ভাৰতৰ ৰয়েল এয়াৰ ফৰ্চ ষ্টেচনৰ শৃংখলাবদ্ধ কোঠাত কৰ্তব্যৰত এগৰাকী ডব্লিউ এ চি প্ৰাইভেট মহীলা, ১৯৪৩ চনৰ আগষ্টছবি: Unknown author · Public domain

ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সকলো শাখাতে যুদ্ধৰ ভূমিকাত মহিলাৰ অংশগ্ৰহণ আছে। মহিলাসকলক যুদ্ধ সেৱা আৰু তত্ত্বাৱধায়ক ভূমিকাত (অফিচাৰ হিচাপে) অনুমতি দিয়া হৈছে। ভাৰতীয় বায়ুসেনাত ১৩.০৯% (২০১৮) আৰু ৮.৫০% (২০১৪) মহিলা আছিল; ভাৰতীয় নৌসেনা ৬% (২০১৮) আৰু ৩% (২০১৪); ভাৰতীয় সেনা ৩.৮০% (২০১৮) আৰু ৩% (২০১৪)।১২ ২০২০ চনলৈকে স্বাস্থ্য সেৱা বিভাগত তিনিগৰাকী বিষয়াৰ লেফটেনেণ্ট জেনেৰেল বা সমতুল্য পদবী আছে। ২০২১ চনৰ মে' মাহত ৮৩ গৰাকী মহিলাক প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাবাহিনীত, কৰ্পছ অৱ মিলিটাৰী পুলিচত জোৱান হিচাপে নিযুক্তি দিয়া হয়।৩

ইতিহাস

১৮৮৮ চনত ব্ৰিটিছ ভাৰতীয় সেনাই ভাৰতীয় সামৰিক নাৰ্চিং সেৱা (IMNS) নামেৰে জনাজাত সামৰিক শাখা প্ৰতিষ্ঠা কৰে, য’ত মহিলা নাৰ্ছক নিযুক্তি দিয়া হয়। বিআইএই প্ৰথমবাৰৰ বাবে মহিলা সেৱাৰ সদস্যক নিজৰ পদবীত নিযুক্তি দিছিল।৪ প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আইএমএনএছৰ মহিলা নাৰ্ছসকলে সেৱা আগবঢ়াইছিল, ইয়াৰে ৩৫০ গৰাকীৰ হয় মৃত্যু হৈছিল, নতুবা যুদ্ধবন্দী হিচাপে ৰখা হৈছিল বা কাৰ্য্যত নিৰুদ্দেশ বুলি ঘোষণা কৰা হৈছিল; ১৯৪২ চনৰ ফেব্ৰুৱাৰী মাহত ইম্পেৰিয়েল জাপানীজ সশস্ত্ৰ বাহিনীৰ বোমাৰু বিমানে কেইবাখনো নাৰ্ছ কঢ়িয়াই অনা এছ এছ কুৱালা জাহাজক ধ্বংস কৰি পেলাইছিল।৪ ১৯৪২ চনৰ মে’ মাহত বিআইএৰ কাৰ্য্যকলাপত সহায় কৰিবলৈ মহিলা সহায়ক বাহিনী গঠন কৰা হয়; দ্বিতীয় বিশ্বযুদ্ধৰ শেষলৈকে ই ১১,৫০০ মহিলাক নিযুক্তি দিছিল।৫

ভাৰতীয় বংশৰ নূৰ ইনায়ত খানে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিশেষ অভিযান কাৰ্যবাহী (SOE)ত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক জাৰ্মান অধিকৃত ফ্ৰান্সলৈ এছ অ’ ইৰ কাৰ্য্যকলাপত সহায় কৰিবলৈ গোপনে পঠিওৱা হৈছিল। খানক বিশ্বাসঘাতকতা কৰি বন্দী কৰা হয় আৰু তাৰ পিছত ডাচাউ কনচেনট্ৰেচন কেম্পত ফাঁচী দিয়া হয় আৰু মৰণোত্তৰভাৱে তেওঁৰ সেৱাৰ বাবে জৰ্জ ক্ৰছ প্ৰদান কৰা হয়।৬ যুক্তৰাজ্য ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় সেনাবাহিনী কল্যাণী সেনে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰয়েল ইণ্ডিয়ান নেভিৰ মহিলা ৰয়েল ইণ্ডিয়ান নেভেল চাৰ্ভিচত সেৱা আগবঢ়াইছিল।৭ ২০২১ চনত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ প্ৰৱেশ পৰীক্ষা মহিলা কেডেটৰ বাবে মুকলি কৰা হয়।৮

