ভাৰতীয় সাংবাদিক
৩৬ প্ৰবন্ধ
-
অৰ্ণৱ গোস্বামী
অৰ্ণৱ গোস্বামী ভাৰতৰ এগৰাকী আগশাৰীৰ সাংবাদিক। তেওঁ ভাৰতীয় নিউজ চেনেল টাইমছ্ নাওৰ মুখ্য সম্পাদক তথা বাৰ্তা পৰিবেশক হিচাপে তেওঁ যথেষ্ট খ্যাতি লাভ কৰিছিল।
-
গৌৰী লংকেশ
গৌৰী লংকেশ (ಗೌರಿ ಲಂಕೇಶ್; ২৯ জানুৱাৰী ১৯৬২ – ৫ ছেপ্টেম্বৰ ২০১৭) আছিল ভাৰতৰ এগৰাকী সাংবাদিক আৰু সক্ৰিয় সমাজকৰ্মী। কৰ্ণাটকৰ বাংগালোৰত জন্মলাভ কৰা গৌৰী লংকেশে 'লংকেশ পত্ৰিকে' নামৰ কন্নড় ভাষাৰ সাপ্তাহিক সংবাদপত্ৰখনত সম্পাদক হিচাপে কাম কৰিছিল। এইখন সংবাদপত্ৰ আৰম্ভ কৰিছিল তেখেতৰ পিতৃ পি.লংকেশে।
-
দানিছ চিদ্দিকী
দানিছ চিদ্দিকী (Danish Siddiqui, ১৯ মে' ১৯৮৩ – ১৬ জুলাই ২০২১) তেওঁ ৰহিংগীয়া শৰণাৰ্থী সংকটৰ নথিভুক্ত কৰাৰ বাবে ৰয়টাৰ্ছ দলৰ অংশ হিচাপে ২০১৮ চনত পুলিৎজাৰ বঁটা লাভ কৰিছিল।
-
ৰোহিত চাৰ্দানা
ৰোহিত চাৰ্দানা (Rohit Sardana, ২২ ছেপ্টেম্বৰ ১৯৭৯ – ৩০ এপ্ৰিল ২০২১) এজন ভাৰতীয় বাতৰি সূত্ৰধাৰ, বাতৰি পৰিবেশক, সাংবাদিক তথা সম্পাদক আছিল। তেওঁ 'তাল ঠক কে' নামৰ এক কাৰ্যসূচীৰ আয়োজন কৰিছিল। এই অনুষ্ঠানত জি নিউজ টিভি চেনেলত ভাৰতৰ সমসাময়িক বিষয়বোৰৰ ওপৰত আলোচনা কৰা হৈছিল।
-
অমিতা মালিক
অমিতা মালিক (Amita Malik, ১৯২১ - ২০ ফেব্ৰুৱাৰী ২০০৯) এগৰাকী ভাৰতীয় মিডিয়া সমালোচক। টাইম আলোচনীয়ে তেওঁক ভাৰতৰ "আটাইতকৈ বিশিষ্ট চলচ্চিত্ৰ আৰু টেলিভিছন সমালোচক" বুলি বৰ্ণনা কৰিছিল আৰু "ভাৰতীয় মাধ্যমৰ প্ৰথম মহিলা" আৰু "ভাৰতৰ সৰ্বশ্ৰেষ্ঠ জনাজাত চিনেমা বৰ্ণনাকাৰী" বুলি অভিহিত কৰিছিল।
-
মাইনী মহন্ত
মাইনী মহন্ত (Maini Mahanta) অসমীয়া মাহেকীয়া মহিলা আলোচনী নন্দিনীৰ সম্পাদকৰ লগতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি পৰিৱেশক৷ তেওঁৰ প্ৰকাশিত সংকলনসমূহ হ’ল- “পৃথিৱীৰ শেষ ষ্টেচন আৰু অন্য এখন ছবি”, “নৈঃশব্দত তেওঁ আৰু জয়া”, “শেতেলী পৰৰ সাধু” (শিশু সাহিত্য), “প্ৰথমজাক বৰষুণ”, “ভালপোৱা”, “প্ৰিয় বন্ধু…
