শান্তা গোখলে ( Shanta Gokhale; জন্ম: ১৪ আগষ্ট ১৯৩৯) এগৰাকী ভাৰতীয় সাহিত্যিক, অনুবাদক, সাংবাদিক আৰু নাট্য সমালোচক। ৰীতা ৱেলিংকাৰ আৰু ত্যা বৰ্ষী গ্ৰন্থ দুখনৰ বাবে তেওঁ অধিক পৰিচিত।
প্ৰাৰম্ভিক জীৱন
মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ দহানুত শান্তা গোখলেই জন্মগ্ৰহণ কৰে। পিতৃ জি.জি. গোখলেই চাৰ্চলাইট নামৰ কাকত এখনত যোগদান কৰাৰ পিছত গোখলেৰ পৰিয়াল ১৯৪১ চনত মুম্বাইৰ ওচৰৰ শিৱাজী পাৰ্কলৈ গুচি যায়।১ মাহিমৰ বম্বে স্কটিছ স্কুলত তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ১৫ বছৰ বয়সত তেওঁ ইংলেণ্ডলৈ ৰাওনা হয় আৰু তাত ব্ৰিষ্টল বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্যত বি এ (অনাৰ্ছ) ডিগ্ৰী লয়। ভাৰতলৈ উভতি আহি ২১ বছৰ বয়সত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। ইয়াৰ পিছত তেওঁ মুম্বাইৰ জেভিয়াৰ ইনষ্টিটিউট অফ কমিউনিকেচনত নামভৰ্তি কৰে আৰু তাত তেওঁ কমিউনিকেচন আৰু ভিডিঅ' প্ৰডাকচনৰ পাঠ্যক্ৰম অধ্যয়ন কৰে।২
কৰ্মজীৱন
কৰ্মজীৱনৰ প্ৰাৰম্ভনিতে গোখলেই এলফিনষ্টন কলেজত অংশকালীন শিক্ষক আৰু গ্লেক্সো লেবৰেটৰীত জনসংযোগ কাৰ্যবাহী হিচাপে কাম কৰিছিল।৩
লেখক আৰু সাংবাদিকতা
গোখলেই প্ৰথমে বিভিন্ন প্ৰকাশনত ইংৰাজী আৰু মাৰাঠী উভয় ভাষাত গল্প প্ৰকাশ কৰিছিল আৰু শেষত ১৯৭০ চনত তেওঁ উপন্যাস প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ প্ৰথম গ্ৰন্থ মাৰাঠী ভাষাত ৰীতা ৱেলিংকাৰ প্ৰকাশ পায়। পিছলৈ ১৯৯৫ চনত ইয়াৰ ইংৰাজী সংস্কৰণ ছপা কৰি উলিওৱা হয়। মাৰাঠী ভাষাত লিখিবলৈ উৎসাহিত কৰাৰ বাবে তেওঁ নিছিম ইজেকিয়েলৰ এখন চিঠিক কৃতিত্ব দিয়ে। গ্লেক্সোত কাম কৰি থকাৰ সময়তে তেওঁ ৰীতা ৱেলিংকাৰখন লিখিছিল। বাছ যাত্ৰাৰ সময়ত ধাৰণাসমূহ একত্ৰিত কৰিছিল আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত লিখিছিল।৪ তেওঁৰ দ্বিতীয়খন গ্ৰন্থ ত্য বৰ্ষী সোতৰ বছৰৰ পিছত ২০০৮ চনত প্ৰকাশ পায়।৫ পিছলৈ ইয়াক অনুবাদ কৰি ২০১৩ চনত ইংৰাজীত ক্ৰোফ'ল নামেৰে প্ৰকাশ কৰে।৬৭ ২০১৮ চনত তেওঁ পূৰ্বে ৰচনা কৰা লেখাৰ সংকলন এখন প্ৰকাশ কৰে, যাৰ নাম আছিল দ্য এংগেজড অবজাৰ্ভাৰ। গ্ৰন্থখন সম্পাদনা কৰিছিল তেওঁৰ ঘনিষ্ঠ বন্ধু জেৰী পিণ্টোৱে। ২০১৮ চনত তেওঁ স্মৃতিগ্ৰন্থ হিয়েৰছ্ লুকিং এট ইউ, বডী শিৰোনামেৰে প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছিল। পিছলৈ ইয়াক ২০১৯ চনত ৱান ফুট অন দ্য গ্ৰাউণ্ড: এ লাইফ ট’ল্ড থ্ৰু দ্য বডী নামেৰে ছপা কৰা হয়।
অনুবাদ
অনুবাদক হিচাপে তেওঁ প্ৰবীণ অভিনেত্ৰী দুৰ্গা খোটেৰ আত্মজীৱনী আৰু মাৰাঠী ভাষাৰ শীৰ্ষস্থানীয় নাট্যকাৰ মহেশ এলকুঞ্চৱাৰ, বিজয় তেণ্ডুলকাৰ, জি.পি. দেশপাণ্ডে আৰু সতীশ আলেকাৰৰ বহু কেইখন নাটক অনুবাদ কৰিছে। মাকৰ অনুপ্ৰেৰণাতে তেওঁ সমৃদ্ধ মাৰাঠী সাহিত্যৰ অনুবাদৰ কামত হাত দিছিল।৮ বিশাখাপট্টনমত থকাৰ সময়ত তেওঁৰ বন্ধু সত্যদেৱ ডুবেৰ পৰামৰ্শ মতে চি.টি. খানোলকাৰৰ নাটক অবাধ্য অনুবাদ কৰিবলৈ আৰম্ভ কৰিছিল।