ভাৰতীয় সেনাবাহিনী

১৯৫০ চনৰ সেনা আইন অনুসৰি মহিলাসকল "কেন্দ্ৰীয় চৰকাৰে অধিসূচনাৰ জৰিয়তে নিৰ্দিষ্ট কৰিব পৰা এনে কৰ্প, বিভাগ বা শাখা"ৰ বাহিৰে নিয়মীয়া কমিচনৰ বাবে অযোগ্য আছিল।৯ ১৯৫৮ চনৰ ১ নৱেম্বৰত সেনা চিকিৎসা বাহিনী প্ৰথম ইউনিটত পৰিণত হয় যিটো ইউনিটৰ মহিলাসকলক ভাৰতীয় সেনাৰ দ্বাৰা নিয়মীয়াকৈ কমিচন প্ৰদান কৰা হয়।১০ ১৯৯২ চনৰ পৰা মহিলাসকলক প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাৰ বিভিন্ন শাখাত কেৱল চুটি সেৱা আয়োগতহে অন্তৰ্ভুক্ত কৰা হৈছিল।৯ ২০০৮ চনত মহিলাসকলক প্ৰথমে আইনী আৰু শিক্ষা বিভাগত স্থায়ী কমিচনপ্ৰাপ্ত বিষয়া হিচাপে নিযুক্তি দিয়া হয়, ২০২০ চনত তেওঁলোকক প্ৰথমবাৰৰ বাবে আৰু ৮টা বিভাগত স্থায়ী কমিচনপ্ৰাপ্ত বিষয়া হিচাপে নিযুক্তি দিয়া হয়।১১ ২০২০ চনৰ পৰা ভাৰতীয় সেনাবাহিনীৰ পেৰাচুট ৰেজিমেণ্ট বা অন্যান্য বিশেষ বাহিনীৰ পেৰাচুট ৰেজিমেণ্টত মহিলাসকলক এতিয়াও যুঁজাৰু হিচাপে অনুমতি দিয়া হোৱা নাই যদিও তেওঁলোকে নিজ নিজ অস্ত্ৰৰ পেৰাট্ৰুপাৰ উইং যেনে পেৰা ইএমই, পেৰা চিগনেল, পেৰা এএছচি ইত্যাদিত যোগদান কৰিব পাৰিব।

ভাৰতীয় বায়ুসেনা

ভাৰতীয় বায়ুসেনাৰ মহিলা পাইলট।
ভাৰতীয় বায়ুসেনাৰ মহিলা পাইলট।ছবি: Ministry of Defence · GODL-India

ভাৰতীয় বায়ুসেনাই যুদ্ধ আৰু সহায়ক ভূমিকাকে ধৰি সকলো ভূমিকাতে মহিলাসকলক অন্তৰ্ভুক্ত কৰে। ২০২০ চনৰ ছেপ্টেম্বৰ মাহলৈকে ১০জন পাইলট আৰু ১৮জন নেভিগেটৰকে ধৰি ১,৮৭৫ গৰাকী মহিলা বিষয়াই আই এ এফত সেৱা আগবঢ়াইছিল।১২

ভাৰতীয় বায়ুসেনাৰ প্ৰথমগৰাকী মহিলা বিষয়া বিজয়লক্ষ্মী ৰমননক সেনা চিকিৎসা কৰ্পছত কমিচন দিয়া হয় আৰু বায়ুসেনাত নিয়োগ কৰা হয়। ১৯৭৯ চনত তেওঁ বায়ুসেনাৰ উইং কমাণ্ডাৰ হিচাপে অৱসৰ গ্ৰহণ কৰে।১৩

১৯৬৬ চনৰ আগষ্ট মাহত আই এ এফৰ চিকিৎসা বিষয়া ফ্লাইট লেফটেনেণ্ট কান্ত হাণ্ডা ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত কৰা সেৱাৰ বাবে প্ৰশংসা লাভ কৰা প্ৰথমগৰাকী মহিলা আই এ এফ বিষয়া হিচাপে পৰিগণিত হয়।১৪ ১৯৯৪ চনত মহিলাসকলে সহায়ক ভূমিকাত পাইলট হিচাপে বায়ুসেনাত যোগদান কৰে; কাৰ্গিল যুদ্ধৰ সময়ত (মে'–জুলাই ১৯৯৯) যুদ্ধক্ষেত্ৰত উৰাজাহাজ চলোৱা প্ৰথম মহিলাসকলৰ ভিতৰত গুঞ্জন সাক্সেনা আৰু শ্ৰীবিদ্যা ৰাজন১৫ অন্যতম।