-
অঞ্জনা ওম্ কাশ্যপ
অঞ্জনা ওম্ কাশ্যপ হিন্দী নিউজ চেনেল আজ তকৰ সৈতে পৰিচালনা-সম্পাদিকা হিচাপে কাম কৰা এগৰাকী ভাৰতীয় নিউজ এংকৰ। জী নিউজত যোগদান কৰাৰ পূৰ্বে কাশ্যপে চৰকাৰী সম্প্ৰচাৰক দূৰদৰ্শনত যোগদান কৰি নিজৰ সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে। তাৰপাছত তেওঁ নিউজ ২৪ত যোগদান কৰে আৰু অৱশেষত আজ তকত থিতাপি লয়।
-
টনি জোছেফ
টনি জোছেফ (Tony Joseph) হৈছে এগৰাকী ভাৰতীয় সাংবাদিক আৰু লেখক। তেখেত বিজনেছ ৱৰ্ল্ড নামৰ আলোচনীখনৰ প্ৰাক্তন সম্পাদক। তেখেত বেষ্ট-চেলিং কিতাপ আৰ্লি ইণ্ডিয়ানছ্ (Early Indians, ২০১৮)ৰ লেখক। ২০১৮ চন পৰ্যন্ত তেখেত মাইণ্ডৱৰ্কছ গ্লোবেল মিডিয়া ছাৰ্ভিছেছ নামৰ প্ৰতিষ্ঠানটোৰো অধ্যক্ষ আৰু সহ-প্ৰতিষ্ঠাতা আছিল।
-
পেট্ৰিচিয়া মুখিম
পেট্ৰিচিয়া মুখিম (Patricia Mukhim) এগৰাকী সামাজিক কৰ্মী, লেখিকা আৰু সাংবাদিক। তেওঁ 'শ্বিলং টাইমছ্' নামৰ কাকতখনৰ সম্পাদক। মুখিম তেওঁৰ সমাজৰ আৰু নাগৰিক জীৱনৰে জড়িত বিষয়সমূহৰ কৰ্মৰ বাবে জনাজাত।
-
ফাটিমা জাকাৰীয়া
ফাটিমা জাকাৰীয়া (Fatima Zakaria; ১৭ ফেব্ৰুৱাৰী ১৯৩৬ – ৬ এপ্ৰিল ২০২১) আছিল 'মুম্বাই টাইমছ্' কাকতৰ সম্পাদিকা। পৰৱৰ্তী সময়ত তেখেতে 'দ্য টাইমছ অৱ ইণ্ডিয়া'ৰ দেওবৰীয়া সংখ্যাৰ সম্পাদিকা হিচাপে কাম কৰে। তাজ হোটেলৰ 'তাজ আলোচনী'ৰ সম্পাদনাৰ লগতো তেখেত জড়িত হৈছিল।
-
সুচেতা দালাল
সুচেতা দালাল (Sucheta Dalal, জন্ম-১৯৬২) হৈছে এগৰাকী ভাৰতীয় সাংবাদিক আৰু লেখিকা। তেখেতৰ সংবাদসেৱাই মূলতঃ ব্যৱসায়িক জগতখনৰ ঘটনা-প্ৰৱাহক সাঙুৰি লয়।প্ৰায় পঁচিশটা বছৰ সাংবাদিকতাৰ লগত জড়িত হৈ থকা সুচেতা দালালক ২০০৬ চনত ভাৰতৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে পদ্মশ্ৰী সন্মান প্ৰদান কৰে।
-
ৰবীশ কুমাৰ
