অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফাটিমা জাকাৰীয়া

ফাটিমা জাকাৰীয়া (Fatima Zakaria; ১৭ ফেব্ৰুৱাৰী ১৯৩৬ – ৬ এপ্ৰিল ২০২১) আছিল 'মুম্বাই টাইমছ্' কাকতৰ সম্পাদিকা। পৰৱৰ্তী সময়ত তেখেতে 'দ্য টাইমছ অৱ ইণ্ডিয়া'ৰ দেওবৰীয়া সংখ্যাৰ সম্পাদিকা হিচাপে কাম কৰে। তাজ হোটেলৰ 'তাজ আলোচনী'ৰ সম্পাদনাৰ লগতো তেখেত জড়িত হৈছিল।

হালনাগাদ: ২৪ এপ্ৰিল ২০২৬ ২৯৩ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ফাটিমা জাকাৰীয়া (Fatima Zakaria; ১৭ ফেব্ৰুৱাৰী ১৯৩৬ – ৬ এপ্ৰিল ২০২১) আছিল 'মুম্বাই টাইমছ্' কাকতৰ সম্পাদিকা। পৰৱৰ্তী সময়ত তেখেতে 'দ্য টাইমছ অৱ ইণ্ডিয়া'ৰ দেওবৰীয়া সংখ্যাৰ সম্পাদিকা হিচাপে কাম কৰে। তাজ হোটেলৰ 'তাজ আলোচনী'ৰ সম্পাদনাৰ লগতো তেখেত জড়িত হৈছিল।

কৰ্মজীৱন

১৯৫৮ চনত ফাটিমা জাকাৰীয়াই মুম্বাইত শিশুসেৱা আৰু নাৰী উদ্যোগিক গৃহ এটা প্ৰতিষ্ঠা কৰে। এই প্ৰতিষ্ঠানটোৰ উদ্দেশ্য আছিল পাঁচশতাধিক দুৰ্ভগীয়া শিশুক শিক্ষা আৰু স্বাস্থ্যৰ সেৱা প্ৰদান কৰা।১

১৯৬৩ চনত, জাকাৰীয়াই কৰ্মজীৱনৰ পাতনি মেলে। তেখেতে 'দ্য ইলাছট্ৰেটেড ৱিকলি' সংবাদগোষ্ঠীত শিশুৰ স্তম্ভ-লেখক হিচাপে খুছৱন্ত সিংৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে।২ সেইটো প্ৰতিষ্ঠানত সাতটা বছৰ অতিবাহিত কৰি ফাটিমা জাকাৰীয়াই ১৯৭০ চনত 'দ্য টাইমছ্ অৱ ইণ্ডিয়া'ত যোগদান কৰে আৰু কালক্ৰমত দেওবৰীয়া সংখ্যাটোৰ সম্পাদকৰ পদত অধিষ্ঠিত হয়।৩ সম্পাদক হিচাপে জাকাৰীয়াই ইন্দিৰা গান্ধী, মাৰ্গাৰেট থেচ্চাৰ, জাহাংগীৰ ৰতনজী দাদাভাই টাটা, জয়প্ৰকাশ নাৰায়ণ, প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই, চৌধুৰী চৰণ সিং ৰ দৰে প্ৰখ্যাত আৰু প্ৰভাৱশালী ব্যক্তিৰ সাক্ষাৎকাৰ লৈছিল।১

প্ৰথম শাৰীৰ পঞ্চতাৰকা হোটেল 'দ্য তাজ ৰেছিডেন্সি' প্ৰতিষ্ঠা কৰাৰ মানসেৰে পৰৱৰ্তী সময়ত জাকাৰীয়াই তাজ গ্ৰুপত যোগদান কৰে। হোটেলখন নিৰ্মাণ কৰা হৈছিল ঔৰংগাবাদৰ 'মৌলানা আজাদ কলেজ অৱ আৰ্টছ এণ্ড ছায়েন্স'ৰ চৌহদত। তেখেত 'তাজ' নামৰ কফি-টেবুল আলোচনীখনৰ সম্পাদক হিচাপে নিৰ্বাচিত হয়।৪ ফাটিমা জাকাৰীয়াৰ কাৰ্যালয়টো আছিল মুম্বাইৰ 'তাজ মহল পেলেচ এণ্ড টাৱাৰ'ত। ইয়াৰ পিছত তেখেতে ব্ৰিটিছ বিশ্ববিদ্যালয়ৰ সহযোগিতাত হোটেল ব্যৱস্থাপনাৰ পাঠ্যক্ৰম এটা প্ৰৱৰ্তন কৰে। ঔৰংগাবাদৰ হোটেল ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ পৰিষদতো তেখেত সন্নিৱিষ্ট হৈছিল।৫ ইয়াৰোপৰি ফাটিমা জাকাৰীয়া 'মৌলানা আজাদ শিক্ষা সমাজ'ৰ সভাপতি আৰু 'মৌলানা আজাদ শৈক্ষিক ন্যাস'ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দুয়োটা অনুষ্ঠানেই ঔৰংগাবাদত আছে।১