৯ তেওঁৰ আন কিছুমান অনুবাদৰ ভিতৰত আছে ইম অনি হুমৰাও (জেৰী পিণ্টোৰ উপন্যাস ইম এণ্ড দ্য বিগ হুমৰ মাৰাঠীলৈ অনুবাদ), বেগম বাৰভে (সতীশ আলেকাৰৰ একে নামৰ মাৰাঠী নাটকৰ ইংৰাজীলৈ অনুবাদ), আই, দুৰ্গা খোটে (দুৰ্গা খোটেৰ আত্মজীৱনীৰ ইংৰাজীলৈ অনুবাদ) আৰু গুৰু দত্ত: এ ট্ৰেজেডী ইন থ্ৰী এক্টছ (গোখলেৰ প্ৰাক্তন স্বামী অৰুণ খোপকাৰৰ মাৰাঠী গ্ৰন্থ গুৰু দত্ত: টিন অংকি শোকান্তিকাৰ ইংৰাজীলৈ অনুবাদ)। ১৯৩১ চনৰ পৰা ১৯৩৬ চনৰ ভিতৰত চাৰিটা ভাগত প্ৰকাশ পোৱা লক্ষ্মীবাই তিলকৰ মূল মাৰাঠী সংস্কৰণৰ পৰা অনুবাদ কৰা আত্মজৈৱনিক গ্ৰন্থ স্মৃতিচিত্ৰ: দ্য মেম'ইৰছ অৱ এ স্পিৰিটেড ৱাইফ ২০১৮ চনত প্ৰকাশ কৰি উলিয়ায়।১০
বঁটা আৰু সন্মান
- তথ্যচিত্ৰ চিত্ৰনাট্য লেখনৰ বাবে দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। ১১
- দুখন উপন্যাসৰ বাবে মহাৰাষ্ট্ৰ ষ্টেট এৱাৰ্ডছ্ ফৰ লিটাৰেৰী ক্ৰিয়েচন ১১১২ and the previous one being the VS Khandekar Award for Rita Welinkar)৪
- ২০১৫: সংগীত নাটক একাডেমী বঁটা (পৰিবেশ্য কলালৈ আগবঢ়োৱা সামগ্ৰিক অৱদানৰ বাবে)১৩
- ২০২১: সাহিত্য অকাডেমী অনুবাদ বঁটা (লক্ষ্মীবাই তিলকৰ স্মৃতিচিত্ৰ: দ্য মেম'ইৰছ অৱ এ স্পিৰিটেড ৱাইফৰ অনুবাদৰ বাবে)১৪১৫
তথ্যসূত্ৰ
- ↑ Sahani, Alaka. (2019-07-21). A critic takes centrestage: What makes Shanta Gokhale a renaissance person. The Indian Express
- ↑ Ramnath, Nandini. (2006). Grew up in Shivaji Park. Time Out Mumbai
- ↑ Ghoshal, Somak. (Nov 30, 2013). Book Review · Crowfall
- ↑ Tripathi, Salil. (2019-01-18). A quiet, illuminating force. Livemint
- ↑ Srinivasan, Pankaja. (Sep 14, 2018). 'Today's truth-tellers are not safe'. The Hindu
- ↑ Gill, Harsimran. (Dec 23, 2017). These are the books that some of India's most acclaimed authors will be reading in 2018. Scroll.in
- ↑ Gokhale, Shanta. From 'Sorry yaar, really sorry' to 'Why don't we get married?': Shanta Gokhale's memoir of her body. Scroll.in
- ↑ (2018-10-13). फरक पडणार हे नक्की!. Loksatta
- ↑ Baliga, Shashi. (Jan 2, 2014). It's about middle Mumbai. The Hindu
- ↑ Marfatia, Meher. (May 14, 2017). Homes around Shivaji Park have some warm tales to unfold. Mid-Day
- ↑ Nath, Parshathy J. (Apr 12, 2018). Stories, she wrote. The Hindu
- ↑ (Dec 14, 2008). Shanta Gokhale gets state award for literary creation. Mumbai Mirror. Ist
- ↑ Brij Narayan, Mandakini Trivedi among winners of Sangeet Natak Akademi Awards 2015. Scroll.in
- ↑ Sahitya Akademi Prize for Translation 2021. www.sahitya-akademi.gov.in
- ↑ Shankta Gokhale wins Sahitya Akademi Award for Translation 2021. timesofindia.indiatimes.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তা গোখলে” প্ৰবন্ধৰ সংশোধন ৬৩৬১৪৮ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।