অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নূপুৰ তিৱাৰী

নূপুৰ তিৱাৰী (ইংৰাজী: Noopur Tiwari) এগৰাকী ভাৰতীয় সাংবাদিক, নাৰীবাদী, যৌন হিংসাৰ বিৰুদ্ধে কাম কৰা অলাভজনক, ব্লকচেইনৰ নেতৃত্বাধীন টেক প্লেটফৰ্ম স্মেছব'ৰ্ডৰ প্ৰতিষ্ঠাপক।

হালনাগাদ: ৮ ছেপ্তেম্বৰ ২০২৪ ৫১৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

নূপুৰ তিৱাৰী (ইংৰাজী: Noopur Tiwari) এগৰাকী ভাৰতীয় সাংবাদিক,১ নাৰীবাদী,২ যৌন হিংসাৰ বিৰুদ্ধে কাম কৰা অলাভজনক, ব্লকচেইনৰ নেতৃত্বাধীন টেক প্লেটফৰ্ম স্মেছব'ৰ্ডৰ প্ৰতিষ্ঠাপক।৩ ২০০৪ চনৰ পৰা তেওঁ ইউৰোপৰ বহুতো মূল ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক কাহিনীৰ ওপৰত এনডিটিভি (NDTV)১ ৰ হৈ পোনপটীয়া সম্প্ৰচাৰণ কৰিছে। তিৱাৰীয়ে “হিন্দুস্তান টাইমছ”,৪ বিজনেছ ষ্টেণ্ডাৰ্ড,৫ দ্য কেৰাভান,৬ TheWire.in৭ আৰু Scroll.in৮ আদি সংবাদ সেৱাত নিয়মীয়াকৈ লিখিছিল। জেণ্ডাৰলজিণ্ডিয়া (Genderlogindia) নামৰ নাৰীবাদী টুইটাৰ হেণ্ডেলৰো তেওঁ সহ-প্ৰশাসক আছিল।৯ তিৱাৰীয়ে ১৯৯৬ চনৰ পৰা ২০০৩ চনলৈকে এনডিটিভিৰ প্ৰযোজক হিচাপে কাম কৰিছিল।১০

পাৰস্পৰিক সহায়, সংহতি আৰু নাৰীবাদৰ আন্তঃবিভাজনক অপৰিহাৰ্য ভিত্তি হিচাপে লৈ নাৰীবাদীসকলৰ (লিংগ নিৰ্বিশেষে) এক বিশ্বব্যাপী সম্প্ৰদায় গঠন কৰাৰ লক্ষ্যৰে ২০১৯ চনত নূপুৰ তিৱাৰীয়ে স্মেছবোৰ্ড নামৰ এক ছ'চিয়েল নেটৱৰ্ক আৰম্ভ কৰে।১১ এই প্লেটফৰ্মৰ ধাৰণা ২০১৬ চনৰ পৰাই আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ত #MeToo আন্দোলনে প্ৰকল্পটোৰ বিকাশত অতিৰিক্ত গতি প্ৰদান কৰে।১২

২০২১ চনত স্মেছবোৰ্ডে ইউনেস্কোৰ সৈতে অংশীদাৰিত্বৰে “নেটেক্সপ্লো ইনোভেচন গ্ৰেণ্ড প্ৰাইজ” (Netexplo Innovation Grand Prize) লাভ কৰে।১৩

ব্যক্তিগত জীৱন

নূপুৰ তিৱাৰীয়ে আগ্ৰাৰ “ছেণ্ট এণ্টনী স্কুল”ত শিক্ষা জীৱন আৰম্ভ কৰিছিল।১৪ তাৰ পিছত তেওঁ মিৰাণ্ডা হাউচ আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।