২০০৬ চনত ব্ৰাহ্মণ দীপিকা মিশ্ৰই সাৰং প্ৰদৰ্শন দলৰ বাবে প্ৰশিক্ষণ লোৱা প্ৰথমগৰাকী আই এ এফৰ মহিলা পাইলট আছিল।১৬ ২০১২ চনত ৰাজস্থানৰ পৰা নিবেদিতা সিং (ফ্লাইট লেফটেনেণ্ট) ভাৰতীয় বায়ুসেনাৰ পৰা মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।১৬

২০১৫ চনত ভাৰতীয় বায়ুসেনাই মহিলাসকলৰ বাবে যুদ্ধ বিমান পাইলট হিচাপে নতুন যুদ্ধ বায়ুসেনাৰ ভূমিকা মুকলি কৰে, যাৰ ফলত ভাৰতীয় বায়ুসেনাত হেলিকপ্টাৰ পাইলট হিচাপে তেওঁলোকৰ ভূমিকা বৃদ্ধি পায়।১৭ ২০১৯ চনৰ ২২ মে'ত ভাৱনা কান্থ যুদ্ধ অভিযান গ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী মহিলা যুঁজাৰু পাইলট হিচাপে পৰিগণিত হয়।১৮ ভাৰতীয় বায়ুসেনাত মহিলাসকলে এতিয়ালৈকে যুদ্ধৰ ভূমিকা গ্ৰহণ কৰি অৱনী চতুৰ্বেদী, মোহনা সিং জিটাৰৱাল, আৰু ভাৱনা কান্থে প্ৰথম ৩ গৰাকী মহিলা যুঁজাৰু পাইলট হিচাপে পুৰস্কাৰ লাভ কৰিছে।১৯২০

উইং কমাণ্ডাৰ শলিজা ধামী ভাৰতীয় বায়ুসেনাৰ পৰা স্থায়ী কমিচন পোৱা প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হয়।২১ স্কোয়াড্ৰন নেতা মিণ্টী আগৰৱাল যুদ্ধ সেৱা পদক লাভ কৰা প্ৰথম মহিলা হিচাপে পৰিগণিত হয়।২২

ভাৰতীয় নৌ-সেনা

আই এন এছ ভি টাৰিনিৰ সৰ্বমহিলা ক্ৰুৱে গ্ল’ব প্ৰদক্ষিণ যাত্ৰা সম্পূৰ্ণ কৰাৰ সময়ত
আই এন এছ ভি টাৰিনিৰ সৰ্বমহিলা ক্ৰুৱে গ্ল’ব প্ৰদক্ষিণ যাত্ৰা সম্পূৰ্ণ কৰাৰ সময়তছবি: President's Secretariat · GODL-India

১৯৭৬ চনৰ অক্টোবৰ মাহত ড° বৰ্বৰা ঘোষ ভাৰতীয় নৌ-সেনাৰ প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে কামাণ্ডাৰ পদবী লাভ কৰে। ১৯৬১ চনত নৌ-সেনাত যোগদান কৰা তেওঁ প্ৰথমগৰাকী মহিলা চিকিৎসা বিষয়াও আছিল যিয়ে স্থায়ী নৌসেনাৰ কমিচন লাভ কৰিছিল।২৩

১৯৬৮ চনত কমিচন পোৱা ড° পুনিতা অৰোৰা ভাৰতীয় সেনাৰ দ্বিতীয় সৰ্বোচ্চ পদবী লাভ কৰা প্ৰথমগৰাকী মহিলা লেফটেনেণ্ট জেনেৰেল২৪ আৰু প্ৰথম মহিলা ভাইচ এডমিৰেল।২৫ পদ্মাৱতী বন্দোপাধ্যায় আই এ এফৰ প্ৰথম মহিলা এয়াৰ মাৰ্শ্বাল আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ লেফটেনেণ্ট জেনেৰেল পুনিতা অৰোৰাৰ পিছত তিনি তাৰকা পদলৈ উন্নীত হোৱা দ্বিতীয়গৰাকী মহিলা।১৬ তথাপিও ভাৰতীয় নৌ-সেনাই মহিলাসকলক যুদ্ধজাহাজত নাৱিক বা বিষয়া হিচাপে ৰখাৰ ধাৰণাটোৰ বিৰোধিতা কৰে, যদিও মহিলাসকলে পি ৮ আই আৰু আই এল ৩৮ৰ দৰে সামুদ্ৰিক টহলদাৰী বিমানত অংশগ্ৰহণ কৰে।২৬

