অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰ্ণৱ গোস্বামী

অৰ্ণৱ গোস্বামী ভাৰতৰ এগৰাকী আগশাৰীৰ সাংবাদিক। তেওঁ ভাৰতীয় নিউজ চেনেল টাইমছ্ নাওৰ মুখ্য সম্পাদক তথা বাৰ্তা পৰিবেশক হিচাপে তেওঁ যথেষ্ট খ্যাতি লাভ কৰিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৪০৮ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

অৰ্ণৱ গোস্বামী ভাৰতৰ এগৰাকী আগশাৰীৰ সাংবাদিক। তেওঁ ভাৰতীয় নিউজ চেনেল টাইমছ্ নাওৰ মুখ্য সম্পাদক তথা বাৰ্তা পৰিবেশক হিচাপে তেওঁ যথেষ্ট খ্যাতি লাভ কৰিছিল।১ সোমবাৰৰ পৰাৰ শুকুৰবাৰলৈ প্ৰতিনিশা ৯ বজাত (ভাৰতীয় মান সময়) ভাৰতীয় নিউজ চেনেল টাইমছ্ নাওত তেওঁ আঁত ধৰা দ্য নিউজআৱাৰ শীৰ্ষক জনপ্ৰিয় বিতৰ্কৰ অনুষ্ঠানটি সম্প্ৰচাৰিত হয়। ফ্ৰেঙ্কলী স্পীকিং উইথ অৰ্ণৱ নামৰ আন এক বিশেষ অনুষ্ঠানৰো সূত্ৰধাৰ অৰ্ণৱ গোস্বামী। এই অনুষ্ঠানটিত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ক্ষেত্ৰত খ্যাতিমন্ত ব্যক্তিৰ সাক্ষাৎকাৰ প্ৰচাৰিত হয়। অৰ্ণৱ গোস্বামী তেওঁৰ সংবাদ কুশলতাৰ বাবে কেইবাটাও বঁটা আৰু সন্মানেৰে বিভূষিত হৈছে। Combating Terrorism: The Legal Challenge শীৰ্ষক এখন গ্ৰন্থও তেওঁ প্ৰণয়ন কৰিছে।

জীৱনী

টাইমছ্ সাহিত্য উৎসৱ ২০১২ ত অৰ্ণৱ গোস্বামী
টাইমছ্ সাহিত্য উৎসৱ ২০১২ ত অৰ্ণৱ গোস্বামীছবি: Harsh 2580 · CC BY-SA 3.0

অৰ্ণৱ গোস্বামীৰ জন্ম হৈছিল গুৱাহাটীত।২৩ অৰ্ণৱ গোস্বামীৰ পিতৃ মনোৰঞ্জন গোস্বামী আৰু মাতৃ সুপ্ৰভা গোস্বামী। অৰ্ণৱ গোস্বামীৰ পৰিয়ালৰ কেইবাগৰাকীও অগ্ৰজ অসমৰ প্ৰখ্যাত আইনজ্ঞ। তেওঁৰ পৈতৃক ককাক ৰজনীকান্ত গোস্বামী পেছাত এগৰাকী উকীল আছিল। ৰজনীকান্ত গোস্বামী ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰিয় নেতা আৰু এগৰাকী মুক্তি মুক্তিযুঁজাৰুও আছিল।৪ আনহাতে তেওঁৰ মাতৃফালৰ ককাক গৌৰী শংকৰ ভট্টাচাৰ্য্য এগৰাকী প্ৰখ্যাত ৰাজনীতিবিদ আৰু বহু দিন ধৰি অসম বিধানসভাৰ বিৰোধী দলপতি আছিল।৪ গৌৰী শংকৰ ভট্টাচাৰ্য্য একাধাৰে এগৰাকী মুক্তিযুঁজাৰু, বুদ্ধিজীৱী-সাহিত্যিক আৰু অসম সাহিত্য সভা বঁটাৰ প্ৰাপক আছিল। এগৰাকী সেনা বিষয়াৰ পুত্ৰ হিচাপে অৰ্ণৱ গোস্বামীৰ শিক্ষা জীৱন ভাৰতৰ বিভিন্ন ঠাইত সম্পন্ন হৈছিল।৪৩ অৰ্ণৱ গোস্বামীয়ে নতুন দিল্লীৰ দিল্লী সেনা ছাউনীৰ মাউণ্ট ছেইণ্ট মেৰীজ স্কুলৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ইয়াৰ পিছত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছিল জব্বলপুৰ সেনা ছাউনীৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা। দিল্লী বিশ্ববিদ্যালয়ৰ অৰ্ন্তগত হিন্দু কলেজৰ পৰা সমাজশাস্ত্ৰ বিষয়ত স্নাতক ডিগ্ৰী লোৱাৰ পিছত অৰ্ণৱ গোস্বামীয়ে ১৯৯৪ চনত অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্ন্তগত ছেইণ্ট এন্থনীজ কলেজৰ পৰা সামাজিক নৃতত্ত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ত তেওঁ ফেলিক্স ফেল'শ্বিপৰ প্ৰাপক আছিল। ২০০০ চনত তেওঁ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন বিভাগ(ছিডনী ছাছেক্স কলেজ)ত এগৰাকী ভিজিটং ফেল' আছিল। তেওঁ সেই সময়ত ডি ছি পাৱেট ফেল' আছিল।৩৫