কেৰিয়াৰ

ইউৰোপৰ সংবাদদাতা আৰু এনডিটিভিৰ আৱাসী সম্পাদক হিচাপে তিৱাৰীয়ে ২০০৪ চনৰ পৰা সমগ্ৰ মহাদেশখনৰ বিভিন্ন ঘটনাৰ বাতৰি যোগান ধৰিছিল। বিত্ত জগতৰ অবৈধ কামত নিয়োজিত ব্যক্তিৰ বিষয়ে তথ্য দিয়া প্ৰধান ব্যক্তিসকলৰ একচেটিয়া সাক্ষাৎকাৰৰ গ্ৰহণ কৰি তেওঁ কৰ ফাঁকি আৰু ধন সৰবৰাহৰ বিষয়ে বিস্তৃত প্ৰতিবেদন প্ৰকাশ কৰিছিল।১৫১৬১৭ এনডিটিভিৰ ইণ্ডিয়া মেটাৰ্ছ সম্পৰ্কীয় অনুষ্ঠানসমূহৰ বাবেও তেওঁ ফ্ৰান্সত শিখসকল, প্ৰথম বিশ্বযুদ্ধত ভাৰতীয় সৈন্য তথ্য আহৰণ কৰিছিল। ফ্ৰান্সৰ বিমানবাহী জাহাজ ক্লেমেন্সো (২০০৪)ৰ ওপৰত তেওঁৰ প্ৰকাশ কৰা প্ৰতিবেদনে ভাৰতীয় সংবাদ মাধ্যমত ব্যাপক প্ৰচাৰ লাভ কৰিছিল আৰু অৱশেষত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত বিমানবাহী জাহাজখন উভতি আহিবলৈ বাধ্য হৈছিল।১৮ এল.টি.টি.ই. (LTTE) কেডাৰৰ সৈতে হোৱা সাক্ষাৎকাৰত (২০০৬) এণ্টন বালাসিংহামে (Anton Balasingham) ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ বাবে দুখ প্ৰকাশ কৰিছিল আৰু ইয়ে উগ্ৰপন্থী সংগঠনটোৱে হত্যাকাণ্ডৰ বাবে নিজৰ দায়িত্ব স্বীকাৰ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছিল।১৯২০ তিৱাৰীয়ে ইউৰোপৰ কেইবাটাও বৃহৎ নিৰ্বাচন আৰু ভাৰত-ফ্ৰান্সৰ দ্বিপাক্ষিক ভ্ৰমণৰ বিষয়ে আলোচনা আগবঢ়াইছিল।২১২২ পেৰিছৰ সন্মিলন, গ্ৰীকৰ গণভোট, ভাৰত-ফ্ৰান্সৰ নাগৰিক পাৰমাণৱিক চুক্তি, ইটালী-ভাৰতৰ সাগৰীয় কূটনৈতিক বিবাদ আদি বহুতো আন্তৰ্জাতিক বিষয়ৰ ওপৰতো তেওঁ প্ৰতিবেদন প্ৰকাশ কৰিছিল। পেৰিছ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত তেওঁ কৰা সাহসী সাংবাদিকতাৰ বাবে “এনবিএ ২০১৬ বঁটা” (ENBA 2016 award) লাভ কৰিছিল।২৩২৪

দূৰদৰ্শন অনুষ্ঠান

নূপুৰ তিৱাৰীয়ে ২০০৪ চনত এনডিটিভিত প্ৰচাৰিত ব্যংগ অনুষ্ঠান গুস্তাখী মাফ, গ্ৰেট ইণ্ডিয়া তামাছা২৫ আৰম্ভ, প্ৰযোজনা আৰু পৰিচালনা কৰে। বিবিচিৰ ধাৰাবাহিক Yes Prime Ministerৰ সহ-চিত্ৰনাট্যকাৰ আছিল তিৱাৰী; এই অনুষ্ঠানটো ষ্টাৰ টিভিত "জী মন্ত্ৰীজী" নামেৰে প্ৰচাৰ কৰা হৈছিল। “জিনা ইছি কা নাম হায়” হৈছে জি টিভিত প্ৰচাৰিত চেলিব্ৰিটিৰ জীৱনৰ ওপৰত আধাৰিত এক অনুষ্ঠান। এই অনুষ্ঠানত এম এফ হুছেইন, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভি পি সিং, ৰাজনীতিবিদ লালু প্ৰসাদ যাদৱৰ দৰে ৰাজনীতিবিদ আৰু শিল্পীৰ সৈতে তিৱাৰীয়ে সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল।

সংস্কৃতি আৰু জীৱনশৈলীৰ ওপৰত তিৱাৰীয়ে লিঅ'নাৰ্ডো ডি কেপ্ৰিঅ' আৰু মেৰিল ষ্ট্ৰিপৰ দৰে অভিনেতাৰ সাক্ষাৎকাৰ লৈছে।২৬ তেখেতে ৱাইন এণ্ড আৰ্টত "এনডিটিভি গুড টাইমছ"ৰ বাবে জীৱনশৈলীৰ অনুষ্ঠানৰ ঘোষিকা আৰু প্ৰযোজনা কৰিছে।২৭২৮২৯

স্মেছবোৰ্ড

স্মাছব'ৰ্ড হৈছে এটা অলাভজনক সংস্থা যিয়ে পিতৃতান্ত্ৰিক হিংসাৰ বিৰুদ্ধে যুঁজিবলৈ নাৰীবাদীসকলৰ এটা অনলাইন বিশ্বব্যাপী সম্প্ৰদায় গঢ়ি তুলিছে।৩০৩১

এই সংস্থাৰ উদ্দেশ্য হৈছে প্ৰযুক্তিৰ জৰিয়তে যৌন হিংসাৰ গোচৰৰ প্ৰতিবেদন সহজ কৰি তোলা।৩২ স্মেছব'ৰ্ডৰ লক্ষ্য হৈছে যৌন হিংসাৰ বলি হোৱা লোকসকলৰ বাবে আলোচনা, সুৰক্ষা আৰু সুৰক্ষাৰ বাবে স্থান প্ৰদান কৰি সমৰ্থন ব্যৱস্থাসমূহ একত্ৰিত কৰা।১১