২০০৬ চনত ভাৰত চৰকাৰে ফাটিমা জাকাৰীয়াক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা মূল্যৱান বৰঙণিৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ পৰা তেখেতে উক্ত সন্মান লাভ কৰে।৬

ব্যক্তিগত জীৱন

ফাটিমা জাকাৰীয়া হৈছে ৰফিক জাকাৰীয়াৰ দ্বিতীয়গৰাকী পত্নী। ৰফিক জাকাৰীয়া আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ইছলাম ধৰ্মৰ পাদ্ৰী।৭ ফাটিমা জাকাৰীয়া আছিল দুটি সন্তানৰ মাহীমাক। জ্যেষ্ঠগৰাকী সন্তান হৈছে কলা ইতিহাসবিদ আৰু লেখক। তেখেত মুম্বাইৰ নিবাসী। আনহাতে দ্বিতীয়গৰাকী সন্তান হৈছে মনছুৰ জাকাৰীয়া। তেখেতে ছিলিকন ভেলীৰ এগৰাকী প্ৰাক্তন উদ্যোগী আৰু বৰ্তমানে তেখেত বিত্ত পৰিচালনা কোম্পানী এটাৰ অংশীদাৰ। ফাটিমা জাকাৰীয়াৰ জ্যেষ্ঠগৰাকী জৈৱিক পুত্ৰ হৈছে আৰ্শ্বাদ জাকাৰীয়া।৮ তেখেত এটা হেডজ্ পুঁজি (hedge fund)-ৰ নিয়ন্ত্ৰক। আনহাতে কনিষ্ঠ পুত্ৰ হৈছে ফাৰিদ জাকাৰীয়া। ফাৰিড জাকাৰীয়া 'নিউজ ৱিক' নামৰ আলোচনীখনৰ সম্পাদক। ইয়াৰ লগতে তেখেত চিএনএন নিউজ চেনেলত সম্প্ৰচাৰিত হোৱা 'ফাৰিড জাকাৰীয়া জিপিএছ' অনুষ্ঠানটোৰ পৰিৱেশক।

২০২১ চনৰ ৬ এপ্ৰিলত ঔৰঙ্গাবাদৰ কমলনয়ন বাজাজ চিকিৎসালয়ত ক'ভিড-১৯ ৰোগত জাকাৰীয়াৰ মৃত্যু হয়।৯

তথ্যসূত্ৰ

  1. ↑ (6 April 2021). Noted educationist, journalist Padmashri Fatma Zakaria passes away. Lokmat English
  2. ↑ Fernando, Benita. (7 April 2021). Former editor Fatma Zakaria dies at 85. The Indian Express
  3. ↑ (February 2003). Siblings - Achievers, not Inheritors. the-south-asian.com
  4. ↑ (12 November 2001). The new Taj. Tata Sons Ltd
  5. ↑ Board. Indian Institute of Hotel Management, Aurangabad
  6. ↑ Padma Awards Directory (1954-2009). Ministry of Home Affairs (India)
  7. ↑ (16 July 2010). Dr. Rafiq Zakaria remembered. Two Circles
  8. ↑ (8 October 2001). Arshad Zakaria appointed Merrill Lynch co-president. Rediff.com India Limited
  9. ↑ (2021-04-06). Veteran Journalist, Fareed Zakaria's Mother, Padma Shri Fatima Zakaria Dies Aged 85. The Cognate

সম্পৰ্কিত শ্ৰেণী

ক'ভিড-১৯ বৈশ্বিক মহামাৰীত মৃত্যু হোৱা ব্যক্তিভাৰতীয় সাংবাদিকপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাটিমা জাকাৰীয়া” প্ৰবন্ধৰ সংশোধন ৬০২৪৯৭ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।