২০০৫ চনত অৰ্ণৱ গোস্বামীয়ে এন ডি টি ভি-ত তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। এন ডি টি ভি-ত তেওঁ দৈনিক বাৰ্তা পৰিবেশক হিচাপে কাম কৰাৰ লগতে ডি ডি মেট্ৰ' চেনেলত সম্প্ৰচাৰিত নিউজ টুনাইট শীৰ্ষক অনুষ্ঠানৰ বাবে কাম কৰিছিল।৬ পিছলৈ বাৰ্তা সম্পাদক হিচাপে তেওঁ এন ডি টি ভি-ৰ মুখ্য গোটৰ সদস্য হৈ পৰিছিল। সেই সময়ত (অৰ্থাৎ ১৯৯৮ চনত) অনুষ্ঠান প্ৰযোজনাৰ পৰা ২৪ ঘণ্টীয়া প্ৰচাৰণলৈ সংক্ৰমন হৈছিল।৩ তেওঁ সোমবাৰৰ পৰা শুকুৰবাৰলৈ প্ৰতিনিশা নিউজআৱাৰ শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰিছিল। নিউজআৱাৰ আছিল যিকোনো চেনেলত পৰিবেশিত বাতৰি বিশ্লেষণৰ অনুষ্ঠানবোৰৰ ভিতৰত সকলোতকৈ বেছি সময়ৰ বাবে নীৰৱছিন্ন ভাৱে প্ৰচাৰিত অনুষ্ঠান (১৯৯৮-২০০৩)।৫ এন ডি টি ভিৰ এগৰাকী জ্যেষ্ঠ সম্পাদক হিচাপে তেওঁ চেনেলটোৰ সমস্ত সম্পাদনা কক্ষৰ দায়িত্বত আছিল। চেনেলটোৰ বহুল সমাদৃত অনুষ্ঠানবোৰৰ অন্যতম নিউজনাইট অনুষ্ঠানৰো সূত্ৰধাৰ আছিল অৰ্ণৱ গোস্বামী।৭ এই অনুষ্ঠানৰ বাবেই তেওঁ ২০০৪ চনত এছিয়ান টেলিভিছন বঁটা প্ৰদান অনুষ্ঠানত এছিয়াৰ শ্ৰেষ্ঠ বাৰ্তা পৰিবেশকৰ বঁটা লাভ কৰিছিল।

