অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মঞ্জু বাঞ্চাল

মঞ্জু বাঞ্চাল (জন্ম: ১ ডিচেম্বৰ ১৯৫০) আণৱিক জৈৱপদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত বিশেষজ্ঞ। বৰ্তমান তেওঁ বাংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ আণৱিক জৈৱপদাৰ্থ বিজ্ঞান ইউনিটৰ তাত্ত্বিক জৈৱপদাৰ্থ বিজ্ঞান গোটৰ অধ্যাপিকা।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

মঞ্জু বাঞ্চাল (জন্ম: ১ ডিচেম্বৰ ১৯৫০) আণৱিক জৈৱপদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত বিশেষজ্ঞ। বৰ্তমান তেওঁ বাংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ আণৱিক জৈৱপদাৰ্থ বিজ্ঞান ইউনিটৰ তাত্ত্বিক জৈৱপদাৰ্থ বিজ্ঞান গোটৰ অধ্যাপিকা। তেওঁ বাংগালোৰস্থিত বায়’ইনফৰ্মেটিক্স এণ্ড এপ্লাইড বায়’টেকন’লজি ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক সঞ্চালিকা।১২

শিক্ষা

বাঞ্চালে হায়দৰাবাদ আৰু ডেৰাডুনৰ পৰা স্কুলীয়া শিক্ষা কৰিছিল৷ বিজ্ঞানৰ প্ৰতি তেওঁৰ যথেষ্ট আগ্ৰহ জন্মিছিল আৰু পিছলৈ হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা বি এছ চি আৰু এম এছ চি ডিগ্ৰী লাভ কৰিবলৈ আগবাঢ়িছিল৷ ১৯৭২ চনত তেওঁ ডক্টৰেট ডিগ্ৰীৰ বাবে বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সৰ মলিকুলাৰ বায়’ফিজিক্স ইউনিটত যোগদান কৰে। জৈৱপদাৰ্থবিজ্ঞানী জি এন ৰামচন্দ্ৰনৰ নিৰ্দেশনাত তেওঁ আঁহযুক্ত প্ৰটিন কলাজেনৰ ট্ৰিপল হেলিকেল গঠনৰ তাত্ত্বিক মডেলিঙৰ ওপৰত কাম কৰাৰ সুযোগ পাইছিল। ১৯৭৭ চনত তেওঁ পি এইচ ডি লাভ কৰে। তাৰ পিছত ১৯৮১ চনলৈকে বাওঁহাত আৰু ডি এন এৰ অন্যান্য অস্বাভাৱিক গঠনৰ পোষ্ট ডক্টৰেট ফেলো হিচাপে আই আই এছ চিত কাম কৰি থাকে।২

ফেল’শ্বিপ

বাঞ্চালক ইএমবিএল ভিজিটিং ফেল’শ্বিপ আৰু এভিএইচ ফেল’শ্বিপ, জাৰ্মানী আৰু ছিনিয়ৰ ফুলব্ৰাইট ফেল’শ্বিপ, আমেৰিকাৰ সন্মানিত কৰা হৈছে। তেওঁ আমেৰিকাৰ ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপিকা আৰু আমেৰিকাৰ বেথেছডাৰ এন আই এইচৰ ভিজিটিং কনচালটেণ্ট হিচাপে কাম কৰি আহিছে।২৩

বঁটা আৰু সন্মান

  • ১৯৭৯ চনত বাঞ্চালে যুৱ বিজ্ঞানীৰ বাবে ইনছা পদক লাভ কৰে।২

তথ্যসূত্ৰ

  1. ↑ Biography - Manju Bansal
  2. ↑ INSA - Manju Bansal
  3. ↑ Women in Science. ias.ac.in

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানীভাৰতৰ নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মঞ্জু বাঞ্চাল” প্ৰবন্ধৰ সংশোধন ৪৮৫৬৫৮ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।