২০১৮ চনৰ ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত নাৱিকা সাগৰ পৰিক্ৰমাত অংশগ্ৰহণ কৰা আইএনএছভি টাৰিনিৰ ছয়জনীয়া ক্ৰু যথাক্ৰমে লেফটেনেণ্ট চিডিআৰ ভাৰ্টিকা যোশী, লেফটেনেণ্ট চিডিআৰ পি স্বাথী, লেফটেনেণ্ট চিডিআৰ প্ৰতিভা জম্মাৱাল, লেফটেনেণ্ট পায়েল গুপ্তা, লেফটেনেণ্ট ঐশ্বৰ্য বদ্দাপতি, আৰু লেফটেনেণ্ট শ্বৌৰগ্ৰকপামক নাৰী সৱলীকৰণৰ দিশত অসাধাৰণ অৱদানৰ বাবে নাৰী শক্তি পুৰাস্কাৰৰ সন্মান প্ৰদান কৰা হয়। দলটোৰ হৈ এই বঁটা লাভ কৰে লেফটেনেণ্ট শ্বৌৰগ্ৰকপাম বিজয়া দেৱীয়ে। এইক্ষেত্ৰত তেওঁ হৈছে উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা বিষয়া।২৭

২০১৯ চনৰ ২ ডিচেম্বৰত চাব-লেফটেনেণ্ট শুভাংগী স্বৰূপ ভাৰতীয় নৌ-সেনাৰ প্ৰথমগৰাকী মহিলা পাইলট হিচাপে পৰিগণিত হয়। তেওঁ ডৰ্নিয়াৰ ২২৮ চাৰ্ভেইলেন্স বিমান উৰুৱাব।২৮

২০২১ চনৰ ২৬ আগষ্টত চাৰ্জন ভাইচ এডমিৰেল চিলা এছ মাথাই তিনি তাৰকা পদবীলৈ উন্নীত হোৱা চতুৰ্থগৰাকী মহিলা আৰু প্ৰথম প্ৰত্যক্ষ নৌ-সেনাৰ মহিলা ভাইচ এডমিৰেল হিচাপে পৰিগণিত হয়।

তিনি তাৰকা বিশিষ্ট মহিলা বিষয়া

ভাৰতীয় সশস্ত্ৰ বাহিনীত ছয়গৰাকী মহিলাক থ্ৰী ষ্টাৰ ৰেংকলৈ উন্নীত কৰা হৈছে। এই আটাইকেইজনেই মেডিকেল কৰ্পছৰ আৰু সশস্ত্ৰ বাহিনী চিকিৎসা মহাবিদ্যালয় (এ এফ এম চি)ৰ স্নাতক চিকিৎসক।