ৰবীশ কুমাৰ (জন্ম: ৰবীশ কুমাৰ পাণ্ডে, ৫ ডিচেম্বৰ ১৯৭৪) এগৰাকী ভাৰতীয় টিভি এংকৰ, সাংবাদিক, লেখক আৰু মিডিয়া ব্যক্তিত্ব। তেওঁ ঘাইকৈ ভাৰতীয় ৰাজনৈতিক আৰু সামাজিক জীৱনৰ ওপৰত নিৰপেক্ষ বাতৰি প্ৰকাশৰ বাবে বিখ্যাত। তেওঁ হিন্দী ভাষাত বাতৰি সম্প্ৰসাৰণ কৰা টিভি চেনেল এনডিটিভি ইণ্ডিয়াৰ প্ৰৱন্ধ সম্পাদক।
-
ৰাধিকা ৰয়
ৰাধিকা ৰয় (Radhika Roy; জন্ম: ৭ মে’ ১৯৪৯) হৈছে এগৰাকী ভাৰতীয় সাংবাদিক আৰু নতুন দিল্লী টেলিভিছন (এনডিটিভি)ৰ সহ-প্ৰতিষ্ঠাতা। ছপা মাধ্যমৰ সাংবাদিকতাৰ দহ বছৰীয়া কেৰিয়াৰৰ পিছত, তেখেতে ১৯৮৭ চনত টেলিভিছনৰ জগতত ভৰি থৈছিল আৰু এনডিটিভি সহ-প্ৰতিষ্ঠা কৰিছিল।
-
অখিলা শিৱদাস
অখিলা শিৱদাস এজন ভাৰতীয় উন্নয়ন বিশেষজ্ঞ আৰু গৱেষক। তেওঁ যোগাযোগ, লিঙ্গ পৰিচয় আৰু জনসমৰ্থন গঠন বিষয়ত বিশেষজ্ঞ। তেওঁ মহিলা অধিকাৰ, প্ৰজনন স্বাস্থ্য আৰু প্ৰান্তিক সম্প্ৰদায়ৰ অন্তৰ্ভুক্তি সংক্ৰান্ত উদ্যোগসমূহত কাম কৰিছে। তেওঁ বেচৰকাৰী সংস্থা চেণ্টাৰ ফ'ৰ এডভোকেছি এণ্ড ৰিচাৰ্চৰ নিৰ্বাহী অধ্যক্ষ।
-
অনুজ ধৰ
অনুজ ধৰ এগৰাকী ভাৰতীয় লেখক তথা প্ৰাক্তন সাংবাদিক। ধৰে সুভাষ চন্দ্ৰ বসুৰ মৃত্যুৰহস্য সম্পৰ্কে ভালেসংখ্যক গ্ৰন্থ ৰচনা কৰিছে। চৰকাৰী ভাষ্য অনুসৰি ১৯৪৫ চনৰ ১৮ আগষ্টত সুভাষ চন্দ্ৰ বসুৱে যাত্ৰা কৰা জাপানীজ বিমানখন টাইৱানত দুৰ্ঘটনাত পতিত হয়।
-
আফছান আঞ্জুম
আফছান আঞ্জুম (হিন্দী: अफ़शां अंजुम) এজন ভাৰতীয় টেলিভিছন সাংবাদিক আৰু এংকৰ। তেওঁ এন ডি টি ভি ইণ্ডিয়াৰ জ্যেষ্ঠ বাতৰি সম্পাদক হিচাপে কাম কৰিছিল। আঞ্জুম আইচিচি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাসমূহৰ কভাৰেজৰ বাবে বিখ্যাত, আৰু এনডিটিভি ইণ্ডিয়াত দৈনিক ক্ৰীড়া অনুষ্ঠান খেল ইণ্ডিয়া আৰু গুগলী আয়োজন কৰে৷ তেওঁ…
-
এম. হালিমা বীবি
এম. হালিমা বীবি (ইংৰাজী: M. Haleema Beevi; ১৯১৮–২০০০) এগৰাকী ভাৰতীয় সাংবাদিক, সমাজ কৰ্মী, স্বাধীনতা সংগ্ৰামী, ইছলামিক নাৰীবাদী, বাতৰি কাকতৰ সম্পাদক আৰু প্ৰকাশক আছিল। কেৰালাৰ তিনিখন মহিলা সাময়িকী আৰু এখন সাধাৰণ আলোচনীৰ স্বত্বাধিকাৰী।
