অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুচেতা দালাল

সুচেতা দালাল (Sucheta Dalal, জন্ম-১৯৬২) হৈছে এগৰাকী ভাৰতীয় সাংবাদিক আৰু লেখিকা। তেখেতৰ সংবাদসেৱাই মূলতঃ ব্যৱসায়িক জগতখনৰ ঘটনা-প্ৰৱাহক সাঙুৰি লয়।প্ৰায় পঁচিশটা বছৰ সাংবাদিকতাৰ লগত জড়িত হৈ থকা সুচেতা দালালক ২০০৬ চনত ভাৰতৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে পদ্মশ্ৰী সন্মান প্ৰদান কৰে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৪ ৪৩৪ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

সুচেতা দালাল (Sucheta Dalal, জন্ম-১৯৬২) হৈছে এগৰাকী ভাৰতীয় সাংবাদিক আৰু লেখিকা। তেখেতৰ সংবাদসেৱাই মূলতঃ ব্যৱসায়িক জগতখনৰ ঘটনা-প্ৰৱাহক সাঙুৰি লয়।১প্ৰায় পঁচিশটা বছৰ সাংবাদিকতাৰ লগত জড়িত হৈ থকা সুচেতা দালালক ২০০৬ চনত ভাৰতৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে পদ্মশ্ৰী সন্মান প্ৰদান কৰে।২

১৯৯৮ চনৰ পৰা তেখেতে টাইমছ্ অৱ ইণ্ডিয়া সংবাদগোষ্ঠীৰ বিত্তীয় সম্পাদক হিচাপে দায়িত্ব পালন কৰে। তাৰ পিছত তেখেত ইণ্ডিয়ান এক্সপ্ৰেছ গোটৰ উপদেষ্টা সম্পাদক হিচাপে কৰ্মনিৰ্বাহ কৰে আৰু ২০০৮ চনলৈকে ইণ্ডিয়ান এক্সপ্ৰেছ আৰু ফিনানন্সিয়েল এক্সপ্ৰেছৰ বাবে বিশেষ স্তম্ভ লিখে।

২০০৬ চনত তেখেতে মানি লাইফৰ বাবে লিখা-মেলা কৰিবলৈ আৰম্ভ কৰে। পতি দেৱাশিস বাসুয়ে আৰম্ভ কৰা এই পষেকীয়া আলোচনীখনত সুচেতা দালালে বিনিয়োগৰ বিষয়ত লিখিবলৈ লয়। বৰ্তমান তেখেত আলোচনীখনৰ পৰিচালন সম্পাদিকা। ২০১০ চনত ভাৰতৰ বিত্তীয় নিৰক্ষৰতা নিৰ্মূলৰ অৰ্থে সুচেতা আৰু দেৱাশিসে মানি লাইফ নামৰ এটা বেচৰকাৰী অলাভজনক সংস্থা মুম্বাইত প্ৰতিষ্ঠা কৰে। ছবছৰতকৈও অধিক কাল তেখেত কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰণালয়ৰ শিক্ষা আৰু সুৰক্ষা বিনিয়োগকাৰী পুঁজিৰ সদস্য হিচাপে দায়িত্ব পালন কৰে। ১৯৯২ চনত তেখেতেক অসাধাৰণ নাৰী মিডিয়া ব্যক্তিৰ চামেলী দেৱী জৈন বঁটাৰে সন্মানীত কৰা হয়।৩