স্মাছবোৰ্ডে চাৰিটা সঁজুলি আগবঢ়ায়: মহিলাসকলৰ বাবে নিবেদিত সকলো গঠন আৰু সংঘৰ উল্লেখ কৰি বিশ্বৰ এখন মানচিত্ৰ; সাক্ষ্য বিচৰা উকীল, মনোবিজ্ঞানী, আৰু সাংবাদিক আৰু মাত মাতিব বিচৰা ভুক্তভোগীসকলৰ সহজ প্ৰৱেশ; আৰু শেষত, ব্লকচেইনৰ জৰিয়তে প্ৰশংসাপত্ৰ আৰু তথ্য সুৰক্ষিত কৰা।৩৩

এই শেহতীয়া উদ্ভাৱনৰ লক্ষ্য হৈছে ভুক্তভোগী আৰু জীৱিতসকলক সুৰক্ষিত, স্বচ্ছ আৰু বেনামীভাৱে সহায় প্ৰদান কৰা। এই প্ৰযুক্তিয়ে মহিলাসকলক নিৰ্যাতনৰ তথ্য লিপিবদ্ধ কৰাত সহায় কৰে। ইয়াৰ ফলত অৱশেষত তেওঁলোকে আৰক্ষী আৰু ন্যায়িক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাৰ সময়ত সহায় লাভ কৰে।১২

তথ্যসূত্ৰ

  1. ↑ Noopur Tiwari: Latest News, Photos, Videos on Noopur Tiwari - NDTV.COM. NDTV.com
  2. ↑ Feminism In India - SheThePeople TV. Shethepeople.tv
  3. ↑ This New App Aims To Fight Patriarchy On Digital Streets
  4. ↑ Hindustan Times - News. Hindustantimes.com
  5. ↑ Author - Noopur Tiwari - Business Standard. Business-standard.com
  6. ↑ Did a Fire in a Centrally Funded Hospital in Delhi Cause the Deaths of Three Patients?. The Caravan
  7. ↑ Noopur Tiwari, Author at The Wire. Thewire.in
  8. ↑ Noopur Tiwari. Scroll.in
  9. ↑ Genderlog. Twitter.com
  10. ↑ Noopur Tiwari: Latest News, Photos, Videos on Noopur Tiwari. Ndtv.com
  11. ↑ Drouelle, Léa. (21 April 2021). Connaissez-Vous Smashboard, Le Premier Réseau Social Féministe? On Vous Explique Ce Que C'est!. grazia.fr
  12. ↑ Kapur, Manavi. (4 December 2019). Smashboard app is using blockchain to help victims of sexual abuse in India. qz.com
  13. ↑ (15 April 2021). Le réseau social féministe "Smashboard" remporte le prix de l'innovation digitale de l'année. ladepeche.fr
  14. ↑ St. Anthony's Junior College Agra, Best ICSE School In Agra. Stanthonysjrcollege.org
  15. ↑ India Has Less Than 1% Info on Black Money, Lots More I Can Offer: Whistle-blower to NDTV. Ndtv.com
  16. ↑ Another Whistleblower Offers to Help India With Black Money Probe. Ndtv.com
  17. ↑ (31 August 2014). Switzerland - Treasure Hunt. Caravanmagazine.in
  18. ↑ SC panel to submit Clemenceau report. Ndtv.com
  19. ↑ Talking Heads: Anton Balasingham (Aired: July 2006). Ndtv.com
  20. ↑ Rajah, A. R. Sriskanda. (21 April 2017). Government and Politics in Sri Lanka: Biopolitics and Security. Taylor & Francis. ISBN 9781351968003
  21. ↑ Emmanuel Macron Takes Charge As France's New President. Ndtv.com
  22. ↑ India was never against Sri Lanka: Indian envoy to UN speaks to NDTV. Ndtv.com
  23. ↑ News Broadcasting Awards - enba 2016 by Exchange4media. Exchange4media.com
  24. ↑ Hundreds Flee Gathering in Central Paris in Apparent False Alarm. Ndtv.com
  25. ↑ Newslaundry - Sabki Dhulai. Newslaundry.com
  26. ↑ Noopur Tiwari in conversation with Meryl Streep. Ndtv.com
  27. ↑ Wine Country Citizen - Bordeaux. Ndtv.com
  28. ↑ Wine Lovers Guide to the World - NDTV Good Times. Goodtimestv.in
  29. ↑ Art Beat - NDTV Good Times. Goodtimestv.in
  30. ↑ (25 May 2021). Le réseau Smashboard couronné du " prix de l'innovation digitale de l'année ". digimedia.be
  31. ↑ Nagaraj, Anuradha. (8 January 2020). Encrypted app aims to boost sex crime reporting in India. reuters.com
  32. ↑ Mathur, Natasha. (5 December 2019). This App Uses Blockchain Technology To Help Victims Report Sexual Assault In India. in.mashable.com
  33. ↑ Menez, Lydia. (15 April 2021). Smashboard, le réseau social féministe élu innovation de l'année 2021. elle.fr

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদীভাৰতীয় সাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নূপুৰ তিৱাৰী” প্ৰবন্ধৰ সংশোধন ৪৩১২৩৯ (৮ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।