ক্ৰম নংফটোনামবিভাগ (শাখা)উন্নীত কৰণৰ তাংটোকা
১VAdm Punita Arora.jpgলেফটেনেণ্ট জেনেৰেল পুনিতা আৰোৰা০১ চেপ্তেম্বৰ ২০০৪ ২৯তিনি তাৰকা পদলৈ উন্নীত হোৱা প্ৰথম মহিলা। পিছলৈ ভাৰতীয় নৌসেনালৈ গুচি যায় আৰু ভাইচ এডমিৰেল পদবী লাভ কৰে।৩০
২Padma Bandopadhyay.jpgএয়াৰ মাৰ্শ্বাল পদ্ম বন্দোপাধ্যায়০১ অক্টোবৰ ২০০৪ ৩১ভাৰতীয় বায়ুসেনাত তিনি তাৰকা পদলৈ উন্নীত হোৱা প্ৰথম মহিলা।৩২
৩The President, Shri Ram Nath Kovind presenting the Ati Vishisht Seva Medal to Major General Madhuri Kanitkar, at the Defence Investiture Ceremony–I, at Rashtrapati Bhavan, in New Delhi on March 27, 2018.jpgলেফটেনেণ্ট জেনেৰেল মাধুৰী কানিতকাৰ২৯ ফেব্ৰুৱাৰী ২০২০শেষবাৰৰ বাবে এইচকিউ আইডিএছত সংহত প্ৰতিৰক্ষা কৰ্মচাৰী (চিকিৎসা) (ডিচিআইডিএছ, মেড)ৰ উপ-মুখ্য বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৩৩
৪Surgeon Rear Admiral Sheila Samanta Mathai, NM, VSM, was promoted to the rank of Surgeon Vice Admiral on 26 August 2021 and assumed the post of Director General (Organization and Personal) of the Armed Forces Medical Services.jpgচাৰ্জন ভাইচ এডমিৰেল শ্বিলা এছ .মথাই২৬ আগষ্ট ২০২১বৰ্তমান সশস্ত্ৰ বাহিনীৰ চিকিৎসা সেৱা (এ এফ এম এছ)ৰ সঞ্চালক প্ৰধান (সংগঠন আৰু কৰ্মী) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।৩৪
৫Lt Gen Rajshree Ramasethu.jpgলেফটেনেণ্ট জেনেৰেল ৰাজশ্ৰী ৰামসেঠু১৬ চেপ্টেম্বৰ ২০২১সশস্ত্ৰ বাহিনী চিকিৎসা মহাবিদ্যালয় (এ এফ এম চি)ৰ প্ৰাক্তন অধিনায়ক।৩৫
৬এয়াৰ মাৰ্শ্বাল আৰ্টি ছাৰিন০৫ অক্টোবৰ ২০২২ভাৰতীয় বায়ুসেনা ০৫ অক্টোবৰ ২০২২ বৰ্তমানৰ সঞ্চালক প্ৰধান চিকিৎসা সেৱা (এয়াৰ)। ইয়াৰ পূৰ্বে ভাৰতীয় নৌসেনাত চাৰ্জন ভাইচ এডমিৰেলৰ পদবী লাভ কৰিছিল।৩৬

জনপ্ৰিয় সংস্কৃতিত

  • আৰোহণ (১৯৯৬–৯৭), ভাৰতীয় নৌসেনাত কৰ্মৰত মহিলা বিষয়াসকলক প্ৰদৰ্শন কৰা এখন টেলি ধাৰাবাহিক।
  • দ্য টেষ্ট কেছ (২০১৭), ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ভিতৰত যুদ্ধৰ ভূমিকাত অংশগ্ৰহণ কৰিবলৈ প্ৰশিক্ষণ লোৱা প্ৰথমগৰাকী মহিলাৰ কাল্পনিক কাহিনীৰ ওপৰত ৱেব ছিৰিজ।৩৭
  • গুঞ্জন চাক্সেনা: দ্য কাৰ্গিল গাৰ্ল(২০২০–২১), জীৱনীমূলক ছবি য'ত জাহ্নৱী কাপুৰে বাস্তৱ জীৱনৰ ভাৰতীয় বায়ুসেনাৰ পাইলট গুঞ্জন ছাক্সেনাৰ চৰিত্ৰত অভিনয় কৰে যি গৰাকী আছিল যুদ্ধত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় মহিলা বায়ুসেনাৰ পাইলট।৩৮৩৯