কৰ্মজীৱন

সুচেতা দালালৰ জন্ম হৈছিল মুম্বাইত (তেতিয়াৰ বোম্বাই)। ধাৰৱাড়ত থকা কৰ্ণাটক কলেজৰ পৰা তেখেতে পৰিসংখ্যা বিষয়ত বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেখেতে মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। তেখেত এগৰাকী প্ৰশিক্ষিত অধিবক্তা।৪ নবৈ দশকৰ আৰম্ভণিতে তেখেতে মুম্বাইস্থিত শীৰ্ষস্থানীয় সংবাদগোষ্ঠী টাইমছ্ অৱ ইণ্ডিয়াত যোগদান কৰে। সুচেতাই সংবাদ গোষ্ঠীটোৰ ব্যৱসায় আৰু অৰ্থনীতিৰ বিভাগটোত যোগদান কৰিছিল। তাত তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনাৰ তদন্ত সম্পন্ন কৰে আৰু এনেকৈয়ে সাংবাদিকতা তথা সামাজিক কৰ্মৰ ক্ষেত্ৰখনত সক্ৰিয়ভাৱে জড়িত হৈ পৰে। ১৯৯২ চনৰ কুখ্যাত হৰ্চদ মেহতা কেলেংকাৰী, এনৰন কেলেংকাৰী, ইণ্ডাষ্ট্ৰিয়েল ডেভলপমেণ্ট বেংক অৱ ইণ্ডিয়া কেলেংকাৰী, ২০০১ চনৰ কেতন পাৰেখ কেলেংকাৰী সেইসমূহ তদন্তৰ ভিতৰত উল্লেখনীয়। দেৱাশিস বাসু, গিৰিশ ছাণ্ট, শান্তনু দিক্ষিত, প্ৰদ্যম্ন কোলৰ দৰে সাংবাদিক আৰু বিশ্লেষকৰ লগত তেখেতে কাম কৰে। সুচেতা দালাল টাইমছ্ অৱ ইণ্ডিয়াৰ বিত্তীয় সম্পাদকৰ পদত অধিষ্ঠিত হয়।৫

সুচেতাই নিজৰ সাংবাদিক জীৱন আৰম্ভ কৰে ১৯৮৪ চনত। সেই বছৰতে তেখেত ফৰচুন ইণ্ডিয়া নামৰ বিনিয়োগবিষয়ক আলোচনীখনৰ লগত সংযুক্ত হয়। পৰৱৰ্তী পৰ্যায়ত সুচেতাই বিজিনেছ ষ্টেণ্ডাৰ্ড আৰু দ্য ইকোনমিক টাইমছ্ৰ লগতো কাম কৰে।৬

হান্সাল মেহতাই নিৰ্মাণ কৰা তথ্যভিত্তিক ড্ৰামা ধাৰাবাহিক স্কেম ১৯৯২ৰ কাহিনীটো সুচেতা দালাল আৰু তেখেতৰ পতি দেৱাশিস বাসুৰ দ্বাৰা লিখিত গ্ৰন্থ দ্য স্কেমৰ ওপৰত আধাৰিত। এই ছিৰিজটোৱে ২০২০ চনৰ অক্টোবৰত মুক্তি লাভ কৰে। ছিৰিজটোত সুচেতা দালালৰ চৰিত্ৰটো অভিনেত্ৰী শ্ৰেয়া ধানাৱান্থাৰীয়ে ৰূপায়ণ কৰে।৭

প্ৰকাশিত গ্ৰন্থ

  • দেৱাশিস, বাসু; দালাল, সুচেতা. (১৯৯৩). The Scam: Who Won, who Lost, who Got Away. ছাউথ এছিয়া বুকছ্. ISBN 81-85944-10-5
  • দালাল, সুচেতা. (২০০০). A. D. Shroff: Titan of Finance and Free Enterprise. ভাইকিং. ISBN 0-670-89336-6

সন্মান আৰু স্বীকৃতি

  • ১৯৯২ চনত হৰ্শদ মেহতা কেলেংকাৰী আৰু আনুষংগিক লেখা-মেলাৰ বাবে ফেমিনা ইণ্ডিয়াৰ পৰা ফেমিনা'ছ ৱমেন অৱ ছাবষ্টেন্স সন্মান লাভ।
  • সাংবাদিকতাত বিশিষ্টতা আৰু উৎকৃষ্টতাৰ বাবে চামেলি দেৱী জৈন সন্মান লাভ। বঁটাটো মিডিয়া ফাউণ্ডেছনৰ দ্বাৰা প্ৰতিষ্ঠিত।
  • ২০০৬ চনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা সন্মানীয় পদ্মশ্ৰী সন্মান লাভ।৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (27 Jan 2006). Sucheta Dalal, Padma Shri. Express India
  2. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  3. ↑ Sucheta Dalal: Executive Profile & Biography. Bloomberg
  4. ↑ Sucheta Dalal
  5. ↑ Girish Sant memorial lecture 2015. Prayas (Energy Group)
  6. ↑ About Sucheta
  7. ↑ নায়াৰ, তৰুণ. Scam 1992 Web Series Cast Has Pratik Gandhi, Satish Kaushik & More; Know Their Characters. Republic bharat

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাংবাদিকপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুচেতা দালাল” প্ৰবন্ধৰ সংশোধন ৪৩৩০১১ (২৩ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।