-
কে এ বীণা
কে এ বীণা এজনী ভাৰতীয় লেখিকা, সাংবাদিক আৰু স্তম্ভলেখিকা, যিয়ে মালয়ালম ভাষাত বিভিন্ন বিষয়ত বিশেষকৈ নাৰীসকলৰ সামাজিক সমস্যাসমূহৰ ওপৰত লিখে। তেওঁ স্মৃতিকথা, আলোচনাপত্ৰ, ভ্ৰমণকাহিনী, শিশুসাহিত্য, প্ৰবন্ধ সংকলন, চুটি গল্প আৰু সাংবাদিকতা আৰু মাধ্যম বিষয়ক ইতিহাস গ্ৰন্থ ৰচনা কৰিছে।
-
চানা ঈৰশাদ মাট্টু
চানা ঈৰশাদ মাট্টু (Sanna Irshad Mattoo) এগৰাকী ভাৰতীয় কাশ্মিৰী ফটো-সাংবাদিক। চানাই তেওঁৰ কামৰ অংশ ৰূপে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো সংক্ৰমিত হোৱা ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ ফটো তুলিছিল আৰু তেওঁ তোলা ফটোৰ বাবে তেওঁক আন তিনিজন ভাৰতীয় ফটো সাংবাদিক আনন্দ আবিদি, অমিত দেৱ আৰু প্ৰয়াত দানিছ চিদ্দিকীৰ সৈতে…
-
জৰ্জ জোচেফ কে
জৰ্জ জোচেফ কে (George Joseph K., জন্ম:১৯৫৫), এগৰাকী ভাৰতীয় গল্পকাৰ, ঔপন্যাসিক, কবি আৰু সাংবাদিক, যি মালয়ালম ভাষাত লিখে। বৰ্তমানলৈ তেওঁৰ ৯ খন কিতাপ প্ৰকাশ হৈছে।
-
টংগাম ৰীণা
টংগাম ৰীণা (Tongam Rina; জন্ম ১৯৭৯) এগৰাকী ভাৰতীয় সাংবাদিক আৰু মানৱ অধিকাৰ কৰ্মী। তেওঁ বৰ্তমান (২০২১) 'দ্য অৰুণাচল টাইমছ্' নামৰ কাকতখনৰ উপ-সম্পাদক। তেওঁ অৰুণাচল প্ৰদেশ কৰ্মৰত সাংবাদিক সন্থাৰ প্ৰাক্তন অধ্যক্ষ। উল্লেখনীয় যে, তেওঁ সাংবাদিকতাৰ বাবেই কেইবাবাৰো ভাবুকি আৰু নিগ্ৰহৰ সম্মুখীন হৈ আহিছে।
-
নূপুৰ তিৱাৰী
নূপুৰ তিৱাৰী (ইংৰাজী: Noopur Tiwari) এগৰাকী ভাৰতীয় সাংবাদিক, নাৰীবাদী, যৌন হিংসাৰ বিৰুদ্ধে কাম কৰা অলাভজনক, ব্লকচেইনৰ নেতৃত্বাধীন টেক প্লেটফৰ্ম স্মেছব'ৰ্ডৰ প্ৰতিষ্ঠাপক।
-
নৰেন্দ্ৰনাথ মিত্ৰ
নৰেন্দ্ৰনাথ মিত্ৰ (Narendranath Mitra); ১৯১৬–১৯৭৫) বাংলা ভাষাৰ এজন ঔপন্যাসিক আৰু গল্পকাৰ।
-
পুষ্পা ভাৰতী