অৰ্ণৱ গোস্বামী টাইমছ্ নাও নামৰ জনপ্ৰিয় নিউজ চেনেলটোৰ মুখ্য সম্পাদক।৮ তেওঁৰ দ্বাৰা পৰিবেশিত দ্য নিউজআৱাৰ শীৰ্ষক অনুষ্ঠানটি সোমবাৰৰ পৰা শুকুৰবাৰলৈ প্ৰতিনিশা ৯ বজাত পোনপটীয়া সম্প্ৰচাৰ হয়। এই অনুষ্ঠানটিত পাৰভেজ মুছাৰফ আৰু ৰাহুল বাজাজৰ দৰে ব্যক্তিয়েও অংশগ্ৰহণ কৰিছিল।৯ অৰ্ণৱ গোস্বামীৰ উল্লেখনীয় কামৰ ভিতৰত ২০০৬ চনৰ মুম্বাই ৰে'ল বোমা বিস্ফোৰনৰ প্ৰচাৰ, ২০০৮ চনৰ বিতৰ্কিত সংসদৰ আস্থা ভোটৰ সময়ত নীৰৱছিন্ন ২৬ ঘণ্টীয়া পোনপটীয়া পৰিবেশোন,২০০ত কৈও অধিক ৰাজনীতিকৰ সাক্ষাৎকাৰ আৰু এই ভোটৰ বিশ্লেষণ আৰু ২০০হ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত ৬৫ ঘণ্টাতকৈও বেছি সময় ধৰি বাৰ্তা পৰিবেশন ইত্যাদি অন্যতম।১০ তেওঁ ফ্ৰেঙ্কলী স্পীকিং উইথ অৰ্ণৱ নামৰ আন এটা অনুষ্ঠানৰো সূত্ৰধাৰ।১১ এই অনুষ্ঠানটিত বেনাজিৰ ভুট্টো, প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী গৰ্ডন ব্ৰাউন, আফগানিস্তানৰ ৰাষ্ট্ৰপতি হামিদ কাৰজাই, নিৰ্বাসিত তিব্বতৰ নেতা তথা ধৰ্মগুৰু দালাই লামা, আমেৰিকাৰ বৈদেশিক সচিব হিলাৰি ক্লিণ্টন, ছোনিয়া গান্ধী আদি বহু প্ৰখ্যাত ব্যক্তিয়েও অংশ গ্ৰহণ কৰি গৈছে।১২১৩১৪১৫১১ এই অনুষ্ঠানত ভাৰতৰ ৰাজনীতি, ক্ৰীড়া, চলচ্চিত্ৰ আৰু কৰ্প'ৰেট ক্ষেত্ৰৰ আন বহু স্বনামধন্য ব্যিক্তিয়েও অংশগ্ৰহণ কৰি আহিছে।

ইং ০১ নৱেম্বৰ, ২০১৬ তাৰিখে অৰ্ণৱ গোস্বামীয়ে টাইমছ্ নাও নিউজ চেনেলৰ মুখ্য সম্পাদক পদৰ পৰা ইস্তফা দিয়াৰ কথা ঘোষনা কৰে।১৬

অৰ্ণৱ গোস্বামীয়ে Combating Terrorism: The Legal Challenge শীৰ্ষক এখন গ্ৰন্থও প্ৰণয়ন কৰিছে।৩৫

পুৰস্কাৰ আৰু সন্মান

  1. শ্ৰেষ্ঠ বাৰ্তা পৰিবেশক হিচাপে এছিয়ান টেলিভিছন বঁটা (দ্বিতীয় বিজেতা)৬
  2. সংবাদ সেৱাৰ ক্ষেত্ৰত ছছাইটি ইয়ং এছিভাৰ্ছ বঁটা১১
  3. অভিনৱ মুখ্য সম্পাদকৰ ইণ্ডিয়ান নিউজ ব্ৰডকাষ্টিং বঁটা, ২০০৮৫
  4. নিউজ লাইভৰ দ্বাৰা বৰ্ষটোৰ অসমীয়া সন্মান২
  5. ২০১০ চনত ইণ্ডিয়ান এক্সপ্ৰেছ গোটৰ দ্বাৰা ৰামনাথ গোৱেঙ্কা টেলিভিছন সাংবাদিকতাউৎকৰ্ষ বঁটা১৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ www.guardian.co.uk/world/2008/dec/12/mumbai-arun
  2. ↑ (January 18, 2010). Award to Arnab Goswami. দ্য আছাম ট্ৰিবিউন
  3. ↑ Arnab Goswami. mediamughals.com
  4. ↑ The Soil Beckons. outlookindia.com
  5. ↑ Mr. Arnab Goswami Editor-in-Chief, Times Now. edvancelearning.com
  6. ↑ NEW DELHI TELEVISION LIMITED. sebi.gov.in
  7. ↑ Diversity in programming is crucial to NDTV. afaqs.com
  8. ↑ DETAILED COVERAGE: TRANSCRIPT. onthemedia.org
  9. ↑ Excl: Musharraf says ISI did not hide Osama - 2. timesnow.tv
  10. ↑ Bearing witness to events affects the course of conflict. rotary.org
  11. ↑ Arnab Goswami receives Society Young Achievers award. indiantelevision.com
  12. ↑ UK stance on Pak elections ‘very clear’: Brown. dailytimes.com.pk
  13. ↑ Mullah Omar is I Pakistan, says Karzai. hvk.org
  14. ↑ Thukchuk Lachungpa on Karmapa controversy-II. isikkim.com
  15. ↑ Townterview Hosted by Arnab Goswami of Frankly Speaking on Times Now at St. Xavier College. state.gov
  16. ↑ indianexpress.com/article/india/india-news-india
  17. ↑ Ramnath Goenka Award for Excellence in Journalism. indianexpress.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিভাৰতীয় সাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্ণৱ গোস্বামী” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৯২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।