ৰবীশ কুমাৰ (জন্ম: ৰবীশ কুমাৰ পাণ্ডে, ৫ ডিচেম্বৰ ১৯৭৪) এগৰাকী ভাৰতীয় টিভি এংকৰ,১২ সাংবাদিক, লেখক আৰু মিডিয়া ব্যক্তিত্ব। তেওঁ ঘাইকৈ ভাৰতীয় ৰাজনৈতিক আৰু সামাজিক জীৱনৰ ওপৰত নিৰপেক্ষ বাতৰি প্ৰকাশৰ বাবে বিখ্যাত। তেওঁ হিন্দী ভাষাত বাতৰি সম্প্ৰসাৰণ কৰা টিভি চেনেল এনডিটিভি ইণ্ডিয়াৰ প্ৰৱন্ধ সম্পাদক।৩ এই টিভি চেনেল এনডিটিভি ইউজ নেটৱৰ্কৰ ভগ্নী চেনেল। তেওঁক এনডিটিভি ইণ্ডিয়াৰ বহুতো ধ্বজাবাহী প্ৰগ্ৰেম যেনে সাপ্তাহিক অনুষ্ঠান "প্ৰাইম টাইম", "হম লগ"৪ আৰু "ৰবীশ কি ৰিপোৰ্ট"ৰ সূত্ৰধাৰ হিচাপে দেখা যায়।৫ তেওঁ "দা ফ্ৰী ভয়চ - অন ডেম'ক্ৰেছী, কালচাৰ এণ্ড দা নেচন" (অসমীয়া: মুক্ত অভিব্যক্তি - গণতন্ত্ৰ, সংস্কৃতি আৰু ৰাষ্ট্ৰৰ বিষয়ে) গ্ৰন্থখন ৰচনা কৰিছিল।৬৭৮
তেওঁ ২০১৩ আৰু ২০১৭ চনত দুবাৰকৈ ৰাম নাথ গোয়েংকা উৎকৃষ্ট সাংবাদিকতা বঁটা লাভ কৰিছে। ২০১৬ চনত তেওঁ মুম্বাই প্ৰেছ ক্লাৱৰ শ্ৰেষ্ঠ সাংবাদিকতাৰ ৰেড ইংক বঁটা লাভ কৰিছিল। ২০১৯ চনত তেওঁ হিন্দী ভাষাত সাংবাদিকতাৰ জৰিয়তে "অভিব্যক্তিহীন সকলক অভিব্যক্তিৰ অধিকাৰ প্ৰদান কৰা"ৰ বাবে ৰমন মেগছেছে বঁটা লাভ কৰে।৯১০
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৭৪ চনৰ ৫ ডিচেম্বৰ তাৰিখে বিহাৰৰ মতিহাৰীত ৰবীশ কুমাৰৰ জন্ম হৈছিল। তেওঁ পাটনাৰ লয়লা হাইস্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰি উচ্চ শিক্ষা লাভৰ বাবে দিল্লীলৈ যায়। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত দেশবন্ধু মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠানৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
ব্যক্তিগত জীৱন
ৰবীশ কুমাৰে নয়না দাসগুপ্তৰ লগত বিবাহপাশত আবদ্ধ হয়। নয়না দাসগুপ্ত দিল্লীৰ লেডী শ্ৰী ৰাম কলেজৰ ইতিহাস বিভাগৰ অধ্যাপিকা।১১
বঁটা আৰু সন্মান
তেওঁ ২০১০ বৰ্ষৰ বাবে হিন্দী ভাষাৰ সাংবাদিকতা আৰু সৃষ্টিশীল সাহিত্যৰ বাবে গণেশ শংকৰ বিদ্যাৰ্থী বঁটা লাভ কৰিছিল। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ২০১৪ চনত তেওঁক এই বঁটা প্ৰদান কৰিছিল।১২ তেওঁ ২০১৩ চনত বৰ্ষশ্ৰেষ্ঠ সাংবাদিক আৰু ২০১৭ চনত শ্ৰেষ্ঠ হিন্দী সম্প্ৰসাৰণৰ শাখাত দুবাৰকৈ ৰাম নাথ গোয়েংকা উৎকৃষ্ট সাংবাদিকতা বঁটা লাভ কৰিছে।১৩ ২০১৬ চনত প্ৰকাশিত হোৱা "ইণ্ডিয়ান এক্সপ্ৰেছ"ৰ ২০১৬ চনৰ আটাইতকৈ বেছি প্ৰভাৱশালী ১০০ জন ভাৰতীয়ৰ তালিকাত ৰবীশ কুমাৰ অন্তৰ্ভুক্ত হৈছিল।১৪ ২০১৬ চনত তেওঁ মুম্বাই প্ৰেছ ক্লাৱৰ শ্ৰেষ্ঠ সাংবাদিকতাৰ ৰেড ইংক বঁটা লাভ কৰিছিল। ২০১৭ চনৰ মাৰ্চ মাহত সাংবাদিকতাৰ জগতত আগবঢ়োৱা তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ৰবীশ কুমাৰে প্ৰথম কুলদ্বীপ নায়াৰ সাংবাদিকতা বঁটা লাভ কৰিছিল।১৫২০১৯ চনত তেওঁ হিন্দী ভাষাত সাংবাদিকতাৰ জৰিয়তে "অভিব্যক্তিহীন সকলক অভিব্যক্তিৰ অধিকাৰ প্ৰদান কৰা"ৰ বাবে ৰমন মেগছেছে বঁটা লাভ কৰে।১৬১৭
গ্ৰন্থৰাজি
- ইষ্ক মে চহৰ হনা
- দেখতে ৰহীয়ে
- ৰবীশপন্থী
- দা ফ্ৰী ভয়চ - অন ডেম'ক্ৰেছী, কালচাৰ এণ্ড দা নেচন
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ an open letter by ravish to modi
- ↑ Ravish Kumar, NDTV Social. ndtv.com
- ↑ NDTV - The Company. NDTV
- ↑ NDTV.com. www.ndtv.com
- ↑ ৰবীশ কি ৰিপোৰ্ট
- ↑ (24 May 2018). Book review - "The Free Voice". The Hindu
- ↑ Book preview - The free voice - on democracy, culture and the nation. www.amazon.in
- ↑ Ray, Prakash. (5 April 2018). Review: Democracy and Debate in the Time of 'IT Cell'. The Wire
- ↑ Kumar, Ravish - The Ramon Magsaysay Award Foundation - Honoring greatness of spirit and transformative leadership in Asia
- ↑ (2019-08-02). Journalist Ravish Kumar named 2019 Ramon Magsaysay winner. The Indian Express
- ↑ Joshi, Namrata. (12 October 2015). The Peace Maker. Outlook
- ↑ release - President of India presents Hindi Sevi Samman
- ↑ Ramnath Goenka Excellence in Journalism Awards: The Winners. .indianexpress.com
- ↑ #ie100: Narendra Modi to Ravish Kumar, the most powerful Indians. The Indian Express
- ↑ Ravish, Kumar. ‘News Anchors Have Become the Biggest Goons of Our Time’. www.thequint.com. The Quint
- ↑ Kumar, Ravish - The Ramon Magsaysay Award Foundation - Honoring greatness of spirit and transformative leadership in Asia
- ↑ (2019-08-02). Journalist Ravish Kumar named 2019 Ramon Magsaysay winner. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবীশ কুমাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৩২ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।