তথ্যসূত্ৰ

  1. ↑ Indian Army's shameful treatment of women recruits. NDTV
  2. ↑ Women to comprise 20% of Military Police, The Tribune, 18 Jan 2019
  3. ↑ (9 May 2021). Army inducts 1st batch of women in military police. hindustantimes.com
  4. ↑ Gonsalves, Colin; Sikdar, Usha. (13 December 2017). Indian Army must stop its discrimination against military nurses. হিন্দুস্তান টাইমছ
  5. ↑ Perry, Frederick William. (1990). The Commonwealth Armies: Manpower and Organization in Two World Wars. Manchester University Press. পৃ. 1114. ISBN 978-0-7190-2767-3
  6. ↑ Grewal, Herpreet Kaur. (23 October 2012). Noor Inayat Khan: remembering Britain's Muslim war heroine. The Guardian
  7. ↑ Malhotra, Nishi. (4 December 2016). 10 Daredevil Heroes of the Indian Navy You Should Know About. The Better India
  8. ↑ (8 September 2021). India paves way for more women in armed forces. BBC News
  9. ↑ (2020-02-16). Army looks at change to accommodate women. Indian Express
  10. ↑ (29 October 1958). Permanent Commissions for Women Doctors in the Army. Press Information Bureau of India - Archive
  11. ↑ WOmen officers in combat and command role, Hindustan Times, Feb 2020
  12. ↑ (15 August 2019). IAF's Rafale fleet to have first woman pilot soon. The Indian Express. PTI
  13. ↑ (2020-10-21). IAF's first woman officer dies at 96. The Indian Express
  14. ↑ (6 August 1966). Air Force Lady Doctor Commended. Press Information Bureau of India - Archive
  15. ↑ (18 August 2020). From Palakkad to Kargil: IAF officer Sreevidya Rajan intv on 'Gunjan Saxena' film. The News Minute
  16. ↑ Sanchari Pal (24 Jan 2017) Brave Indian female soldiers. The Better India
  17. ↑ "India paves way for women in military combat roles" Channel NewsAsia 24 Oct 2015
  18. ↑ Bhawana Kanth: Meet first woman fighter pilot of Indian Air Force. India Today
  19. ↑ (26 July 2019). Eight Women Fighter Pilots in Indian Air Force as on July 1: Govt
  20. ↑ (8 March 2020). IAF's first women fighter pilots get 'Nari Shakti Puraskar'. Business Standard India
  21. ↑ Joshi, Shamani. (28 August 2019). The Indian Air Force Just Got its First Female Flight Commander. Vice
  22. ↑ (15 August 2019). 'I witnessed Wing Commander Abhinandan shooting down Pakistan's F-16 aircraft'. Mint. ANI
  23. ↑ (22 October 1976). Indian Navy's First Lady Commander. Press Information Bureau of India - Archive
  24. ↑ The General in Sari. Rediff
  25. ↑ (16 June 2005). Navy gets its 1st lady vice-admiral. The Times Of India
  26. ↑ Army opens 'risky' roles for women but Indian Navy won't have women sailors anytime . Indian Navy dismissed an transgender soon after surgery
  27. ↑ Navika Sagar Parikrama - 'Nari Shakti Puraskar
  28. ↑ (2 December 2019). Sub-lieutenant Shivangi becomes first woman pilot for Indian Navy. India Today
  29. ↑ First Lady Lt Gen of Indian Army
  30. ↑ DPR, ADG (M&C). (7 March 2020). Women of HonourSalute to Dr Punita Arora, first woman officer from Navy, to be promoted to a three-star rank, second highest rank in Armed forces. She was the first-ever woman Vice Admiral. #WomensDay #IWD2020 #EachforEqual #SheInspiresUspic.twitter.com/t0jOweHpRf. @SpokespersonMoD
  31. ↑ Service record of Air Marshal Padmavathy Bandhopadhyay
  32. ↑ Force, Indian Air. (27 January 2020). #Congratulations to Air Marshal Padmavathy Bandopadhyay, PVSM AVSM VSM (Retd),first woman Air Marshal of IAF, on receiving #PadmaShri in the field of Medicine. Padma Shri is awarded for distinguished service in any field & announced on the occasion of #RepublicDay every year.pic.twitter.com/4zmILyKU8R. @IAF_MCC
  33. ↑ ARMY, ADG PI-INDIAN. (3 March 2020). Lt Gen Madhuri Kanitkar is the third woman officer of #IndianArmedForces to assume the coveted rank of Lt Gen. Her #Husband is Lt Gen Rajeev Kanitkar (Retd). #Proud Couple is part of the Defence Fraternity. #IndianArmy#NationFirstpic.twitter.com/9eRIfZQg1i. @adgpi
  34. ↑ Log into Facebook. Facebook
  35. ↑ (17 September 2021). Lt General Rajshree Ramasethu takes over as Commandant of AFMC Pune. The Indian Express
  36. ↑ Surgeon Vice Admiral Arti Sarin takes over as Commandant of AFMC Pune
  37. ↑ (2017-04-07). The Test Case trailer: Nimrat Kaur looks tough as nails in her upcoming web series. Watch video. The Indian Express
  38. ↑ (25 February 2019). Angad Bedi joins the star cast of Gunjan Saxena's biopic, Kargil Girl. বলিউড হাংগামা
  39. ↑ (22 February 2019). Janhvi Kapoor shooting in Lucknow. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় সশস্ত্ৰ বাহিনীত মহিলা” প্ৰবন্ধৰ সংশোধন ৬৩০৮৯২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।