পুষ্পা ভাৰতী (Pushpa Bharati) (জন্ম ১৯৩৫) হিন্দী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় লেখিকা। তেওঁ হিন্দী ভাষাত ১৭খন কিতাপ লিখিছে৷
-
ফেই ডিছ'জা
ফেই ডিছ'জা (Faye D'Souza) এগৰাকী ভাৰতীয় সাংবাদিক আৰু টেলিভিছনৰ বাতৰি পৰিৱেশক। তেওঁ দ্য টাইমছ গ্ৰুপৰ মালিকানাধীন মিৰ'ৰ নাও চেনেলত কাৰ্যবাহী সম্পাদিকা হিচাপে কাম কৰিছিল।
-
বিদ্যা মুন্সী
বিদ্যা মুন্সী (জন্ম কানুগা; ৫ ডিচেম্বৰ ১৯১৯ – ৮ জুলাই ২০১৪) ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এগৰাকী সাংবাদিক আৰু নেত্ৰী আছিল। তৰ্কসাপেক্ষভাৱে তেওঁ ভাৰতৰ প্ৰথমগৰাকী মহিলা সাংবাদিক আছিল।
-
বুলন কুমাৰ শইকীয়া
বুলন কুমাৰ শইকীয়া (ইংৰাজী: Bulan Kumar Saikia; ১৯৭৬-২০২৪) অসমৰ এগৰাকী সাংবাদিক, ৰাজনৈতিক সমালোচক, নিৱন্ধকাৰ, কবি, ঔপন্যাসিক আৰু থলুৱা উদ্যোগী৷ অসমত “নাগৰিক সাংবাদিকতা”ক জনপ্ৰিয় কৰাৰ আঁৰৰ ব্যক্তিজন হ’ল বুলন কুমাৰ শইকীয়া৷ ভূ -ৰাজনীতি আৰু উত্তৰ-পূব ভাৰতৰ বিদ্ৰোহী সমস্যাক লৈ ৰচিত তেখেতৰ উপন্যাস দ্য…
-
মঞ্জুলা পদ্মনাভন
মঞ্জুলা পদ্মনাভন (ইংৰাজী: Manjula Padmanabhan; জন্ম: ২৩ জুন ১৯৫৩) এগৰাকী ভাৰতীয় নাট্যকাৰ, সাংবাদিক, কমিক ষ্ট্ৰিপ শিল্পী আৰু শিশু গ্ৰন্থৰ লেখিকা। তেওঁৰ কৰ্মৰাজিয়ে বিজ্ঞান, প্ৰযুক্তি, লিংগ আৰু আন্তৰ্জাতিক বৈষম্যৰ বিষয়ে অন্বেষণ কৰে।
-
মালতী মুৰ্মু
মালতী মুৰ্মু (ইংৰাজী: Malati Murmu; ১১ ফেব্ৰুৱাৰী ১৯৭৫ – ৩১ ডিচেম্বৰ ২০২৫) এগৰাকী ভাৰতীয় সাংবাদিক আৰু ভাষা কৰ্মী আছিল। তেওঁ মূলতঃ অল চিকি লিপি ব্যৱহাৰ কৰি চাঁওতালি ভাষাত প্ৰকাশিত মাহেকীয়া বাতৰি কাকত 'ফাগুন'ৰ সম্পাদিকা আৰু প্ৰকাশক হিচাপে পৰিচিত।
-
শান্তা গোখলে
শান্তা গোখলে ( Shanta Gokhale; জন্ম: ১৪ আগষ্ট ১৯৩৯) এগৰাকী ভাৰতীয় সাহিত্যিক, অনুবাদক, সাংবাদিক আৰু নাট্য সমালোচক। ৰীতা ৱেলিংকাৰ আৰু ত্যা বৰ্ষী গ্ৰন্থ দুখনৰ বাবে তেওঁ অধিক পৰিচিত।